লাখত এগৰাকী : ঢৌৰ বিপৰীতে গৈ দেশৰ প্ৰথম মহিলা চাৰ্ফাৰ হ’ল ইষিতা মালব্য

লাখত এগৰাকী : ঢৌৰ বিপৰীতে গৈ দেশৰ প্ৰথম মহিলা চাৰ্ফাৰ হ’ল ইষিতা মালব্য

Saturday January 09, 2016,

5 min Read

বলীউডৰ বহু ছুপাৰহিট ছবিৰ দৰে সাগৰৰ মাজত আপুনি দেখা সকলো সুন্দৰী ললনা অবলা নাৰী নহয়। ‘‘এয়া কেৱল এক ক্ৰীড়া নহয়, সাগৰৰ বক্ষত চাৰ্ফিং এক জীৱন শৈলী’’ তেওঁ ব্যক্ত কৰিলে। তেওঁৰ সাগৰৰ প্ৰতি ভালপোৱা আৰু চাৰ্ফিঙৰ প্ৰতি আগ্ৰহ ইমান সুতীব্ৰভাৱে সংক্ৰামক যে ফোনত কথা পাতোতেও সি আপোনাক চুই যাব! তেওঁৰ কণ্ঠ সমুদ্ৰৰ ঢৌৰ শব্দৰ দৰে মিঠা য’ত নিহিত আছে তেওঁৰ বিচিত্ৰ অথচ জটিল যাত্ৰাৰ প্ৰতি এক পৈণত বীক্ষাৰ অনুভৱ। এয়া হ’ল ইষিতা মালব্য নামৰ ভাৰতৰ প্ৰথমগৰাকী পেছাদাৰী মহিলা চাৰ্ফাৰৰ মোহনীয় যাত্ৰাৰ কাহিনী।

সমুদ্ৰৰ সুতীব্ৰ আহ্বান

উপকূলীয় মহানগৰী মুম্বাইৰ কোলাত ডাঙৰ-দীঘল হোৱা ইষিতা সদায়ে আছিল বহিৰ্মুখী ব্যক্তিত্বৰ। মহানগৰীত লালিত-পালিত গৰিষ্ঠসংখ্যক যুৱতীৰ নগৰীয়া পৰিমণ্ডলৰ বাহিৰত গৈ স্বাচন্দ্য অনুভৱ নকৰাৰ বিপৰীতে ইষিতাই শৈশৱৰে পৰা সপোন দেখিছিল এখন সেউজ, কম কোলাহলৰ ঠাইলৈ গুছি যোৱাৰ। একে সময়তে তেওঁ চাৰ্ফিঙৰ প্ৰতি প্ৰবলভাৱে আকৃষ্ট হৈছিল কিন্তু ভাৱিছিল ভাৰতত চাৰ্ফিঙৰ জোখাৰে প্ৰবল ঢৌৰ অভাৱ সেয়ে চাৰ্ফিং আৰম্ভ কৰিবলৈ বিদেশলৈ যাব লাগিব। ২০০৭ চনত ইষিতাই উচ্চ শিক্ষা গ্ৰহণৰ বাবে মুম্বাইৰ পৰা উপকূলীয় কৰ্ণাটকৰ বিশ্ববিদ্যালয়খ্যাত চহৰ মণিপাললৈ গ’ল। তাতেই তেওঁক আঁকোৱালি ল’বলৈ ৰৈ আছিল এক অনিৰ্বচনীয় সুযোগ!

image


প্ৰথম ঢৌতে প্ৰেম

এষাৰ কথা আছে যে যেতিয়া সঁচাকৈয়ে তুমি কিবা এটা বিচাৰা তেতিয়া সমস্ত জগতখনে তোমাক সেয়া দিবলৈ সাজু হৈ পৰে আৰু ইষিতাৰ কাহিনীটোতকৈ তাৰ ভাল উদাহৰণ আৰু কি হ’ব পাৰে। কাকতালীয়ভাৱে ইষিতাই লগ পালে তুষাৰক, তেওঁৰ প্ৰেমিক জাৰ্মান এক্সচেঞ্জৰ অধীনস্থ এজন ছাত্ৰ যি নিজৰ চাৰ্ফবোডখন লগত লৈ ভাৰতলৈ আহিছিল। আৰু তুষাৰৰ উদ্যোগতে দুয়ো এনে এখন আশ্ৰম যাৰ ভক্তবৃন্দ আছিল কেলিফৰ্ণিয়াৰ পৰা অহা চাৰ্ফাৰ যিসকলে চাৰ্ফিং কৰা ঠাইখন আছিল তুষাৰ আৰু ইষিতাৰ বাসস্থানৰ পৰা মাত্ৰ এক কিলোমিটাৰ নিলগত। অলপ কথা-বতৰা আৰু বিস্তৰ উত্তেজনাৰে তেওঁলোক দুয়ো সাজু হ’ল প্ৰথমটো ঢৌৰ মুখামুখি হ’বলৈ সাজু হ’ল!

‘‘ভাৰতৰ স্থানীয় লোকসকলৰ চাৰ্ফিং শিকাৰ আগ্ৰহ দেখি আচৰিত হ’লো আৰু সেয়া দেখিছিলো আমি প্ৰথমবাৰলৈ ঢৌৰ মুখামুখি হোৱাৰ ঠিক আগে আগে। মোৰ এতিয়াও প্ৰথমবাৰলৈ ঢৌৰ সৈতে খেলা কৰাৰ সেই অনুভৱৰ কথা মনত আছে। সাগৰতীৰলৈকে গোটেই বাটচোৱা আৰু তাৰ পৰা উভতি অহাৰ গোটেই সময়চোৱা মোৰ মুখত আছিল হাঁহি।’’ ইষিতাই মনত পেলালে।

এখন ব'ৰ্ড, মানুহ দুজন

ইষিতাই পঢ়ি আছিল সাংবাদিকতা আৰু তুষাৰ আছিল স্থপতিবিদ্যাৰ ছাত্ৰ । চাৰ্ফিঙৰ প্ৰতি দুয়োৰে ভালপোৱাক তেওঁলোকৰ পিতৃ-মাতৃয়ে মুঠেও পছন্দ কৰা নাছিল, তেওঁলোক আছিল শংকিত আৰু একোখন ব’ৰ্ড কিনি দিবলৈ অমান্তি। কিন্তু তেওঁলোক মুঠেও হাৰ মনা বিধৰ নাছিল, সিদ্ধান্ত ল’লে যে নিজাকৈ ব’ৰ্ড কিনিব তেওঁলোকে। ‘‘ ২০০৭ চনৰ গ্ৰীষ্ম কালত তুষাৰ আৰু মই আমাৰ নহ’লেও চলি যোৱা সকলো বস্তু বেছি দিলো আৰু এখন চাৰ্ফবোৰ্ড কিনাৰ জোখাৰে ধন পালো। তেনেকৈ কিনা আমাৰ প্ৰথম চাৰ্ফ বোৰ্ডখন আমাৰ চাৰ্ফ জীৱনৰ প্ৰথম দুবছৰ দুয়ো ভগাই ল’লো। তাৰ পিছত জীৱনটো আৰু পূৰ্বৰ দৰে হৈ নাথাকিল!’’ ইষিতাই সানন্দে ব্যক্ত কৰিলে।

উদ্যোগশীলতাৰ ঢৌৰে খেলা

যেতিয়া উদ্যোগশীলতাই হাত বাউলি মাতিছিল তেতিয়া ইষিতা আছিল কলেজৰ দ্বিতীয় বৰ্ষত। বন্ধু-বান্ধৱ, আত্মীয়-স্বজন, বিদেশী সকলো ফালৰ পৰা খা-খবৰ আৰম্ভ হৈ গ’ল। ইষিতাই ৪ বছৰজোৰা নিজৰ শিক্ষা সমাপ্ত কৰা পৰ্যন্ত অনুসন্ধানকাৰীৰ সংখ্যাটো বাঢ়িয়েই গৈ থাকিল আৰু তেতিয়াই তেওঁ ঠিক কৰিলে যে তেওঁ নিজৰ সংগীজনৰ সৈতে চাৰ্ফিঙক পেছা হিচাপে গ্ৰহণ কৰিব।

কৰ্ণাটকৰ উডুপি জিলাৰ কোডি বেংগেৰে নামৰ সৰু গাঁওখনৰ সাগৰতীৰত থকা এক পৰিত্যক্ত পাণশালাত জন্মলাভ কৰিছিল ‘দ্য শক চাৰ্ফ ক্লাবে। মাটিৰ বেৰ, খেৰৰ চাল, অনুমতি, অনুজ্ঞাপত্ৰ, অসহযোগী পিতৃ-মাতৃ-প্ৰত্যাহ্বান মাত্ৰ আৰম্ভহে হৈছিল। কিন্তু যেতিয়াই ইষিতাই সেয়া বাদ দিয়াৰ কথা ভাৱে তেতিয়াই সেয়া চলাই ৰখাৰ নতুন কাৰণ বিচাৰি পায়। ‘‘যেতিয়া আপুনি বাহিৰৰ পৰা গৈ কোনো এখন ঠাইত এটা নতুন কাম আৰম্ভ কৰে, সকলোতকৈ প্ৰয়োজনীয় কথাটো হয় সেই ঠাইৰ পৰিৱেশ আৰু মানুহৰ সৈতে সহাৱস্থান।’’ ইষিতাই আৰু কয় যে তাৰ বাবে তেওঁক কিছু সময়ৰ প্ৰয়োজন হ’ল যদিও সেয়া আছিল বৰ মূল্যৱান। ‘‘শক চাৰ্ফ ক্লাবটো ইমান সফল নহ’লহেঁতেন যদিহে আমি স্থানীয় লোকসকলৰ মৰম আৰু সমৰ্থন লাভ নকৰিলোহেঁতেন।’’

image


চাৰ্ফিং, ভাৰত, নাৰী-সেঁতুবন্ধন

২০০৭ চনত যেতিয়া ইষিতাই চাৰ্ফিং আৰম্ভ কৰিছিল এই ক্ৰীড়া বিধৰ নাম ভাৰতত বহুতে শুনাই নাছিল। তুলনামূলকভাৱে অধিক তীব্ৰতাৰে পেডল কৰিব পৰা ল’ৰাবোৰৰ মাজত একমাত্ৰ ছোৱালী হিচাপে ইষিতা নিৰুৎসাহো হৈছিল। কিন্তু ইষিতা সহজে এৰি দিয়া বিধৰ নাছিল, অনুশীলন অব্যাহত ৰাখি হৈ পৰিল ভাৰতৰ প্ৰথমগৰাকী সফল পেছাদাৰী মহিলা চাৰ্ফাৰ।

তেন্তে কিহে ভাৰতীয়সকলক চাৰ্ফিঙৰ পৰা নিলগত ৰাখিছে? ‘‘সৰহভাগ মানুহে সাঁতুৰিব নাজানে আৰু সমুদ্ৰভীতিৰ সৈতে জীয়াই থাকে’’ তেনেদৰে কৈ ইষিতাই লগতে ক’লে ইয়াৰ বাবে প্ৰয়োজনীয় নিৰ্দিষ্ট বেশভূষা পোছাক পৰিচ্ছদৰ ক্ষেত্ৰত যথেষ্ট পৰিমাণে সামাজিক চাপ থাকে। ক’লা ছালক শুৱনি বুলি ভৱা নহয় আৰু সেয়ে অধিকাংশ মহিলাই গাৰ বৰণ সলনি হোৱাৰ আশংকাত ভোগে। কিন্তু ভাৰতত মহিলাৰ চাৰ্ফিঙৰ ভৱিষ্যৎ সম্পৰ্কে ইষিতা আশাবাদী যাৰ আঁৰত আছে তেওঁৰ বয়স্ক ছাত্ৰীগৰাকী যি এগৰাকী ৬৫ বৰ্ষীয় গ্ৰাম্য মহিলা আৰু ক্ৰীড়াবিধৰ শিক্ষা লাভৰ বাবে ক্ৰমাৎ বাঢ়ি অহা ছোৱালীৰ সংখ্যাটো।

এক জীৱন চৰ্যা

বাহিৰত ঘূৰি ভাল পোৱা লোকসকল হ’ল ইষিতাৰ অনুপ্ৰেৰণাৰ প্ৰাথমিক উৎস। আমেৰিকান চাৰ্ফাৰ লিজ ক্লাৰ্ক যি ইতিবাচক চিন্তাসমৃদ্ধ ব্যক্তিৰ পৰা তেওঁ আহৰণ কৰে শক্তি আৰু সুখবোধ আৰু এক উদ্দীপনামুখী জীৱনৰ বাবে এক প্ৰচেষ্টাত ব্ৰতী। তেওঁৰ জীৱনত চাৰ্ফিঙৰ প্ৰভাৱ সম্পৰ্কে ব্যাখ্যা আগবঢ়াই ইষিতাই ক’লে -

মই মোৰ চাৰ্ফিং আৰু জীৱনৰ মাজত সমান্তৰাল সামঞ্জস্য বিচাৰি পাওঁ। ঢৌবিলাক জঁপিয়াই অতিক্ৰম কৰিবলৈ লগা অনুৰূপ শক্তি আৰু উদ্যম বিচাৰি পাওঁ মোৰ সপোনবোৰ খেদি ফুৰোতেওঁ, যদিও কেতিয়াবা ঢৌত বাগৰি পৰোঁ বা মাজে মাজে পৰাজিত হওঁ মই জানো যে সন্মুখত আৰু এক ঢৌ আহি আছে।

সন্মুখৰ যাত্ৰাপথ

'Beyond the surface' নামৰ প্ৰথমখন মহিলা চাৰ্ফিং তথা মানৱীয় দৃষ্টিভংগী বিষয়ক তথ্যচিত্ৰৰ অংশীদাৰ আছিল ইষিতা। আমেৰিকা, অষ্ট্ৰেলিয়া আৰু শ্ৰীলংকাৰ আন্তৰ্জাতিক জলধাৰাত চাৰ্ফিং কৰিছে ইষিতাই। অতিকে সফল শক চাৰ্ফ ক্লাব চলাই থকাৰ উপৰিও ইষিতাই চলায় ভাৰততে সৰ্বপ্ৰথম চাৰ্ফ কেম্প ‘নমালোহা (নমস্তে+আলোহা)। নমালোহা শিবিৰৰ এফালে গৈ আৰু আনফালে সমুদ্ৰ আৰু এয়া এনে এক ঠাই য’ত চাৰ্ফ কৰাৰ মাজে মাজে প্ৰশিক্ষাৰ্থীসকলে জিৰণি ল’ব পাৰে।


‘নিপাৰছ প্ৰগ্ৰেম’ত অংশগ্ৰহণকাৰীসকলৰ সৈতে ইষিতা আৰু তুষাৰ

‘নিপাৰছ প্ৰগ্ৰেম’ত অংশগ্ৰহণকাৰীসকলৰ সৈতে ইষিতা আৰু তুষাৰ


অষ্ট্ৰেলিয়ান লাইফ ছেভিং ছ’চাইটী আৰু ৰাষ্ট্ৰীয় লাইফ ছেভিং ছ’চাইটীৰ সহযোগত আৰু স্থানীয় চৰকাৰী বিদ্যালয়বোৰ সৈতে মিলি শক চাৰ্ফ ক্লাকে ‘নিপাৰছ প্ৰগ্ৰেম’ নামৰ এক পদক্ষেপ হাতত লৈছে য’ত শিশুসকলক কনিষ্ঠ লাইভ গাৰ্ড হিচাপে প্ৰশিক্ষিত কৰা হয়। ক্লাবটোৱে তেওঁলোকৰ ওচৰ চপা স্বেচ্ছাসেৱীসকলৰ সহায়ত দৰ্শণাৰ্থীসকলৰ বাবেও বিভিন্ন কৰ্মশালা আয়োজন কৰি আহিছে।

যিবোৰ অল্পবয়সীয়া ছোৱালীয়ে আনতকৈ সুকীয়া হোৱাৰ সাহস কৰে আৰু ঢৌৰ বিপৰীতে সাঁতোৰ খেলিব খোজে তেওঁলোকৰ বাবে ইষিতা মালব্যৰ বাৰ্তা-

‘‘নিজৰ মৌলিক সত্তাটো তুলি ধৰা, নকল কৰাতকৈ মৌলিকতা হাজাৰ গুণে মূল্যৱান। বিশ্ব চৰাচৰৰ সীমাহীন সম্ভাৱনাৰ ওপৰত বিশ্বাস ৰাখা। প্ৰতিবন্ধকতাৰ সকলো অজুহাত পাহৰি যোৱা আৰু যিবোৰ কাৰকে কামটো সম্ভৱপৰ হোৱাৰ নিশ্চয়তা দিয়ে তাৰ ওপৰত বিশ্বাস ৰাখা।’’

মূলঃ প্ৰতীক নায়ক

অনুবাদঃ ৰুণুমী শইকীয়া

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

গ্ৰাহকেহে প্ৰতিষ্ঠা কৰে এটা ব্ৰেণ্ড, ব্যৱসায়ীয়ে নহয়: JB'sৰ প্ৰতিষ্ঠাতা গোপাল জালান

দুয়োখন ভৰি হেৰুৱা ট্ৰাক ড্ৰাইভাৰৰ সন্তান নাগা নৰেশ আজি বিশ্ববিখ্যাত গুগলৰ কৰ্মকৰ্তা

শিশুক বিপথে নিয়াৰ অভিযোগত কাৰাবাস খটা সন্দীপ কৌৰ আজি বহু অনাথ ছোৱালীৰ মাকৰ দায়িত্বত