'নিঃশব্দ'ৰে বাংময় যাত্ৰা প্ৰাঞ্জল গগৈৰ

0

"অভিনয়ৰ বাবে অসমতেই বোধহয় ভাৰতৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ পৰিবেশ আছে"

ডেকাল'ৰাজনৰ  কথাত  প্ৰথমেই থতমত খাই ৰৈ গৈছিলো ।  তেওঁ পুনৰ কৈছিল "অসমৰ প্ৰতিখন গাৱঁতে আছে অভিনয়ৰ এটা অনুকূল পৰিৱেশ । আমাৰ গাঁৱৰ নামঘৰ সমূহতেই  আছে কলা আৰু সংস্কৃতিক চৰ্চাৰ এক সুন্দৰ পৰিৱেশ" যি সময়ত গৰিষ্ঠ সংখ্যক লোকে  অসমত কলা সংস্কৃতিৰ সাধনাৰ বাবে উপযুক্ত পৰিৱেশ নাই বুলি  কয়, সেইসময়ত এই যুৱক জনৰ এনে ব্যতিক্ৰমী কিন্তু ইতিবাচক চিন্তাৰ শলাগ লবই লাগিব । এনে ব্যতিক্ৰমী চিন্তাৰ বাবেই এই যুৱকজনে লাভ কৰিছে  সংগীত নাটক একাডেমিৰ ওস্তাদ বিছমিল্লা খাঁ  যুৱ পুৰস্কাৰ । মূকাভিনয়ৰে ইতিমধ্যে সৰ্বভাৰতীয়  স্তৰত প্ৰশংসা  বুটলিবলৈ সক্ষম হোৱা এই  যুৱকজন হৈছে তৈলনগৰী দুলীয়াজানৰ প্ৰাঞ্জল গগৈ । 

যি সময়ত স্বল্প প্ৰতিভা সম্পন্ন লোকেও গ্লেমাৰৰ পাছত দৌৰিবলৈ যত্ন কৰে, প্ৰাঞ্জল কিন্ত এইবোৰৰ পৰা বহু দুৰত । "সস্তীয়া জনপ্ৰিয়তা মই কোনো দিনেই বিচৰা নাই । মই কলাৰ পৃথিৱীত সাধাৰণ ছাত্ৰহে মাত্ৰ । মই কাম কৰিব বিচাৰোঁ এই কলাটোক লৈ ।  ইয়াত নতুন পৰীক্ষামূলক প্ৰয়োগ কৰিব  বিচাৰোঁ । সেয়েহে মোলৈ অহা বহু অভিনয়ৰ প্ৰস্তাৱ মই নাকচ কৰি পঠাইছো " আমাক এইদৰে  জনায় প্ৰাঞ্জলে । 

মুকাভিনয়ৰ  নিৰৱ সাধক প্ৰাঞ্জলৰ শৈশৱৰে পৰাই ৰাপ  আছিল  অভিনয়ত । তৈলনগৰী দুলীয়াজানতে আৰম্ভ কৰিছিল অভিনয়ৰ আদিপাঠ। প্ৰথমে "সজাগ নাট্য চৰ্চা" গোষ্ঠী আৰু  পাছলৈ যুক্ত হৈছিল বিখ্যাত অপেচাদাৰী নাট্যগোষ্ঠী কঠীয়া মাইম এণ্ড ড্ৰামা  একাডেমিৰ সৈতে । ইয়াতেই  সুশান্ত  মজিন্দাৰবৰুৱা ,৺দ্বিজেন বৰুৱা ,যতীন সোনোৱাল, ঋতুপৰ্ণ আদিৰ সান্নিধ্যত প্ৰাঞ্জলৰ  প্ৰতিভা ক্ৰমাৎ পৰিপক্ক হৈ উঠে । তেওঁলোকেই বিচাৰি উলিয়াই প্ৰাঞ্জলৰ ভিতৰৰ মাইম শিল্পী  জনক ।

তেওঁলোকৰ পৰামৰ্শ মতেই প্ৰাঞ্জলে  মূকাভিনয়ৰ আনুষ্ঠানিক প্ৰশিক্ষণ আৰম্ভ কৰে মইনুল হকৰ ওচৰত । সদায় নতুন কিবা শিকিবলৈ বিচৰা প্ৰাঞ্জল গগৈয়ে  কলকাতাত প্ৰশিক্ষণ লবলৈ যায় পদ্মশ্ৰী নিৰঞ্জন গোস্বামীৰ পৰা ।

ইয়াৰ পাছৰে পৰাই তেওঁ দেশৰ বিভিন্ন প্ৰান্তত  মাইম প্ৰদৰ্শনৰে সমালোচকৰ  দৃষ্টি  আকৰ্ষণ কৰিবলৈ সক্ষম  হৈছিল । ২০০৮ চনত প্ৰণৱ জ্যোতি লহকৰৰ সৈতে প্ৰাঞ্জলে প্ৰতিষ্ঠা কৰে "নিঃশব্দ " । উদ্দেশ্য "মাইমৰ" পৃথিৱীত অসমৰ নামটো আৰু অকণমান জিলিকাই তোলা । "নিঃশব্দ "ই জন্মলগ্নৰে পৰাই মাইমক জনপ্ৰিয় কৰিবলৈ অসমৰ নগৰে চহৰে বিভিন্ন কৰ্মশালা আৰু প্ৰদৰ্শনী কৰি আহিছে ।

          

"আমি 'নিঃশব্দ'ৰ যোগেদি মুকাভিনয়ক মানুহৰ আৰু কাষলে লৈ যাব  বিচাৰোঁ । সেয়েহে আমি প্ৰশিক্ষণ সমূহ আৰম্ভ কৰাৰ   আগতেই  প্ৰশিক্ষাৰ্থী  সকলৰ মতামত লওঁ । আৰু যদি অনুভৱ কৰো তেওঁলোকে  সময় কটাবৰ  বাবেহে আহিছে , আমি তেওঁলোকক  তাতেই বিদায়  দিওঁ । আমি বিচাৰো  নিষ্ঠাৱান কৰ্মী । আমি এই ক্ষেত্ৰখনৰ  প্ৰতি নৱ-প্ৰজন্মক আগ্ৰহী কৰি তুলিব বিচাৰিছো । সকলোতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল এই সমূহৰ যোগেদিও  ইচ্ছা কৰিলে মানুহে এটা কেৰিয়াৰ গঢ়িব পাৰে। কিন্তু  তাৰ বাবে বহু সাধনা আৰু কষ্টৰ প্ৰয়োজন ।  চৰকাৰৰ বিভাগ সমূহেও  জলপানিকে ধৰি বহু  সা-সুবিধা আগবঢ়াই । কিন্তু তাৰ  বাবে প্ৰথমতে নিজকে প্ৰমাণ কৰাৰ প্ৰয়োজন ।" কলাক নিজৰ পূজা হিচাবে গণ্য কৰা  প্ৰাঞ্জলে আমাক জনায় এইদৰে ।

সাংস্কৃতিক পৰিক্ৰমা দপ্তৰৰৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত তথা  বিভাগটোৰ নিয়মীয়া শিল্পী  প্ৰাঞ্জল সাধাৰণতে প্ৰায়ে ব্যস্ত হৈ বিভিন্ন সাংস্কৃতিক অনুষ্ঠান আৰু  পৰিক্ৰমা সমূহত  । তাৰ মাজতো নিয়াৰিকৈ চলাই আছে  নিঃশব্দৰ কাম কাজ । সাংঘাতিকভাৱে কষ্টসহিষ্ণু প্ৰাঞ্জল । সেইবাবেই হয়তো ভাৰতৰ আগশাৰীৰ কাকততো উচ্চ প্ৰংসশিত হৈছে প্ৰাঞ্জলৰ কাম।