গুৱাহাটী আৰু শ্বিলঙত হ'ব পূব ভাৰতৰ বৃহত্তম প্ৰযুক্তি ষ্টাৰ্টআপ শ্ব'কেছ Thrive30ৰ প্ৰাৰম্ভিক বাচনি

গুৱাহাটী আৰু শ্বিলঙত হ'ব পূব ভাৰতৰ বৃহত্তম প্ৰযুক্তি ষ্টাৰ্টআপ শ্ব'কেছ Thrive30ৰ প্ৰাৰম্ভিক বাচনি

Monday April 03, 2017,

2 min Read

পূব ভাৰতত লাহে লাহে গঢ় লৈ উঠা ষ্টাৰ্টআপ সংস্কৃতিক মজবুত কৰাৰ লগতে ষ্টাৰ্টআপ অনুকূল পৰিবেশ গঢ় দিয়াৰ উদ্দেশ্যে নাছকমে আয়োজন কৰিছে Thrive30 শীৰ্ষক এক কাৰ্যসূচী । পূব ভাৰতৰ ৰাজ্যবোৰৰ ভিতৰত অসম, মেঘালয়, চিক্কিম, পশ্চিম বঙ্গ, বিহাৰ, উৰিষ্যা আৰু ধাৰখণ্ডৰ কেইখনমান বচা বচা মহানগৰীত অনুস্থিত প্ৰাৰম্ভিক পৰ্যায়ৰ বাচনি ৰাউণ্ডৰ পৰা নিৰ্বাচিত কৰা হ'ব সৰ্বমুঠ ৩০ টা ষ্টাৰ্টআপ । এই ৩০ টা ষ্টাৰ্টআপক নাছকমে চুড়ান্ত ৰাউণ্ডৰ বাবে মাৰ্গদৰ্শন প্ৰদান কৰিব । কলকাতাৰ হায়াত ৰিজেন্সীত ৭ জুলাইৰ দিনা অনুস্থিত হবলগীয়া নাছকম প্ৰডাক্ট কনক্লেভৰ লগত সঙ্গতি ৰাখি আয়োজন কৰা চুড়ান্ত অনুস্থানত শীৰ্ষ ৩০ টা ষ্টাৰ্টআপৰ মাজৰ পৰা বাচি উলিউৱা হব পাঁচটা শ্ৰেষ্ঠ ষ্টাৰ্টআপ । এই পাঁচটা ষ্টাৰ্টআপক পুৰষ্কাৰৰ লগতে প্ৰয়োজনীয় প্ৰচাৰ আৰু প্ৰসাৰৰ সুবিধা প্ৰদান কৰিব নাছকমে । আনহাতে চুড়ান্ত ৰাউণ্ডৰ বাবে নিৰ্বাছিত ৩০ টা ষ্টাৰ্টআপক ব্যাৱসায়িক মাৰ্গদৰ্শন, বিনিয়োগকাৰীৰ সৈতে যোগাযোগৰ সুবিধা আদি প্ৰদান কৰিব নাছকমে । এই কাৰ্যসূচীত তিনিটা কথাত গুৰুত্ব দিয়া হৈছে - Technology, Transformation, Thrill অৰ্থাৎ প্ৰযুক্তি, পৰিৱৰ্তন আৰু শিহৰণ ।

image


গুৱাহাটীত ১১ এপ্ৰিলত আৰু শ্বিলঙত ১২ এপ্ৰিলত অনুস্থিত হ'ব এই বাচনি প্ৰক্ৰিয়া । ইচ্ছুক যোগদানকাৰী সকলে গুৱাহাটী আই আই টিত যোগোাযোগ কৰিব পাৰে । Thrive30 অনুস্থানত ছাত্ৰ-ছাত্ৰী, ভেঞ্চাৰ কেপিটেলিষ্ট (ভি চি), এঞ্জেল ইনভেষ্টৰ, উদ্যোগ বিশেষজ্ঞ আৰু কৰ্পৰেট জগতৰ নেতৃস্থানীয় ব্যক্তিসকলে অংশগ্ৰহণ কৰিব। ইয়াৰ উপৰিও, বিজ্ঞান-প্ৰযুক্তি, আইন, বাণিজ্য আদি বিভিন্ন ক্ষেত্ৰৰ বিশেষজ্ঞসকল সমবেত হ'ব এই অনুষ্ঠআনত । 

এই অনুস্থান সম্পৰ্কে সবিশেষ ব্যাখ্যা কৰি নাছকমৰ পূব আঞ্চলিক পৰিষদৰ অধ্যক্ষ কমল অগ্ৰৱালে কয় যে দেশৰ পূৰ্বঞ্চলত ষ্টাৰ্টআপ পৰিবেশতন্ত্ৰৰ চালুকীয়া অৱস্থা, পুঁজিৰ অভাৱ আদি সমস্যাৰ বাবে এই অঞ্চলটোক লৈ ষ্টাৰ্টআপ সমূহ আগ্ৰহী নহয় । তেওঁ কয়, 

"পূব ভাৰতৰ যোগ্য আৰু সম্ভাৱনাপূৰ্ণ ষ্টাৰ্টআপ সমূহক মাৰ্গদৰ্শন, বিনিয়োগৰ ক্ষেত্ৰত বিভিন্ন পৰামৰ্শ আৰু সহায়ৰ যোগেদি তেওঁলোকক বৃদ্ধি আৰু প্ৰসাৰৰ সুবিধা দিয়াটোৱেই Thrive 30ৰ উদ্দেশ্য ।"

ইতিমধ্যে এই অনুস্থানৰ বাবে পূব ভাৰতৰ আই আই টি, আই আই এম আদি আগশাৰীৰ শিক্ষানুস্থানসমূহ আৰু নাছকমৰ মাজত সহযোগিতা হৈছে । 

ইতিমধ্যে ইণ্ডিয়ান এঞ্জেলছ নেটৱৰ্কৰ দৰে সংস্থাৰ সহযোগিতা লাভ কৰিছে Thrive30য়ে । 

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী 

সকলোৱে বুৰ্বক বুলি কোৱাৰ বাবেই নাম হ’ল-বাঞ্চ অৱ ফুলছ

উদ্যোগশীলতা হৈছে এটা যাত্ৰা যি আৰম্ভ হয় এটা ধাৰণাৰে: অৰৱিন্দ লামা, ট্ৰেভেলয়াৰী

এজন উদ্যোগী হোৱাটো কিয় ইমান জটিল?