ডিব্ৰুগড়ৰপৰা দিছপুৰলৈ: সৰ্বানন্দ সোণোৱালৰ যাত্ৰা

ডিব্ৰুগড়ৰপৰা দিছপুৰলৈ: সৰ্বানন্দ সোণোৱালৰ যাত্ৰা

Thursday May 19, 2016,

2 min Read


ইতিমধ্যে স্পষ্ট হৈ গ’ল অসমত পৰৱৰ্তী চৰকাৰ গঠন কৰিব বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটে । প্ৰথমবাৰৰ বাবে বিজেপিৰ নেতৃত্বত অসমত গঠন হ’বলগীয়া এই চৰকাৰৰ নেতৃত্ব দিব বিজেপিৰ ৰাজ্যিক সভাপতি তথা মূখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালে । চকু ফুৰাওঁ আহক অসমৰ পৰৱৰ্তী মূখ্যমন্ত্ৰীগৰাকীৰ ৰাজনৈতিক জীৱনৰ ওপৰত ।

image


১৯৬২ চনৰ ৩১ অক্টোবৰত ডিব্ৰুগড়ৰৰ দিনজানত জন্ম হয় সৰ্বানন্দ সোণোৱালৰ । ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু পৰৱৰ্তী সময়ত গুৱাহাটী বিশ্ববিদ্যালয়ত শিক্ষা লাভ কৰা সৰ্বানন্দ সোণোৱালে সদৌ অসম ছাত্ৰ সন্থাৰ এগৰাকী সক্ৰিয় সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ লগতে তেওঁ ১৯৯২-৯৯ সময়ছোৱাত সংগঠনটোৰ সভাপতি হয়।

আইএমডিটি আইন আৰু সোণোৱাল

২০০১ চনত অসম গণ পৰিষদত যোগদানেৰে সক্ৰিয় ৰাজনীতিলৈ আহে সৰ্বানন্দ সোণোৱাল । সেইবছৰেই মৰাণ বিধানসভা সমষ্টিৰপৰা বিধায়ক নিৰ্বাচিত হয় সোণোৱাল । ২০০৪ চনত ডিব্ৰুগড় লোকসভা সমষ্টিৰপৰা কংগ্ৰেছৰ পৱন সিং ঘাটোৱাৰক পৰাস্ত কৰি প্ৰথমবাৰৰ কাৰণে সংসদত প্ৰৱেশ কৰে সোণোৱালে। ২০০৫ চনটো আছিল সৰ্বানন্দ সোণোৱালৰ ৰাজনৈতিক কেৰিয়াৰৰ এক গুৰুত্বপূৰ্ণ টাৰ্ণিং পইন্ট । অসমত বলৱৎ হৈ থকা আইএমডিটি আইনক প্ৰত্যাহ্বান জনাই সোণোৱালে উচ্চতম ন্যায়ালয়ত তৰা গোচৰৰ ৰায় দি ন্যায়ালয়ে এই আইনক অসাংবিধানিক ঘোষণা কৰি বাতিল কৰে । এই আইনে অসমত অবৈধ বিদেশী নাগৰিকৰ চিনাক্তকৰণত হেঙাৰ দিয়া বুলি এই আইন বাতিল কৰাৰ পাছত জাতীয়তাবাদী শিবিৰত অভূতপূৰ্ব জনপ্ৰিয়তা লাভ কৰে সোণোৱালে ।

বিজেপিত যোগদান

২০১১ চনত আহে সোণোৱালৰ ৰাজনৈতিক কেৰিয়াৰৰ দ্বিতীয়টো টাৰ্ণিং পইন্ট। সেই বছৰেই তেওঁ যোগদান কৰে বিজেপিত। বিজেপিত যোগদান কৰাৰ পাছতেই তেওঁ দলটোৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহকৰ সদস্য আৰু পাছলৈ ৰাজ্যিক মূখপাত্ৰ আৰু সাধাৰণ সম্পাদক মনোনীত হয়। এবছৰৰ পাছতে ২০১২ চনত বিজেপিৰ ৰাজ্যিক সভাপতি নিৰ্বাচিত হয় সোণোৱাল । ২০১৪ চনৰ লোকসভা নিৰ্বাচনত বিজেপিৰ অভিযানৰ দায়িত্ব প্ৰদান কৰা হয় সোণোৱালক। এই নিৰ্বাচনতে লক্ষীমপুৰ সংসদীয় সমষ্টিৰপৰা লোকসভালৈ নিৰ্বাচিত হয় আৰু নৰোন্দ্ৰ মোডী মন্ত্ৰীসভাত ৰাজ্যিক মন্ত্ৰীৰ বাব লাভ কৰে । ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ দায়িত্ব পালন কৰি থকা অৱস্থাতে অসমত ছাফ গেমছকে ধৰি অন্যান্য ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া আৰু যুৱ মহোৎসৱ আয়োজন কৰাৰ কৃতিত্বৰ দাবীদাৰ সৰ্বানন্দ সোণোৱাল ।

ৰাজ্যৰ ৰাজনীতিলৈ প্ৰত্যাৱৰ্তন

২০১৫ চনত পুনৰবাৰ অসম বিজেপিৰ সভাপতিৰ পদ লাভ কৰে সোণোৱালে । ২০১৬ চনত মূখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰা হয় সোণোৱালক । সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বতে বিজেপি দলে অসমত অভূতপূৰ্ব ফলাফল লাভ কৰিবলৈ সক্ষম হয় । উল্লেখযোগ্য যে অসমৰ মূখ্যমন্ত্ৰীৰ আসন লাভ কৰা পঞ্চদশ ব্যক্তি হৈছে সৰ্বানন্দ সোণোৱাল ।

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

অচিৰেই ডাষ্টবিনত জাবৰ পেলালে পাব ৱাই-ফাইৰ সুবিধা

ৰ'লছ ৰয়ছ থকা এজন নাপিত

ডিজিটেল আক্ৰমণকাৰীৰ বিৰুদ্ধে যুঁজত ৰিয়াজ আহমেদ ৱালিকাৰ

অসমত প্ৰাকৃতিক চাহ উৎপাদনৰ পথপ্ৰদৰ্শক ধীৰেন ফুকন