ব্যৱসায়িক শূন্যতা পূৰণৰ বাবে NBFC সমুহৰ ক্ষুদ্ৰ আৰু মধ্যমীয়া উদ্যোগসমুহৰ কাষ চপাৰ প্ৰৱণতা ক্ৰমাৎ বৃদ্ধি পাইছে

ব্যৱসায়িক শূন্যতা পূৰণৰ বাবে NBFC সমুহৰ ক্ষুদ্ৰ আৰু মধ্যমীয়া উদ্যোগসমুহৰ কাষ চপাৰ প্ৰৱণতা ক্ৰমাৎ বৃদ্ধি পাইছে

Thursday December 10, 2015,

4 min Read

সংখ্যাত ক্ৰমাৎ বৃদ্ধি হোৱা NBFC অৰ্থাত non-banking finance companyসমুহে “উচ্চ মানৰ ঋণৰ গ্ৰাহক” লাভৰ বাবে ক্ষুদ্ৰ আৰু মধ্যমীয়া উদ্যোগসমুহৰ(SME) কাষ চপাৰ প্ৰৱণতা ক্ৰমাৎ বৃদ্ধি পাইছে। চলিত বিত্তীয় বৰ্ষৰ এপ্ৰিলৰ পৰা ছেপ্তেম্বৰৰ ভিতৰত এই খণ্ডৰ আগশাৰীৰ বেংকসমুহৰ ৩.৩ শতাংশলৈ আহৰণৰ হাৰ হ্ৰাস পোৱা দেখা গৈছে।

Edelweiss, Indiabulls Housing, IndoStar Capital, Dewan Housing আৰু IIFL Group আদি NBFC অৰ্থাৎ non-banking finance company সমুহে বিনিয়োগৰ পৰিদৃশ্যৰ ক্ষেত্ৰত আশাবাদী হৈ এইক্ষেত্ৰত সঠিক আৰু সাবধানে অগ্ৰসৰ হোৱা পৰিলক্ষিত হৈছে। গড় হিচাপত কোম্পেনীসমুহে লঘু উদ্যোগ ক্ষেত্ৰটোত তেওঁলোকৰ মূলধনৰ এক তৃতীয়াংশ বিনিয়োগ ইতিমধ্যে আৰম্ভ কৰিছে। এইক্ষেত্ৰত Edelweissৰ ক্ষেত্ৰ বিনিয়োগৰ পৰিমান হৈছে তেওঁলোকৰ সৰ্বমূঠ ২,৫০০কোটি টকাৰ ৬০শতাংশ।

NBFC সমুহে সাধাৰণতে এইক্ষেত্ৰত ন্যূনতম ভুলৰ কথা চকুত ৰাখিহে নিৰাপদ দিশত ঋণ প্ৰদান কৰে। ক্ষুদ্ৰ আৰু মধ্যমীয়া উদ্যোগসমুহৰ(SME) ক্ষেত্ৰত অসম্পাদিত সম্পদৰ পৰিমান গড় হিচাপত ০.৩শতাংশহে। ক্ৰিছিলৰ শেহতীয়া এক সমীক্ষামতে, ক্ষুদ্ৰ আৰু মধ্যমীয়া উদ্যোগসমুহৰ সম্পত্তিৰ বিপৰীতে প্ৰদত্ত ঋণৰ পৰিমান ২০১৮-১৯বৰ্ষৰ ভিতৰত ৫লাখ কোটি হব বুলি আশা কৰা হৈছে আৰু NBFCসমুহে এইক্ষেত্ৰত এই পৰিমানৰ প্ৰায় অৰ্ধেক অৰিহণা যোগাব।

ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ শেহতীয়া তথ্যমতে চলিত বিত্তীয় বৰ্ষৰ ১৮ছেপ্তেম্বৰ পৰ্যন্ত ক্ষুদ্ৰ আৰু মধ্যমীয়া উদ্যোগসমুহলৈ আগবঢ়োৱা বেংক ঋণৰ পৰিমান ৩.৩ শতাংশ অৰ্থাৎ ৩,৬৭,৫০০ কোটিলৈ হ্ৰাস পাইছে। ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াই ক্ষুদ্ৰ,লঘু আৰু মধ্যমীয়া উদ্যোগসমুহলৈ অগ্ৰাধিকাৰৰ ভিত্তিত আগবঢোৱা সকলো ঋণৰ ক্ষেত্ৰত শাখা বিভাজন কৰে আৰু সকলো বেংকেই ক্ষুদ্ৰ উদ্যোগলৈ তেওঁলোকৰ ক্ষুদ্ৰ,লঘু আৰু মধ্যমীয়া উদ্যোগ শিতানৰ ৬০ শতাংশ ঋণ আগবঢ়াব লাগে। শেহতীয়া Dun & Bradstreet report মতে ২০১৪-১৫ বৰ্ষত প্ৰদত্ত ঋণৰ সমষ্টি ১৩.৩শতাংশলৈ বৃদ্ধি হৈছে।


image


NBFCসমুহে সধাৰণতে ক্ষুদ্ৰ আৰু মধ্যমীয়া উদ্যোগসমুহ বা স্বনিয়োজিত ব্যৱসায়িক সম্পত্তিৰ বিপৰীতে ব্যৱসায়িক আৰু গ্ৰাহক ঋণ প্ৰদান কৰে। Edelweiss Housing Financeৰ মূৰব্বী অনিল কোথুৰীয়ে কয় যে কোম্পানীসমুহৰ লোনবুকৰ ৪০০০কোটি টকাৰ ৬০ শতাংশয়ে ভৰি আছে ক্ষুদ্ৰ আৰু মধ্যমীয়া উদ্যোগসমুহৰ ঋণেৰে। “ যিসময়ত আমাৰ ৪০০০কোটিৰ লোনবুকৰ ২৫শতাংশ হৈছে অসুৰক্ষিত ঋণ, সেই সময়ত আমাৰ সুৰক্ষিত ঋণ তাতকৈয়ো অধিক। ই আমাৰ লোনবুকৰ মুঠ বিনিয়োগৰ ক্ষেত্ৰত ২৫০০০কোটি টকাৰ ৬০শতাংশতকৈ বেছি।” ইয়াৰ ঋণৰ loan ticket size ১০লাখৰ পৰা ৩০ লাখ পৰ্যন্ত হয় আৰু কোম্পানীসমুহে ৫০লাখ পৰ্যন্ত collaterals দাবী নকৰে ।

Indostar Capitalৰ SME বিভাগৰ মূৰব্বী আশোক কোহলীয়ে কয়, “শংকা আৰু প্ৰতিযোগিতা যথেষ্ট বৃদ্ধি পাইছে যদিও সম্পত্তিৰ বিপৰীতে ঋণ (LAP)হৈছে NBFCসমুহৰ বাবে আটাইতকৈ লাভজনক ঋণ শিতান। ক্ষুদ্ৰ আৰু মধ্যমীয়া উদ্যোগ খণ্ডটোৱে NBFCসমুহৰ প্ৰতি আগ্ৰহ দেখুওৱাৰ আঁৰত কেইবাটাও কাৰণ আছে। তাৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ হৈছে ঋণ লাভৰ ক্ষেত্ৰত প্ৰয়োজনীয় সময় হৈছে কম আৰু সহজ নথি-পত্ৰ প্ৰদান ব্যৱস্থা।

IndoStaক Goldman Sachs, Everstone Capital, Beacon India আৰু ACPI Investment Managers আদি কেইবাখনো ব্যক্তিগত ইকুইটি ফাৰ্মে সহায় কৰে। কোহলিয়ে তদুপৰি কয় যে তেওঁলোকৰ কোম্পানীয়ে SME ৰ লোনবুকৰ ক্ষেত্ৰত ২০১৬-১৭ বৰ্ষলৈকে ২০ৰ পৰা ২৫শতাংশলৈ বৃদ্ধিৰ আশা কৰিছে। কিন্তু বৰ্তমান তেওঁলোকৰ SME ৰ লোনবুক কিমান ডাঙৰ সেই কথা জানিবলৈ নিদিলে। তেওঁলোকৰ মুঠ লোনবুক প্ৰায় ৪০০০কোটি টকা।

পৰিসৰ বৃদ্ধি কৰিবৰ বাবে কোম্পানীয়ে সকলো সম্ভৱ পন্থায়ে হাতত লবলৈ বিচাৰিছে। তাৰে ভিতৰত আছে ক্ষেত্ৰ বৃদ্ধিৰ লগতে গ্ৰাহকৰ সৈতে প্ৰত্যক্ষ যোগাযোগ কৰা আদি।

Indiabulls Housingৰ mortgage businessবিভাগৰ মূৰব্বী শচীন চৌধুৰীয়ে কয় যে তেওঁলোকৰ কোম্পানীৰ লোনবুক মুঠ অগ্ৰিম ধনৰ ২৫শতাংশ অৰ্থাত ১,৫০০কোটি টকা। তেওঁলোকে কিন্তু ইয়াতকৈ অধিক ওপৰলৈ যোৱাৰ কথা সম্প্ৰতি চিন্তা কৰা নাই। কাৰণ বৰ্তমানৰ দ্ৰুতহাৰত নিম্নগামী সুদৰ হাৰৰ পৰিবেশৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকে গৃহ ঋণৰ ক্ষেত্ৰত অধিক মনোনিবেশ কৰিছে।

তেওঁ লগতে কয় যে তেওঁলোকে সাধাৰণতে ক্ষুদ্ৰ ব্যৱসায়ীক মহিলী ২৫-৩০লাখ আয়েৰে বাৰ্ষিক ৫-৬কোটি টকাৰ উপাৰ্জনৰ বাবে উৎপাদন আৰু ব্যৱসায়ৰ কাৰণে ঋণ প্ৰদান কৰে

অসম্পাদিত সম্পদৰ ক্ষেত্ৰত প্ৰদত্ত ঋণৰ সম্পৰ্কত সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে ইয়াৰ হাৰ ন্যূনতম ০.৩শতাংশ, কাৰণ কোম্পানীয়ে কেৱল নিৰাপদ ঋণ প্ৰদানত হে গুৰুত্ব প্ৰদান কৰে।

আনকি IIFL Groupৰ দৰে ডাঙৰ NBFCএও এতিয়া এইক্ষেত্ৰত আগ্ৰহী হৈ পৰা দেখা গৈছে।

IIFLৰ পৰিচালন সঞ্চালক আৰ. ভেংকটৰমনে কয় যে বিশাল আকাৰৰ SME আৰু MSME বজাৰখনৰ ক্ষেত্ৰত NBFC সমুহৰ বাবে সৰু সৰু ব্যৱসায়ীক ঋণ অধিক প্ৰয়োজনীয়। “আমি SMEসমুহক ঋণ প্ৰদান কৰা আৰম্ভ কৰিছো আৰু বৰ্তমানেও এই ক্ষেত্ৰত আমি প্ৰাৰম্ভিক পৰ্যায়তেই আছো। কম সময়তে আমি যঠেষ্ট চাহিদাৰ সমুখীন হৈছো। আমি ধাৰণা কৰিছো যে আমাৰ ঋণৰ ক্ষেত্ৰখনত ই এক বৃহত উত্তৰণৰ বাট মুকলি কৰিব।”

যোৱা ডিচেম্বৰৰ পৰা ক্ষুদ্ৰ আৰু মধ্যমীয়া উদ্যোগৰ ক্ষেত্ৰখনত ঋণ প্ৰদান আৰম্ভ কৰি লোনবুক ১০০০ কোটি অতিক্ৰম কৰিবলৈ সক্ষম হোৱা Dewan Housing Finance ৰ মতে “চৰকাৰৰ গুৰুত্ব আৰু বহুতো বিনিয়োগকাৰীৰ উপলব্ধতাৰ প্ৰতি লক্ষ্য কৰি কব পৰা যায় যে এই ক্ষেত্ৰখনে যঠেষ্ট বিশালতা লাভ কৰিব।”

উৎস --প্ৰেছ ট্ৰাষ্ট অৱ ইণ্ডিয়া