চহৰ অঞ্চলত খেতিৰ জ্ঞান আৰু সা-সঁজুলিৰ যোগানৰ বাবে Ugaoo.com

চহৰ অঞ্চলত খেতিৰ জ্ঞান আৰু সা-সঁজুলিৰ যোগানৰ বাবে  Ugaoo.com

Monday December 21, 2015,

2 min Read

ভাৰতবর্ষত বাগিছা পতা বা খেতি বাতি কৰাৰ বাবে চহৰ অঞ্চলত ঠাইৰ অভাবৰ হেতুকে বহু আগ্ৰহী লোকে নিজৰ প্ৰয়োজনীয় সেউজীয়া শাক-পাচলি উৎপাদনৰ আশা মনতে পুহি ৰাখিব লগা হয়৷ কিন্তু এতিয়া তেনে লোকসকলে ঘৰখনৰ আগে-পিছে বা চাদত থকা অকনমান ঠাইতে পাছলিৰ খেতি কৰাৰ বিমল আনন্দ উপভোগ কৰিব পাৰিব৷ Ugaoo.com নামৰ এই পর্টেলটোৰ উন্মোচনৰ মূহুর্তত ইয়াৰ প্ৰতিষ্ঠাতা সিদ্ধান্ত ভালিঙ্গেই সাংবাদিক সকলৰ সৈতে মত বিনিময় কৰোতে জনাই যে তেওঁলোকে এই পর্টেলটোৰ জৰিয়তে সামগ্ৰিকভাৱে ভাৰতত বাগিছা পতাৰ ব্যৱস্থাটোকে সলাই পেলাব খুজিছে৷

এই অনলাইন পর্টেলটোৱে মূলতঃ কৃষিকর্মৰ বাবে সা-সজুলিৰ বিক্ৰীৰ লগতে কৃষিকর্ম সম্পর্কীয় সকলো ধৰণৰ দিহা-পৰামর্শৰ দিয়াৰ ব্যৱস্থা কৰিছে৷ Ugaoo.com এ চহৰ অঞ্চলত বাগিছা পতাৰ ধাৰণাটোক প্ৰতিষ্ঠা কৰিবলৈ খেতিখোলাৰ সৈতে জড়িত হ’ব খোজা সকলক শাক-পাছলি উৎপাদনৰ সমগ্ৰ প্ৰক্ৰিয়াটোৰ বিষয়ে যথাসম্ভব সকলোখিনি জ্ঞান দিয়াৰ ব্যৱস্থা কৰিব বুলি সিদ্ধান্ত ভালিঙ্গেই জানিবলৈ দিয়ে৷

image


প্ৰথমাৱস্থাত মুম্বাই আৰু পুনাক নিজৰ কার্যক্ষেত্ৰ হিচাপে বাচনি কৰা Ugaoo.com এ প্ৰায় পঞ্চাশৰো অধিক কৃষিকর্মৰ সৈতে জড়িত যন্ত্ৰপাতি উৎপাদন কৰা প্ৰতিষ্ঠানৰ সৈতে ব্যৱসায়িক বুজা পৰাত উপনীত হৈ লাহে লাহে সমগ্ৰ ভাৰতবর্ষতে নিজৰ কর্মক্ষেত্ৰ বিস্তৃত কৰাৰ আশা পুহি ৰাখিছে৷ সিদ্ধান্ত ভালিঙ্গেৰ মতে, সুশৃঙ্খল এক বিতৰণ ব্যৱস্থাৰ জৰিয়তে ভাৰতৰ প্ৰতি চুকে-কোণে শাকপাছলিৰ খেতি কৰি ভালপোৱা কেনেও যাতে লাগতিয়াল দিহা-পৰামর্শৰ পৰা বঞ্চিত নহয় তাৰ ব্যৱস্থা কৰাৰ বাবে তেওঁলোক দৃঢ়প্ৰতিজ্ঞ৷

ফুড এগ্ৰিকালচাৰ অর্গেনাইজেশ্ব্যন (FAO)ৰ মতে সমগ্ৰ পৃথিবীৰ ১১% কৃষি উপযোগী ভূমি কেৱল ভাৰততে আছে৷ কিন্তু ইয়াৰ বিপৰীতে বর্তমানে ভাৰতত বাগিছা আৰু কৃষিকর্ম সম্পর্কীয় বজাৰখনৰ মূল্য প্ৰায় ৫০০০ কোটি টকা যিটো চীনৰ দৰে দেশৰ তুলনাত তেনেই নগণ্য৷ এই কথাটোৱেই Ugaoo.com ৰ কাৰণে এটা ডাঙৰ সুযোগ বুলি সিদ্ধান্ত ভালিঙ্গেই ভাবে৷

দেশৰ কৃষিকর্ম কৰি ভালপোৱা অথৱা কৃষিকর্মকে নিজৰ জীৱিকা হিচাপে গ্ৰহণ কৰা অর্বুদ কোটি মানুহৰ কাষ চাপি তেওঁলোকক আধুনিক জ্ঞানেৰে দীক্ষিত কৰি স্বাস্থ্যসন্মত সেউজীয়া শাক-পাছলি প্ৰচুৰ পৰিমানে উৎপাদন কৰি জনসাধাৰণৰ লগতে দেশখনকো আগুৱাই নিয়াৰ লক্ষ্যৰেই Ugaoo.com এ আত্মপ্ৰকাশ কৰা বুলি সিদ্ধান্ত ভালিঙ্গেই জানিবলৈ দিয়ে৷

এই অনলাইন পর্টেলটোৱে খেতিয়ক, উদ্যানবিদ, স্থপতিবিদ, গৃহসজ্জাৰ সৈতে জড়িত লোক, চহৰৰ খেতিয়ক, খেতি কৰাত ৰুচি থকা লোক, তৰু-তৃণ ভালপোৱা অৰু ভাৰতৰ গ্ৰাম্যাঞ্চলত বাস কৰা হাজাৰ হাজাৰ খেতিয়কক Ugaoo.com ৰ প্ৰচেষ্টাৰ প্ৰতি সঁহাৰি দিবলৈ আবেদন জনাইছে৷ লগতে সিদ্ধান্ত ভালিঙ্গেই WebSummit tech conference এ Ugaoo.com ক পৃথিৱীৰ ভিতৰতে ৪০ টা আটাইতকৈ সম্ভাৱণাপূর্ণ ষ্টার্ট আপৰ ভিতৰেত এটা বুলি মনোনীত কৰা কথাটোও জানিবলৈ দিয়ে৷

PTI

Image: Shutterstock