শিতলকাৰী পোছাক: অতীত হ'ব বাতানূকুলক

শিতলকাৰী পোছাক: অতীত হ'ব বাতানূকুলক

Thursday September 29, 2016,

2 min Read

আপোনাক ঠাণ্ডা কৰি ৰাখিবলৈ এতিয়া বাতানূকুলকৰ দৰকাৰ নাই । ষ্টেণ্ডফৰ্ড বিশ্ববিদ্যালয়ৰ গৱেষক আৰু অভিযন্তাৰ এটা দলে উদ্ভাৱন কৰিছে এনে এবিধ পোছাক যি পোছাকে শৰীৰক ঠাণ্ডা কৰি ৰাখিব ।

Image : (L) - Stanford News; (R) - The Washington Post

Image : (L) - Stanford News; (R) - The Washington Post


এই পোছাক এনে এবিধ কাপোৰেৰে নিৰ্মিত যাৰ মাজেদি শৰীৰৰ উত্তাপ অৱলোহিত কিৰণৰ ৰূপেৰে পাৰ হৈ যায় আৰু ইয়াৰ ফলত পিন্ধোতাই কপাহী কাপোৰতকৈ ২.৭ ডিগ্ৰী চেলছিয়াছ আৰু কৃত্ৰিম সুতাতকৈ ২.১ ডিগ্ৰী চেলছিয়াছ কম উত্তাপ অনুভৱ কৰিব ।

"সাধাৰণ অৱস্থাত ৫০ শতাংশ উত্তাপ অৱলোহিত কিৰণ ৰূপে ওলাই যায় । এই উত্তাপেই কম্বল লৈ থকা অৱস্থাত বন্দী হৈ শৰীৰক উত্তপ্ত কৰি তোলে ।" গৱেষক ই কুইয়ে কয় ।

এই শীতলকাৰী পোছাকত ব্যৱহাৰ হোৱা কাপোৰে ইয়াৰ ঠিক ওলোটা কামটো কৰে । শৰীৰৰ এই উত্তাপ বাধাহীনভাৱে ওলাই যাবলৈ দিয়ে এই কাপোৰ বিধে । ইয়াৰ ফলত বাতানূকুলকৰ ব্যৱহাৰ কমি আহিব আৰু তাৰ ফলত পৰিবেশ সংৰক্ষণ তথা বতৰ পৰিৱৰ্তন প্ৰতিৰোধত সহায়ক হ'ব বুলিও কয় গৱেষক সকলে ।

অৱশ্যে বৰ্তমান অৱস্থাত এই কাপোৰবিধক আৰু অধিক বিকশিত কৰি পিন্ধাৰ উপযোগী কৰাৰ ক্ষেত্ৰত আৰু কিছু কাম বাকী আছে । 

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

বাইকত সমাজসেৱা এঞ্জেলছ ৰাইডাৰ্ছ গ্ৰুপৰ

বিশ্বৰ কনিষ্ঠতম কম্পিউটাৰ প্ৰগ্ৰামাৰ মহম্মদ হামজা

ব্যক্তিগত শাখাত অলিম্পিক পদক অৰ্জন কৰা প্ৰথম ভাৰতীয় কে ডি যাধৱ

প্ৰথমটো অসমীয়া ছাৰ্চ ইঞ্জিন: বিনায়ক শাণ্ডিল্যৰ sondhan.in