ষ্টাৰ্ট আপ ব্যৱসায় সহজ কৰিবলৈ ৰিজাৰ্ভ বেংকৰ আঁচনি

ষ্টাৰ্ট আপ ব্যৱসায় সহজ কৰিবলৈ ৰিজাৰ্ভ বেংকৰ আঁচনি

Tuesday February 09, 2016,

2 min Read

ষ্টাৰ্ট আপ উদ্যোগী সকলৰ বাবে এক সুখবৰ।দেশত ষ্টাৰ্ট আপ ক্ষেত্ৰখনৰ উদ্যমিতালৈ লক্ষ্য কৰি ভাৰতীয় ৰিজাৰ্ভ বেংকে এক গুৰুত্বপূৰ্ণ আঁচনি ঘোষণা কৰে।ষ্টাৰ্ট আপ উদ্যোগক সহজসাধ্য কৰিবলৈ বেংকে কৰা ঘোষণাই দেশৰ উদ্যমী সকলক যথেষ্ট সকাহ প্ৰদান কৰিব।এই ঘোষণা মুদ্ৰা নীতি সমীক্ষা অনুসৰি কৰা হৈছে।

image


ষ্টাৰ্ট আপৰ বাবে ৰিজাৰ্ভ বেংকে তৈয়াৰ কৰিব ফ্ৰেমৱৰ্ক

আৰ.বি.আই.ৰ গভৰ্ণৰ ৰাজন ৰঘুৰাম ৰাজনে মন্তব্য কৰা অনুসৰি ষ্টাৰ্ট আপ ব্যৱসায়ক আগবঢ়াই নিবলৈ আৰ.বি.আই. এ অনতিপলমে এক ফ্ৰেমৱৰ্ক বনাব।এই ফ্ৰেমৱৰ্কৰ দ্বাৰা ষ্টাৰ্ট আপ ব্যৱসায়ৰ ক্ষেত্ৰত থকা সমস্যা সমূহৰ সমাধান হ'ব বুলি আশা কৰা হৈছে।ৰঘুৰাম ৰাজনৰ মতে এই প্ৰণালীৰ দ্বাৰা বিদেশী পুঁজিৰ লগতে দেশীয় পুঁজি লাভ কৰিবলৈ সহজ হ'ব।আনহাতে পুঁজি হস্তান্তৰ প্ৰক্ৰিয়াটো সহজ হ'ব।ইয়াৰোপৰি চৰকাৰৰ সৈতে মিলি আৰ.বি.আই.এ ষ্টাৰ্ট আপৰ ক্ষেত্ৰত এনে এক পদক্ষেপ গ্ৰহণ কৰাৰ পৰিকল্পনা কৰিছে যাৰ দ্বাৰা গোটেই প্ৰক্ৰিয়াটো সহজ হৈ পৰিব।মুদ্ৰা নীতি ঘোষণা কৰি ৰঘুৰাম ৰাজনে মন্তব্য কৰে যে চৰকাৰৰ ষ্টাৰ্ট আপ ইণ্ডিয়াৰ যোজনা দৰে ষ্টাৰ্ট আপ উন্নয়নৰ বাবে সহায়কাৰী আৰু লাভদায়ক হোৱাকৈ এক ইক'চিষ্টেম বনোৱাৰ পৰিকল্পনা কৰা হৈছে।ষ্টাৰ্ট আপ উদ্যোগীৰ সহায়ক হোৱাকৈ ৰিজাৰ্ভ বেংকে [email protected] শীৰ্ষক এক হেল্পলাইন ই-মেইল ঘোষণা কৰিছে।এই ই-মেইলৰ সহায়ত বহু তথ্য উদ্যমীয়ে লাভ কৰিব বুলি গভৰ্ণৰে আশা প্ৰকাশ কৰিছে।

ৰিজাৰ্ভ বেংকৰ এই পদক্ষেপ কিয় গুৰুত্বপূৰ্ণ

গ্লবেল ষ্টাৰ্ট আপ ইক'ছিষ্টেমত ভাৰত বৰ্তমান তৃতীয় স্থানত আছে।দেশৰ ৰেজিষ্টাৰ্ড ষ্টাৰ্ট আপৰ বাৰ্ষিক হাৰ চল্লিশ শতাংশ। টেকন'লজী ভিত্তিক ষ্টাৰ্ট আপৰ ক্ষেত্ৰত ভাৰত আমেৰিকা আৰু ব্ৰিটেইনৰ পিছতে আছে।এই দিশৰ পৰা কৰিলে ভাৰত ষ্টাৰ্ট আপৰ বাবে hot destination হৈ পৰিছে।শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে ষ্টাৰ্ট আপত গুৰুত্ব প্ৰদান কৰি ষ্টাৰ্ট আপ ইণ্ডিয়া যোজনা আৰম্ভ কৰে। দেশৰ মুঠ জনসংখ্যাৰ সত্তৰ শতাংশ গাঁৱত বাস কৰে।সেয়ে ভাৰতৰ জি.ডি.পি.ৰ ক্ষেত্ৰত টায়াৰ-১ আৰু টায়াৰ-২ চহৰৰ ভূমিকা অধিক।ভাৰতত ব্যৱসায়ৰ বৃহৎ বজাৰ আৰু বিকল্পৰ অভাৱ নাই।কৃষি,ই-কমাৰ্ছ আদিৰ লগত জড়িত ষ্টাৰ্ট আপৰ ক্ষেত্ৰত অনুকূল পৰিবেশৰ লগতে এই ষ্টাৰ্ট আপ সমূহে সৰু চহৰ আৰু গাঁৱত শক্তিশালী স্থান দখল কৰিব পাৰে।


মূল: ৱাই.এছ.টিম হিন্দী

অনুবাদ: পূবালী ভাগৱতী


এনেকুৱা কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক


কলাৰ স্নাতকসকলে কিয় ষ্টাৰ্ট-আপ আৰম্ভ কৰিব লাগে

ব্যৱসায় আৰম্ভ কৰাৰ বাবে বিনিয়োগৰ প্ৰয়োজন নাই

ষ্টাৰ্ট আপ বিফল হোৱাৰ দহটা মুখ্য কাৰণ

‘আটাইতকৈ কুৎসিত মহিলা’ৰ চিনাকি ভেদি আনৰ বাবে আজি প্ৰেৰণাৰ উৎস লিজ্জী