পক্ষাঘাত, স্তন কেন্সাৰেও প্ৰতিহত কৰিব নোৱাৰা এগৰাকী সাহসী মহিলা লাজৰিনা

0

আশাই জীৱন। জীৱনত যিমানেই প্ৰতিকূলতা নাহক নিৰাশ হ'ব নালাগে।কাৰণ সকলো প্ৰতিকূলতাক নেওচি জীৱন যুঁজত আগুৱাই যাবলৈ আশাই দিয়ে শক্তি। যিদৰে নিশা যিমানেই গভীৰ আৰু জয়াল নহওক, নিশাৰ অন্ধকাৰ ফালি এটি সুন্দৰ পূৱাই পৃথিৱীখন উজলাই তোলে। সেইদৰে জীৱনৰ প্ৰতিটো পল প্ৰাণোজ্জ্বল কৰি জীৱনটো উদযাপন কৰিবৰ বাবে মনত অদম্য উৎসাহ আৰু প্ৰৱল ইচ্ছাশক্তিৰ প্ৰয়োজন, যিয়ে প্ৰতিনিয়ত এটি সুন্দৰ ভৱিষতৰ আশাৰে মানুহক বান্ধি ৰাখে।আশাবাদেৰে শক্তিশালী মনৰ অধিকাৰীজনক প্ৰতিকূলতাৰ বা-মাৰলিয়েও দুৰ্বল কৰিব নোৱাৰে। এনে লোকে সংকট কালকো নিজৰ আয়ত্বলৈ আনিব পাৰে। পৰিস্হিতিৰ ভয়াৱহতাৰ সৈতে যুজি নিজৰ ভাগ্য নিজে লিখিবলৈ সক্ষম হোৱা এনে লোক সমাজৰ বাবে নজিৰ হৈ পৰে। নিজৰ সাহস আৰু সাফল্যৰে সমাজৰ বাবে আদৰ্শ হৈ পৰা এনে এগৰাকী ব্যক্তি হৈছে দিল্লীৰ লাজৰীনা বাজাজ।তেওঁ প্ৰমাণ কৰিলে যে মানুহৰ বাবে অসম্ভৱ কাম একো নাই। প্ৰৱল ইচ্ছাশক্তি আৰু ইতিবাচক চিন্তাৰে তেওঁ সকলোবোৰ কৰিবলৈ সক্ষম হ’ল যিবোৰ কাম সাধাৰণতে দূঃসাধ্য বুলিয়ে গণ্য কৰা হয়।

পেচাত এগৰাকী এইছ.আৰ. কৰ্মচাৰী লাজৰিনাই কেইবাটাও প্ৰাননাশক বেমাৰক প্ৰতিহত কৰি এগৰাকী সফল চাইক্লিষ্ট হিচাপে প্ৰতিষ্ঠিত হৈছে। আমাৰ সমাজত এনে বহুলোক আছে যিয়ে শাৰীৰিক অসুস্হতা অথবা অক্ষমতাৰ বাবে নিজৰ স্বপ্ন পূৰণ কৰিব নোৱাৰে। বাজাজ সেইসকল লোকৰ বাবে আদৰ্শ। বিগত ১৫ মাৰ্চ তাৰিখে ৩৫সংখ্যক জন্মদিনত বাজাজে ‘য়'ৰ ষ্ট'ৰী’ক জনালে তেওঁৰ সফলতাৰ কাহিনী

জীৱনৰ সেই দুঃসহ দিনবোৰ

জীৱনলৈ দূখ-বেদনা আৰু সমস্যা সদায় সন্তৰ্পনে আহে। ন বছৰ পূৰ্বে লাজৰিনা বাজাজৰ জীৱনতো একেই ঘটনা ঘটিছিল।সেই নিশা কিছু সময় পূৰ্বে সকলো স্বাভাৱিক আছিল। ঘৰৰ সকলো সদস্যই নিশাৰ আহাৰ গ্ৰহণ কৰি শোৱাৰ যো-জা কৰিছিল।লাজৰিনাইয়ো শুবলৈ গৈছিল। হঠাৎ লাজৰিনা অসুস্হ হৈ পৰিল। শৰীৰৰ ভিতৰত আচৰিত ধৰণৰ অস্হিৰতা অনুভৱ কৰে আৰু শৰীৰৰ অংগসমূহ ক্ৰমাৎ শিথিল হ’বলৈ ধৰে। কোনেও একো বুজি পোৱা নাছিল। খৰখেদাকৈ তেওঁক হাস্পাতাললৈ লৈ যোৱা হ’ল। চিকিৎসকে পৰীক্ষা কৰি জনালে যে সেয়া পক্ষাঘাত। চিকিৎসকে কোৱা সেই শব্দটোৱে লাজৰীনা আৰু তেওঁৰ পৰিয়ালবৰ্গক হতচকিত কৰিলে। সকলোৰে মনত মাত্ৰ এটাই প্ৰশ্ন আছিল যে তেওঁ পুনৰ স্বাভাৱিক হ’ব নে নহয় ? এজন সুস্হ মানুহৰ দৰে পুনৰ চলা-ফুৰা কৰিব পাৰিবনে। য’দি সুস্হ হয়ো তাৰবাবে কিমান দিনৰ প্ৰয়োজন হ'ব।কেবামাহ ধৰি লাজৰিনাৰ চিকিৎসা চলিল। ঔষধৰ সমান্তৰালকৈ বিশেষ ব্যায়ামো চলি থাকিল। লাহে লাহে তেওঁ সুস্হ হ’বলৈ ধৰিলে। পেৰালাইছিচৰ কৱলৰ পৰা তেওঁ প্ৰায় মুক্ত হৈছিল। তেওঁ যে আকৌ আগৰ দৰে স্কুটী আৰু গাড়ী চলাই নিজৰ কামবোৰ কৰিব পাৰিব সেই কথা ভাবি তেওঁ আনন্দিত হৈছিল। কিন্তু লাজৰিনাৰ সেই আনন্দ আছিল ক্ষন্তেকীয়া। কাৰণ আন এক বিপদে পুনৰ তেওঁৰ পিছ লৈছিল। পেৰালাইছিচ এটেকৰ ঠিক দুবছৰ পিছত ২০০৯ চনত লাজৰিনা স্তন কেন্সাৰত আক্ৰান্ত হয়। দুবছৰ ধৰি পেৰালাইছিচৰ যন্ত্ৰনাত ভূগি থাকি মাত্ৰ কিছুদিন সুস্হ জীৱন যাপন কৰা লাজৰিনা আকৌ এবাৰ দুঃচিন্তাৰ অতল গহ্বৰলৈ গতি কৰিলে। সকলো যেন শেষ হৈ গ’ল। তেওঁ জীৱনৰ এনে এটা স্তৰত উপনীত হৈছিল য’ত আছিল কেৱল অনিশ্চয়তা। কেৱল আশাত বন্দী আছিল জীৱন। কিন্তু লাজৰিনাই ধৈৰ্য নেহেৰুৱালে। তেওঁ পুনৰবাৰ একেই সাহস, উৎসাহ আৰু ইচ্ছাশক্তিৰে এই নতুন বিপদটোৰ মোকাবিলা কৰাত লাগিল। দুবছৰ ধৰি চলা চিকিৎসাৰ অন্তত দুৰাৰোগ্য যেন ব্যাধিকো বশ কৰিবলৈ সক্ষম হ’ল। কিন্তু সমস্যাই যেন তেওঁৰ পিছেই নেৰা হ’ল। এইটো ৰোগৰ পৰা পৰিত্ৰাণ পাবলৈ চেষ্টা কৰিহে আছিল এইবাৰ তেওঁক মেদবহুলতা অৰ্থাৎ অবেছিটিৰ সমস্যাই আগুৰি ধৰিলে। একেৰাহে চাৰিবছৰ ধৰি শাৰীৰিক ব্যায়াম নকৰাকৈ ঘৰতে বহি থকা আৰু পেৰালাইছিচ আৰু স্তন কেন্সাৰৰ চিকিৎসাৰ বাবে গ্ৰহণ কৰা ঔষধবোৰৰ পাৰ্শ্চক্ৰিয়াৰ বাবে লাজৰিনাৰ ওজন বহুত বাঢ়ি যায়। তেওঁৰ ওজন স্বাভাৱিক ৫৫ কি.গ্ৰা.ৰ পৰা বৃদ্ধি হৈ ৯৬ কি.গ্ৰা. হ’লগৈ। ওজন কমাবৰ বাবে চিকিৎসা আৰম্ভ হ’ল। কিন্তু আয়ুৰ্বেদ, হোমিওপেথি, প্ৰাকৃতিক চিকিৎসা, ঘৰুৱা চিকিৎসাৰ পৰা নামী দামী ব্ৰেণ্ডেড ঔষধ সকলোবোৰে হাৰ মানিলে।

মেদবহুলতাৰ সমস্যা আৰু চাইকেলৰ সংগ

লাজৰিনাই বুজি পাইছিল যে অত্যধিক ওজন কমাবৰ বাবে তাই নিজেই কিবা এটা কৰিব লাগিব। চিকিৎসকৰ পৰামৰ্শমতে তেওঁ ইতিমধ্যেই ব্যায়াম আৰম্ভ কৰি দিছিল। কিন্তু এইবাৰ তেওঁ অধিক পৰিশ্ৰমেৰেৰে কেলৰি বাৰ্ণ কৰাৰ বাবে এখন চাইকেল কিনি ল’লে আৰু নিতৌ পূৱা-গধূলি চাইকেল চলাবলৈ আৰম্ভ কৰিলে। এনেদৰে লাহে লাহে তেওঁৰ ওজন কম হৈ স্বাভাৱিক হৈ পৰিল। কিন্তু এই সময়চোৱাত তেওঁৰ চাইকেল চলোৱাৰ সময় আৰু সদায় অতিক্ৰম কৰা দূৰত্ব বৃদ্ধি হৈছিল। বাধ্যত পৰি চাইকেল চলোৱাতো বৰ্তমান তেওঁৰ চখত পৰিণত হৈছিল। ইয়াৰ অন্যতম কাৰণ হ’ল ওজন স্বাভাৱিক কৰি ৰাখিবৰ বাবে ইমান সস্তীয়া সাধনটোৰ বাদে আন বিকল্প তেওঁ বিচাৰি পোৱা নাছিল। এতিয়া তেওঁ চাইকেল চলাই নয়ডাৰ সীমা পাৰ হৈ দিল্লীৰ ইণ্ডিয়া গেট পৰ্যন্ত পাইছিলগৈ। কেতিয়াবা নয়ডাৰ পৰা গ্ৰেটাৰ নয়ডা, নয়ডাৰ পৰা দিল্লী আৰু কেতিয়াবা নয়ডাৰ পৰা গাজিয়াবাদৰ জানীবলৈ যোৱা পথত তীব্ৰ গতিৰে চাইক্লিং কৰি ইখন চহৰৰ পৰা আনখন চহৰলৈ ঘূৰি ফুৰাতো তেওঁৰ দৈনন্দিন কাৰ্যসূচীত পৰিণত হ'ল।

নেহেৰু ষ্টেডিয়ামৰ পথটো,জীৱনৰ টাৰ্নিংপইন্ট

২০১৪ চনৰ দিল্লীৰ গ্ৰীষ্মকালীন এটা সন্ধ্যাৰ ঘটনা।ৰাজপথত তীব্ৰবেগে গাড়ীবোৰ অহা-যোৱা কৰি আছিল।লাজৰীনা আনদিনাৰ দৰে কাৰ্যালয়ৰ পৰা উভতি ঘৰৰ কাম বন শেষ কৰাৰ পিছত চাইক্লিঙৰ বাবে ওলাইছিল। সেই সময়চোৱাত তেওঁ নয়ডাৰ পৰা ইণ্ডিয়া গেট হৈ ছাউথ দিল্লীৰ ৰাস্তাত প্ৰৱেশ কৰিছিল। নেহৰু ষ্টেডিয়ামৰ ওচৰ পাওঁতে তেওঁ কিছুসংখ্যক চাইকেল আৰোহী ষ্টেডিয়ামৰ ভিতৰলৈ যোৱা আৰু কিছুসংখ্যকে ষ্টেডিয়ামৰ ভিতৰৰ পৰা বাহিৰলৈ ওলাই যোৱা দেখিলে। তেৱোঁ নিজৰ চাইকেলৰ দিশ ষ্টেডিয়ামৰ ফালে পোনাই দিলে। ভিতৰলৈ গৈ গম পালে যে দিল্লী খেল প্ৰাধিকৰণৰ তৰফৰ পৰা চাইক্লিং প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। পেচাগত চাইক্লিষ্টসকলে প্ৰতিযোগিতাত ভাগ লবৰ বাবে আবেদন পত্ৰ পূৰণ কৰি আছিল। লাজৰিনা দোমোজাত পৰিল। তেওঁ কি কৰা উচিত হ'ব ভাবি নাপালে। এনে প্ৰতিযোগিতাত তেওঁ ভাগ লব লাগে নে?কিন্তু আগতেতো তেওঁ এনে প্ৰতিযোগিতা কৰা নাই। এই বিষয়ে স্বামীৰ পৰামৰ্শ লব লাগিব-এনেবাৰ প্ৰশ্নই তেওঁক বাবে বাবে দুবিধাত পেলালে। এনে দোমোজাত থাকোতেই হঠাৎ এজন লোকে শুধিলে যে তেওঁ আবেদন পত্ৰ পালে নে নাই। তেওঁ নাই পোৱা বুলি কোৱাত লোকজনে এখন আবেদন পত্ৰ আনি তেওঁৰ হাতত তুলি দিলে আৰু লাজৰিনাই আবেদন পত্ৰখন পূৰাই জমা কৰি দিলে।

সাফল্যৰ আৰম্ভণী

২০১৪ ৰ জুনত দিল্লীত অনুষ্ঠিত ৰাজ্যিক ৪০ কি.মি. প্লোটোন ৰাইডাৰ্চ ৰেচত সকলো প্ৰতিযোগীক চেৰ পেলাই লাজৰিনা বিজয়ী হয়।সেয়া তেওঁৰ জীৱনৰ এক অনন্য অভিজ্ঞতা আছিল।সেই সাফল্যই তেওঁক ভৱিষ্যতে এগৰাকী চাইক্লিষ্ট হোৱাৰ বাবে উৎসাহিত কৰিলে।তেওঁ এটাৰ পিছত আনটো প্ৰতিযোগিতা জিকিবলৈ ধৰিলে।যোৱা দুটা বছৰত তেওঁ প্ৰায় এক দৰ্জন ৰেচত ভাগ লৈ জয়ী হৈছে।২০১৫ ৰ ডিচেম্বৰত গুড়গাওঁ-দিল্লী গ্ৰেণ্ড ফাণ্ডো টাইম ট্ৰায়েলৰ ৪৪ কি.মি. ৰেচত তেওঁ প্ৰথম স্হান দখল কৰে।২০১৬ ৰ আৰম্ভণীতে অনুষ্ঠিত কেবাটাও ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰেচত লাজৰিনাই দ্বিতীয় স্হান দখল কৰিছে।এতিয়ালৈকে তেওঁ ৬টা সোণৰ, তিনিটা ৰূপৰ লগতে ১০ টাতকৈ অধিক মেডেল আজুৰি আনিছে।

ভৱিষ্যতৰ পৰিকল্পনা

এই সাফল্যত লাজৰিনা বাজাজ সন্তুষ্ট নহয়। তেওঁৰ সপোন হ'ল চাইক্লিঙৰ ক্ষেত্ৰখনত শীৰ্ষস্হান দখল কৰা। এছিয়ান, অলিম্পিকৰ লগতে অন্যান্য আন্তৰ্জাতিক প্ৰতিযোগিতাত ভাৰতৰ বাবে মেডেল কঢ়িয়াই অনা। এগৰাকী এইছ.আৰ. কৰ্মচাৰী হিচাপে নহয় এগৰাকী চাইক্লিষ্ট হিচাপে নিজৰ পৰিচয় গঢ়িব বিচাৰে তেওঁ। গোটেই দেশত তেওঁৰ নাম হওক। মানুহৰ মাজত চাইক্লিঙৰ বিষয়ে সজাগতা সৃষ্টি কৰিব বিচাৰে তেওঁ। বিশেষকৈ অবেচিটিত আক্ৰান্ত মহিলাসকলৰ মাজত। তেওঁলোকে নিয়মিতভাৱে চাইকেল চলাব লাগে। ইয়াৰ দ্বাৰা কেৱল ওজন কমাই নহয়, ডায়েবেটিছ, উচ্চ ৰক্তচাপ, আৰ্থৰাইটিছৰ দৰে ৰোগো দূৰ হয়। তেওঁৰ মতে ছোৱালীবোৰে পেচাগত চাইক্লিঙৰ ক্ষেত্ৰত গুৰুত্ব দিয়া উচিত। কেৱল শাৰীৰিকভাৱে সুস্হ হৈ থকাই নহয় ইয়াৰ দ্বাৰা তেওঁলোকে স্পৰ্টছ কেৰিয়াৰৰ ক্ষেত্ৰত সুবিধা লাভ কৰিব।

পুত্ৰকো দিয়াই আছে প্ৰশিক্ষন

লাজৰিনাই নিজে চাইক্লিং কৰাৰ পিছত এতিয়া নিজৰ আঠ বছৰীয়া পুত্ৰ আকৰ্ষকো প্ৰফেশ্বনেল ট্ৰেইনাৰৰ হতুৱাই চাইক্লিঙৰ প্ৰশিক্ষণ দি আছে। তেওঁ তেওঁৰ সন্তানো এগৰাকী সফল চাইক্লিষ্ট হোৱাতো বিচাৰে।

ভগৱানৰ প্ৰতি কোনো অভিযোগ নাই

জীৱনত ইমান উত্থান পতনৰ সন্মূখিন হোৱাৰ পিছত যিকোনো মানুহ মানসিকভাৱে ভাগি পৰাতোৱে স্বাভাৱিক।কিন্তু এগৰাকী সফল চাইক্লিষ্ট হোৱাৰ পিছত লাজৰিনা নিজক লৈ সন্তুষ্ট।ভগৱানৰ প্ৰতিও তেওঁৰ কোনো অভিযোগ নাই। তেওঁ বিশ্বাস কৰে যে অদৃষ্টজনে যি কৰে ভালৰ বাবেই কৰে। বিপদ আৰু সমস্যা আমাক দুৰ্বল কৰিবৰ বাবে নহয় বৰঞ্চ অধিক সক্ষম আৰু শক্তিশালী কৰিবৰ বাবেহে আমাৰ জীৱনলৈ আহে। আমি পৰিস্হিতিৰ সৈতে যুঁজিবলৈ আৰু যুঁজি জিকিবলৈ শিকিব লাগে।ভগৱানে আমাৰ ক্ষমতাক চিনি পায়।আৰু সঠিক সময়ত আমাক আমাৰ লক্ষ্যত উপনীত কৰায়। মানুহে কেৱল তেওঁৰ ওপৰত আস্হা ৰাখিব লাগে। কেতিয়াও নিৰাশ হ'ব নালাগে। সদায় ইতিবাচক চিন্তাৰে আগবাঢ়িব লাগে।

মূলঃহুছেইন টাবিছ

অনুবাদঃসংগীতা দেৱী

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

সৃষ্টিশীলতাৰে উদ্ভাষিত এটি সূৰ্য

কেচুৱা কোলাত লৈ দায়িত্ব পালন কৰা এগৰাকী মহিলা আৰক্ষী বিষয়াৰ কাহিনী

সৌন্দৰ্য চৰ্চাৰ সমান্তৰালভাৱে সমাজলৈ বাৰ্তা কঢ়িয়াই নিয়াৰ ব্ৰতেৰে অসমৰ চন্দামিতা, বন্তিয়ে আনিলে সুখবৰ

৬ফুট পেপাঁৰে মুহিছে আনন্দ গগৈয়ে