অসমত নিবনুৱা সমস্যা নাই, আছে নিষ্কৰ্মাৰ সমস্যা: আই.আই.ই. ৰ সঞ্চালক মনোজ কুমাৰ দাস

0

উদ্যোগশীলতাৰ বিকাশত অসমৰ লগতে উত্তৰ-পূর্বাঞ্চলৰ যুৱক-যুৱতী সকলক উদগনি যোগোৱাৰ উদ্দেশ্যে ভাৰত চৰকাৰৰ উদ্যোগ মন্ত্ৰালয়ে ১৯৯৩ চনত গুৱাহাটীত ইণ্ডিয়ান ইনষ্টিটিউট অৱ অণ্ট্ৰপ্ৰিনিঅৰশ্বিপ চমুকৈ আই.আই.ই. গঠন কৰিছিল৷ ভাৰত চৰকাৰৰ অধীনত গঠিত এইখন এখন স্বনিয়ন্ত্ৰিত প্ৰতিস্থান৷ ১৯৯৪ চনৰ এপ্ৰিল মাহত গুৱাহাটীৰ বশিষ্ঠ চাৰিআলিৰ লালমাটিত অৱস্থিত ইয়াৰ মূখ্য কার্যালয়ৰ পৰা এই প্ৰতিস্থানে নিজৰ কাম আৰম্ভ কৰিছিল৷ বর্তমানে এই প্ৰতিষ্ঠানৰ সঞ্চালক হিচাপে শ্ৰী যুত মনোজ কুমাৰ দাস ডাঙৰীয়াই কার্যনির্বাহ কৰি আছে৷

Production Engineeringৰ স্নাতক আৰু এম বি এ শ্ৰী দাসে অসম তথা ভাৰতৰ বিভিন্ন ঠাইত ক'ৰ্পৰেট জগতৰ কেইবাটাও চাকৰি আৰু ব্যৱসায় কৰাৰ অন্তত ২০০০ চনত NEDFI ত যোগদান কৰে৷ NEDFI ত উপ মহাপ্ৰৱন্ধক হিচাপে কার্যনির্বাহ কৰি থকাৰ মাজতে ২০১৫ চনত IIE লৈ তেখেত Deputation ত বদলি হৈ আহে আৰু তাৰ পিছৰ পৰা আজিলৈকে তেখেতে এই প্ৰতিষ্ঠানতে কার্যনির্বাহ কৰি আছে৷

শ্ৰী যুত মনোজ কুমাৰ দাসৰ কর্মব্যস্ততাৰ মাজতে আমি য়’ৰ ষ্ট'ৰী পৰিয়ালৰ হৈ তেখেতৰ সৈতে সাম্প্ৰতিক অসমৰ ঔদ্যোগিক অৱস্থাকে ধৰি চৰকাৰৰ ঔদ্যোগিক নীতি সম্পর্কে বহুতো কথা আলচ কৰিছিলো৷ সেই কথাৰে কিছু অংশ আমি সাক্ষাৎকাৰ আকাৰে য়’ৰ ষ্ট'ৰীৰ পাঠক সমাজলৈ আগবঢ়াইছো -

য়’ৰ ষ্ট'ৰী অসমীয়া: ইণ্ডিয়ান ইনষ্টিটিউট অৱ অণ্ট্ৰপ্ৰিনিঅৰশ্বিপে ইয়াৰ কার্যকালৰ ২২ বছৰ সম্পূর্ণ কৰাৰ পাছত ই উত্তৰ-পূৱৰ আন ৰাজ্যৰ লগতে অসমক কিদৰে আগবঢ়াই নিছে?

মনোজ কুমাৰ দাস: খুব ভালদৰেই আগবঢ়াই নিয়া বুলি ক’ব লাগিব৷ এই কেইবছৰত আমি ১০০,০০০ মান শিল্পদ্যোগৰ প্ৰতি আগ্ৰহী যুৱক-যুৱতীক বিভিন্ন বিষয়ৰ প্ৰশিক্ষণ দিছো৷ তাৰে এটা বুজন সংখ্যকে নিজাকৈ উদ্যোগ আৰম্ভ কৰিছে৷ কিন্তু পোনপটীয়াকৈ তেওঁলোকে কি কৰিছে সেইটো কোনেও স্পষ্টকৈ আঙুলিয়াই দিব নোৱাৰে৷ কাৰণ সামুহিকভাৱে শিল্পদ্যোগী গঢ়াৰ ধাৰণাটো আচলতে অলপ বেলেগ ধৰণৰ, য’ত আমি যুৱক-যুৱতীৰ মনত এটা উদ্যম সৃষ্টি কৰাৰ লগতে তেওঁলোকৰ জীৱনৰ প্ৰতি দৃষ্টিভঙ্গীটো লাহে লাহে সলাবলৈ চেষ্টা কৰো৷

য়’ৰ ষ্ট'ৰী অসমীয়া: সেই কামটো আপোনালোকে কেনেকৈ কৰে?

মনোজ কুমাৰ দাস: ক’বলৈ যিমান সহজ কামটো কৰাটো কিন্তু বহুত কঠিন৷ সাধাৰণতে আমাৰ চাকৰিমূখী ল’ৰা-ছোৱালীবোৰৰ মনৰ পৰা চাকৰিৰ চিন্তাটোৰ ঠাইত স্বাবলম্বী হ’ব পৰাকৈ কিবা এটা কৰিবলৈ উদ্বূদ্ধ কৰাটো সহজ নহয়৷ আচলতে আমাৰ মানুহবোৰে প্ৰত্যেকেই একোটা কমফর্ট জ’নত থাকিব বিচাৰে – আৰামত কৰিব পৰা এটা চৰকাৰী চাকৰি, মাহৰ শেষত দৰমহা আৰু পাৰিলে এক্সট্ৰাকৈ দু-পইছা ঘটাৰ বাটো প্ৰায় সকলোৱেই মূকলি ৰাখিব খোজে৷ তাৰোপৰি বছৰৰ ৩৬৫ দিনৰ ১০০ দিন মানেই চাকৰিয়ালসকলে ছুটি পায় আৰু চাকৰিকালৰ শেষত পেঞ্চনটো আছেই৷ চৰকাৰী চাকৰিয়ালৰ এনে আৰাম দেখি সকলোৱে চাকৰিকে কৰিব খোজে৷ মোৰ মতে, আমাৰ মানুহৰ এই মনোবৃত্তিটো স্বাধীনতাৰ ঠিক পিছতেই হোৱা নাছিল৷ লাহে লাহে ৭০ আৰু ৮০ ৰ দশকত যেতিয়া চৰকাৰী চাকৰিৰ দৰমহা বোৰ বাঢ়ি যোৱাৰ লগতে দুর্নীতিও সমানে বাঢ়ি গ’ল তেতিয়াই মানুহৰ সৰুকৈ হ’লেও এটা চৰকাৰী চাকৰিৰ প্ৰতি আগ্ৰহ বাঢ়ি গ’ল৷

য়’ৰ ষ্ট'ৰী অসমীয়া: কিন্তু কৰোঁ বুলিলেই মানুহে চাকৰিটো বিচাৰি নাপায় – তেনেক্ষেত্ৰত যুৱক-যুৱতী সকলক কেনেকৈ স্বাবলম্বী কৰিব পৰা যাব?

মনোজ কুমাৰ দাস: সেইটোৱেইতো মই ক’ব খুজিছো৷ অসমত এতিয়া ২৩ লাখ নিবনুৱা আছে৷ আচলতে স্বাধীনতাৰ পিছত আমি ইমান বছৰে ল’ৰা-ছোৱালীখিনিক কোনো এটা কামতে দক্ষ (Skilled) কৰি তুলিব নোৱাৰিলো৷ এতিয়া কেতিয়াবা এনেকুৱাও হয় যে কোনোবা এজন এম. এ. পাছ কৰা ল’ৰা আমাৰ ওচৰলৈ যেনিবা চাকৰি এটা বিচাৰি আহিছে৷ আমি যদি তেওঁৰ পৰা জানিব খোজো যে তুমি একাউণ্টিঙৰ কাম জানানে? টেলি জানানে? এনেকুৱা ক্ষেত্ৰত উত্তৰটো আহিব যে – নাই নাজানো৷ সেইকাৰণে কৈছো যে আমাৰ দেশত প্ৰকৃত অর্থত কাম জনা মানুহ একেবাৰেই নাই৷ আমাৰ ল’ৰা-ছোৱালীবোৰে কেৱল পৰীক্ষাতহে পাছ কৰে কিন্তু নিজকে কোনো এটা কামতে দক্ষ কৰি নোতোলে৷ অৱশ্যে এই দক্ষতা বোলা বস্তুটোৰ ক্ষেত্ৰত সমগ্ৰ ভাৰতবর্ষৰে অৱস্থা অতি দূখ লগা৷ আমাৰ দেশত কাগজে পত্ৰই মাত্ৰ ৪.৫% লোকহে দক্ষ আৰু ২.৫% লোক দক্ষ যদিও অসংগঠিত, যেনে কাৰোবাৰ পৰা কাম শিকি নিজে এতিয়া কাম কৰিবলৈ লোৱা এজন প্লাম্বাৰ, কোনোবা মটৰ মেকানিক এজন, কোনো হয়তো এজন মিস্ত্ৰী – এনেবোৰ মানুহৰ কোনোধৰণৰ অর্হতাৰ চার্টিফিকেট নাথাকে৷ এই অৱস্থালৈ লক্ষ্য ৰাখি চৰকাৰে এতিয়া কোনো কাম এটা কৰি থকা মানুহক প্ৰশিক্ষণ দি কামটোত আৰু বেছি দক্ষ কৰি তোলাৰ প্ৰচেষ্টা এটা হাতত লৈছে৷ চৰকাৰে এনে ধৰণৰ প্ৰশিক্ষণ লোৱা লোকক স্বীকৃতি দি অতি কমেও এখন চার্টিফিকেট দিয়াৰ ব্যৱস্থা কৰিছে৷

য়’ৰ ষ্ট'ৰী অসমীয়া: আমি অদক্ষ হোৱাৰ কাৰণটো আমাৰ মানুহৰ স্বভাৱজাত এক এলাহ বুলি ভাবে নেকি?

মনোজ কুমাৰ দাস: এলাহটোতো আছেই৷ আৰু এটা কথা –নিবনুৱা আৰু নিষ্কর্মা এই দুটা কিন্তু বেলেগ বস্তু দেই৷ সঁচাকৈ ক’বলৈ গ’লে আমাৰ ইয়াত নিবনুৱাৰ সমস্যা নাই, আছে নিষ্কর্মাৰহে সমস্যা৷ আমাৰ ইয়াত প্ৰত্যেকৰে ঘৰত বহুত মাটি-বাৰি এনেই পৰি থাকে৷ সেই পৰি থকা মাটি ডোখৰত কিন্তু কোনেও দুশ জোপা তামোল ৰোৱাৰ কথা নাভাবে৷ তামোলৰ লগতে এজোপাকৈ পাণৰ আৰু তামোল গছজোপাৰ প্ৰতি পাঁচ ফুটৰ অন্তৰে অন্তৰে এজোপাকৈ কপৌ ফুল ৰুলে তাৰপৰা উপার্জন কিমান হ’ব ভাবকছোন? চাকৰি বিচাৰি থকাৰে সলনি এবিঘা মাটিতে ল’ৰা কিছুমানে এনেকুৱা কাম কিছুমান কৰি ধুনীয়াকৈ স্বাবলম্বী হ’ব পাৰে৷

আচলতে অসমৰ মাটি খিনি সাৰুৱা হোৱাৰ কাৰণেই আমাৰ মানুহবোৰ এলেহুৱা৷' ৰোটি', 'কপড়া' আৰু 'মকান' ৰ কাৰণে আমাৰ মানুহে বেছি কষ্ট কৰিব নালাগে৷ সাৰুৱা মাটিত কিবা এটা গোজ মাৰি দিলেই 'ৰোটি'ৰ জোগাৰ হৈ যায় সেইদৰে 'মকান'ৰ কথা ক’বলৈ যাওঁতে আমাৰ গাঁও অঞ্চলত খেৰ, বাঁহ, বেত যেনিয়ে চাওঁ তেনিয়ে উভৈনদী আছে আৰু 'কপড়া'ৰ কথানো কি ক’ম? কাৰোবাৰ মূখত শুনা কথা এটা কৈছো – সেই ব্ৰিটিছৰ দিনতেই বোলে এবাৰ কিবা এটা প্ৰাকৃতিক দূর্যোগ হোৱাত মানুহখিনিক ৰিলিফ দিব লগা অৱস্থা এটাৰ সৃষ্টি হৈছিল৷ তাত কি হ’ল জানে? বেছিভাগ মহিলাই পাট বা মূগাৰ কাপোৰ পিন্ধি গৈছিল৷ তাকে দেখি বোলে ব্ৰিটিছ চাহাব এজনে ক’লে যে এই মানুহবোৰক সঁচাকৈ ৰিলিফৰ কিবা প্ৰয়োজন আছে জানো? কাৰণ এওঁলোকে দেখোন প্ৰত্যেকেই চিল্কৰ কাপোৰ পিন্ধি আহিছে৷ সেইকাৰণেই কৈছো যে আমি সকলো ফালৰ পৰাই প্ৰাকৃতিকভাৱে সম্পদশালী আৰু এটা কথা মন কৰিব পৃথিবীৰ প্ৰাকৃতিক সম্পদত চহকী সকলোবোৰ দেশৰে মানুহবোৰ ঠিক আমাৰ নিছিনা – এলেহুৱা৷

ছাৰ এডৱার্ড গেইটৰ ‘এ হিষ্টৰী অৱ আছাম’ৰ পাতনিতে তেখেতে ব্ৰহ্মপুত্ৰ উপত্যকাক ‘শুই থকা এটা সুৰঙ্গ’ বুলি অভিহিত কৰিছে৷ তেখেতৰ মতে আমাৰ মানুহখিনি কর্মবিমূখ হোৱা কাৰণেই পশ্চিম দিশৰ পৰা আৰু ইয়াৰ দাঁতি কাষৰীয়া পাহাৰ অঞ্চলৰ পৰা বিভিন্ন লোকে অসমলৈ প্ৰব্ৰজন কৰিব আৰু ইয়াত বসতি কৰাৰ কিছুদিনৰ ভিতৰতে থলুৱা মানুহখিনক সকলোদিশতে চেৰ পেলাই প্ৰব্ৰজনকাৰীবোৰ আগবাঢ়ি যাব৷ লগতে তেখেতে এইটোও লিখি থৈ গৈছে যে প্ৰব্ৰজন কৰি অসমত নতুনকৈ বসতি কৰা মানুহখিনি তিনি পুৰুষ অতিক্ৰম কৰাৰ পিছত থলুৱা মানুহৰ দৰেই এলেহুৱা হৈ পৰিব৷

য়’ৰ ষ্ট'ৰী অসমীয়া: কিন্তু নিজকে আমি কি উপায়েৰে এগ্ৰেচিভ কৰি কর্মমূখী হ’ব পাৰো?

মনোজ কুমাৰ দাস: আগেয়ে ৰজা-মহাৰজাৰ দিনত থলুৱা মানুহখিনিক এগ্ৰেচিভ কৰি ৰাখিবলৈ তেখেত সকলে শক্তি পূজাৰ আশ্ৰয় লৈছিলে৷ লাহে লাহে আমাৰ সংস্কৃতিটোও এনেকুৱা হ’ল যে এগ্ৰেচিভনেছটো একেবাৰেই নাইকীয়া হৈ পৰিল৷ তাৰোপৰি আমাৰ মানুহে কথাইপ্ৰতি ভাগ্যক ধিয়াই থাকে৷ চাকৰি এটা পোৱা নাই কাৰণে, নিজৰ জীৱনটোৰ এটা গতি লগা নাই কাৰণে ধৰিলওঁক শনিৰ দশা বেয়া বুলি ভাবে৷ এনেকুৱা ধ্যান-ধাৰণা থকা সমাজ এখন কেতিয়াও উন্নতি কৰিব নোৱাৰে৷

য়’ৰ ষ্ট'ৰী অসমীয়া: এই অৱস্থাটো ভাৰতৰ আন ৰাজ্যটো একেই নেকি?

মনোজ কুমাৰ দাস: নহয়, কেতিয়াওঁ নহয়৷ মই নিজেই কর্মসূত্ৰে ভাৰতৰ বিভিন্ন ঠাইত আছো৷ ভাৰতৰ বহু কেইখন ৰাজ্যৰ মানুহ অসমীয়া মানুহতকৈ বহুত বেছি এগ্ৰেচিভ৷ ৰাজস্থানৰ কিছু কিছু ঠাইততো পানী একলহ আনিবলৈ মাইকী মানুহবোৰে দহ কিলোমিটাৰলৈকে খোজকাঢ়ি যাব লগা হয়৷ অকল জীয়াই থাকিবলৈকে ইমান পৰিশ্ৰম কৰা ৰাজস্থানৰ মানুহ জন্মগতভাৱে এগ্ৰেচিভ হয়৷

য়’ৰ ষ্ট'ৰী অসমীয়া: এইবোৰ বাৰু অসমীয়া মানুহৰ নেতিবাচক দিশ – কিন্তু তাৰমাজতে ইতিবাচক কিবা আপুনি লক্ষ্য কৰিছে নেকি৷ অর্থাৎ কিবা সম্ভাৱনা?

মনোজ কুমাৰ দাস: আমাৰ ইয়াতটো গোটেইখন সম্ভাৱনাময়েই৷ অসমত মহাবাহু বহ্মপুত্ৰ আছে৷ অৱশ্যে আমাৰ কাৰণে অতি দূর্ভাগ্যৰ কথা যে ব্ৰহ্মপুত্ৰ নৈৰ তলভাগ ৫০ ৰ বৰভূঁইকপত বহুত ওপৰলৈ উঠি আহি সেইখন আগতকৈ বহুত বাম হৈ পৰিল৷ সেইকথাটোৱে অসমক বহু পিছুৱাই নিলে৷ তাৰপিছতো কিন্তু আমাৰ ইয়াত জৈৱিক উপায়েৰে খেতি কৰি স্বাবলম্বী হোৱাৰ বহু সম্ভাৱনা আছে৷ বর্তমান পৃথিৱীৰ জনসংখ্যা ৭৫০ কোটি আৰু ২০৫০ চনত জনসংখ্যা ৯০০ কোটি হ’ব৷ এতিয়া ভাবি চাওক এই ৯০০ কোটি মানুহৰ অকল খোৱা-বোৱাৰ চাহিদা পূৰণ কৰিবলৈকে কিমান খাদ্যশস্যৰ প্ৰয়োজন হ’ব? সেই ফালৰ পৰা চাবলৈ গ’লে বর্তমান পৃথিৱীত লাহে লাহে জনপ্ৰিয় হ’ব ধৰা জৈৱিক কৃষি পদ্ধতিৰ আশ্ৰয় লৈ আমি যথেষ্ট আগবাঢ়ি যাব পাৰো৷

য়’ৰ ষ্ট'ৰী অসমীয়া: জৈৱিক কৃষি উৎপাদন বা আন বিষয়বোৰত আপোনালোকে আই.আই.ই. ত কিবা ৰিচার্চৰ ব্যৱস্থা কৰিছে নেকি?

মনোজ কুমাৰ দাস: আছলতে ৰিচার্চৰ কথা ক’বলৈ গ’লে আমাৰ যিবোৰ কাম হৈ থাকে সেইবোৰৰ আধাৰত আমি মাজে মাজে কিছুমান ডেটা এনালাইছিচ কৰি থাকো৷ আমি প্ৰতিবছৰে যি বোৰ ল’ৰা-ছোৱালীক প্ৰশিক্ষণ দি আছে সেইবোৰৰ ডেটা কালেক্ট কৰি আমি কিছুমান ট্ৰেণ্ড চাব পাৰো, কিছুমান সিদ্ধান্তত উপনীত হ’ব পাৰো৷ এতিয়া ধৰি লওঁক আমি এটা লেটেষ্ট ট্ৰেণ্ড দেখিছো যে আমি ৬৬০ জন ল’ৰা-ছোৱালীক অতিথি শুশ্ৰূষা (Hospitality) বিষয়ত প্ৰশিক্ষণ দি তেওঁলোকক স্বাবলম্বী কৰিবলৈ ঘাইকৈ মুম্বাই, গোৱা, পুনা আৰু চেন্নাইলৈ কিছুমান হোটেলৰ লগত আগতীয়া বন্দোবস্ত কৰি তালৈ কাম কৰিবলৈ পঠাইছিলো৷ সেই চাকৰি কৰাৰ বাবদ হোটেল বোৰে থকা-খোৱা, অহা-যোৱা কৰাৰ খৰচ দিয়াৰ উপৰিও ল’ৰাবোৰক মাহে দহ হেজাৰকৈ দৰমহা দিয়াৰ ব্যৱস্থা কৰিছিল৷ কেইদিনমানৰ আগতে আমি অফিচৰ ফালৰ পৰা সেই ল’ৰা বোৰে কেনেকৈ কাম কৰিছে তাকে চাবলৈ এটা টিম পঠাইছিলো৷ সেই টীমটোৱে হোটেলবোৰলৈ গৈ দেখিলে যে বেছিভাগ ল’ৰাই ইতিমধ্যে তাৰপৰা ঘৰলৈ ঘূৰি আহিছে আৰু থকাখিনিৰো বেছিভাগৰেই মন বেয়া, তেওঁলোকে যিমান সোনকালে পাৰি অসমলৈ ঘূৰি আহিবলৈ মন কৰিছে৷ তাৰ কাৰণটো কি জানে? সেই ল’ৰাখিনিয়ে গাওঁখনৰ বিহু, পূজা, সকাম-নিকাম এইবোৰ এৰি আন ঠাইত চাকৰি কৰিবলৈ আগ্ৰহী নহয়৷

য়’ৰ ষ্ট'ৰী অসমীয়া: কেন্দ্ৰীয় চৰকাৰে নতুনকৈ যি দক্ষতা বিকাশ আৰু উদ্যমশীলতা মন্ত্ৰালয় গঠন কৰিছে তাৰ দ্বাৰা আমাৰ যুৱ চামক বাহিৰলৈ নোযোৱাকৈ ইয়াতে থাকি স্বাবলম্বী হ’ব পৰাকৈ কিবা এটা কৰাৰ সুবিধা কৰি দিব পাৰি নেকি?

মনোজ কুমাৰ দাস: আচলতে ২০০৮ চনতে কেন্দ্ৰীয় চৰকাৰে National Skill Mission এটা কৰিছিল৷ কিন্তু তেতিয়া বস্তুটোৰ কোনো এটা ষ্টেণ্ডার্ড নাছিল৷ তাকে এতিয়া এটা মানবিশিষ্ট ৰূপ দিবলৈ চেষ্টা কৰা হৈছে৷ কেন্দ্ৰীয় চৰকাৰে নির্দিষ্ট কিছুমান উদ্যোগৰ অধীনত ৪০ টা স্কিল কাউঞ্চিল চেক্টৰ গঠন কৰি দিছে৷ এইবোৰ গঠনৰ জৰিয়তে চৰকাৰে এটা NSQF (National Skill Qualification Framework) তৈয়াৰ কৰিব খুজিছে৷

উদাহৰণস্বৰুপে আমাৰ এজন ৰাজমিস্ত্ৰীৰ কথাকে ধৰক৷ প্ৰফেচনেলি চাবলৈ গ’লে ৰাজমিস্ত্ৰীজনৰ কামটোক আধুনিক ব্যৱস্থাত কোনো ধৰণৰ মান্যতা দিব নোৱাৰি৷ ৰাজমিস্ত্ৰীজনৰ দৰে লোকক মান্যতা দিবলৈ আমাৰ শিক্ষা ব্যৱস্থাত বি.এ., এম.এ. এনেধৰণৰ ডিগ্ৰী দিয়া ধৰণেৰে স্কিলড্ লোকৰ ক্ষেত্ৰটো NSQF ৰ অধীনত L-1 ৰ পৰা L-10 লৈকে দহটা লেভেলত মান্যতা দিব বিচৰা হৈছে৷ L-1 টোক আমি শিক্ষা ব্যৱস্থাৰ প্ৰাইমাৰী স্তৰৰ সমকক্ষ বুলি ধৰিলে L-10 টোক Phd বুলি ধৰা হ’ব৷ আৰু L-1 মান্যতা প্ৰাপ্ত মিস্ত্ৰী এজনে ইচ্ছা কৰিলে L-2, L-3 আদি স্তৰলৈ নিজকে উত্তৰণ ঘটোৱাৰ সুযোগ পাব৷ এই NSQF ৰ অধীনত প্ৰশিক্ষণপ্ৰাপ্ত লোকক একোখন চার্টিফিকেট দিয়াৰো ব্যৱস্থা কৰা হৈছে৷ L-1 চার্টিফিকেট থকা মিস্ত্ৰী এজনে সাধাৰণ পকামিস্ত্ৰী এজনৰ দৰে কাম কৰিব পাৰিব আৰু L-10 চার্টিফিকেটধাৰী জনে বৃহৎ কোনো নির্মাণত উচ্চ দৰমহাৰ হাৰত কাম কৰিব পাৰিব৷

য়’ৰ ষ্ট'ৰী অসমীয়া: কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ Startup Campaign এটাও আৰম্ভ কৰিছে৷ এই Startup Campaign টোৰ বিষয়ে কিছু কথা ক’ব নেকি?

মনোজ কুমাৰ দাস: আছলতে Startup মানে হৈছে Intellectual Capital ৰ ব্যৱহাৰেৰে আৰাম্ভ কৰা এটা কাম৷ অর্থাৎ পূর্বে প্ৰচলিত নথকা নতুন আইডিয়া এটাৰে ব্যৱসায় আৰম্ভ কৰাটোৱেই Startup Campaign ৰ মূল উদ্দেশ্য৷ উদাহৰণস্বৰুপে কোনোবা এজনে যদি অসমত উভৈনদী হৈ থকা ঔষধী গছৰ পৰা নতুন এবিধ দৰৱৰ সন্ধান পায় যিটোৱে ধৰি লোৱা হওক যে কেঞ্চাৰ ৰোগ নির্মূল কৰিব পাৰে, এতিয়া সেই ঔষধী গছক সাৰথি কৰি তেওঁ এটা কম্পেনী খুলিলে সেইটো হ’ব এটা Intangible Asset ৷ চমুকৈ Startup হ’ল Investment in Intangible Capital য’ত ইণ্টেলেকচুৱেল প্ৰপার্টিৰ ধাৰণা এটা সোমাব লাগিব৷ এতিয়া চৰকাৰে আভিযান্ত্ৰিক, বিজ্ঞান, কলা শাখাকে ধৰি যিকোনো ছাত্ৰ-ছাত্ৰীকে নতুন কিবা এটা Startup গঢ়ি তুলিবলৈ আহ্বান কৰিছে৷

Department of Industrial Policy & Promotion ৰ অধীনত Startup Campaign টো সূচনা কৰা হৈছে৷ এই Campaign টোৰ অধীনত চৰকাৰে এটা হোৱাটচ্ এপ এপ্লিকেচনৰ ব্যৱস্থা কৰাৰ কথা কৈছে য’ত Startup আৰম্ভ কৰিব খোজা সকলে নিজৰ নিজৰ কম্পেনীবোৰ সহজতে ৰেজিষ্টাৰ কৰিব পাৰিব৷ কম্পেনীটো ৰেজিষ্টাৰ কৰিবলৈ তেওঁলোকে কোনো অফিচ-কাছাৰিত ঘূৰি ফুৰিব নালাগে৷ তাৰোপৰি তিনি বছৰৰ কাৰণে Startup একোটা সকলো ধৰণৰ চৰকাৰী তদাৰকীৰ পৰা বাহিৰত থকাৰ লগতে তিনিবছৰৰ কাৰণে কোনো ধৰণৰ Income Tax দিব নালাগে৷

এই Startup Campaign ৰ কাৰণে সুকীয়াকৈ এটা Window খুলি চৰকাৰে ৰাষ্ট্ৰীয়কৃত বেঙ্ক সমূহক Startup ক সহায় কৰিবলৈ নির্দিষ্ট লক্ষ্য বান্ধি দি অগ্ৰহী লোকসকলক প্ৰয়োজনীয় আর্থিক সাহার্য্য আগবঢ়াবলৈ নির্দেশ দিছে৷ চৰকাৰে এই Startup সমূহৰ দ্বাৰাই নতুনকৈ Skill Train কৰা লোকসকলৰ কাৰণে কর্মসংস্থান তৈয়াৰ কৰাৰ কথা ভাবিছে৷

য়’ৰ ষ্ট'ৰী অসমীয়া: অসমত কোনবিলাক খণ্ডত Startup গঢ়াৰ অধিক সম্ভাৱনা আছে বুলি ভাবে?

মনোজ কুমাৰ দাস: এটাতো হ’ব লাগিব আমাৰ Resource Based Industry৷ লগতে আমাৰ ডিমাণ্ডটো কি সেইটোও চাব লাগিব৷ কিন্তু আটাইতকৈ দূখৰ কথা যে অসমৰ অর্থনীতি এটা Draining Economy৷ এতিয়ালৈকে নিত্য ব্যৱহার্য্য কোনো এপদ বস্তুৱেই আমি নিজে তৈয়াৰ কৰি ল’ব পৰা নাই৷ উদাহৰণস্বৰুপে বার্থডেকে ধৰি বিয়া-সবাহত আমি থলুৱা সামগ্ৰীৰ তুলনাত চীনত নির্মিত সামগ্ৰীৰে উপহাৰ দিওঁ৷ আমি খুৱ সচেতনভাৱে থলুৱা বস্তু ব্যৱহাৰ কৰিবলৈ আগবাঢ়ি অহাৰ লগতে চৰকাৰ আৰু Civil Society বোৰে লিখিতভাৱে নহ’লেও মৌখিকভাৱে আন ঠাইৰ পৰা অহা বস্তু ব্যৱহাৰ নকৰিবলৈ মানুহক উৎসাহী কৰি তুলিব লাগিব৷ সেইটো নহ’লে অসমৰ অর্থনীতিয়ে কেতিয়াও উন্নতি কৰিব নোৱাৰে লগতে ঘৰুৱা উৎপাদন বঢ়াব নোৱাৰিলে আমাৰ অর্থনীতি বিকশিত হ’ব বুলি কেতিয়াও আশা কৰিব নোৱাৰি৷ সেইটো যদি হয় তেনেহ’লে আমাৰ ইয়াত ডিমাণ্ড আৰু ৰিচ’র্চ বেচড্ উদ্যোগ গঢ়ি উঠাৰ প্ৰচুৰ সম্ভাৱনা আছে৷ এফালৰ পৰা চাবলৈ গ’লে অসমত বাঁহ-বেত, পানীমেটেকাৰ পৰা আৰম্ভ কৰি মেডিচিনেল আৰু এৰ’মেটিক প্লেণ্ট, মৎসপালন, জৈৱিক আৰু কম্প’জিট ফার্মিং পদ্ধতিৰে কৃষি সামগ্ৰী উৎপাদন কৰি স্বাবলম্বী হোৱাৰ প্ৰচুৰ থল আছে৷

বৰপেটাৰ ৰাইপুৰি বোলা ঠাই এখনত বাঁহ-বেতৰ সামগ্ৰী উৎপাদন কৰা গোট বা থূপ এটাই সমগ্ৰ ঠাইটুকুৰাৰ অর্থনীতিকে সলাই পেলোৱা মই নিজেই দেখিছো৷ আনহাতে গোৱালপাৰৰ কঁয়াকূছি বোলা এঠাইত দেখিছো যে ঠাইটুকুৰাৰ দহ হেজাৰ মানুহে ঢাৰি বনায়৷ তাৰপৰা প্ৰতিদিনে দহ ট্ৰাকমান ঢাৰি বাহিৰলৈ যায়৷ আমি আই.আই.ই. এ তাত Cluster এটাও লৈছো৷ এই ঢাৰিবোৰ Corrugated Bamboo Ply বনাওতে ব্যৱহাৰ হয়৷

য়’ৰ ষ্ট'ৰী অসমীয়া: এই ধৰণৰ আৰু কি কি গোট আপোনালোকে সৃষ্টি কৰিছে?

মনোজ কুমাৰ দাস: Cluster বা গোট এটা সৃষ্টি কৰিবলৈ গ’লে আগৰে পৰাই সেই ঠাইটুকুৰাত কিবা এটা নিশ্চয়কৈ থাকিবই লাগিব৷ ধৰক কিছুমান ঠাইত বাঁহ বা কাঠৰ পৰা কিবা এটা তৈয়াৰ কৰিব পৰা প্ৰায় ৪০০ ৰ পৰা ৫০০ কাৰুশিল্পী থাকিলে আমি সেই ঠাইখনক Cluster এটা কৰিবলৈ উপযুক্ত ঠাই বুলি ধৰি লওঁ৷ বকোৰ ওচৰৰ পায়ৰাঙ্গাত এড়ী কাপোৰ তৈয়াৰ কৰা প্ৰায় ৫০০ ৰ পৰা ১০০০ মান মানুহৰ Cluster এটা আছে৷ ইয়াত ৰাভা সম্প্ৰদায়ৰ লোকে লেটা পালন কৰে আৰু সূতাখিনি কটা-বোৱা কামটো ইছলাম ধর্মাৱলম্বী লোকে কৰে৷ আৰু সেইকাৰণেই তেওঁলোকৰ মাজত সাম্প্ৰদায়িক বুজা পৰাৰ ভাৱ এটা গঢ়লৈ উঠিছে৷ আপুনি ইউৰোপিয়ান ইউনিয়নৰ দেশবোৰলৈ মন কৰকছোন৷ আগেয়ে ইখনে সিখনৰ লগত যুদ্ধ কৰি থকা দেশবোৰে এটা সমূহীয়া মুদ্ৰা ব্যৱস্থা ‘ইউৰো’ৰ প্ৰৱর্তনৰ পিছত সমগ্ৰ ইউৰোপখনতেই এটা শান্তিৰ বাতাবৰণ গঢ়ি উঠিছে৷ ইউৰোপৰ নিছিনাকৈ অর্থনৈতিক নির্ভৰশীলতা বাঢ়িলে জনগোষ্ঠীবোৰৰ মাজত ঐক্য আৰু সম্প্ৰীতিৰ ভাবো বৃদ্ধি পাব৷

য়’ৰ ষ্ট'ৰী অসমীয়া: আপুনি নিশ্চয় বিভিন্ন কামত সময়ে সময়ে দেশ-বিদেশ ভ্ৰমণ কৰি থাকিব লাগে৷ এনেদৰে ভ্ৰমণ কৰোতে আপুনি গ্ৰাম্য অর্থনীতিক নির্ভৰ কৰি কোনখন দেশে নিজৰ অর্থনীতি টনকিয়াল কৰা দেখিছে?

মনোজ কুমাৰ দাস: পৃথিৱীত আটাইতকৈ ডাঙৰ আদর্শ হ’ল চুইজাৰলেণ্ড৷ এটা সময়ত তেওঁলোকৰ তাত এনেকুৱা আছিলে যে তাৰ বেছিভাগ পুৰুষেই বেতনভোগী সৈন্য হিচাপে কাম কৰিছিল৷ এতিয়াও আনকি আপোনালোকে দেখিব যে পোপৰ বক্তিগত দেহৰক্ষী সকলৰ আটাইকেইজনেই চুইচ নাগৰিক৷ আছলতে তেওঁলোকৰ সকলো মানুহেই খু্উব ভাল যোদ্ধা৷ পিছৰ কালত সেই চুইচ সকলে উৎপাদন কৰা ঘড়ীৰ কথাই ভাবকছোন৷ এটা ঘড়ীৰ ওজন কিমান হয়? খুউৱ বেছি ২০ ৰ পৰা ৩০ গ্ৰাম৷ সেই ২০ ৰ পৰা ৩০ গ্ৰাম ওজনৰ ৰলেক্স ঘড়ী এটাৰ দাম কিমান? লাখ লাখ টকা নহয়জানো? ভাৱকছোন তেওঁলোকে কেনেকৈ ২০/৩০ গ্ৰাম ধাতুত Value addition কৰিব পাৰিছে?

সেইদৰে থাইলেণ্ডত মই OTOP বোলা এটা বস্তু দেখিছো৷ OTOP মানে ONE TUMBON ONE PRODUCT ৷ TUMBON মানে দুই তিনিখন গাওঁ মিলি থাইলেণ্ডত এখন TUMBON হয়৷ মই দেখা TUMBON এখনৰ হাজাৰ হাজাৰ লোকে অকল কল উৎপাদন কৰে৷ তেওঁলোকে উৎপাদন কৰা কল বোৰৰ এটাও অথলে যাবলৈ নিদিয়ে৷ টেকন’লজিৰ ব্যৱহাৰেৰে তেওঁলোকে পকা কলবোৰক ৰ’দত শুকুৱাই পেকেজিং কৰি বজাৰত এৰি দিয়ে৷ সেইবোৰ খাবলৈ কিমান সোৱাদলগা আপুনি নিজে নাখালে ধৰিব নোৱাৰিব৷ আমাৰ ইয়াত আমি তেনেকুৱা এটা ব্যৱস্থা কিয় কৰিব নোৱাৰো? নিশ্চয় পাৰো৷

য়’ৰ ষ্ট'ৰী অসমীয়া: কলৰ বাহিৰে থাইলেণ্ডত আপুনি আন কি কৃষিজাত সামগ্ৰী ভিক্তিক উদ্যোগ দেখিছিল?

মনোজ কুমাৰ দাস: কেইবাখনো OTOP এ অর্কিড উৎপাদন কৰা দেখিছো৷ আমাৰ কপৌফুলৰ নিছিনা থাইলেণ্ডৰ অর্কিড পৃথিৱী বিখ্যাত বুলি সকলোৱে জানেই৷ মই যিটো অর্কিডৰ ব্যৱসায় কৰা কম্পেনীলৈ গৈছিলো সেইখনে বছৰি ১০০ মিলিয়ন ডলাৰৰ ব্যৱসায় কৰে৷ তাৰোপৰি উড কার্ভিং কৰা, পদূম ফুলৰ খেতি কৰা, হেণ্ডিক্ৰাফ্ট আৰু হেণ্ডলুমৰ বস্তু বনোৱা কেইবাখনো OTOP দেখিছো৷ এইবোৰক লৈয়ে আজি থাইলেণ্ডখন এখন উন্নত দেশ হ’ব পাৰিছে৷

য়’ৰ ষ্ট'ৰী অসমীয়া: চুইজাৰলেণ্ড বা থাইলেণ্ডৰ নিছিনাকৈ আমাৰ ইতিবাচক দিশসমূহক লৈ আমি কেনেকৈ আগবাঢ়িব পাৰিম?

মনোজ কুমাৰ দাস: কেইবাফালৰ পৰাও আমাৰ আগবাঢ়ি যোৱাৰ সম্ভাবনা আছে৷ তাৰে এটাতো হৈছে ‘টুৰিজম’৷ আপোনালোকে শুনি আছৰিত হ’ব যে অসমৰ বাহিৰত দুখন চহৰ আছে যিদুখন ‘অসমীয়া’ ছোৱালীৰ নামেৰে নামাকৰণ কৰা হৈছে৷ এখন হ’ল ভামু৷ যিখন চহৰ বদন বৰফুকনৰ বায়েক ভামু আইদেউৰ নামত ব্ৰহ্মদেশত আছে৷ ব্ৰহ্মদেশৰ ৰজা বৌদিৱাফাৰ লগত আমাৰ এই ভামু আইদেউৰ বিয়া হৈছিল৷ অর্থাৎ মান ৰজা বদন বৰফুকনৰ ভিনিহিয়েক হোৱা হেতুকেই এইজনা বৰফুকনে অসমলৈ মান সেনাক অনা বুলি এটা অভিযোগ উথ্থাপিত হয়৷

আৰু আনখন চহৰ হৈছে গুজৰাটৰ ‘ওখা’৷ আমাৰ ঊষাক তেওঁলোকে ওখা বুলি কয়৷ গুজৰাটৰ বন্ধু এজনে মোক ক’লে যে চ’ত মাহত তেওঁলোকে ‘ওখা হৰণ’ বুলি এখন পুথি প্ৰতি সন্ধিয়া নীতি নিয়মৰ মাজেৰে পাঠ কৰি ভক্তগণক কিবা প্ৰসাদ খুৱায়৷ তেওঁলোকৰ সেই ‘ওখা হৰণ’ পুথিত হৰি-হৰৰ যুদ্ধ আদি সকলোবোৰ বর্ণনা আছে যদিও ক’তো অসমৰ নামগোন্ধেই উল্লেখ নাই৷ সেই পুথিখন গুজৰাটী লোকে ডেকা ল’ৰা বোৰক সৎপথত ৰাখিবলৈ পাঠ কৰে৷ আমি টুৰিজমৰ বিকাশ কৰিবলৈ হ’লে এনেবোৰ কাহিনীৰ অধিক প্ৰচাৰ কৰিব লাগিব৷ আৰু টুৰিজমৰ প্ৰসাৰ কৰিবলৈ আমি উপাখ্যানবোৰৰ সহায় ল’ব লাগিব৷ আজি হাৰিয়ানালৈ পর্যটক কিয় যায়? কুৰুক্ষেত্ৰ যুদ্ধৰ কাহিনীবোৰৰ বিষয়ে নতুনকৈ জানিবলৈ নহয়জানো? কিন্তু এটা কথা কি জানে? হাৰিয়ানাই পর্যটকক প্ৰদর্শন কৰা কুৰুক্ষেত্ৰ যুদ্ধৰ স্মাৰকবোৰ পিছৰ যুগত তৈয়াৰ কৰি লোৱাহে৷ আমাৰ অসমত এনেকুৱা শত-শহস্ৰ কাহিনীৰে ভৰি আছে৷ আমিও সেই চহকী উপাখ্যান বোৰৰ সহায় লৈ পর্যটনৰ ক্ষেত্ৰত আগবাঢ়ি যাব পাৰো৷

য়’ৰ ষ্ট'ৰী অসমীয়া: এই ক্ষেত্ৰত আমি চৰকাৰৰ লুক ইষ্ট বা এক্ট ইষ্ট পলিচিৰ সহায় লৈ আগবাঢ়িব পাৰো নেকি?

মনোজ কুমাৰ দাস: চাওক - ASEAN দেশ কেইখনৰ লগতে চীনৰ দৰে দেশ অসমৰ একেবাৰে কাষতে আছে৷ আৰু এইবোৰ দেশ হ’ল বর্তমান পৃথিৱীৰ দ্ৰুততাৰে আগবাঢ়ি যোৱা অর্থনীতি৷ আমাৰ উত্তৰ পূর্বাঞ্চলৰ চাৰিসীমাৰ ৯৮ শতাশংই এই দেশ সমূহৰ সৈতে সংযুক্ত হৈ আছে৷ কিন্তু বর্তমানলৈকে প্ৰতিৰক্ষা অথৱা ৰাজনৈতিক কাৰণত আমাৰ কাষৰীয়া দেশৰ সৈতে যোগাযোগটো বন্ধ কৰি ৰখা হৈছে৷ এই চাৰিসীমাটো মুকলি কৰি দিলে সেই দেশ সমূহৰ সৈতে শক্তিশালী ৰূপত বাণিজ্য হোৱাৰ পূর্ণ সম্ভাৱনা আছে৷ এই সম্ভাৱনা মুকলি নোহোৱাকৈয়ে এতিয়া চীনৰ সৈতে এতিয়া ভাৰতৰ বার্ষিক বাণিজ্য ১০০ বিলিয়ন ডলাৰ হৈছেগৈ৷ চীন আৰু ভাৰতৰ মাজৰ এই বুজন পৰিমানৰ বাণিজ্য কেৱল জলপথ আৰু আকাশী পথেৰেই হৈ আছে৷ চীন সংলগ্ন উত্তৰ-পূৱৰ থলপথৰ মুকলি হৈ থকা হ’লে নিশ্চয়কৈ এই বাণিজ্য কেইবাগুণ বেছি হ’লহেতেন৷ চীন আৰু আন দেশসমূহৰ সৈতে ব্যৱসায়ৰ বঢ়াবলৈ ইতিমধ্যে থকা ষ্টিলৱেল পথটোৰ বাহিৰেও এতিয়া মণিপুৰৰ তাম’ আৰু মৰেৰ সংযোগস্থলেদি আন এটা পথ যোগাযোগ ব্যৱস্থা গঢ়ি তোলা হৈছে৷ তাৰ বাহিৰেও মণিপুৰৰ জিৰিবাম ৰাজপথেদিও এটা ভাল যোগাযোগ হ’ব৷ লগতে ১০ টা ষ্টেশ্ব্যন আৰু ১০১ টা টানেল যুক্ত ইম্ফল-জিৰিবাম ৰেলপথৰ নির্মাণ কার্যও চলি আছে৷ চৰকাৰৰ এই সকলো প্ৰচেষ্টাৰে মূল কথাটো হ’ল যে আমি যিকোনো প্ৰকাৰে পূৱৰ দুৱাৰ মুকলি কৰিব লাগিব, সেইটোৱেই আছিল কেন্দ্ৰীয় চৰকাৰৰ লুক ইষ্ট পলিচি৷

ট্ৰাঞ্চ এচিয়ান হাইৱে আৰু ট্ৰাঞ্চ এচিয়ান ৰেলৱেই আমাৰ উত্তৰ-পূৱৰ অর্থনৈতিক প্ৰেক্ষাপট সলনি কৰি পেলাব বুলি আমি আশা কৰিছো৷ কিন্তু দূখৰ কথা যে কেন্দ্ৰীয় চৰকাৰৰ লুক ইষ্ট পলিচিটো সময়ে সময়ে সলনি হৈ থাকে৷ কেতিয়াবা কেন্দ্ৰীয় চৰকাৰে ইষ্টৰ সীমাটো কলকাতাতে সীমাবদ্ধ ৰাখে৷ এতিয়া মোদী চৰকাৰে লুক ইষ্ট পলিচিক এক্ট ইষ্ট পলিচি নাম দিছে হলেও পলিচিখনৰ মূল কথা কিন্তু একেটাই৷

য়’ৰ ষ্ট'ৰী অসমীয়া: শেষত আপোনাক এটা প্ৰশ্ন কৰিব খুজিছো৷ ধৰিলওক পলিটিকেল চায়েঞ্চত এম.এ. পাছ কৰা ল’ৰা এজনে কেইবছৰ মান চৰকাৰী চাকৰি বিচৰাৰ পিছত ক্ৰমে হতাশ হোৱা সময়তে এদিন আই.আই.ই. ৰ কথা জানিব পাৰি তেওঁ আপোনালোকৰ কাষ চাপিলে৷ এতিয়া আপোনালোকে সেই ল’ৰাজনক স্বাৱলম্বী হ’বলৈ কিদৰে সহায় কৰিব?

মনোজ কুমাৰ দাস: প্ৰথম কথাটো হ’ল ল’ৰাজনে পলিটিকেল চায়েঞ্চত এম.এ. পাছ কৰা সময়ত তেওঁৰ বয়স হ’ব প্ৰায় ২৪ বছৰ আৰু মইতো কওঁ এই ২৪ বছৰে এই ল’ৰাজনক আমি কনফিউজড্ কৰি থৈছো৷ মেট্ৰিক পাছ কৰাৰ পিছৰ পৰা নিশ্চয় এটা কমফৰটেবল জ’নত থাকি তেওঁ পঢ়া বিষয়বোৰ বাছনি কৰিছে আৰু অৱশেষত By Compulsion হে ল’ৰাজনে পলিটিকেল চাইঞ্চত এম.এ. পাছ কৰিলে৷ আৰু এম.এ.পাছ কৰা সময়ত নিশ্চয় ডিগ্ৰীটোৰ বাহিৰে ল’ৰাজনৰ আন কোনো ধৰণৰ দক্ষতা নাছিল৷ তেওঁ চাগে ক’ৰবাত এটা চৰকাৰী চাকৰি পাম বুলিয়েই ভাবিছিল৷ কিন্তু ইমান সহজে পাবলৈ চৰকাৰী চাকৰি আছে কেইটা? গতিকে সচৰাচৰ যি হয় – ল’ৰাজন সাংঘাতিক হতাশগ্ৰস্ত হ’ল আৰু তিনি বছৰমান চাকৰি বিচাৰি হাবাথুৰি খোৱাৰ পিছত তেওঁ আমাৰ আই.আই.ই. পালেহি৷

মইতো প্ৰথমেই মই সেই ল’ৰাজনক সৰু-সুৰা বস্তু কেইটামান লৈ ফার্ম এখন ৰেজিষ্টাৰ কৰি মার্কেটিং আৰম্ভ কৰিবলৈ ক’ম৷ তেওঁ হেণ্ডিক্ৰাফ্টৰ সামগ্ৰীৰেও কামটো আৰম্ভ কৰিব পাৰে৷ গুৱাহাটীকে ধৰি ভাৰতৰ বিভিন্ন চহৰে নগৰে প্ৰায়েই হেণ্ডলুম আৰু হেণ্ডিক্ৰাফ্ট সামগ্ৰীৰ প্ৰদর্শনী অনুষ্টিত হৈ থাকে৷ এবছৰ-দুবছৰ মানলৈ তেওঁ এই প্ৰদর্শনী বোৰত অংশ লৈ সামগ্ৰীকভাৱে বজাৰখনৰ এটা আভাষ ল’ব পাৰে৷ তেনেকৈ কাম কৰা বহু যুৱক-যুৱতীয়ে আমাৰ পৰামর্শ লৈ কিছুবছৰৰ ভিতৰতে এক্সপর্টাৰ পর্যন্ত হ’ব পাৰিছে৷ মোৰ এই পৰামর্শ যদি তেওঁৰ মনঃপুত নহয় তেতিয়া মই তেওঁক এখন তামোলবাৰী পাতিবলৈ ক’ম৷ ২০০ জোপা তামোল ৰোৱা আৰু প্ৰতিজোপা তামোলতে এজোপাকৈ জালুক বা পাণৰ লগতে পাঁচ জোপামানকৈ কপৌফুল লগোৱাৰ লগতে বাকী থকা মাটিখিনিত জৈৱিক পদ্ধতিৰে খেতি কৰা৷ এটা কথা কি জানে? আমি আই.আই.ই., গুৱাহাটীৰ কেম্পাচ চৌহদতে জৈৱিক শাক-পাছলি বেচিবলৈ হাট এখন খুলিছো আৰু সেইখনে ক্ৰেতাৰ পৰা যথেষ্ট সঁহাৰি লাভ কৰিছে৷ এতিয়া জৈৱিক পদ্ধতিৰে কৰা শাক-পাছলিৰ যথেষ্ট চাহিদা আছে৷ আৰু তৃতীয়তে তেওঁৰ যদি পূঁজি আছে তেনেহলে তেওঁ বেঙ্কৰ পৰা মুদ্ৰা লোন লৈ নতুন কিবা এটা ব্যৱসায় আৰম্ভ কৰিব পাৰে৷ আচলতে সেই ল’ৰাজনে নিজৰ ৰাপ কিহত সেই সম্পর্কে নিশ্চিত হৈ আহিলে আমাৰ আই.আই.ই. ৰ উদ্যোগ মিত্ৰ চেলটোৱে ল’ৰাজনক দিকনির্দেশ দিব পাৰে৷ তেওঁৰ অন্তৰত স্বাবলম্বী হ’বলৈ কিবা এটা কৰাৰ ড্ৰাইভটো যদি আছে তেনেহলে তেওঁ সফল হোৱাটো নিশ্চিত৷ স্বাবলম্বী হ’বলৈ কিবা এটা কৰাৰ একোটা হেঁপাহ থকা কোনো মানুহকে মই আজিলৈকে বিফল হোৱা দেখা নাই৷

য়’ৰ ষ্ট'ৰী অসমীয়া: আশাকৰোঁ আমাৰ পঢ়ুৱৈয়ে আপুনি দেখুউৱা ইতিবাচক আৰু নেতিবাচক দুয়োটা দিশৰ কথাৰ আঁৰত লুকাই থকা মুকুতাখিনিক সাৰথি কৰি নতুন কিবা এটা কৰিবলৈ আগবাঢ়ি যাবলৈ মনত বল পাব৷ শেষত আমাৰ সৈতে ইমান সময় ভাৱ-বিনিময় কৰা বাবে য়’ৰ ষ্ট'ৰীৰ তৰফৰ পৰা আপোনাক অশেষ ধন্যবাদ জনাইছো৷

মনোজ কুমাৰ দাস: য়’ৰ ষ্ট'ৰীৰ সৈতে ভাৱ-বিনিময় কৰি ময়ো যথেষ্ট আনন্দিত হৈছো৷ ধন্যবাদ৷৷


এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক


অন্যান্য কেতবোৰ কাহিনী


চৰকাৰী আঁচনিৰ সহায়ে উত্তৰ পূৰ্বাঞ্চলৰ ষ্টাৰ্ট আপ সমুহক উপকৃত কৰিবনে?

সহজ ভাষাত ষ্টাৰ্টআপ শব্দজাল

নতুন উদ্যোগীৰ বাবে কেতবোৰ বিক্ৰীৰ পৰামৰ্শ

কি দৰে মহিলাসকলে মুঠ ঘৰুৱা উৎপাদন ২৪শতাংশ পৰ্যন্ত বৃদ্ধি কৰিব পাৰে?

A student of Cinema...

Related Stories