২ ডিচেম্বৰ মাজনিশাৰ পৰা ৫০০ টকীয়া পুৰণি নোটক লৈ নতুন নিয়ম

২ ডিচেম্বৰ, ২০১৬ তাৰিখৰ মাজনিশাৰ পৰা ৰাজহুৱা খণ্ডৰ তেল আৰু গেছ বিপনন কোম্পানীৰ অধীনস্থ পেট্র’ল, ডিজেল আৰু গেছ বিক্রী কেন্দ্র তথা বিমানৰ টিকট বিক্রী কাউন্টাৰত ৫০০ টকীয়া পুৰণি নোট গ্রহণযোগ্য নহয়ঃ অৱশ্যে ৰন্ধন গেছ যোগানৰ সময়ত পুৰণি ৫০০ টকীয়া নোটকে ব্যৱহাৰত অনুমতি চৰকাৰৰ 

২ ডিচেম্বৰ মাজনিশাৰ পৰা ৫০০ টকীয়া পুৰণি নোটক লৈ নতুন নিয়ম

Saturday December 03, 2016,

2 min Read

৫০০ আৰু ১,০০০ টকীয়া বেংক নোটৰ লেনদেনৰ বৈধতা বাতিলৰ পাছতো চৰকাৰে কিছু কিছু ক্ষেত্রত উচ্চমূল্যৰ এনে বেংক নোট গ্রহণ কৰা হ’ব বুলি ঘোষণা কৰিছিল। এই সন্দৰ্ভত সময়ে সময়ে এনে বেংক নোটৰ গ্রহণযোগ্যতাৰ সীমা আৰু বৃদ্ধি কৰি দিয়া হয়। বর্তমানেও কিছুমান ক্ষেত্রত পুৰণি ৫০০ টকীয়া নোটৰ লেনদেন এক নির্দিষ্ট তাৰিখলৈকে চলাই থকাৰ অনুমতি প্ৰদান কৰিছে কেন্দ্রীয় চৰকাৰে।

image


কেন্দ্ৰীয় চৰকাৰৰ এক বিজ্ঞপ্তিত কোৱা হয়- 'নতুন নোটৰ মুদ্রণ, যোগান আৰু বিতৰণ প্ৰক্ৰিয়া বৰ্তমানেও দ্ৰুত গতিত অব্যাহত আছে। ইয়াৰ ফলত আৰু বেছিকৈ নগদ টকাৰ যোগান ধৰাৰ কাম বর্তমানেও চলি আছে। ডিজিটেল পদ্ধতিৰে লেনদেন প্ৰক্ৰিয়াৰ ইতিমধ্যে যথেষ্ট অগ্রগতি লাভ কৰিছে আৰু আগন্তুক দিনত ই অধিক উন্নত হ’ব বুলি আশা কৰা হৈছে। ইয়াৰ পৰিপেক্ষিতত দেশৰ অর্থনীতিৰ বিভিন্ন ক্ষেত্রত ডিজিটেল ব্যৱস্থাৰে লেনদেন প্ৰক্ৰিয়াৰ ব্যাপক হাৰত বৃদ্ধি পাই আহিছে। এইটো লক্ষ্যণীয় যে তেল আৰু গেছ বিপণন কোম্পানীসমূহে ডিজিটেল লেনদেনৰ উপযোগী আন্তঃগাঁঠনি গঢ় দিয়াতো বর্তমানে যথেষ্ট অগ্ৰগতি লাভ কৰিছে। সেইবাবে চৰকাৰে ২ ডিচেম্বৰ, ২০১৬ৰ মাজনিশাৰ পৰা ৰাজহুৱা খণ্ডৰ তেল আৰু গেছ বিপণন কোম্পানীসমূহৰ পেট্র’ল, ডিজেল আৰু গেছ বিক্রী কেন্দ্রসমূহতো পুৰণি ৫০০ টকীয়া নোট গ্রহণৰ অনুমতি প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত লৈছে। অৱশ্যে, ৰন্ধন গেছৰ যোগান দিয়াৰ ক্ষেত্ৰত পুৰণি ৫০০ টকীয়া নোট গ্রহণৰ ব্যৱস্থাটো বৰ্তমানেও অব্যাহত থাকিব।'

একেদৰে, বিমানৰ টিকট সংগ্রহ আৰু বিমানবন্দৰসমূহত প্ৰথম অৱস্থাত পুৰণি ৫০০ টকীয়া নোট গ্রহণৰ ব্যবস্থা অব্যাহত ৰখা হৈছিল। কিন্তু বিমানৰ টিকট বিক্রীকেন্দ্রসমূহত নগদ ধনৰ উপৰি ডিজিটেল পদ্ধতিৰে লেনদেনৰ সূযোগ আৰু সুবিধা কৰা পৰিলক্ষিত হৈছে। সেইবাবে ২ ডিচেম্বৰৰ মাজনিশাৰ পৰা পুৰণি ৫০০ টকীয়া নোটেৰে বিমানৰ টিকট ক্ৰয়ৰ অনুমতি প্রত্যাহাৰ কৰাৰ সিদ্ধান্ত লৈছে কেন্দ্রীয় চৰকাৰে। বিমানবন্দৰসমূহতো যিকোনো লেনদেনত সেই সময়ৰ পৰা ৫০০ টকীয়া পুৰণি নোট গ্রহণযোগ্য নহ’ব বুলি বিবেচিত কৰা হৈছে।

ইয়াৰ বিপৰীতে চৰকাৰ পূৰ্বতে যিবোৰ ক্ষেত্ৰত সাময়িকভাবে পুৰণি ৫০০ টকীয়া নোটৰ গ্রহণযোগ্যতাত অনুমতি দিছিল, সেইবোৰত এই ব্যৱস্থা বৰ্তমানেও অব্যাহত থাকিব।

(সৌজন্য- PIB)

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

ছয় কোবাই আৰব সাগৰত বল পেলাই দিয়া কলা বোবা ভাৰতীয় ক্ৰিকেটাৰজন

কি কাৰণে এচাম পুৰুষে নাৰীৰ প্ৰতি লোলুপ দৃষ্টি দিয়ে ?

গুগল এলাৰ্টছৰ আঁৰৰ ব্যক্তি নাগা কাটাৰুৰ নতুন পেছা খেতি

কেৱল সৌৰশক্তিত চলা এখন গাওঁ