উদ্যমিতাক উদগনি যোগোৱাৰ লক্ষ্যৰে ডাউন টাউন ভেন্সাৰ লেবছ

উদ্যমিতাক উদগনি যোগোৱাৰ লক্ষ্যৰে ডাউন টাউন ভেন্সাৰ লেবছ

Tuesday August 09, 2016,

2 min Read

উত্তৰ পূৰ্বাঞ্চলত নতুনকৈ গঢ় লৈ উঠা ব্যৱসায় সমূহক সহায় আগবঢো়ৱাৰ বাবে এক অন্যতম প্ৰচেষ্টা হ'ল ডাউন টাউন ভেঞ্চাৰ লেবছ । মানৱসম্পদ, পুঁজি, যন্ত্ৰ, কেচামাল আৰু বজাৰ- ব্যৱসায়ৰ এই পাঁচটা উপাদানৰ সঠিক ব্যৱহাৰৰ ওপৰত গুৰুত্ব প্ৰদান কৰি ব্যৱসায় সমূহক কাৰিকৰী আৰু মানৱসম্পদ সম্পৰ্কীয় সেৱা আগবঢ়োৱাৰ প্ৰচেষ্টা আগত ৰাখি ডাউন টাউন ভেন্সাৰ লেবছ বা ডিটিভিএল স্থাপন কৰা হৈছে । ডিটিভিএলে কাৰ্যালয়ৰ বাবে স্থান, তথ্য প্ৰযুক্তি আৰু নেটৱৰ্কিঙৰ সুবিধা, উদ্যোগ জগত আৰু শিক্ষা জগতৰ বিশেষজ্ঞৰ পৰামৰ্শ লাভৰ সুবিধা, গৱেষণাগাৰ, আভিযান্ত্ৰিক, ফাৰ্মাকল'জী, বায়টেকন'লজী ইত্যাদি ক্ষেত্ৰৰ গধূৰ যন্ত্ৰ-পাতি ব্যৱহাৰৰ সুবিধে দিয়ে নতুন উদ্যোগীসকলক । 

ডাউন টাউন দাতব্য ন্যাসৰ উদ্যোগত গঢ় লৈ উঠা ডিটিভিএল প্ৰতিষ্ঠা কৰা হৈছে ডাউন টাউন বিশ্ববিদ্যালয়ৰ চৌহদত । এই বিশ্ববিদ্যালয়ৰ উদ্যমিতা বিকাশ কেন্দ্ৰৰ অংশ ৰূপে প্ৰতিষ্ঠিত ডিটিভিএলত বিভিন্ন ক্ষেত্ৰৰ বিশেষজ্ঞ সকলৰ দ্বাৰা কাৰিকৰী পৰামৰ্শৰ লগতে ইনকিউবেচনৰ সুবিধাও প্ৰদান কৰা হয় । ২৭ বছৰ ধৰি উত্তৰ পূৱত সেৱা আগবঢ়াই অহা ডাউন টাউন হাস্পাতালৰ দ্বাৰা গঠিত ডাউন টাউন দাতব্য ন্যাসে এই প্ৰচেষ্টাক সমৰ্থন দি আহিছে ।

image


উত্তৰ পূৰ্বাঞ্চলৰ কেইবাটাও ষ্টাৰ্টআপক উদগনি দিয়া ডিটিভিএলে অলপতে CIIE-IIM আহমেদাবাদ, (GIZ) GMBH, য়ং ইণ্ডিয়ানছ আৰু ইণ্ডিয়ান ইনষ্টিটিউট অৱ অন্ট্ৰ'প্ৰিনিঅ'ৰশ্বিপৰ সহযোগত মন্থন নামেৰে এক বিজনেছ আইডিয়া কন্টেষ্টৰ আয়োজন কৰিছিল ।  

ডিটিভিএল আৰু ডাউন টাউন ন্যাসে ষ্টাৰ্টআপ সমূহৰ বাবে বাৰ্ষিক ১০ লাখ টকাৰ এক পৃথক পুঁজিৰ ব্যৱস্থা কৰিছে আৰু তিনিটা স্থানীয় ষ্টাৰ্টআপে এই সুবিধা গ্ৰহণ কৰিছে বুলি জনায় ডিটিভিএলৰ প্ৰকল্প বিষয়া নিতুল জ্যোতি দাসে । এই ষ্টাৰ্টআপ সমূহ হৈছে- 

১. এডুচিং টেকন'লজিজ প্ৰাইভেট লিমিটেড- স্থানীয় খুচুৰা ব্যৱসায় সমূহৰ বাবে এক অনলাইন প্লেটফৰ্ম ।

২. টেক-হেল্প কলছাল্টিং এণ্ড ডিভেলপমেন্ট প্ৰাইভেট লিমিটেড- মজলীয়া আৰু ক্ষুদ্ৰ শৈক্ষিক প্ৰতিষ্ঠানৰ বাবে কম খৰচী ইআৰপি ব্যৱস্থা যোগান ধৰে ।

৩. এক্সপ্লৰাৰ্চ এণ্ড এডভেন্সাৰ প্ৰাইভেট লিমিটেড- যুব সমাজৰ মাজত এডভেন্সাৰ টুৰিজমক উদগনি যোগোৱাৰ লগতে শৈক্ষিক প্ৰতিষ্ঠান আৰু কৰ্পৰেট প্ৰতিষ্ঠান সমূহৰ বাবে এডভেন্সাৰ টুৰ আয়োজন কৰে ।

আনহাতে যুৱ সমাজ মাজত উদ্যোগশীলতাক উদগনি যোগাবলৈ ডিটিভিএলে বিভিন্ন কলেজ আৰু বিশ্ববিদ্যালয়ত বিভিন্ন কৰ্মশালা আৰু আলোচনা চক্ৰৰ আয়োজন কৰি আহিছে । 

image


এনেকুৱা কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কিছুমান কাহিনী

বান্ধৱীৰ বিয়াৰ ফটোগ্ৰাফীৰে আৰম্ভ দুজন সাংবাদিকৰ উদ্যমিতাৰ খোজ 

চিকিৎসকে তিনি মাহ সময়সীমা বান্ধি দিয়া জাহ্নবী গোস্বামীৰ তেইশ বছৰীয়া জীৱন সংগ্ৰামৰ আলোক সন্ধানী যাত্ৰা

হালৰ গৰুহাল বেচি শিক্ষা সমাপ্ত কৰা শ্যাম ৱাডেকাৰে আজি ২০০ শিশুৰ শিক্ষাৰ দায়িত্ব লৈছে

জিএছটিয়ে ষ্টাৰ্টআপক কিদৰে লাভাম্বিত কৰিব