গ্ল’বেল স্তৰলৈ যোৱাটো আমাৰ কোম্পানীৰ ডি.এন.এ.ৰ এটি অংশ আছিল- শশাংক এন.ডি.

মূল- সিন্ধু কাশ্যপ

গ্ল’বেল স্তৰলৈ যোৱাটো আমাৰ কোম্পানীৰ ডি.এন.এ.ৰ এটি অংশ আছিল- শশাংক এন.ডি.

Thursday October 20, 2016,

3 min Read

কেইবাবছৰ মান আগৰ তুলনাত আজিকালি ভাৰততে ইমান ডাঙৰ বজাৰ এখন সৃষ্টি হোৱাৰ পিছত ভাৰতীয় কোম্পানীবিলাকনো কিয় গ্ল’বেল স্তৰলৈ যাব লাগে- সেইকথা ভাবি বহুতেই আচৰিত হয় । কিন্তু ভাৰত আৰু গ্ল’বেল- দুয়ো দিশতে ভবাটো অতি প্ৰয়োজনীয় । এই মন্তব্য হেল্থকেয়াৰ ষ্টাৰ্ট-আপ Practoৰ প্ৰতিষ্ঠাপক তথা মূখ্য কাৰ্যবাহী বিষয়া শশাংক এন.ডি.ৰ। যিহেতু উন্নয়নশীল বজাৰবিলাকৰ চাহিদা বৃদ্ধি পাই গৈ থাকে, গতিকে তাৰ বাবে সামগ্ৰী নিৰ্মাণ কৰাত অনেক পাৰ্থক্য আছে। “প্ৰথম দিনাৰ পৰাই আমি জানিছিলো যে আমি এনে বিজনেছ মডেল বাচি ল’ম যিবিলাক গোলকীয় স্তৰতো ব্যৱহাৰযোগ্য হ’ব।” শশাংকইে কয়।

image


সময়ৰ শৰ সময়ত এৰিব লাগে

শশাংকই কয়,যদি আপোনাৰ গোলকীয় বজাৰলৈ যোৱাৰ উচ্চাকাংক্ষা আছে আৰু আপোনাৰ ওচৰত প্ৰায় ১৮ মাহৰ ৰানৱে’ আছে- তেন্তে আপুনি তাক কৰি পেলোৱা উচিত।" প্ৰেক্ট’ৰ আৰম্ভণি কৰাৰ দুবছৰৰ পিছত ভাৰতৰ বাহিৰৰ দেশ হিচাপে ছিংগাপুৰেই প্ৰথম ঠাই য’ত প্ৰেক্ট’ক বজাৰলৈ নমোৱা হৈছিল। শশাংকৰ মতে বজাৰখন নতুন আছিল আৰু তেওঁলোকে ভুল কৰাৰ কোনো অৱকাশেই নাছিল। শশাংকৰ মতে, “নতুন বজাৰ এখনে কোম্পানীসমূহক আগতকৈ উত্তম প্ৰতিষ্ঠান হিচাপে গঢ় লোৱাত সহায় কৰে। এই কাৰণতে অন্য দেশসমূহো গুৰুত্বপূৰ্ণ হৈ পৰে।”

উদীয়মান আটাইবোৰ মাৰ্কেটেই মুকলি হৈ আছে

আজি ভাৰতীয় কোম্পানীবোৰৰ হাতত অৱকাশ আছে- গেলকীয় বজাৰ দখল কৰি গোঁজ পুতি লোৱাৰ। শশাংকই কয় যে দক্ষিণ-পূৱ এছিয়াৰ বজাৰকেইখন সহজসাধ্য আৰু খোজ দিবলৈ উজু। ইয়াত ব্যৱহাৰকাৰীৰ সংখ্যা অধিক আৰু এই বজাৰকেইখন ইন্টাৰনেট আৰু মোবাইলৰ প্ৰভাৱৰ ক্ষেত্ৰত ভাৰতৰ বজাৰৰ সৈতে একেই। “গোলকীয়কৰণৰ কথাটো আচলতে আপোনাৰ দূৰদৰ্শিতাৰ সৈতে সাঙোৰ খাই থাকে। আৰু সিয়েই আপোনাৰ পৰবৰ্তী খোজটোক নিৰ্দ্ধাৰিত কৰা উচিত।” শশাংকই জনায়।

তেওঁ কয় যে বিভিন্ন বজাৰত প্ৰেক্ট’ৰ প্ৰবেশ সহজ হৈ পৰিছে কাৰণ ই কিছু প্ৰয়োজনীয়তা সমাধান কৰিব পাৰে। “আমি বজাৰ সহজতে দখল কৰিবলৈ সক্ষম হৈছো। কিন্তু আমি এই কামখিনি এতিয়াই কৰি থ’বই লাগিব- কাৰণ পিছত উন্নত বজাৰৰ পৰা প্ৰডাক্ট আহি এই মাৰ্কেটসমূহত সোমাবহি।” শশাংকই এনেদৰে ব্যাখ্যা কৰে। মোবাইল আৰু ক্লাউডত ব্যৱহাৰৰ কাৰণে প্ৰথমতে চিন্তা কৰি প্ৰডাক্ট নিৰ্মাণ কৰিলে ভাৰতৰ বাহিৰতো ব্যৱসায় কৰিবলৈ সহজ হৈ পৰে।

ভাৰতীয় প্ৰডাক্টসমূহ বিশ্বত জিলিকি উঠিছে

শশাংকৰ মতে আমি গ্ল’বেল স্তৰৰ ভাবিবলৈ আৰম্ভ কৰা উচিত কাৰণ আমাৰ হাতত এনে প্ৰডাক্ট নিৰ্মাণ কৰাৰ ক্ষমতা আছে যি বিশ্বজুৰি বজাৰ দখল কৰিব পাৰে। উন্নয়নশীল বজাৰবোৰতে ইন্টাৰনেটৰ প্ৰায় দুই তৃতীয়াংশ বজাৰ আছে, আৰু এই দেশবোৰৰ হাতত এনে প্ৰডাক্ট নাই যি দেশখনক সহায় কৰিব পাৰে।

আমোদজনকভাবে, ব্ৰাজিল, ফিলিপাইনছ, ইণ্ডোনেছিয়া আদি উন্নয়নশীল দেশ অন্য উন্নত দেশতকৈ অধিক হাৰত Mobile-first কৌশলৰ প্ৰতি আগ্ৰহী। কেইবছৰমান আগেয়ে দুয়ো পক্ষৰ সংখ্যা প্ৰায় সমানেই আছিল, কিন্তু আজিকালি উন্নয়নশীল দেশত চাৰিগুণ অধিক আগ্ৰহ পৰিলক্ষিত হৈছে। শশাংকইই কয়, “উন্নয়নশীল দেশবিলাকত কোৱান্টাম অধিক হৈ পৰিছে, গতিকে এনে দেশৰ বজাৰবিলাকক অধিক সময়ৰ বাবে উপেক্ষা কৰা নাযাব।”

তেওঁৰ কোম্পানীৰ ব্যৱসায়-কৌশলৰ বিষয়ে শশাংকই এনেদৰে জনায়, “আমি বিশ্বৰ প্ৰমুখ বজাৰকেইখনৰ বাবে এক বিশ্বমানৰ প্লেটফৰ্মৰ সৈতে এক বিশ্বমানৰ প্ৰডাক্ট নিৰ্মাণ কৰিছোঁ। আমাৰ দলে প্ৰডাক্টটো নিৰ্মাণ কৰি ভাৰতৰ বাহিৰলৈ পঠোৱাৰ কথা ভাবিছে, য’ত নতুন বজাৰখনৰ সংস্কৃতিৰ সৈতে মিশ্ৰিত হৈ তাত স্থানীয় দল তৈয়াৰ কৰিব পৰা যাব।”

কেইবাটাও ৰিপৰ্ট অনুসৰি টেলিমেডিছিনৰ নতুন প্ৰযুক্তিসমূহ, হেল্থকেয়াৰত বিগ ডাটা, m-health, হেল্থকেয়াৰ ডেলিভাৰী আৰু পিন্ধন সামগ্ৰী জনপ্ৰিয় হ’বলৈ ধৰিছে। বজাৰসমূহ আজিকালি কেৱল নতুন ব্যৱসায়ীৰ বাবেই নহয়, পুৰণিসকলৰ দৃঢ়ীকৰণৰ বাবেও সাজু হৈ পৰিছে। এই ক্ষেত্ৰসমূহত হেল্থকেয়াৰ আৰু টেকনল’জী ক্ষেত্ৰত যথেষ্ট পৰিমাণৰ বিনিয়োগ তথা আকৰ্ষণ দেখিবলৈ পোৱা গৈছে।

টেকস্পাৰ্ক 2015 ৰ স্পনছ’ৰ বিলাকৰ বাবে এজাউৰি হাতচাপৰি- ছেকীয়া কেপিটেল, আই চি আই চি আই বেংক, মানি অন মবাইল, মাইক্ৰচফট, ছিগনেল হিল, আই বি এম ব্লুমিক্স, পি ডব্লিউ চি, এটম টেক, টীমচেট, কৰ্ণাটক চৰকাৰ, ইনটেল, ৰেবলাৰ, ডেইলীহান্ট, ৰেভেৰি, লজিনেক্স্ট আৰু পেইউবিজ; পাৰ্টনাৰসকল- ডাফ এণ্ড ফেল্পছ, টেক্সমন্ত্ৰা, ডাইনআউট, এক্স’টেল, ৩৬০ৰাইড, য়োগা বাৰ, চয় পইণ্ট, জি ডব্লিউচি আৰু মীডিয়া পাৰ্টনাৰসকল- টিভি নাইন, ফৰচুন ইন্ডিয়া, ৰেড এফ এম আৰু ডেক্কান হেৰল্ড।