কল চেন্টাৰৰ পৰা লাখটকীয়া উপাৰ্জনকাৰী ব্লগাৰলৈ – হৰ্ষ আগৰৱালাৰ যাত্ৰা

কল চেন্টাৰৰ পৰা লাখটকীয়া উপাৰ্জনকাৰী ব্লগাৰলৈ – হৰ্ষ আগৰৱালাৰ যাত্ৰা

Friday February 05, 2016,

5 min Read

আমি এনে বহু ষ্টাৰ্টআপৰ কাহিনী শুনিছো, যি লাখ লাখ টকা আহৰণ কৰিবলৈ সক্ষম হৈছে । পিছে আমি প্ৰায়েই ব্লগিঙৰ ক্ষমতাক উপেক্ষা কৰি আহিছো, অথচ ব্লগিঙৰো আছে ষ্টাৰ্টআপৰ সমানেই সম্ভাৱনা ।প্ৰতিটো ব্যৱসায়ৰে অনলাইন উপস্থিতি থকাতো প্ৰয়োজনীয় আৰু বহু কোম্পানীয়ে ব্লগসমূহক ব্যৱহাৰ কৰে গ্ৰাহকৰ সংখ্যা বৃদ্ধিৰ বাবে । বহু ব্যৱসায়-উদ্যমীয়ে এনে ব্লগ চলায়েই ধন উপাৰ্জনৰ বাট মোকলায় ।

মই এজন ভাৰতীয় ব্লগাৰক লগ পাইছিলো । নাম তেওঁৰ হৰ্ষ আগৰৱালা । হৰ্ষই প্ৰথমটো ব্লগ আৰম্ভ কৰিছিল চখতে ।কিন্তু আজি তেওঁ লাখ লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে । হৰ্ষই আনকি তেওঁৰ ব্লগ উপাৰ্জনৰ প্ৰতিবেদনখন প্ৰকাশো কৰে অকণো লুক-ঢাক নকৰাকৈ । তেওঁ চাৰ্চ ব্লগ অপাৰেটৰ, চ`ছিয়েল মিডিয়া, ব্লগ আৰম্ভ কৰা তথা পৰিচালনা কৰা আৰু অন লাইন উপাৰ্জন কৰা বিষয়বোৰৰ সন্দৰ্ভত বিভিন্ন ধৰণৰ প্ৰৱন্ধ-পাতি লিখে ।

হৰ্ষ আগৰৱালা

হৰ্ষ আগৰৱালা



য়`ৰ ষ্ট`ৰী: আপুনি আপোনাৰ নিজৰ কেৰীয়াৰ এজন ব্লগাৰ হিচাবে কেতিয়াৰ পৰা আৰম্ভ কৰে ?

হৰ্ষ আগৰৱালা : ২০০৮ চনত মই যেতিয়া সাৰদা বিশ্ববিদ্যালয়ৰ পৰা অভিযান্ত্ৰিক স্নাতক হৈ এছেনচাৰত চাকৰি পালো, মই তেতিয়া কৰ্মজীৱন আৰম্ভ কৰিবলৈ লোৱাৰ আগতে গুড়গাৱঁত থকা ক’ল চেন্টাৰ এটাত যোগদান কৰিছিলো । কলেজীয়া দিনৰে পৰা মই কম্পিউটাৰ তথা প্ৰযুক্তি বিজ্ঞানৰ প্ৰতি আকৃষ্ট আৰু আগ্ৰহী আছিলো । কনভাৰ্জেছত কাম কৰি থকা অৱস্থাত ব্লগস্পটত ব্লগ এটা আৰম্ভ কৰিলো । আৰু এমাহৰ ভিতৰতে বহুত পাঠকৰ সহাঁৰি পাবলৈ সক্ষম হ`লো । তাৰ ঠিক দুমাহৰ পিছত (২০০৮ৰ পহিলা ডিচেম্বৰত) মই নিজৰ ব্লগটো ছেল্ফ হ`ষ্টেড ৱৰ্ড প্ৰেছলৈ ৰুপান্তিত কৰিলো । মই বন্ধুসকলৰ পৰা ধন আৰু ক্ৰেডিত কাৰ্ড ধাৰলৈ লৈ এটা হ`ষ্টিং আৰু ড’মেইন ক্ৰয় কৰিলো । সেই দিনটো আছিল মোৰ বাবে যাদুকৰী আৰু তেনেকৈয়ে শ্বাউট মি লাউডৰ আবিৰ্ভাৱ ঘটিল । হাস্যকৰ কথাটো হল এটা ব্লগৰ পৰা কেনেকৈ ধন উপাৰ্জন কৰিব পাৰি সেই সম্পৰ্কত মোৰ মুঠেও ধাৰণা নাছিল ।

য়`ৰ ষ্ট`ৰী: সচাঁকৈ আমোদজনক ! পিছে আপুনি কেনেকৈ প্ৰথমবাৰৰ বাবে অন্ লাইন উপাৰ্জন কৰিলে ?

হঅ: আপুনি এই সম্পৰ্কত শুনি আমোদ পাব যে মই নিজেই প্ৰথমতে অন লাইন উপাৰ্জন কৰাটো এক প্ৰকাৰৰ কেলেংকাৰি বুলিহে ভাবিছিলো । অন্ লাইন উপাৰ্জন কৰাৰ আগলৈকে অন্ লাইন উপাৰ্জন কৰা ব্যৱস্থাটোকে মই নেতিবাচক দৃষ্টিৰে চাইছিলো । কিন্তু মোৰ এই ধাৰণাটো সলনি হল, যেতিয়া এজন ব্যক্তিয়ে মোক তেওঁৰ এটা সৰু এছ ই অ সম্পৰ্কীয় গুগল ৱেব টুল এটাৰ সমস্যা সমাধান কৰি দিয়াৰ বাবে দহ ডলাৰ মোলৈ প্ৰেৰণ কৰিলে । তেনেকৈয়ে মই পে পেলত এটা একাউন্ট খুলিলো (পে পেলত মোৰ প্ৰথমটো একান্ট ) আৰু সেইবাৰেই মই প্ৰথম অনলাইন উপাৰ্জন কৰিলো । মোৰ বাবে সেয়া অত্যন্ত গৌৰৱৰ কথা আছিল আৰু মই এই কথাটোকে মোৰ সকলো বন্ধুকে জনাবলৈ পাই অত্যন্ত সুখ অনুভৱ কৰিছিলো । পিছলৈ মই ব্লগৰ পৰা পোনপটীয়াকৈ উপাৰ্জন কৰিবলৈ ধৰিলো আৰু সেয়া সম্ভৱ হল এডছেঞ্চ-এণ্ডাফিচিয়েন্ট-মাৰ্কেটিঙৰ জৰিয়তে ।

য়`ৰ ষ্ট`ৰী : আপুনি কেতিয়া চখতে ব্লগিং কৰা এজন ব্যক্তিৰ পৰা এজন পেছাদাৰী ব্লগাৰলৈ ৰুপান্তৰিত হল?

হঅ : চাৰিমাহৰ ভিতৰত ব্লগিং সম্পৰ্কত মই পতিয়ন গলো আৰু তেতিয়াই ধন উপাৰ্জন হবলৈ ধৰিলে ।মই একোটা মাহত ৩৫,০০০ কৈ টকা উপাৰ্জন কৰিবলৈ ধৰিছিলো , যিটো পৰিমান আছিল মোৰ কনভাৰ্জেছৰ উপাৰ্জনৰ দুগুণ । ২০০৯ৰ জুন মাহত মোৰ ব্লগিং কেৰীয়াৰৰ টাৰ্ণিং পইন্টটো আহিল ।মই বাচি লবলগীয়া হল, এক্সচেন্টাৰত যোগদান কৰা অথৱা মোৰ নিজৰ ব্লগটো চলাই নিয়া – এই দুয়োটাৰ মাজৰ যি কোনো এটা । আজিৰ দিনত উপনীত হৈ মই অত্যন্ত সুখী যে মই তেতিয়া নিজৰ ব্লগটো চলাই নিয়াৰ সিদ্ধান্ত লৈছিলো ।আৰু তেনেকৈয়ে মই এজন পেছাদাৰী ব্লগাৰত পৰিণত হৈছিলো ।

য়`ৰ ষ্ট`ৰী : আপোনাৰ ব্লগিং দলটো কিমান ডাঙৰ ?

হঅ : মই বহু ফ্ৰীলেঞ্চাৰৰ লগত কাম কৰি আহিছো । আনহাতে মই কাৰ্যালয়ত কাম কৰি কোনোদিনেই ভাল পোৱা নাছিলো । মই ভাৱো – স্বাধীনতাৰ অৰ্থ হল- যিকোনো ঠাইতে যি কোনো সময়তে কাম কৰিব পৰা ব্যৱস্থা এটাহে । মোৰ ধাৰণা-এনে এক ব্যৱস্থাৰ সংষ্কৃতিটো সমগ্ৰ বিশ্বতে বিয়পি পৰিব । মই পূৰ্ণকালীন কৰ্মচাৰী নিযুক্ত নকৰাৰ ই এক ডাঙৰ কাৰণ । বৰ্ত্তমান সময়ত মোৰ পূৰ্ণকালীন কৰ্মচাৰীৰ সংখ্যা মাত্ৰ এজন । বাকীসকল ফ্ৰীলেঞ্চাৰ আৰু ভাৰ্ছুৱেল । তেওঁলোক বিয়পি আছে সমগ্ৰ বিশ্বতে ।

য়`ৰ ষ্ট`ৰী : আপুনি কেৱল এটাহে ব্লগ চলাই আছে নেকি ?

হঅ : বৰ্তমান সময়ত মোৰ মুখ্য ব্ৰেণ্ড শ্বাউটড্ৰীমৰ তলত নেটৱৰ্কত আছে আঠোটাকৈ লাইভ ব্লগ । সকলোতকৈ জনপ্ৰিয় ব্লগটো হল – শ্বাউট মি লাউড , তাৰপিছত শ্বাউট মি টেক আৰু ডব্লিউ পি ফ্ৰী ছেটআপ ।

য়`ৰ ষ্ট`ৰী: আপোনাৰ ভৱিষ্যত পৰিকল্পনা ?

হঅ: অলপতে মই মোৰ ব্লগৰ উপাৰ্জনেৰে গুড়গাৱঁত এটা ফ্লেট ক্ৰয় কৰিলো আৰু মই তাত বছৰটোৰ শেষত ( ২০১৫ )থাকিবলৈ লম । তাৰপিছত মই এটা কাৰ্যালয় খোলাৰ পৰিকল্পনা কৰিছো । লগতে সমভাৱাপন্ন আৰু অতিকে প্ৰতিভাসম্পন্ন লোকক নিযুক্তি দি মোৰ এই ব্লগিং ব্যৱসায়টো আগুৱাই নিয়াৰ কথা ভাবিছো । তাৰোপৰি মই ব্লগিং শিকোৱাৰ বাবে ShouthMeLoud.com/Pro ৰ সমল সন্দৰ্ভত মনোনিবেশ কৰি আছো ।

য়`ৰ ষ্ট`ৰী: আপুনি নতুনকৈ ব্লগিঙৰ ব্যৱসায় আৰম্ভ কৰিবলৈ বিচৰা লোকসকলক কেনেধৰণৰ পৰামৰ্শ দিবলৈ বিচাৰে

হঅ : এই মুহুৰ্ততে কাম আৰম্ভ কৰক । বহুতে সঠিক সময়ৰ অপেক্ষা আৰু সঠিক ফৰ্মূলাৰ সন্ধানত থাকে । পিছে মোৰ পৰামৰ্শ হল – এই মুহুৰ্ত্ততে আৰম্ভ কৰক । নতুনকৈ কাম এটা আৰম্ভ কৰাৰ বাবে কোনো সঠিক সময় নাথাকে । এবাৰ আৰম্ভ কৰাৰ পিছত সকলো ঠিক হৈ আহে । লগতে মই এই পৰামৰ্শও দিবলৈ বিচাৰোঁ যে নতুন কথা শিকক আৰু গঢ়ি তোলক অভ্যাস । জ্ঞান আহৰণ কৰাটো এক অবিৰত প্ৰক্ৰিয়া । কিন্তু পোনতে দুমাহ বা তিনিমাহ এছ ই অ , ছ`চিয়েল মিডিয়া মাৰ্কেটিং আৰু ব্ৰেণ্ডিঙৰ বিষয়ে শিকাত মনোনিবেশ কৰিব লাগে । এই তিনিটাৰ জ্ঞানে আপোনাক যথেষ্ট সহায় কৰিব । মোৰ ধাৰণা আপুনি এজন দক্ষ লিখক । এটা কথা মনত ৰাখিব - আমি সম্প্ৰতি এনে এখন পৃথিৱীত বাস কৰিছো য`ত আঙুলিৰ টিলিকতে তথ্য সৰবৰাহ হয় । এইটো যুগত খোজত খোজ মিলোৱাৰ বাবে প্ৰয়োজন হয় প্ৰতিটো শেহতীয়া ঘটনাৰ খবৰ ৰখাৰ ।

মূল : পৰদীপ গোয়েল

অনুবাদ : মনীষা তালুকদাৰ সন্দিকৈ 


এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক


আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

বিনিয়োগ কৰাৰ আগতে মই তেওঁলোকৰ চকুৰ ভাষা পঢ়োঁ: ছফ্ট বেংকৰ প্ৰতিষ্ঠাতা মাছায়শী ছন 

পাঁচ লাখ কৃষকে বিনিয়োগ কৰা এখন ছুপাৰহিট ছবি : শ্যাম বেনেগালৰ ‘মন্থন’

সময় বচাওক আৰু কাম সহজ কৰক: ষ্টাৰ্ট আপৰ বাবে ৫টা আহিলা

গুজৰাটৰ এইখন চহৰত কোটিপতিয়ে কাৰখানাৰ শ্ৰমিক আৰু পিয়নৰ কাম কৰে

চেষ্টা কৰা কিন্তু ভাগি নপৰিবা: 'ফেইল ফাষ্ট অৰ উইন বিগ'ৰ লেখক বাৰ্ণহাৰ্ড স্ৰডাৰৰ পৰা ষ্টাৰ্ট-আপৰ বাবে কেইটামান কিটিপ

সহজ ভাষাত ষ্টাৰ্টআপ শব্দজাল