লণ্ডনৰ কেৰিয়াৰ এৰি মুম্বাইৰ টেক্সিত ছবি অঁকাত ব্যস্ত মুম্বাইৰ ডিজাইনাৰ

0

শিল্পী মনে যিকোনো সাধাৰণ বস্তুৰ মাজতেই সন্ধান কৰে শিল্পৰ, সৃজনীশীলতাৰে তেওঁলোকে সৃষ্টি কৰে অনন্য শিল্পকৰ্মৰ। মুম্বাইৰ শিল্পী সংকেত অভলানিয়ে তেনেদৰে টেক্সিকেই বাচি লৈছে তেওঁৰ কেনভাছ হিচাপে। আৰম্ভ কৰিছে ডিজাইন প্ৰজেক্ট Taxi Fabric, যি বৰ্তমান তৰুণ শিল্পীসকলৰ বাবে হৈ উঠিছে শিল্প প্ৰদৰ্শনৰ নতুন মঞ্চ। ব্যৱসায়িক পৰিকল্পনাৰে নহয়, এই প্ৰকল্পটো আৰম্ভ হৈছিল নিতান্তই আগ্ৰহ আৰু শিল্পৰ তাগিদাতহে।

‘প্ৰতিদিনে কাৰ্যালয়লৈ যোৱাৰ সময়ত টেক্সিৰ আসনবোৰলৈ লক্ষ্য কৰিছিলো, কিছুমান নক্সা সঁচাকৈয়ে বৰ ভাল লাগিছিল, একান্তই আগ্ৰহৰ বাবে সেইবোৰৰ ফটো তুলি কেটেলগ প্ৰস্তুত কৰি এটা ব্লগ আৰম্ভ কৰিছিলো। ব্যৱসায়ৰ বাবে নহয়, নিতান্তই এক নান্দনিক তাগিদাত। আনহাতে শিল্পী হিচাপে এইটোও চিন্তা কৰিছিলো যে টেক্সিৰ আসনৰ এই ক্ষেত্ৰখনক অন্য ধৰণেৰে ব্যৱহাৰ কৰিব পাৰি। অতি বেছি সমসাময়িক আৰু সৃজনীশীলতাৰে মানুহৰ ওচৰ চপাৰ মাধ্যম হ’ব পাৰে ই। কিন্তু বেছিভাগেই কৈছিল মোৰ এই ধাৰণাৰ বাস্তৱিকতা নাই’, ক’লে সংকেতে।

কিছুদিন আগলৈ ই মাত্ৰ ডিজাইন প্ৰকল্পই আছিল। ‘টেক্সিত যদি মই মোৰ কাম উপস্থাপন কৰোঁ তেন্তে হাজাৰ হাজাৰ মানুহে সেই কাম প্ৰত্যক্ষ কৰিব, এই চিন্তাই আছিল মূল। এতিয়া এই প্ৰজেক্টেই হৈ পৰিছে নতুন উদীয়মান শিল্পীসকলৰ মঞ্চ’, ডিজাইনাৰ সংকেতৰ ভাষ্য এয়া।


সংকেতে তেওঁৰ পৰিচিত কেইগৰাকীমান ডিজাইনাৰৰ সৈতে টেক্সিৰ ছীটক’ভাৰ আৰু ভিতৰৰ বেৰৰ বাবে প্ৰথমে কেইটিমান ডিজাইন প্ৰস্তুত কৰাৰ চেষ্টা কৰে।

‘ডিজাইনবোৰ ফেব্ৰিকত প্ৰস্তুত কৰি সেইবোৰ টেক্সিৰ উপযুক্ত কৰি তোলাৰ দায়িত্ব আছিল মোৰ। ফেব্ৰিকৰ মান, চিলাই, সঠিক কাৰিকৰ আৰু ছপাশালৰ সন্ধান কৰা আদি অতি কষ্টসাধ্য আছিল। অন্য ডিজাইনাৰ, টেক্সি ড্ৰাইভাৰ, উদ্যোগপতি আৰু বন্ধুসকলৰ সৈতে প্ৰায় এবছৰ কথা-বাৰ্তাৰ অন্তত বুজিব পাৰিলো যে কামটো আৰম্ভ কৰি দিয়া উচিত, পিছৰ কামবোৰ কৰি থাকোতেই শিকিব পাৰিম।’ সংকেতে এই সময়ছোৱাতে এবছৰৰ বাবে লণ্ডনলৈ গ’ল আৰু তালৈও এই প্ৰজেক্টটো লৈ গ’ল। তাতেই মুম্বাইৰ টেক্সিত প্ৰথম কামটো কৰিবলৈ থিৰাং কৰা হ’ল আৰু সেই সময়ছোৱাতে তেওঁ মুখামুখি হ’ল নাটালি গৰ্ডনৰ সৈতে, সমগ্ৰ পৰিকল্পনাৰ বিষয়ে জনোৱা হ’ল তেওঁক। কিকষ্টাৰ্টাৰত এই প্ৰকল্প সম্পৰ্কে পৰামৰ্শ দিলে নাটালিয়ে, সৃজনীশীল প্ৰজেক্টৰ বাবে ক্ৰাউড ছ’ৰ্ছিঙৰ সবাতোকৈ জনপ্ৰিয় মঞ্চ কিকষ্টাৰ্টাৰ।

‘মই তেওঁলোকৰ কেম্পেইন পৰ্যবেক্ষণ কৰিলো, বুজাৰ চেষ্টা কৰিলো কোনবোৰ প্ৰজেক্টলৈ ধন আহিছে। কিছুদিনৰ ভিতৰতে মোৰ প্ৰজেক্ট প্ৰস্তুত কৰি পেলালো। আৰম্ভণিতে পাঁচখন টেক্সিত কাম। গৌৰৱ ওগালে কৰিলে প্ৰথম টেক্সিৰ ডিজাইন, দ্বিতীয়টো কৰিলো মই, আন তিনিজন ডিজাইনাৰে ল’লে বাকী তিনিখন টেক্সিৰ ডিজাইন। আমাৰ সম্পূৰ্ণ পদ্ধতি আৰু দৰ্শকৰ প্ৰতিক্ৰিয়া, ছবি আৰু লেখাৰে সকলো সাজু কৰিলো। তাৰ পিছত কিকষ্টাৰ্টাৰত সম্পূৰ্ণ বিষয়টো উত্থাপন কৰি ক’লো, এয়া এনে এক মঞ্চ য’ত ডিজাইনাৰসকলে তেওঁলোকৰ কাম মুম্বাইৰ অন্যতম জনপ্ৰিয় বাহনত প্ৰদৰ্শন কৰিব পাৰিব।’

জিবিপি-৮০০০ (ভাৰতীয় টকাৰ হিচাপত আঠ লাখ) অনুমোদন পালে ২৫খন টেক্সিৰ কাম কৰিব পাৰি।


‘লণ্ডনত আমাৰ কোম্পানীয়ে প্ৰাথমিকভাৱে এক লাখ টকা পালে কাম আৰম্ভ কৰিবলৈ। এতিয়া আমাৰ কেম্পেইনৰ বেছি বিনিয়োগ আহে আমেৰিকাৰপৰা।’

৩০খন টেক্সিত কাম কৰাৰ ধন পোৱাৰ পিছত প্ৰথম চিন্তা আছিল কেনেকৈ সেই ধনৰ সদ্ব্যৱহাৰ কৰা হ’ব। টেক্সি ড্ৰাইভাৰসকলে বিনামূলীয়াকৈ তেওঁলোকৰ ডিজাইন প্ৰদৰ্শনৰ ঠাই দিছিল। তাৰ বিপৰীতে তেওঁলোকে ডিছিল ফেব্ৰিক আৰু কাম কৰাৰ বাবে প্ৰয়োজনীয় সময়ৰ ভাড়া।

প্ৰতিজন শিল্পীক তেওঁৰ টেক্সিখনত ইচ্ছা অনুসৰি কাম কৰিবলৈ সুযোগ দিয়া হয়। প্ৰত্যেকেই এটা থিম লৈ কাম কৰে। চহৰ, দেশ, সংস্কৃতি আৰু মানুহৰ ছবিত প্ৰতিভাত হয় সুক্ষ্ম আৰু স্মাৰ্ট আধুনিক তুলিকাৰ চিন। এটা আছিল মুম্বাইৰ বিৱৰ্তনক লৈ, ঘৰৰ গঠনৰ পৰিৱৰ্তনৰ মাজেৰে সেয়ে বুজোৱা হৈছিল। আন এজন শিল্পীয়ে ইলেক্ট্ৰিক নীলৰ ওপৰত আঁকি দিলে মুম্বাইৰ প্ৰিয় পানীয় চাহৰ গিলাছ। সকলো ডিজাইনেই ভীষণভাৱে সমাদৃত হৈছে।

‘শিল্প প্ৰদৰ্শনৰ সমান্তৰালভাৱে সামাজিক কামতো ব্যৱহাৰ কৰিব পৰা যায় এই মাধ্যমক। যোগাযোগ স্থাপনৰো মাধ্যম হৈছে ডিজাইন, গতিকে ই পৰিৱৰ্তন অনাত সহায়ক হ’ব পাৰে, সৌন্দৰ্যৰ সমান্তৰালভাৱে ই একো একোটা বাৰ্তাও বহন কৰিব পাৰে’, সংকেতৰ কথা।

স্বাধীনতা দিৱস উপলক্ষে বিশেষ থিমক লৈ কৰা এটা কেম্পেইন সংকেতৰ অতি প্ৰিয়। ‘ভাৰত-পাকিস্তানৰ শত্ৰুতা আমাৰ অতি বেয়া লগা এটা বিষয়, ইমান দিনৰ পিছতো দুয়োখন দেশৰ মানুহৰ মাজত ইমান তিক্ততা, পৰস্পৰৰ বিষয়ে ইমান ভুল ধাৰণা! আমি পাকিস্তানৰ ডিজাইনাৰ ছামিয়া আৰিফৰ সৈতে কাম কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলো। সমান্তৰালভাৱে ছামিয়ায়ো সন্মতি প্ৰকাশ কৰিলে। আমাৰ এক ডাঙৰ প্ৰাপ্তি হ’ল ছামিয়ালৈ ৰাষ্ট্ৰসংঘৰ পৰা অহা এখন ইমেইল, য’ত আমাৰ শান্তি প্ৰতিষ্ঠাৰ এই উদ্যোগক প্ৰশংসা কৰা হয়’, ক’লে সংকেতে।

এতিয়াও এই উদ্যোগে লাভৰ মুখ নেদেখিলেও কিছু প্ৰতিষ্ঠিত ডিজাইনাৰে কামৰ ফেব্ৰিকৰ ধন নিজেই দিয়ে, ফলত টীমৰ ওপৰত পৰা ভৰ কিছু লাঘৱ হয়। আৰু এটা কেম্পেইন আছিল ভাৰতীয় সাংকেতিক ভাষাৰ সম্পৰ্কীয় প্ৰকল্প।

ভাৰতত শ্ৰৱণ অক্ষম মানুহৰ সংখ্যা সমগ্ৰ ইউৰোপতকৈ বেছি, কিন্তু তেওঁলোকৰ ভাবৰ আদান-প্ৰদানৰ পদ্ধতি সম্পৰ্কে জ্ঞানৰ যথেষ্ট অভাৱ আছে। টেক্সি-ফেব্ৰিকে এখন টেক্সিক ভাষাৰ গাইডলাইনেৰে সজালে। শ্ৰৱণ অক্ষম কেইটিমান শিশুক যেতিয়া এই গাড়ীখন দেখুওৱা হ’ল, তেওঁলোকৰ আনন্দৰ অন্ত নাছিল। তেওঁলোকৰ ভাষা এইদৰে মানুহৰ সন্মুখত কেতিয়াও দেখা নাছিল। ট্ৰাকত যিধৰণৰ পথ সুৰক্ষাৰ বাৰ্তা থাকে সেই ট্ৰাক শিল্পকো নিজৰ ডিজাইনৰ আওতালৈ অনাৰ মন আছে সংকেতৰ।


‘বিভিন্ন সংস্থাৰ সৈতে কাম কৰাৰ ইচ্ছা আমাৰ। যিকোনো ব্ৰেণ্ড, যিয়ে সুস্থ সংস্কৃতিৰ প্ৰচাৰৰ বাবে ইচ্ছুক তেওঁলোকৰ সৈতে আমি কাম কৰিম। বিভিন্ন ব্ৰেণ্ডে আমাৰ সৈতে কাম কৰাৰ আগ্ৰহ দেখুৱাইছে। কিন্তু আমি আমাৰ মূল স্থানৰপৰা স্থানান্তৰিত হ’বলৈ ৰাজি নহয় বাবেই কাৰো প্ৰস্তাৱ গ্ৰহণ কৰা নাই। আমি বিচাৰো সৃজনীশীল আৰু অৰ্থৱহ ডিজাইন প্ৰস্তুত কৰিবলৈ। সপোন আছে, চৰকাৰৰ ফালৰ পৰা প্ৰস্তাৱ আহিব আমাৰ এই শিল্পক জনতাৰ সন্মুখলৈ লৈ যোৱাৰ’, ডিজাইনাৰ সংকেতে ক’লে।

মূল: সানন্দা দাসগুপ্ত

অনুবাদ: ৰুবুল দাস

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী

মহিলাৰ বন্ধ্যাত্ব আঁতৰ কৰাৰ লক্ষ্যৰে দুগৰাকী উদ্যোগশীল মহিলা

নিশিতা মন্ত্ৰী : ব্যক্তিগত দূৰ্ভাৱনাক একাশৰীয়া কৰি প্ৰগতিৰ পথত আগুৱাই যোৱা এগৰাকী মহিলা

মনীষা ৰায়সিংহানীঃ প্ৰযুক্তিৰে উচ্চ শিখৰত

“পৰৱৰ্তী ডাঙৰ ঢৌ হৈছে ভাৰতৰ স্থানীয় ভাষাত কম্পিউটিং”- ছাহিল কিনি