ঘৰে ঘৰে মুৰ্গী মাংসৰ সোৱাদ দিবলৈ দীপ বৰাৰ 'চিকেন ভান'

ঘৰে ঘৰে মুৰ্গী মাংসৰ সোৱাদ দিবলৈ দীপ বৰাৰ 'চিকেন ভান'

Tuesday January 26, 2016,

4 min Read

কোনোবা এটা বিশেষ দিনত আপোনাৰ মাংস খাবলৈ মন গৈছে, কোনোবাদিনা আগজাননী নিদিয়াকৈ আলহী আহি ওলাল বা ঠাণ্ডা বুলি জুতি লগাই এসাজ খোৱাৰ ইচ্ছা হ'ল।অথচ মাংস কিনিবলৈ ওলাই যাবলৈ আপোনাৰ মন যোৱা নাই বা যাবলৈ অসুবিধা। তেনে ক্ষেত্ৰত আপুনি কি কৰিব? মাংস খোৱাৰ ইচ্ছা ইমানতে সামৰি থ'বনে? আপুনি মাত্ৰ এটা সহজ কাম কৰিব লাগে।এটা ফ'ন নম্বৰ ছেভ কৰি ৰাখিব লাগে।আপুনি যি ধৰণৰ মাংস যেতিয়াই খাব খোজে, আপোনাৰ ঘৰৰ সন্মুখত আহি উপস্থিত হৈ যাব 'চিকৰিতা চিকেন ভান'।আপুনি যদি যোৰহাটৰ বাসিন্দা,তেন্তে এই সুবিধা নিশ্চয় লাভ কৰিছে বা শীঘ্ৰেই লাভ কৰিব।ইয়াৰোপৰি বিয়া-সকাম আদিত সৰহ পৰিমানৰ আৰু বীজাণুমুক্ত মাংসৰ বাবে যোগাযোগ কৰিলেই চিকৰিতাই ঘৰতে বা নিৰ্দিষ্ট স্থানত মাংস দি থৈ যায়।আপুনি আৰু আচৰিত হব যদি আপোনাক কওঁ যে এই সুবিধা একেবাৰে বিনামূলীয়া!

image


কেনেকৈ হ'ল 'চিকৰিতা চিকেন ভান' ষ্টাৰ্ট আপ

যোৰহাট নগৰৰ এজন উদ্যমী যুৱক দীপ বৰা। বিভিন্ন ব্যৱসায়ৰ লগতে তেওঁ আৰম্ভ কৰিছিল ৫০০০ ব্ৰইলাৰ একেলগে পুহিব পৰা এখন ব্ৰইলাৰ ফাৰ্ম।লগতে গাঁৱৰ ঘৰত থকা মাটিত দুটাকৈ ফিছাৰী।ফাৰ্মৰ পৰা বেপাৰীয়ে নিজে আহি খুচুৰা মূল্যত ব্ৰইলাৰ লৈ যায়।এনেদৰে তেওঁৰ বছৰত প্ৰায় চাৰি লাখ টকা আয় হয়।কিন্তু দীপ বৰা ইমানতে সন্তুষ্ট হ'ব খোজা নাছিল।'ব্ৰইলাৰ বিক্ৰীৰ বাবে মই নিজা মাৰ্কেটৰ কথা চিন্তা কৰিলো। নিজা এটা কাউন্টাৰ হলে দৈনিক ৩০ কেজিলৈকে মাংস বিক্ৰী কৰিব পৰা যাব।তাৰপাছত মোৰ মনলৈ আহিল এখন ম'বাইল ভানেৰে ঘৰে ঘৰে মাংস দিব পাৰিলে মানুহৰো সুবিধা হ'ব। সেই কথা চিন্তা কৰি যোৱা ডিচেম্বৰ মাহত আৰম্ভ কৰিলো 'চিকৰিতা চিকেন ভান'।কেৱল ব্ৰইলাৰেই নহয়, হাঁহ, পাৰ আৰু লোকেল মুৰ্গী যোগান দিয়াৰ কথা ভাবিলো। ইয়াৰোপৰি দুখন স্কুটি লৈ দুজন ল'ৰা ৰাখিলো। কোনোবাই কম পৰিমাণত মাংস বিচাৰিলে সেয়া স্কুটিৰেই যোগান ধৰা হয়।তাৰোপৰি 'চিকৰিতা চিকেন ভান'খন যোৰহাটৰ ফুকন আলিৰ নিৰ্দিষ্ট স্থানত আবেলি তিনি বজাৰ পৰা ৰাতি ন বজালৈ ৰখা হয়।এনেদৰে বৰ্তমান দৈনিক ১২ কেজিৰ পৰা ২০ কেজি লৈকে মাংস বিক্ৰী হৈছে।'

image


অতি শীঘ্ৰে সমগ্ৰ যোৰহাট নগৰত ঘৰে ঘৰে মাংসৰ যোগান দিয়াৰ ব্যৱস্থা কৰা হ'ব বুলি দীপ বৰাই জানিবলৈ দিয়ে।ব্ৰইলাৰ ফাৰ্মৰ উপৰি ফিছাৰী আৰু আন কৃষিৰ পৰা তেওঁৰ বছৰি ভাল আয় হয়।তেওঁৰ ব্যৱসায়ৰ লগত জড়িত হৈ এতিয়ালৈকে তিনিটা পৰিয়াল আৰু কেইবাজনো যুৱকে সংস্থাপন লাভ কৰিছে।

image


অসমীয়া ছবিৰ প্ৰযোজক দীপ বৰা

সাধাৰণতে চিনেমা বুলি কলে অভিনেতা-অভিনেত্ৰী সকলক মনত ৰখা হয়।আৰু ভাল ছবিৰ ক্ষেত্ৰত পৰিচালক জন দৃষ্টিলৈ আহে।কিন্তু এখন ছবি বুলি ক'লে আচলতে এটা বৃহৎ টীম।ইয়াৰ ইন্ধনস্বৰূপ মূল মানুহ জনেই হ'ল প্ৰযোজক।কিয়নো পুঁজিৰ অবিহনে এখন ছবি নিৰ্মাণ কৰিব নোৱাৰি।লোকচক্ষুৰ আঁৰত ৰৈ যোৱা কেইবাখনো সফল অসমীয়া ছবিৰ প্ৰযোজক দীপ বৰা।জয়মতী,তেজীমলা,কমলা কুঁৱৰী, আদি কেইবাখনো অসমীয়া ছবি প্ৰযোজনা কৰিছিল দীপ বৰাই।

image


'মই জিৰ'ৰ পৰা আৰম্ভ কৰিছোঁ।তেতিয়া যোৰহাটৰ কুশল নগৰত এখন তামোল-পানৰ দোকান আৰম্ভ কৰিছিলো যিখন এতিয়াও আছে।মোৰ দোকানৰ কাষৰ কেইজন মান লৰাই 'পুলিচ নম্বৰ ৱান' নামৰ এখন ভিচিডি নিৰ্মাণ কৰি মোক মহুৰতলৈ নিমন্ত্ৰণ কৰিছিল।তেওঁলোকক দেখি মোৰো এটা জেদ বাঢ়িল।মই কিয় নোৱাৰিম। সেয়ে প্ৰথম এক ভক্তিমূলক এলবাম 'কাষে চপাই দিয়া নাওঁ' নিৰ্মাণ কৰি দৰ্শকৰ অভূতপূৰ্ব সহাঁৰি পালো।তাৰপাছত প্ৰায় সাত খন মান ছবি নিৰ্মান কৰিলো।'

উল্লেখ্য যে ডেৰ লাখ টকা বিনিয়োগেৰে নিৰ্মাণ কৰা প্ৰথম ভক্তিমূলক এলবামটোৰ পৰা প্ৰায় তিনি লাখ টকা উপাৰ্জন হৈছিল।সেই এলবামটোৰে অসমৰ সাংস্কৃতিক জগতখনত তেওঁ পৰিচিত হৈ পৰিছিল।জয়মতী,কমলা কুঁৱৰী আদি ছবিয়েও দৰ্শকৰ সহাঁৰি লাভ কৰিছিল। য়'ৰ ষ্ট'ৰীৰ আগত দীপ বৰাই মন্তব্য কৰে-'কাঞ্চন বৰুৱাৰ অসীমত যাৰ হেৰাল সীমা কিতাপখনৰ কাহিনীটোৰ ভিত্তিত এখন ছবি নিৰ্মাণৰ বহুদিনীয়া পৰিকল্পনা কৰি থৈছোঁ। স্ক্ৰিপ্ট ইতিমধ্যে লিখা হৈ গৈছে।সুবিধা হ'লে আৰম্ভ কৰিম।'


এটোপাল ৰক্তৰে জীৱন

উদ্যমী মনোভাৱৰ লগতে ব্যতিক্ৰমী চিন্তাৰ অধিকাৰী দীপ বৰাই নিজৰ জন্মদিনৰ দিনা ৰক্তদান কৰি আহিছে।ইয়াৰোপৰি এতিয়ালৈকে তেওঁ ৩৪ জন লোকক ৰক্তদান কৰিছে।এই সন্দৰ্ভত তেওঁ কয়-'জন্মদিনৰ দিনা যোৰহাট ছিভিল হাস্পাতালত ৰক্তদান কৰি অহাৰ পিছত ফেচবুকত এখন ফটো আপল'ড কৰিছিলো।ফটোখন দেখি মোৰ বন্ধু হেমন্ত হাজৰিকাই ফেচবুকত এটা গ্ৰুপ খোলাৰ পৰামৰ্শ দিলে।ময়ো ভাবিলো ইয়াৰ দ্বাৰা মানুহৰ সজাগতা বঢ়াৰ লগতে বহু লোক উপকৃত হ'ব।সেই কথা চিন্তা কৰি 'এটোপাল ৰক্তৰে জীৱন' নামৰ ফেচবুকত এটা গ্ৰুপ আৰম্ভ কৰিলো।এতিয়ালৈকে এই গ্ৰুপত প্ৰায় দুহেজাৰ সদস্য আছে।এডমিন হিচাপে মই,দেৱজিত দত্ত, হেমন্ত হাজৰিকা, হিমাদ্ৰী গগৈ আছো।এই গ্ৰুপৰ জৰিয়তে বহু এক্সিডেন্ট আৰু ইমাৰজেন্সী কেছত ৰক্তদানেৰে সহযোগিতা আগবঢ়োৱা হৈছে।'

কেৱল উদ্যোগী হিচাপেই নহয়, প্ৰতিভা আৰু ব্যতিক্ৰমী চিন্তাৰে দীপ বৰা আজিৰ সমাজৰ বাবে এজন আদৰ্শ যুৱক।পত্নীৰ সৈতে তেওঁৰ এখন সুখৰ সংসাৰ।পত্নী অনামিকা দৰবধৰা বৰাই তেওঁক অনুপ্ৰেৰণা দিয়াৰ লগতে তেওঁৰ ব্যৱসায়ত সহযোগিতা আগবঢ়াই আহিছে।ৰান্ধনি হিচাপেও দীপ বৰাৰ নাম আছে।ভাপত দিয়া মাছ,কচুশাকৰ লগত বৰালি মাছৰ জালুকীয়া আদি তেওঁৰ হাতৰ সুস্বাদু ব্যঞ্জন খোৱা জনে জীৱনত নাপাহৰে।

image


দীপ বৰাক এটা প্ৰশ্ন কৰিছিলো যে অসমত কৃষিৰ দ্বাৰা স্বাৱলম্বী হব পৰা সম্ভাৱনা কিমান? উত্তৰত তেওঁ কৈছিল-'এশ শতাংশ।প্ৰত্যেকৰ ঘৰত অলপ হলেও মাটি আছে।আমাৰ চুবুৰীয়া বহু ল'ৰা দেখিছো চাকৰি বিচাৰি বাঙ্গালুৰুলৈ গৈছে।কিন্তু তাত লাভ একো নহয়।ঘৰৰ পৰা পইচাহে পঠিয়াব লগা হয়।মোৰ ফাৰ্মতে থকা ল'ৰা এটা কামৰ বাবে বাঙ্গালুৰুলৈ গৈ পুনৰ উভতি আহিব লগা হৈছিল।গতিকে নিজৰ বাৰীতে যদি মন দি কিবা এটা কৰে তেনেকৈয়ো স্বাৱলম্বী হব পাৰিব।'

অগতানুগতিক কৰ্মৰে স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰাৰ লগতে সমাজ সেৱাৰ মনোভাৱৰ দীপ বৰা কৰ্মক্ষেত্ৰত আৰু আগুৱাই যাওক, য়'ৰ ষ্ট'ৰীৰ ফালৰ পৰা থাকিল শুভকামনা।

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী 

অসমত ষ্টাৰ্টআপ সংস্কৃতি গঢ়ি তোলাৰ প্ৰয়াস ষ্টাৰ্টআপ আছামৰ

কৰিমূলৰ বাইক,ডুৱাৰ্সবাসীৰ বাবে 'এম্বুলেন্স'

ষ্টাৰ্ট আপ বিফল হোৱাৰ দহটা মুখ্য কাৰণ

'আৰোহন ফুডচ'ৰ সফল যাত্ৰাই অনুপ্ৰাণিত কৰিছে অসমৰ নৱ প্ৰজন্মৰ উদ্যোগীক