অনলাইন আৰু ছ’চিয়েল মিডিয়া মাৰ্কেটিঙৰ বাবে ব্যৱহৃত প্ৰয়োজনীয় প্ৰযুক্তিগত অস্ত্ৰবোৰ

অনলাইন আৰু ছ’চিয়েল মিডিয়া মাৰ্কেটিঙৰ বাবে ব্যৱহৃত প্ৰয়োজনীয় প্ৰযুক্তিগত অস্ত্ৰবোৰ

Thursday December 17, 2015,

5 min Read

কোম্পানীৰ দ্বাৰা উৎপাদিত সামগ্ৰীৰ মাৰ্কেটিঙৰ বাবে ব্যৱহৃত পন্থাসমূহ সময়ৰ লগে লগে সলনি হৈ যাব ধৰিছে। ছপামাধ্যমৰ পৰা টিভি, ৰেডিঅ’লৈ আৰু তাৰ পৰা ৱেবছাইট-ই-মেইলৰ পৰা অনলাইন আৰু ছ’চিয়েল মিডিয়ালৈ, সময়ৰ লগে লগে মিডিয়া মাৰ্কেটিঙৰ বিৱৰ্তন পৰিলক্ষিত হৈছে। আজিৰ যুগত যিকোনো ব্যৱসায়ৰ বাবে অনলাইন মাৰ্কেটিং আৰু ছ’ছিয়েল মিডিয়া বহুলভাৱে ব্যৱহৃত হ’বলৈ ধৰিছে। কিন্তু সকলোৱে কোনটো অনলাইন মিডিয়া মাৰ্কেটিঙৰ প্লেটফৰ্ম অধিক ব্যৱহাৰ কৰিব বা নকৰিব সেই সম্পৰ্কত একমত হ’ব পৰা নাই। অৱশ্যে পৰম্পাৰগত মিডিয়া মাৰ্কেটিঙৰ আহিলা, উদাহৰণস্বৰুপে এছইঅ’, ই-মেইল কেম্পেইন, বিজ্ঞাপন তথা ছ’ছিয়েল মিডিয়াৰ লগত প্ৰতিটো নতুন ষ্টাৰ্ট-আপ জড়িত হৈ থকাতো প্ৰয়োজনীয় কিন্তু ইয়াৰ উপৰিও ব্যৱসায়ীসকলে নতুন প্ৰযুক্তিগত আহিলাসমূহ ব্যৱহাৰ কৰাতো ইচ্ছুক হ’ব লাগে।

image


এই প্ৰৱন্ধটোত এনে কেইটামান নতুন প্ৰযুক্তিগত মাৰ্কেটিঙৰ আহিলাৰ বিষয়ে আলোচনা কৰিবলৈ বিচৰা হৈছে।

ৱেবিনাৰ

ৱেবিনাৰ বৰ্তমান প্ৰচলনত থকা এটা জনপ্ৰিয় প্ৰযুক্তিগত আহিলা। ইয়াক ব্যৱহাৰ কৰিবলৈ আপোনাক মাথো ভাল ইন্টাৰনেটৰ সংযোগ আৰু কম্পউটাৰৰ লাগে। ৱেবিনাৰৰ এটা প্ৰধান সুবিধা হ’ল যে বিশ্বৰ যিকোনো প্ৰান্তৰ পৰা বিভিন্ন ক্ষেত্ৰৰ অভিজ্ঞ ব্যক্তিসকলে নিজৰ মতামত আপোনাক পৰামৰ্শ হিচাপে আগবঢ়াব। আৰু উল্লেখনীয় কথা যে এই সুবিধা গ্ৰহণ কৰিবলৈ কোনো ধৰণৰ ধনৰ প্ৰয়োজন নাই।

এতিয়া আলোচনা কৰিবলৈ বিচৰা হৈছে কিদৰে ৱেবিনাৰক ব্যৱসায়িক ভিত্তিত ব্যৱহাৰ কৰিব পৰা যায়।

গ্ৰাহক ৱেবিনাৰ—আপুনি এটা কথা ভালকৈ উপলব্ধি কৰিব পাৰে যে আপোনাৰ গ্ৰাহকসকল আপোনাৰ সমৰ্থক। গতিকে এনে গ্ৰাহকৰ অনুৰূপ গ্ৰাহক আপুনি বিচাৰিলে নিশ্চয়কৈ পাব। সেয়েহে এই গ্ৰাহকসকল তথা আপোনাৰ ব্যৱসায়িক সংগীসকলক লগত লৈ আপুনি এখন ৱেবিনাৰৰ আয়োজন কৰক। এই ৱেবিনাৰ হৈছে এখন ছেমিনাৰ। এই ৱেবিনাৰৰ জৰিয়তে ব্যৱসায়িক ক্ষেত্ৰৰ অভিজ্ঞসকলৰ লগতে গ্ৰাহকসকলে নিজৰ অভিজ্ঞতাৰ কথা বৰ্ণনা কৰিব। এয়া দেখাত ব্যৱসায়িক ভিত্তি নথকা এখন শিক্ষামূলক ৱেবিনাৰ যেন লাগিব কিন্তু কোম্পানীৰ ভৱিষ্যতৰ লাভালাভৰ বাবে এয়া অতীৱ প্ৰয়েজনীয়।

ইণ্ডাষ্ট্ৰী লীডাৰ ৱেবিনাৰ—মানুহে সদায় ব্যৱসায়িক প্ৰতিষ্ঠানসমূহৰ শীৰ্ষ বিষয়া তথা গুৰুসকলৰ বচন শুনিবলৈ ভাল পায়। উদ্যোগিক ক্ষেত্ৰৰ সৈতে জড়িত শীৰ্ষ বিষয়াসকলৰ গুৰুত্বপূৰ্ণ কথাবোৰ ব্যৱসায়িক লাভালাভৰ বাবে সকলোৱে শুনিবলৈ ভাল পাব। আৰু এই কথা লক্ষ্য ৰাখিয়েই আপুনি আপোনাৰ কোম্পানীৰ ব্ৰেণ্ড বা মান উন্নত কৰিবলৈ এখন ৱেবিনাৰৰ আয়োজন কৰিব পাৰে।

প্ৰডাক্ট ৱেবিনাৰ—আপোনাৰ কোম্পানীয়ে যদি ছ্ফ্টৱেৰ বিক্ৰীৰ কাম কৰে তেন্তে নিশ্চিতভাৱে আপোনাৰ ছেলছ বিভাগৰ কৰ্মকৰ্তাসকলে প্ৰতিটো প্ৰডাক্টৰ ডেমো গ্ৰাহকৰ সম্মুখত প্ৰদৰ্শন কৰে। আপুনি এই বিষটো চুটি কৰি প্ৰতিটো সপ্তাহত এখনকৈ প্ৰডাক্ট ৱেবিনাৰৰ আয়োজন কৰিব পাৰিব। ইয়াৰ জৰিয়তে গ্ৰাহকৰ সৈতে আপোনাৰ কাম বহু ক্ষেত্ৰত উজু হৈ পৰিব। আপুনি একে সময়তে বিভিন্ন সময়ত গ্ৰাহকৰ সৈতে মিলাই বহুকেইখন ৱেবিনাৰৰ আয়োজন কৰিব পাৰে। ইয়াৰ বাবে আপুনি নিজৰ কোম্পানীৰ কৰ্মকৰ্তাৰ মাজৰ পৰা ৱেবিনাৰ চলাবলৈ এদল অভিজ্ঞ লোকৰ সৃষ্টি কৰিব পাৰিব। এনে পদক্ষেপ গ্ৰহণ কৰিব পাৰিলে আপুনি গ্ৰাহকৰ লগতে আপোনাৰ কোম্পানীৰ এক উন্নত মান বজাৰত প্ৰতিষ্ঠা কৰিব পাৰিব।

পডকাষ্ট

পডকাষ্ট হৈছে এনে কিছুমান অডিঅ বাইটছ যিটো কিছুমান লোকে বাৰ্তা বা ছৱিতকৈ বেছি পছন্দ কৰে। বৰ্তমান ব্যস্ততাৰ যুগত এনে কিছু লোক আছে যিয়ে নিজৰ কাৰ্মস্থান-বাসস্থানৰ মাজৰ যাত্ৰাৰ সময়ত পডকাষ্টত অহা বাৰ্তা শুনিবলৈ পছন্দ কৰে। গতিকে ৱেবিনাৰ সদৃশ পডকাষ্ট এনে এক আহিলা হ’ব পাৰে যাক গ্ৰাহক, উদ্যোগক্ষেত্ৰৰ লোক তথা কোম্পানীৰ অভিজ্ঞসকলে ব্যৱহাৰ কৰিব পাৰে। আৰু আপুনি এই আহিলা যথেষ্ট উপয়োগ কৰিব পাৰে। যিকোনো এটা বিষয় বাছি লওক আৰু ইয়াক আপুনি পডকাষ্টত বাণীবন্ধন কৰক, ইয়াৰ বহু কেইটা উপকাৰিতা আছে—

আপুনি উদ্যোগ ক্ষেত্ৰৰ বিভিন্নজনৰ সৈতে যোগাযোগ ৰক্ষা কৰি চলিব পাৰিব আৰু তেওঁলোকৰ সৈতে সম্পৰ্কত থাকিব।

আপুনি আপোনাৰ নিৰ্দ্ধাৰিত গ্ৰাহকৰ সৈতে সম্পৰ্ক বজাই ৰাখিব পাৰিব। আপুনি পডকাষ্ট ই-মেইল, ৱেবছাইট, ব্লগ তথা নিউজ লেটাৰৰ জড়িয়তে ক্ৰমাগতভাবে ব্যৱহাৰ কৰি থাকিব পাৰিব।

উদ্যোগ ক্ষেত্ৰখনত আপুনি ইয়াৰ জড়িয়তে সেইসকল ব্যক্তিৰ সৈতে সম্পৰ্কত থাকিব যিসকল নতুন বিষয়ৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰি থাকে আৰু নতুন কথা জানিবলৈ ঈচ্ছুক। ইয়ে আপোনাক সদায় লাভাণ্বিত কৰিব।

ইনফ্লুয়েন্চাৰ মাৰ্কেটিঙ

ছ’চিয়েল মিডিয়াৰ জড়িয়তে আপুনি সহজতে সকলোৰে লগত সম্পৰ্ক ৰক্ষা কৰি চলিব পাৰে। কিন্তু সম্পৰ্ক ৰক্ষা কৰি চলা আৰু কথোপকথনৰ মাজত পাৰ্থক্য আছে। যদি আপুনি শুদ্ধ অৰ্থত আপোনাৰ ছ’চিয়েল মাৰ্কেটিঙ চলাই নিয়ে তেন্তে প্ৰথমে আপুনি সংযোগ স্থাপন কৰিব তাৰ পাছত সম্পৰ্ক আৰু সদৌ শেষত ইয়াক পৰবৰ্তী পৰ্যায়লৈ নি আপুনি কথোপকথন কৰিব পাৰিব। ইনফ্লুয়েন্সাৰ মাৰ্কেটিঙক সাধাৰণতে কোনো তাৰকাই আপোনাৰ কোম্পানীৰ বাবে কৰা মাৰ্কেটিং বুলি ভবা হয়। কিন্তু প্ৰকৃতাৰ্থত এয়া সঁচা নহয়। ইনফ্লুয়েন্সাৰ মাৰ্কেটিঙ মানে হ’ল আপুনি ঔদ্যোগিক ক্ষেত্ৰত প্ৰভাৱ বিস্তাৰ কৰি থকা লোকসকলৰ সৈতে সম্পৰ্ক স্থাপন কৰি তেওঁলোকৰ বাবে এখন প্লেটফৰ্ম তৈয়াৰ কৰা। ধৰি লোৱা হওক, এখন জৈৱিক খাদ্য ভাণ্ডাৰৰ বাবে খাদ্য প্ৰস্তুতকৰ্তাসকল হ’ব পাৰে আপোনাৰ অনুপ্ৰেৰক বা ইনফ্লুয়েন্সাৰ, ছ’লাৰ পাৱাৰ এনাৰ্জী কোম্পানীৰ বাবে প্ৰকৃতিবিদসকল হ’ব ইনফ্লুয়েন্সাৰ। আপোনাৰ কৰ্তব্য হৈছে এইসকল লোকক একগোট কৰা। এই ব্যক্তিসকলৰ কিছুসংখ্যক হয়তো টুইটাৰত সক্ৰিয়, কিছুসংখ্যক হয়তো লিংকডইনত সক্ৰিয়, গতিকে আপুনি প্ৰথমে এই লোকসকলৰ সৈতে সংপৰ্ক স্থাপন কৰিব লাগিব আৰু তাৰ পাছত কথোপকথনৰ জৰিয়তে এই সম্পৰ্ক সুদৃঢ় কৰি আপোনাৰ কোম্পানীৰ হকে ব্লগ লিখিবলৈ অনুৰোধ কৰিব পাৰে আৰু তেওঁলোকক ৱেবইনাৰ বা পডকাষ্টৰ জড়িয়তে গ্ৰাহকৰ সৈতে অধিক সুদৃঢ় সম্পৰ্ক স্থাপন কৰাতো আপোনাৰ কৰ্তব্য।

লিংকডইন গ্ৰুপ

লিংকডইনত আপোনাৰ প্ৰফাইল থকা মানে নুবুজাই যে আপুনি ইয়াত সক্ৰিয় হৈ আছে। এই প্লেটফৰ্মটো ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত আপোনাৰ বহু কৰণীয় আছে। আপোনাৰ চিন্তা উদ্যোগক্ষেত্ৰত প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত লিংকডইনৰ জৰিয়তে সহজেই কৰিব পাৰে। কোম্পানীৰ হৈ আপুনি লিংকডইনৰ এটা প্ৰফাইল খোলাৰ পাছত এই একাউন্টৰ জৰিয়তে আপুনি একে মনোভাৱ থকা লোকৰ সৈতে সম্পৰ্ক স্থাপন কৰক। যাৰ ফলত আপোনাৰ সম্পৰ্কত থকা ব্যক্তিসকলে আপোনাৰ কোম্পানীৰ প্ৰফাইলৰ পৰা আপোনাৰ মতামত অনুমান কৰিব পাৰিব। গ্ৰুপৰ এডমিন হিচাপে আপুনি লিংকডইন প্ৰফাইটো প্ৰতি মুহুৰ্তত সক্ৰিয় কৰি ৰাখিব লাগিব। এয়া এক দীঘলীয়া পৰিক্ৰমা আৰু সঠিকভাৱে কৰিব পাৰিলে আপোনাৰ কোম্পানীৰ সহায়ক হোৱাকৈ এটা কমিউনিটী সৃষ্টি কৰিবলৈ সক্ষম হ’ব।

নিজৰ প্ৰডাক্ট তথা কোম্পানীৰ অধিক সম্প্ৰসাৰণৰ বাবে চিন্তা কৰি থকাৰ মাজতেই আপোনালোকে মিডিয়া মাৰ্কেটিঙৰ এই গোপন অস্ত্ৰ ব্যৱহাৰ কৰি লাভাণ্বিত হ’ব পাৰিব।

লেখকঃ ৰাধা গিৰি

অনুবাদঃ শোণিত কুমাৰ গোস্বামী

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

নৱজাতকৰ বাবে জীৱনদায়িনী এক অভূতপূৰ্ব মাতৃদূগ্ধৰ বেংক

গ্ৰাহকেহে প্ৰতিষ্ঠা কৰে এটা ব্ৰেণ্ড, ব্যৱসায়ীয়ে নহয়: JB'sৰ প্ৰতিষ্ঠাতা গোপাল জালান

দুয়োখন ভৰি হেৰুৱা ট্ৰাক ড্ৰাইভাৰৰ সন্তান নাগা নৰেশ আজি বিশ্ববিখ্যাত গুগলৰ কৰ্মকৰ্তা