দহ হাজাৰ প্ৰতিবন্ধী লোকে একেলগে কৰিলে তিনিটা বিশ্ব ৰেকৰ্ড

দহ হাজাৰ প্ৰতিবন্ধী লোকে একেলগে কৰিলে তিনিটা বিশ্ব ৰেকৰ্ড

Wednesday December 28, 2016,

1 min Read

অলপতে গুজৰাটৰ নৱচাৰিত স্থাপিত হ'ল তিনিটা নতুন বিশ্ব ৰেকৰ্ড । সেইকেইটা হৈছে- একে ঠাইতে একলগে সৰ্বাধিক সংখ্যক চাকি জলোৱা, আটাইতকৈ ডাঙৰ হুইলচেয়াৰ ল'গ', আঠ ঘন্টাত সৰ্বাধিক সংখ্যক মানুহৰ শৰীৰত শ্ৰৱণ যন্ত্ৰ সংস্থাপন কৰা । 

Image : Twitter

Image : Twitter


এই সকলোবোৰ অভিলেখ ৰচনা কৰা হ'ল প্ৰতিবন্ধীসকলৰ কাৰণে অনুস্থিত কৰা এটা শিবিৰত । শিবিৰ আৰম্ভ কৰাৰ আগদিনা সৰ্বাধিক সংখ্যক চাকি জ্বলোৱাৰ অভিলেখ । ৯৮৯ সংখ্যক প্ৰতিবন্ধী লোকে এই অভিলেখ সৃষ্টি কৰে । ৩০ ছেকেণ্ডৰ ভিতৰত সকলো লোকে একেলগে সকলো চাকি জ্বলোৱাৰ অভিলেখ তেওঁলোকে সৃষ্টি কৰে ।

একেদিনাই ১০০০ লোকে হুইলচেয়াত বহি ত্ৰিৰঙ্গ পতাকা আৰু প্ৰধান মন্ত্ৰীলৈ এটা জন্মদিনৰ বাৰ্তা লিখা এটা ল'গ' সৃষ্টি কৰে।ইয়াৰ পূৰ্বে ৩৪৬ লোকে এই অভিলেখ আমেৰিকাত ৰচনা কৰিছিল ।

Image : Twitter

Image : Twitter


আঠ ঘন্টাত ৬০০ মানুহক শ্ৰৱণ যন্ত্ৰ সংযোজন কৰি তৃতীয়টো বিশ্ব ৰেকৰ্ড কৰা হয় । 

এই শিবিৰ আয়োজন কৰা হৈছিল প্ৰতিবন্ধী উন্নয়ন বিভাগ, সামাজিক ন্যায় বিভাগ আৰু ভাৰতৰ কৃত্ৰিম অংগ প্ৰস্তুতকৰণ নিগমৰ দ্বাৰা । এই উপলক্ষে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী মূখ্য অতিথি হিচাপে উপস্থিত থাকে ।

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

বিশ্বৰ প্ৰথমটো পানীত ওপঙা স্মাৰ্টফ'ন

বিৰাটৰ দল শ্ৰেষ্ঠ ভাৰতীয় দল নেকি?

তামিল নাডুত গঢ়ি উঠিছে বিশ্বৰ বৃহত্তম সৌৰ শক্তি প্ৰকল্প

জাহাজৰ খালাছী এম জি মুথুৱে গঢ়িলে বিশাল ব্যাৱসায়িক সাম্ৰাজ্য