ভাৰত আৰু পেৰুৰ মাজত বাণিজ্যিক চুক্তি সম্পাদনৰ প্ৰস্তাৱত অনুমোদন কেবিনেটৰ

ভাৰত আৰু পেৰুৰ মাজত বাণিজ্যিক চুক্তি সম্পাদনৰ প্ৰস্তাৱত অনুমোদন কেবিনেটৰ

Monday January 30, 2017,

2 min Read

অলপতে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত পণ্য, সেৱা আৰু বিনিয়োগৰ ক্ষেত্রত পেৰুৰ সৈতে ভাৰতে এক বাণিজ্যিক চুক্তি সম্পাদনৰ প্রস্তাৱত অনুমোদন জনোৱা হয়।

ভাৰত আৰু পেৰুৰ মাজত বাণিজ্যিক সম্ভাৱনীয়তাৰ খতিয়ান লোৱাৰ উদ্দেশ্যে ২০১৫ৰ ১৫ জানুৱাৰীত এক যুটীয়া সমীক্ষা গোট গঠন কৰা হয়। এই সমীক্ষাৰ কাম ২০১৬ৰ ২০ অক্টোবৰত শেষ হয় আৰু গোটটোৱে দুয়ো দেশৰ চৰকাৰক এখনি প্রতিবেদনো দাখিল কৰে। সেই প্ৰতিবেদনত পণ্য, সেৱা আৰু বিনিয়োগ ক্ষেত্ৰত বাণিজ্যিক চুক্তি স্বাক্ষৰ সন্দৰ্ভত কৰা আলাপ-আলোচনাক আৰু অধিক আগবঢ়াই নিয়াৰ পৰামৰ্শ প্ৰদান কৰা হয়।

image


পটভূমিঃ

২০১৫-১৬ বৰ্ষত লেটিন আমেৰিকা আৰু কেৰিবিয়ান দেশৰ পাছত ভাৰতৰ ৰপ্তানিৰ দেশৰ তৃতীয় স্থানত থাকে পেৰু। ২০০৫-০৬ বৰ্ষত পেৰুৰ সৈতে ভাৰতৰ দ্বিপাক্ষিক বাণিজ্যৰ পৰিমাণ ১০৭.৩২ মিলিয়ন মাৰ্কিন ডলাৰৰ বিপৰীতে দহ বছৰৰ পাছত ২০১৫-১৬ বৰ্ষত ১৩১৯.৪৫ শতাংশ বৃদ্ধি পাই ১৫২৩.৩৫ মিলিয়ন ডলাৰ হয়গৈ। ইয়াৰে ৭০৩.১২ মিলিয়ন মাৰ্কিন ডলাৰ ৰপ্তানি আৰু ৮২০ ডলাৰ আমদানি।

পেৰুৰ সৈতে ভাৰতৰ বন্ধুত্ব দীর্ঘদিনীয়া। বিভিন্ন আন্তঃৰাষ্ট্ৰীয় মঞ্চত আৰু বাণিজ্যিক চুক্তি সম্পাদনৰ ক্ষেত্রত পেৰুৱে ভাৰতক যথেষ্ট সহযোগিতা আগবঢ়াই আহিছে। এনে অৱস্থাত প্রস্তাৱিত বাণিজ্যিক চুক্তিখনি সম্পাদিত হ’লে ভাৰত-পেৰুৰ বন্ধুত্বপূৰ্ণ সম্পর্ক বৰ্তাই ৰখাৰ ক্ষেত্রত ই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা কৰা হৈছে। 

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী

স্বপ্নভঙ্গই জন্ম দিছিল বিশ্ব অভিলেখৰ স্বপ্নৰ: অভিজিৎ বৰুৱা

আৱৰ্জনা বোটলা শিশুসকলক শিক্ষাদানত ব্ৰতী বাৰাণসীৰ এজন ব্যক্তি

'ৰইছ' মাত্ৰ এটা চেলু

৩ৰ পৰা ৫ ফেব্ৰুৱাৰীলৈ তৃতীয় ৰঙালী উৎসৱ