দুয়োখন ভৰি হেৰুৱা ট্ৰাক ড্ৰাইভাৰৰ সন্তান নাগা নৰেশ আজি বিশ্ববিখ্যাত গুগলৰ কৰ্মকৰ্তা

দুয়োখন ভৰি হেৰুৱা ট্ৰাক ড্ৰাইভাৰৰ সন্তান নাগা নৰেশ আজি বিশ্ববিখ্যাত গুগলৰ কৰ্মকৰ্তা

Tuesday November 24, 2015,

3 min Read

অশিক্ষিত পিতৃ-মাতৃৰ একমাত্ৰ সন্তান নাগা নৰেশ কৰুটুৰা। ট্ৰাক ড্ৰাইভাৰৰ সন্তান, সৰুকালত এটা দুৰ্ঘটনাত দুয়োখন ভৰি হেৰুৱাই হুইল চেয়াৰত আৱদ্ধ হৈ পৰা নাগা নৰেশ কৰুটুৰা আজি আই-আই-টি মাদ্ৰাজৰ পৰা কম্পিউটাৰ ছাইন্সত স্নাতক হোৱাৰ লগতে আন্তৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন প্ৰতিষ্ঠান গুগলৰ কৰ্মকৰ্তা। বিশেষভাৱে সক্ষম নাগা নৰেশ কৰুটুৰা হৈছে বহুতৰ বাবে এক অনুপ্ৰেৰণা।

image


অন্ধ্ৰপ্ৰদেশৰ গোদাবাৰী নদীৰ পাৰৰ গাওঁ টীপাৰুত এটা দুখীয়া পৰিয়ালত জম্মগ্ৰহণ নাগা নৰেশ কৰুটুৰাৰ। তেওঁ দেউতাকে এগৰাকী ট্ৰাক/ল’ৰী ড্ৰাইভাৰ হিচাপে কাম কৰি পৰিয়ালটোৰ পোহপাল দি আছিল। সংক্ৰান্তিৰ বন্ধৰ সময়ত এটা দুৰ্ঘটনাৰ সময়ত এখন ট্ৰাকৰ পৰা পৰি নিজৰ দুয়োখন ভৰিত আঘাটপ্ৰাপ্ত হয় নাগা নৰেশ। তেওঁলোক দৰিদ্ৰ হোৱাৰ বাবেই সেই সময়ত দুৰ্ঘটনা সংঘটিত হোৱা ঘটনাস্থলীৰ সম্মুখতেই থকা এখন ডাঙৰ ব্যক্তিগত চিকিৎসালয়ে নাগা নৰেশৰ চিকিৎসা কৰাবলৈ অমান্তি হয়। সেই সময়ত তাত থকা এগৰাকী আৰক্ষীৰ লোকে আঘাটপ্ৰাপ্ত নাগা নৰেশক এখন চৰকাৰী চিকিৎসালয়ত ভৰ্তি কৰােৱাই প্ৰাণৰক্ষা কৰে। দুয়োখন ভৰি হেৰুৱাইও নাগা নৰেশ কিন্তু ভাগি পৰা নাছিল। বাটাকিৰণ ব্লগত উল্লেখ আছে যে অনুসৰি নাগা নৰেশ নিজৰ প্ৰতি সমবেদনা পোৱাৰ আশাত বন্দী হৈ থকা ব্যক্তি নহয়। তেওঁ কয় যে নিজৰ দুয়োখন ভৰি হেৰুৱাৰ পাছত তেওঁৰ জীৱনত কোনোধৰণৰ নাটকীয় পৰিৰ্বতন হোৱা নাই। নাগা নৰেশৰ আছিল বন্ধু-বান্ধৱী তথা শিশু-কালৰ ধেমালিৰে পুৰ্ণএক স্বাভাৱিক শিশুকাল। যদিওৱা নাগা নৰেশ এজন তীক্ষ্ণ বুদ্ধিৰ ছাত্ৰ আছিল তথাপি তেওঁৰ জীৱনত এনে এটা সময় আহিছিল যেতিয়া তেওঁ শিক্ষাকাল আধাতে সামৰিবলগীয়া হৈছিল। কিন্তু সৌভাগ্যই লগ এৰা নাছিল নাগা নৰেশৰ। সেইসময়তেই নাগা নৰেশৰ পিতৃ-মাতৃ নিজ গাওঁ এৰি টনুকু নামৰ এখন নগৰলৈ উঠি গৈছিল আৰু তাত এখন মিছনাৰী স্কুলত হায়াৰ ছেকেণ্ডাৰী শিক্ষাৰ বাবে নাগা নৰেশৰ নামভৰ্তি কৰাই দিছিল। নাগা নৰেশৰ শিক্ষা জীৱনত বহু কেইগৰাকী এনে বন্ধু আছিল যিসকলে তেওঁক সমানেই গুৰুত্ব দিছিল। সৰ্বভাৰতীয় পৰ্যায়ত ৯৯২ ৰেংকত আইআইটি-জেইই পৰীক্ষাত কৃতকাৰ্য হোৱা নাগা নৰেশে বিশেষভাৱে সক্ষম গ্ৰুপত চতুৰ্থ স্থান দখল কৰিছিল।

আই-আই-টি মাদ্ৰাজত বহু সুখময় মুহুৰ্ত অতিক্ৰম কৰা নাগা নৰেশে বিভিন্নজনৰ পৰা ভিন্ন সময়ত স্বতস্ফুৰ্তভাৱেই সহায়-সহযোগিতা পাই আহিছে। এবাৰ এক ৰেল যাত্ৰাত লগ পোৱা সুন্দৰ নামৰ এগৰাকী ব্যক্তিয়ে তেওঁৰ হোষ্টেলৰ সমস্ত খৰচ বহন কৰিছিল।নিজৰ ভৰিৰ দুৰ্ঘটনাৰ সময়ত যিখন চিকিৎসালয়ে তেওঁৰ চিকিৎসা কৰাইছিল সেই একেখন চিকিৎসালয়েই নাগা নৰেশৰ কলেজৰ খৰচো বহন কৰিছিল। নাগা নৰেশে কয় যে এই পৃথিৱীত বহু ভাল আৰু সহায়কাৰী ব্যক্তি আছে বুলি তেওঁ বিশ্বাস কৰে । নৰেশক আই-আই-টিত অধ্যয়ন কৰাৰ সময়ত তেওঁৰ বিভাগটোৱে তেওঁৰ সুবিধাৰ বাবেই বিশেষ লিফ্টৰ ব্যৱস্থা কৰি দিছিল। ইয়াৰ উপৰি ডীন প্ৰফেচাৰ ইদিচান্দী আৰু কলেজ ইউনিয়নৰ সাধাৰণ সম্পাদক প্ৰসাদে নাগা নৰেশক এখন ইলেকট্ৰনিক হুইল চেইয়াৰ ক্ৰয় কৰাত সহায় কৰে।

ধনাত্মক দৃষ্টিভংগীৰে জীৱন নিৰ্বাহ কৰা নাগা নৰেশ নিজৰ ছাত্ৰ অৱস্থাত যথেষ্ট উজ্বল আছিল আৰু তাৰ বাবেই শিক্ষা সাং কৰাৰ পাছত তেওঁ মৰগান ষ্টেনলী আৰু গুগলৰ পৰা চাকৰি প্ৰস্তাৱ পাইছিল।কম্পিইটাৰ চাইন্সত থকা আগ্ৰহৰ বাবেই নাগা নৰেশে গুগলৰ চাকৰিত যোগদান কৰে। আজি সকলোৰে বাবেই এক অনুপ্ৰেৰণাৰ ব্যক্তি হৈ পৰা নাগা নৰেশ কুৰুটুৰাই প্ৰমাণ কৰি দেখুৱাইছে যে মনৰ শক্তিৰ জৰিয়তেই এই ধৰাত অসম্ভৱ যেন লগা সকলো সম্ভৱ কৰি তুলিব পৰা যায়। ইয়ৰ ষ্ট’ৰীয়ে তেওঁৰ অধিক সফলতাৰ কামনা কৰে।

মূল- থিংক চেইঞ্জ ইণ্ডিয়া

অনুবাদ- শোণিত কুমাৰ গোস্বামী