পিছুৱালে আপষ্টাৰ্ট ২০১৬ ৰ তাৰিখ

পিছুৱালে আপষ্টাৰ্ট ২০১৬ ৰ তাৰিখ

Wednesday November 23, 2016,

2 min Read

ভাৰত চৰকাৰে শেহতীয়াকৈ ৫০০ আৰু ১০০০ টকীয়া নোট বন্ধ কৰাৰ পাছত সৃষ্টি হোৱা পৰিস্থিতিলৈ লক্ষ্য ৰাখি ডিচেম্বৰত অনুস্থিত হ'বলগীয়া উত্তৰ পূব ষ্টাৰ্টআপ সমাৰোহ আপষ্টাৰ্ট ২০১৭ চনৰ ১৯-২০ জানুৱাৰীলৈ পিছুৱাই দিয়া হৈছে । লগতে ডিচেম্পৰ মাহত অনুস্থিত হ'বলগীয়া অন্যান্য গুৰুত্বপূৰ্ণ ষ্টাৰ্টআপ সমাৰোহৰ সৈতে সংঘাত এৰাই চলিবলৈও ওই সিদ্ধান্ত লোৱা হৈছে । উল্লেখযোগ্য যে নৰ্থ-ইষ্ট ডিভেলপমেন্ট ফাউণ্ডেচন, ডিজিটেল এম্পাৱাৰমেন্ট ফাউণ্ডেচন, ইণ্ডিয়ান ইন্সটিটিউট অৱ অন্ট্ৰ'প্ৰিনিঅ'ৰশ্বিপ আৰু ৰাজীব গান্ধী নেচনেল ইনষ্টিটিউট অৱ য়ুথ দিভেলপমেন্টে আয়োজন কৰা উত্তৰ-পূৱ ষ্টাৰ্টআপ সমাৰোহ 'আপষ্টাৰ্ট' আয়োজিত হ'ব আই আই ই প্ৰেক্ষাগৃহত । এই সমাৰোহত সহযোগ আগবঢ়াইছে য়'ৰ ষ্ট'ৰী অসমীয়াই ।

image


"য়েছ বেংক ইন্সটিটিউট, ইণ্ডিয়ান এঞ্জেলছ নেটৱৰ্ককে ধৰি আমাৰ অন্যান্য সহযোগীসকলে এই সমাৰোহ সুকলমে অনুস্থিত হোৱাৰ স্বাৰ্থত ইয়াৰ দিন পিছুৱাবলৈ অনুৰোধ কৰিছিল । সেই মৰ্মে আমি এই সমাৰোহৰ দিন ১৯-২০ জানুৱাৰীলৈ পিছুৱাই দিছো ।" এইদৰে কয় এন ই ডি এফৰ সঞ্চালক ড° চৈয়দ কাজীয়ে । 

এই সমাৰোহ উত্তৰ পূৱৰ ষ্টাৰ্টআপ সমূহক এখন উমৈহতীয়া মঞ্চ প্ৰদান কৰাৰ উদ্যেশ্যেৰে আয়োজন কৰা হৈছে । ষ্টাৰ্টআপ সমূহৰ মাজত মত বিনিময় আৰু পৰামৰ্শ প্ৰদান এই সমাৰোহৰ অন্যতম লক্ষ্য ।

"চিকিমকে ধৰি উত্তৰ পূবৰ আঠখন ৰাজ্যৰ ষ্টাৰ্টআপ সমূহক উদগণি যোগোৱাৰ উদ্যেশ্যেৰে আপষ্টাৰ্টৰ আয়োজন কৰা হৈছে। শ্ৰেষ্ঠতম ষ্টাৰ্টআপ সমূহক বিচাৰি উলিয়াই সেইবোৰক বিনিয়োগকাৰী আৰু অন্যান্য গোটৰ সৈতে সম্পৰ্ক স্থাপনত সহায় কৰি তেওঁলোকৰ ব্যৱসায় প্ৰসাৰ কৰা আৰু স্থানীয়, ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় বজাৰৰ উপযোগী ব্ৰেণ্ড সৃষ্টি কৰা আমাৰ লক্ষ্য । প্ৰয়োজনীয় পুঁজিৰ লগতে আমি তেওঁলোকক কাৰিকৰী জ্ঞান অৰু ইনকিউবেচনৰ সুবিধা প্ৰদান কৰা আমাৰ উদ্দেশ্য । এই সমাৰোহৰ জৰিয়তে আমি উদীয়মান উদ্যমী আৰু তেওঁলোকৰ উদ্ভাৱনী চিন্তাক উদগণি যোগাবলৈ প্ৰচেষ্টা লৈছো । আমি এই অঞ্চলটোত উদ্যমিতাৰ সংস্কৃতি গঢ়ি তোলাৰ লগতে উদ্যমিতাৰ পৰিবেশ উন্নত কৰাৰ বাবেও প্ৰচেষ্টা হাতত লৈছো যি আজিৰ দিনত অতি প্ৰয়োজনীয় । " এন ই ডি এফৰ সঞ্চালক ড° চৈয়দ কাজীয়ে কয় ।

উল্লেখযোগ্য যে ১২ শিতানত নিৰ্বাচিত ষ্টাৰ্টআপ সমূহে তেওঁলোকৰ ধাৰণা সমূহ বিনিয়োগকাৰীৰ আগত উপস্থাপন কৰাৰ সুবিধা পাব দুদিনীয়া এই সমাৰোহত ।

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

ঘৰে ঘৰে ভিক্ষা মাগি দৈনিক ১০০০ লোকৰ ক্ষুধা নিবাৰণ কৰে এইজন প্ৰাক্তন সাংবাদিকে

ৰোগীৰ মৃত্যুৱে 'ট্ৰেফিক মেন'ত পৰিণত কৰিলে এজন চিকিৎসকক

এই প্ৰযুক্তিৰে পথে নিজেই নিজকে মেৰমতি কৰিব

এছ টি ডি বুথৰপৰা ১৪০ কোটি টকীয়া এটা ভ্ৰমণ কোম্পানীলৈ