১৯ জানুৱাৰীত দ্বিতীয় ব্ৰহ্মপুত্ৰ উপত্যকা বি-প্লেন প্ৰতিযোগিতা

0

বিগত বৰ্ষৰ দৰে এইবাৰো ষ্টাৰ্টআপ অসমে আয়োজন কৰিবলৈ লৈছে সঞ্জীব কুমাৰ গগৈ সোঁৱৰণী ব্ৰহ্মপুত্ৰ উপত্যকা ব্যাৱসায়িক আঁচনি প্ৰতিযোগিতা । ২০১৭ চনৰ ১৯ জানুৱাৰীত অনুস্থিত হ'ব দ্বিতীয় দ্বিতীয় ব্ৰহ্মপুত্ৰ উপত্যকা বি-প্লেন প্ৰতিযোগিতা । এইবাৰৰ প্ৰতিযোগিতাত দেশৰ বিভিন্ন প্ৰান্তৰৰ ষ্টাৰ্টআপক সামৰি লোৱাৰ পৰিকল্পনা কৰা হৈছে । এই প্ৰতিযোগিতাত ছাত্ৰ-ছাত্ৰীকো সামৰি লোৱা হ'ব ।

ষ্টাৰ্টআপ অসমৰ মূৰব্বী পংকজ গগৈয়ে কয়, "ব্ৰহ্মপুত্ৰ উপত্যকাৰ দুয়োপাৰে বিভিন্ন ধৰণৰ উদ্যোগ গড়ি উঠাৰ সম্ভাৱনা আছে আৰু এই অঞ্চলটোত উদ্যমিতীৰ সংস্কৃতি গঢ়ি তুলিবৰ বাবেই আমি এই প্ৰতিযোগিতাৰা আয়োজন কৰিছো ।" 

উল্লেখযোগ্য যে ২০১৫ চনৰ মাৰ্চত স্থাপিত ষ্টাৰ্টআপ অসমে বিভিন্ন ষ্টাৰ্টআপক দিকদৰ্শন দিয়াৰ উপৰিও বিভিন্ন ধৰণৰ অনুস্থানৰ আয়োজন কৰি আহিছে । 

উল্লেখযোগ্য যে ২০১৬ চনত কটন কলেজৰ ষ্টুডেন্টছ প্লেচমেন্ট চেলৰ সহযোগত ষ্টাৰ্টআপ অসমে আয়োজন কৰা প্ৰথম ব্ৰহ্মপুত্ৰ উপত্যকা বি-প্লেন প্ৰতিযোগিতাত ৩৫ টা ষ্টাৰ্টআপে অংশগ্ৰহণ কৰিছিল আৰু ইয়াৰে তিনিটাক নগদ ধনেৰে পুৰস্কৃত কৰা হৈছিল । 

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী 

আইনী বিষয়লৈ ভয় কিহৰ? সহায়ৰ বাবে আছে assamlawyers.com

বিহাৰৰ এখন জিলাৰ মহিলাসকলে কলাৰে গছ-গছনি সংৰক্ষণ কৰিছে

পদপথত ডাঙৰ হোৱা বিকাশ চৌধুৰী কৰ্পৰেট জগতৰ শীৰ্ষ পদবীত

ইলেক্ট্ৰিচিয়ানৰ পুত্ৰ প্ৰিন্সে লাভ কৰিলে আমেৰিকাত বাস্কেটবল খেলাৰ জলপানি