মনোনিৱেশ কৰক উদ্যোগশীলতা আৰু ষ্টাৰ্ট আপত: নগা যুৱসমাজলৈ নাগালেণ্ড চৰকাৰৰ আহ্বান

মনোনিৱেশ কৰক উদ্যোগশীলতা আৰু ষ্টাৰ্ট আপত:  নগা যুৱসমাজলৈ নাগালেণ্ড চৰকাৰৰ আহ্বান

Sunday November 29, 2015,

2 min Read

নগা সমাজখনক আগুৱাই নিয়াৰ বাবে উদ্যোগশীলতা আৰু ষ্টাৰ্ট আপত গুৰুত্ব প্ৰদান কৰিছে নাগালেণ্ডৰ শিক্ষা মন্ত্ৰী য়িতাছুৱে । চেখাছেং নগা যুৱ সমাজৰ নেতৃত্বৰে সামাজিক তথ্য প্ৰচাৰেৰে উন্নত মানৱ সম্পৰ্কৰ সহায়ত নগা সমাজখনত উন্নত কৰাৰ বাবে তেওঁ ছেখাচেং যুৱক-যুৱতীকসকলক আহ্বান জনায়।

"অতীজতে আমাৰ নগাসকলক শিৰচ্ছেদকাৰী চিকাৰী বুলি জনা গৈছিল। শ্ৰেষ্ঠত্ব প্ৰদৰ্শনৰ বাবে আমি ইজনে আনজনৰ শিৰচ্ছেদ কৰিছিলো। কিন্তু বৰ্তমান সমাজ সলনি হৈছে। শিক্ষিত আৰু সুসভ্য হৈছে। মানসিকতা সলনি কৰাৰ ক্ষেত্ৰত যুৱ সমাজে আগভাগ লোৱা উচিত।" ফেক জিলাৰ ফুটচেৰোত থকা বেপ্টিছ থিঅ'ল'জিকেল কলেজত আয়োজিত ৯ম সাধাৰণ সন্মিলনত অংশগ্ৰহণ কৰি এই বক্তব্য আগবঢায় মন্ত্ৰী য়িতাছুৱে।


image


তেওঁ লগতে কয়, নগাসকলৰ একোৰে অভাৱ নাই। আমাৰ এখন অতি চহকী আৰু উৰ্বৰ ভূমি আছে। কিন্তু চিন্তাৰ কাৰণ হৈছে নগাসকলে সংগ্ৰাম আৰু পৰিশ্ৰম অবিহনেই সহজ ধন ঘটিব বিচাৰে। ভাষণ প্ৰসংগত তেওঁ লগতে কয় যে যুৱকসকল হৈছে সমাজৰ মেৰুদণ্ড আৰু ভৱিষ্যত। যুৱ সকলেই চৰকাৰী চাকৰি বিচৰা পৰমুখাপেক্ষি মানসিকতাৰ পৰিৱৰ্তন কৰি উদ্যোগশীলতা আৰু ক'ৰ্প'ৰেট ব্যৱসায়ৰ প্ৰতি সমাজখনক আগ্ৰহী কৰি তুলিব লাগিব।

তেওঁ তদুপৰি কয় যে ৰাজ্যত্ব লাভৰ ৫০টা বছৰৰ পিছতো আজি নাগালেণ্ড উন্নয়নৰ ক্ষেত্ৰত যঠেষ্ট পিছপৰা। এক শক্তিশালী ৰাজনৈতিক দৃষ্টিভংগীয়েহে উচিত শাসন আৰু প্ৰশাসনেৰে ৰাজ্যখনক আগুৱাই লৈ যাবলৈ সক্ষম হ'ব। দীৰ্ঘদিনীয়া নগা সমস্যাৰ ক্ষেত্ৰত মন্ত্ৰীগৰাকীয়ে কয় "আমাৰ মাজৰ বিভেদকামী শক্তিবোৰে আমাক পিছুৱাই লৈ গৈছে। যেতিয়ালৈকে আমি এক হৈ কাম নকৰোঁ তেতিয়ালৈকে সমস্যাৰ সমাধান নহয়।"

প্ৰেছ ষ্ট্ৰাষ্ট অৱ ইণ্ডিয়া

(Image credit- Shutterstock)

    Share on
    close