ভাল প্ৰকল্পত বেংকে বিনিয়োগ কৰিবই: পি ভি এছ এল এন মুৰ্তি, এছ বি আই

ভাল প্ৰকল্পত বেংকে বিনিয়োগ কৰিবই: পি ভি এছ এল এন মুৰ্তি, এছ বি আই

Saturday April 15, 2017,

2 min Read

এজন যুৱ উদ্যমীৰ মাজত থাকিবলগীয়া তিনিটা অতি দৰকাৰী গুণ হৈছে - সাহস, উপস্থিত বুদ্ধি আৰু যু্ক্তিশীলতা । যদি আপুনি সাহস নকৰে তেনহলে আনে আপোনাৰ হৈ সেই কাম কৰি নিদিয়ে । তেজপুৰ বিশ্ববিদ্যলয়ৰ সম্পৰ্ক-২০১৭ অনুস্থানত এইদৰে মন্তব্য কৰে ষ্টেট বেংক অৱ ইণ্ডিয়াৰ মূখ্য মহাপ্ৰৱন্ধক পি ভি এছ এল এন মুৰ্তিয়ে । তেওঁ কয় যে উদ্যমী সকলে নিজৰ প্ৰকল্প সমূহ এনেদৰে প্ৰস্তুত কৰিব লাগে যাতে বেংকাৰ আৰু বিনিয়োগকাৰীয়ে নিজেই এইবোৰত আগ্ৰহ প্ৰকাশ কৰে । একোজন উদ্যমীয়ে সাহস কৰি এটা সিদ্ধান্ত লোৱাৰ লগতে তেওঁৰ ব্যৱসায়টো যু্ক্তিসঙ্গতও হ'ব লাগিব বুলিও তেওঁ মন্তব্য কৰে । ব্যৱসায়টোক অংশীদাৰ সকলৰ মাজত পাৰস্পৰিক বুজাপৰা আৰু ব্যৱসায়টোৰ সম্পৰ্কে আটাইকেইজনৰে সম্যক ধাৰণা থকাটো প্ৰয়োজনীয় বুলি তেওঁ কয় । 

image


ষ্টাৰ্টআপ সমূহে মুখামূখি হোৱা বিভিন্ন সমস্যাৰ বিষয়ে উল্লখে কৰি তেওঁ কয় যে পুঁজিৰ ব্যৱস্থা কৰাটোৱেই হৈছে ষ্টাৰ্টআপৰ বাবে প্ৰথমটো ডাঙৰ সমস্যা । তেওঁ কয় যে এই সমস্যাৰ সমাধানটো উদ্যমীজনৰ আত্মবিশ্বাসৰ মাজতেই লুকাই থাকে । এই আত্মবিশ্বাস দেখিলেই বেংকাৰসকলে এটা ব্যৱসাত বিনিয়োগ কৰিবলৈ আগ্ৰহী হৈ পৰে । 

আনহাতে ব্যাৱসায়িক প্ৰতিষ্ঠানটোৰ আইনী গাঁঠনিৰ ওপৰত বহু পৰিমাণে নিৰ্ভৰ কৰে এটা প্ৰস্তাৱ গৃহিত হোৱা বা নোহোৱাটো। বহু সময়ত ব্যাৱসায়িক প্ৰতিষ্ঠান এটা বিনিয়োগৰ এপৰত হোৱা লাভ সম্পৰ্কে ভালকৈ বুজাত ব্যৰ্থ হয় আৰু অপ্ৰয়োজনীয় কথাত বহু ধন ব্য কৰি পেলায় । 

তেওঁ লগতে কয় যে এটা প্ৰডাক্টৰ মূল্য নিৰ্ধাৰণ আৰু আৰ্থিক নিয়মানুৱৰ্তীতা সম্পৰ্কে এজন উদ্যমীয়ে ভালকৈ বিচাৰ বিবেচনা কৰিব লাগে । এজন বেংকাৰে বহু বচৰ ধৰি বিভিন্ন প্ৰকল্পৰ ক্ষেত্ৰত নিজৰ অভিজ্ঞতাৰ পৰা সিদ্ধান্ত লয় আৰু সেইবাবে উদীয়মান উদ্যমী সকলে প্ৰকল্প প্ৰস্তুতকৰণত যথেষ্ট গুৰুত্ব দিব লাগে বুলি তেওঁ কয় । 

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী

‘মোৰ পকেটত ৫০টকীয়া নোট এখনৰ বাহিৰে হাতত ভাত খাবলৈও এটকাও নাছিল ’ – এজন উদ্যোগীৰ কাহিনী

ভাৰত চৰকাৰক আদালতলৈ নিয়া এটি ন বছৰীয়া শিশু

ষ্টাৰ্টআপ আৰম্ভ কৰাৰ আগতে সকলো আইনী বিষয় স্পষ্ট কৰি লওক: শিৱ শ্ৰীনিৱাসন