আফগানিস্তানৰ যুদ্ধ বিধ্বস্ত অঞ্চলত ইণ্টাৰনেট আৰু ছ’চিয়েল মিডিয়াৰে যুৱ-প্ৰজন্মক সংযুক্ত কৰিছে এলিন গ্লুঅ'ই

আফগানিস্তানৰ যুদ্ধ বিধ্বস্ত অঞ্চলত ইণ্টাৰনেট আৰু ছ’চিয়েল মিডিয়াৰে যুৱ-প্ৰজন্মক সংযুক্ত কৰিছে এলিন গ্লুঅ'ই

Thursday December 24, 2015,

8 min Read

ছ’চিয়েল মিডিয়াৰ মাধ্যমেৰে পৰিৱৰ্তনক প্ৰভাৱিত কৰাৰ কাহিনী ইণ্টাৰনেট আৰম্ভ হোৱাৰ পৰাই চলি আহিছে। কিন্তু মাৰ্কিন ব্যৱসায়ী এলিন গ্লুঅ’ই নিজৰ ষ্টাৰ্টআপ ইম্পেছন মিডিয়া (Impassion Media)ৰ মাধ্যমেৰে ইণ্টাৰনেটত ছ’চিয়েল মিডিয়াৰ অতিৰিক্ত প্ৰয়োগ কৰাৰ প্ৰয়াস কৰি আহিছে। এক ডিজিটেল মিডিয়াৰ ৰূপত স্থাপিত ইম্পেছনে সংঘৰ্ষপীড়িত অঞ্চলসমূহত প্ৰযুক্তিৰ মাধ্যমেৰে শান্তি স্থাপন আৰু গণতান্ত্ৰিক ব্যৱস্থা প্ৰতিষ্ঠা কৰাৰ গুৰুত্বপূৰ্ণ ভূমিকা পালনৰ চেষ্টা কৰি আহিছে। তেওঁলোকৰ প্ৰথম পদক্ষেপ আছিল অশান্ত আফগানিস্তানত, য’ত ৩০ মিলিয়নৰো অধিক জনসংখ্যাৰ ৮৫ শতাংশৰো অধিকৰ হাতত ম’বাইল ফোন আছে।


image


ইম্পেছন হৈছে আফগানিস্তানৰ প্ৰথমটো ডিজিটেল এজেন্সি। ইয়াৰ অংশ হিচাপে তেওঁ আৰু তেওঁৰ টীমে পেবন্দগাহ শীৰ্ষক আফগানিস্তানৰ প্ৰথমটো চিটিজেন জাৰ্নেলিষ্ট ৱেবছাইট আৰম্ভ কৰাৰ সমান্তৰালভাৱে অন্য ৰাজনৈতিক পৰিকল্পনাও প্ৰস্তুত কৰিছে। এফালে য’ত তেওঁৰ কামে আফগানিস্তানৰ যুদ্ধগ্ৰস্ত স্থানৰ পৰিস্থিতিতন্ত্ৰ অধিক সমৃদ্ধ কৰাৰ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে আনফালে আকৌ তেওঁ অপ্ৰত্যাশিত পৰিস্থিতিৰ মাজত বসবাস কৰাতো সফল হৈছে। এলিনৰ মতে, ‘আফগানিস্তান হৈছে সেই ঠাই, য’ত মই ব্যৱসায়িক পৰিপক্বতা লাভ কৰিছো।’


image


এনে ব্যতিক্ৰমী কামৰ বাবে এলিনক ছ’চিয়েল মিডিয়াৰ ৱৰ্ল্ড ইক’নমিক ফ’ৰামৰ বাবে নিৰ্বাচিত কৰা হৈছিল। বৰ্তমান তেওঁ এই অভিজ্ঞতাৰ প্ৰয়োগ কৰিছে সীমান্তৱৰ্তী বজাৰসমূহত। ইণ্টাৰনেটৰ দ্বাৰা এই ক্ষেত্ৰখনৰ বিষয়ে জ্ঞান বিকশিত কৰাৰ সমান্তৰালভাৱে ইণ্টাৰনেট ক্ষেত্ৰত অন্য দিগ্বজসকলৰ সৈতে একেটা শাৰীতে স্থান লাভ কৰিছে।

তেওঁ ইয়ৰ ষ্ট'ৰীক বিস্তাৰিতভাৱে সকলো ক’লে আৰু প্ৰকাশ কৰিলে কেনেকৈ হঠাতে আফগানিস্তানলৈ এক যাত্ৰাত জীৱনৰ উদ্দেশ্যৰ সৈতে চিনাকি হৈ পৰিছিল, ষ্টাৰ্টআপ বিফল হোৱাৰ আশংকাই কেনেকৈ তেওঁৰ সফলতাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সঁচাৰকাঠিৰূপে পৰিগণিত হ’ল, কেনেকৈ তেওঁৰ ভাৰতীয় কৰ্মচাৰীসকলে বলিউডৰ চিনেমা চলাৰ সময়ত বিশেষ মৰ্যাদা লাভ কৰে আৰু তেওঁৰ দৃষ্টিত তিনিটা বিশেষ প্ৰশ্ন যিয়ে যিকোনো উদ্যোগীক নতুন পথৰ সন্ধান দিব পাৰে।

আপোনাৰ বাল্যকাল কেনেকুৱা আছিল?

মোৰ জন্ম হৈছিল চীনত আৰু মই মাত্ৰ চাৰি বছৰ বয়সতে আমেৰিকালৈ আহিছিলো। মোৰ মা-দেউতা পেছাত আছিল ব্যৱসায়ী আৰু তেওঁলোক অধিক সময় নিজৰ কামতে ব্যস্ত থাকে। সেই সময়ত মোৰ অনুভৱ হৈছিল যে তেওঁলোকৰ বাবে ব্যৱসায় আছিল মোৰ ভাতৃ বা ভগ্নীৰ দৰে যাক তেওঁলোকে মোতকৈয়ো বেছি ভাল পাইছিল। এনেবোৰ কাৰণতে এই ঔদ্যোগিক ক্ষেত্ৰখনলৈ কেতিয়াও নহাৰ চিন্তাৰে ডাঙৰ হ’লো। মোৰ ৰুচি আছিল অ-লাভজনক ক্ষেত্ৰসমূহত কাম কৰাৰ।


image


এই পৰিস্থিতিত তেনেহ’লে কেনেকৈ এই ঔদ্যোগিক ক্ষেত্ৰখনলৈ অহাৰ সিদ্ধান্ত ল’লে?

বাস্তৱিকতে মোৰ সৰুৰেপৰা অস্থিৰ আৰু সংঘৰ্ষ-জৰ্জৰ অঞ্চলসমূহত কাম কৰাৰ ইচ্ছা আছিল কিন্তু এই ক্ষেত্ৰখনত কেনেকৈ জড়িত হওঁ সেয়া নিশ্চিত কৰিব পৰা নাছিলো। ২০০৯ চনত মহাবিদ্যালয়ত দ্বিতীয় বাৰ্ষিকৰ সময়তে ভাগ্যৰ বলত অনুসন্ধান সহায়ক ৰূপে আফগানিস্তানলৈ যোৱাৰ সুযোগ লাভ কৰিলো। এবাৰ তাত ভৰি দিয়াৰ পাছতেই মাৰ্কিন সেনাৰ সৈতে মোৰ মুখামুখি হ’ল আৰু তেওঁলোকৰ সহযোগত গোটেই দেশখন ভ্ৰমণ কৰিবলৈ সক্ষম হ’লো। এয়া মোৰ বাবে আছিল একপ্ৰকাৰ সাংস্কৃতিক আঘাত। কিন্তু এই আঘাত আফগানিস্তানৰ বাবে নহয়, মাৰ্কিন সেনা আৰু তেওঁলোকৰ যুদ্ধগ্ৰস্ত অঞ্চলত কৰা কামক লৈ আছিল। ইয়াৰ ফলস্বৰূপে আমেৰিকাৰ বিদেশ নীতিৰ প্ৰতি মোৰ মোহভংগ হ’ল। মোৰ অনুভৱ হ’ল ইয়াক ভাল উপায়েৰে ৰূপায়ণ কৰিব পাৰি আৰু পৰিৱৰ্তনৰ বাবে ইয়াতকৈ ভাল ব্যৱস্থা গ্ৰহণ কৰিব পাৰি।

আফগানিস্তানৰ ইম্পেছনৰ মূল ভেটি স্থাপনৰ পূৰ্বে আফগান মিডিয়াৰ পৰিক্ষেত্ৰত ডিজিটেল প্ৰযুক্তিৰ অৱস্থা কেনে আছিল?

২০০৯ চনত আশ্ৰফ গনী যেতিয়া ৰাষ্ট্ৰপতি পদৰ প্ৰতিযোগিতাত আছিল তেতিয়া তেওঁ দৃষ্টি আকৰ্ষণ কৰিবলৈ ছ’চিয়েল মিডিয়াৰ ৰণনীতি প্ৰস্তুত কৰাৰ বাবে এজন পশ্চিমীয়া দেশৰ পৰামৰ্শদাতাৰ সহায় লয়। স্বয়ং ই নিজেই এক বিসংগতিপূৰ্ণ আছিল। ই গুৰুত্ব লাভ কৰিলে যদিও যিমান পালে তাতকৈ কম পোৱা দেখা গ’ল, কিয়নো এইটো এটা ডাঙৰ চুক্তি আছিল যদিও বিসংগতিপূৰ্ণ আৰু আচহুৱা আছিল। এই কথাষাৰ এইবাবেই কৈছো যে ইয়াৰ পূৰ্বে ছ’চিয়েল মিডিয়াই আফগানিস্তানত বসবাস কৰা লোকসকলৰ মাজত আৰু বহিৰাগত লোকসকলৰ সৈতে হোৱা সম্পৰ্কক কম-বেছি পৰিমাণে প্ৰভাৱিত কৰিবলৈ আৰম্ভ কৰিছিল।

সেই সময়ত বিশেষকৈ আফগান যুৱ প্ৰজন্মৰ বৃহৎ সংখ্যক ফেচবুকত আছিল। ২০০৭ চনৰপৰা ২০০৮ৰ সময়ছোৱাত সঁচাকৈয়ে কিছুমান আকৰ্ষণীয় প্ৰযুক্তিৰ পৰিকল্পনা চলিছিল। দৰাচলতে সেই সময়ত ইয়াত ডিজিটেল প্ৰভাৱ কম আছিল। সেই সময়ত বহুকেইটা প্ৰচাৰ এজেন্সি আছিল, যিয়ে হৰ্ডিং, লিফলেট, ছাৰ্ভিছ এনাউন্সমেণ্টৰ উপৰি টেলিভিছন অনুষ্ঠানসমূহত কাম কৰে। কিন্তু ডিজিটেলৰ প্ৰতি কাৰো চকু নাছিল। অনুসন্ধানত মই বহু সময় পাৰ কৰিলো আৰু সেই বিন্দুত প্ৰৱেশ কৰি অনুভৱ হ’ল আফগানিস্তানত ছ’চিয়েল মিডিয়া সক্ৰিয় হৈ উঠিছে সেয়ে মই ইয়াক জুৱা হিচাপে লোৱাৰ সিদ্ধান্ত ল’লো।

ইয়াৰ পিছত দ্বিতীয়বাৰৰ বাবে আফগানিস্তানত টেডএক্স কাবুলৰ আয়োজনৰ পৰিকল্পনাত সহায়ৰ বাবে আহিছিলো। তেতিয়া ইয়াৰ প্ৰচাৰ আৰু ডিজিটেল ৰণনীতি প্ৰস্তুতত ব্যস্ত আছিলো। এই কামটোৰ বাবে ছমাহ থাকিবলগীয়া হৈছিল আৰু সেই সময়ত মই ষ্টাৰ্টআপ সম্পৰ্কীয় তথ্যচিত্ৰ নিৰ্মাণৰ কামতো ব্যস্ত আছিলো। মোৰ নিৰ্মাতাগৰাকী বাহিৰ হ’ল আৰু উদ্যোগীসকলৰ সৈতে মিলিত হ’বলৈ সমগ্ৰ দেশখনতে ভ্ৰমণ কৰিবলগীয়া হৈছিল। তেতিয়াই মোৰ অনুভৱ হ’ল যে তথ্যচিত্ৰ নিৰ্মাণতকৈ মই উদ্যোগীসকলৰ সৈতে ভাব বিনিময় কৰিহে বেছি ভালপাওঁ। মই এই আলোচনা কেমেৰাত বন্দী কৰিবলৈ মুঠেই ভালপোৱা নাছিলো, কিয়নো ই এক প্ৰকাৰৰ বাধাৰ সৃষ্টি কৰে। এইদৰেই মাহবোৰ পাৰ হৈ যোৱাৰ পিছত মই জীৱনটো নতুন ধৰণেৰে আৱিষ্কাৰ কৰিবলৈ আৰম্ভ কৰিলো। উদ্যোগীসকলক কেন্দ্ৰ কৰি ছবি প্ৰস্তুত কৰি সম্পূৰ্ণৰূপে নিৰ্মাণ কৰাক লৈ পচন্দ আৰু অপচন্দৰ মাজত সংঘৰ্ষ কৰোতে উদ্যোগীসকলৰ ওপৰত বিশ্বাস ৰখা আৰু বাস্তৱতে সামাজিক আৰু অৰ্থনৈতিক ক্ষেত্ৰত প্ৰয়োগ কৰাৰ মাজত যিকোনো এটা বিকল্প নিৰ্বাচন কৰিবলগীয়া হৈছিল। এই দেশখনতে থাকি উদ্যোগীসকলক নিৰ্বাচন কৰি ইয়াৰ মাধ্যমেৰে পৰিৱৰ্তন আনিবলৈ এই পৰিস্থিতি তন্ত্ৰটোত অংশ লোৱাৰ সিদ্ধান্ত ল’লোঁ।

আপুনি ইম্পেছনৰ বাহিৰে পেবন্দগাহ আৰু পূৰ্বে আফগান ছ’চিয়েল মিডিয়া ছামিটৰ দৰে অন্য সংস্কৰণৰ বাবে ধনৰ ব্যৱস্থা কেনেকৈ কৰিছিল?

আমাৰ সফলতাৰ আটাইতকৈ ডাঙৰ কাৰণটো হ’ল আফগানিস্তানত ইম্পেছনৰ মূল ভেটি স্থাপনৰ পূৰ্বে বিফল হ’ম বুলি নিৰাশ হৈছিলো। সেয়েহে বিপদৰ সন্মুখীন হ’বলৈ হ’লে বিশেষকৈ বিত্তীয় ক্ষেত্ৰত ধনৰ লোকচান হ’লেও সেয়া ডাঙৰ কথা নহয় এই চিন্তাৰে আমি আগবাঢ়িছিলো। কিয়নো আমি অসাধাৰণ নতুনত্ব অনাৰ চেষ্টা কৰিছিলো। যদি আমি বিফল হ’লোহেঁতেন তেতিয়াও ভালেই পালোঁহেঁতেন কিয়নো দেশখনৰ উন্নতিৰ ক্ষেত্ৰত যোগদান কৰিবলৈ সক্ষম হ’লোঁহেঁতেন।

এই চিন্তাৰে আগবঢ়াৰ বাবে আমি বহু ক্ষেত্ৰত যি কৰিব বিচাৰিছিলো সেয়া কৰিবলৈ সক্ষম হ’লো। অৱশেষত আমি প্ৰথমে ছ’চিয়েল মিডিয়া ছামিট আয়োজনৰ বাবে মাৰ্কিন বিশেষ মন্ত্ৰণালয়ৰ সৈতে বিনিয়োগৰ বাবে যোগাযোগ কৰিলো। আমাৰেই সৌভাগ্য যে আমি সেই সময়ত বিনিয়োগ লাভ কৰিবলৈ সক্ষম হ’লো।

আফগানিস্তানত ইম্পেছন স্থাপনৰ পাছত কেনে ধৰণৰ সামাজিক পৰিকল্পনা হাতত ল’বলৈ সফল হ’ল?

আমি মানক ডিজিটেল এজেন্সিৰূপে বহুত কাম কৰিলো। আমি অল-জাজিৰাৰ বাবে এক জনমত সমীক্ষা চলালো, য’ত আমি ৩৪টা প্ৰান্তৰ ভিতৰত ৩২টা প্ৰান্তৰপৰা প্ৰতিক্ৰিয়া লাভ কৰিবলৈ সক্ষম হ’লোঁ। ই সঁচাকৈয়ে এক অভূতপূৰ্ব পৰিকল্পনা আছিল কিয়নো ইয়াৰ দ্বাৰা আফগানিস্তানৰ ছ’চিয়েল মিডিয়াৰ শক্তিৰ বিষয়ে অৱগত হ’লো। ইয়াৰ পাছত আমি ফেচবুকত ইউৰোপীয়ান ইউনিয়নৰ বিজ্ঞাপন প্ৰচাৰ কৰিলো। আমি ব্যক্তিগত খণ্ডসমূহত উপভোক্তাসকলৰ বাবে স্পন্সৰশ্বিপ পেকেজৰো আয়োজন কৰিলো। ই এনে এক মডেল যাক আমি নিৰবিচ্ছিন্নভাৱে আগুৱাই নিব বিচাৰোঁ।


image


আপুনি ইম্পেছনৰ জড়িয়তে আফগানিস্তানৰ বিষয়ে জানিবলৈ কেনেধৰণৰ পৰিকল্পনা কৰিছিল?

আমাৰ সৈতে দেশখনৰ প্ৰথম আৰু আটাইতকৈ ডাঙৰ চিটিজেন জাৰ্ণেলিষ্ট মঞ্চৰ ৰূপত আছে পেবন্দগাহ। বৰ্তমান আমাৰ লক্ষ্য ইয়াৰ পৰিসৰ বৃদ্ধি কৰা। বাস্তৱতে আমি কেইমাহমানৰ পূৰ্বে ৩৪টা প্ৰান্তৰপৰা চিটিজেন জাৰ্ণেলিষ্ট লাভ কৰিবলৈ সক্ষম হ’লো।


image


আমি আফগানিস্তানত ইণ্টাৰনেট ব্যৱহাৰকাৰীসকলৰ এক তন্ত্ৰ নিৰ্মাণ কৰিবলৈ প্ৰয়াস কৰিছো। বৰ্তমান ইণ্টাৰনেট ব্যৱহাৰকাৰীৰ সংখ্যা বৃদ্ধি পাইছে। ই এক আশাব্যঞ্জক ইংগিত বহন কৰিছে। কিন্তু আমি ইয়াক আৰু আগুৱাই নিয়াৰ চেষ্টা চলাই আহিছো। ইয়াৰ অৰ্থ কেৱল এয়াই নহয় যে আপুনি ফেচবুকত আছে আৰু আপোনাৰ বহু আফগান বন্ধু আছে। ইয়াৰ প্ৰকৃত অৰ্থ হ’ল আফগানিস্তানৰ প্ৰগতিত যোগদান কৰাৰ চিন্তাধাৰাত কেনেকৈ শক্তি প্ৰদান কৰিব পাৰে।


image


এখন এনেকুৱা দেশ য’ত ইণ্টাৰনেটৰ আন্তঃগাঁথনি সম্পূৰ্ণৰূপে জৰাজীৰ্ণ অৱস্থাত, তেনে ক্ষেত্ৰত ইয়াত ইণ্টাৰনেটৰ ষ্টাৰ্টআপ চলোৱাটো কিমান কঠিন?

আমি এক স্থিৰ ইণ্টাৰনেট কানেকচন আৰু বেকআপ ছিষ্টেমক লৈ যথেষ্ট অৰ্থব্যয় কৰিছো। ইয়াৰ বাহিৰে যদি আফগানিস্তানত ছ’চিয়েল মিডিয়াৰ কথা আলোচনা কৰোঁ তেতিয়া ইণ্টাৰনেটৰ বাহিৰে আন কিছুমান বিষয় প্ৰাসংগিক হৈ পৰে।

বৰ্তমান সময়ত মোবাইল ফোনটো ছ’চিয়েল মিডিয়াৰ বাবে এক বৃহৎ অংশ। প্ৰযুক্তি আৰু মিডিয়াৰ বহুত ডাঙৰ অংশ ব্লুটুথৰ দ্বাৰা সৰবৰাহ কৰা হয়। যেতিয়া ছ’চিয়েল মিডিয়াৰ কথা ওলায় অধিকাংশৰ মনলৈ ফেচবুক, টুইটাৰ বা অন্য কোনো অনুৰূপ ছাইটৰ কথা মনলৈ আহে। যদিও এইবোৰ ছ’চিয়েল মিডিয়াৰ অংশ কিন্তু এনে বহু বস্তু আছে যিবোৰ কেৱল ইণ্টাৰনেটৰ ওপৰত নিৰ্ভৰশীল নহয়।


image


আপুনি এনে এখন দেশত মহিলা আধাৰিত টীমৰ নেতৃত্ব দিছে য’ত মহিলাৰ প্ৰতি নেতিবাচক মনোবৃত্তি পোষণ কৰে। এতিয়ালৈ আপোনাৰ অনুভৱ কেনে?

প্ৰায়ে আফগান মহিলাসকলৰ দ্বিতীয় শ্ৰেণীৰ নাগৰিকৰ দৰে ব্যৱহাৰ কৰা দেখিবলৈ পাওঁ। কিন্তু এগৰাকী মহিলা হোৱাৰ পূৰ্বে মই আমেৰিকান। ইয়াৰ পোনপটীয়া অৰ্থ হৈছে মই দুয়োখন জগততে শ্ৰেষ্ঠত্ব লাভ কৰোঁ। মই মহিলা ৰাজনীতিকৰ সৈতে অংশগ্ৰহণ কৰোঁ য’ত পুৰুষৰ আমন্ত্ৰণ জনোৱা নহয়। ইয়াৰ বিপৰীতে মই আনবোৰ আয়োজনত ভাগ লওঁ য’ত মহিলাৰ প্ৰৱেশ নিষিদ্ধ।

কাৰ্যালয়তো মাজে মাজে কিছুমান লোকৰ সন্মুখীন হওঁ যি মোৰ আৰু মহিলা অন্য মহিলা পৰিচালিকাসকলৰ অধিকাৰক লৈ সুখী নহয় কিন্তু তেনে মনোবৃত্তিৰ লোক আমাৰ প্ৰতিষ্ঠানত দীৰ্ঘদিন টিকি থাকিব নোৱাৰে।

যদি আমি ভাৰতীয় কৰ্মচাৰী আৰু আফগানিস্তানৰ বসবাস কৰি অহা অন্য ভাৰতীয়সকলৰ বিষয়ে আলোচনা কৰোঁ ইয়াৰ লোকসকল আৰু তেওঁলোকৰ মাজত এটা ভাল সাংস্কৃতিক সম্বন্ধ আছে আৰু এয়া কেৱল বলিউডৰ বাব। যেতিয়া ইয়াৰ স্থানীয় লোকসকল ভাৰতীয়সকলৰ সৈতে মুখামুখি হয় তেতিয়া তেওঁলোকে বলিউডৰ গীতসমূহ গুণগুণায়। এইদৰেই নিজৰ মাজত শ্ৰদ্ধা আৰু মজবুত সম্বন্ধ গঢ়ি তোলাত সহায় কৰে।


image


আফগানিস্তানত ইণ্টাৰনেটপ্ৰেমী যুৱপ্ৰজন্মৰ বিষয়ে আপোনাৰ ধাৰণা?

সদ্যহতে আফগানিস্তানক ৰাজনৈতিক অস্থিৰতা আৰু সংঘৰ্ষৰ দৃষ্টিকোণেৰে চোৱা হয়। কিন্তু ইয়াৰ যুৱ প্ৰজন্ম যথেষ্ট আশাবাদী। এই দেশখনৰ প্ৰযুক্তিৰ ক্ষেত্ৰখনত উদ্যোগীকৰণ আৰম্ভ কৰাসকলৰ সংখ্যা যদিও কম কিন্তু নথকা নহয় আৰু তেওঁলোক আশাবাদী। ইয়াৰ উপৰি তেওঁলোকে বহুতো সমস্যা আৰু প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হয়। কিন্তু তেওঁলোকে যিখিনি লাভ কৰিছে সেয়াই তেওঁলোকক যথেষ্ট প্ৰেৰণা দান কৰে।

যুদ্ধগ্ৰস্ত অঞ্চলসমূহত কাম কৰাৰ বাবে প্ৰতিভাৰ সন্ধান কৰোতে কেনে অনুভৱ হৈছিল?

আৰম্ভণিতে আমি প্ৰতিটো কামত স্থানীয় লোকক জড়িত কৰাৰ বাবে তৎপৰ আছিলো। কিন্তু সময়ত আমি বুজিলো যি কৌশলৰ আৱশ্যক সেয়া তেতিয়াও উপলব্ধ নাছিল। কিয়নো আমি সৰু ষ্টাৰ্টআপ আছিলো, তেনেস্থলত স্থানীয় লোকক প্ৰশিক্ষণ দিয়াটো আমাৰ পক্ষে সম্ভৱপৰ নাছিল। বৰ্তমান আমি কৰিব পাৰিছো। সেয়েহে আমি বহিৰাগত লোকসকলক নিয়োগ কৰিবলগীয়া হয়। সুৰক্ষাৰ ফালৰপৰা ভাল ব্যক্তিৰ অনুসন্ধান কৰাটো যথেষ্ট টান কথা আছিল।

নিজৰ কামৰ মাধ্যমেৰে প্ৰভাৱ বিস্তাৰ কৰিব বিচৰা উদ্যোগীসকলৰ আপুনি কি পৰামৰ্শ প্ৰদান কৰিব বিচাৰে?

ষ্টাৰ্টআপৰ ক্ষেত্ৰত ভৰি থ’বলৈ বিচৰা যুৱ উদ্যোগীসকলক মই মাথোঁ এই কথাকেই ক’বলৈ বিচাৰোঁ যে ষ্টাৰ্টআপ সংস্কৃতিৰ আটাইতকৈ ভাল কথাটো হৈছে ইয়াত সকলোৱেই পাৰস্পৰিকভাৱে সুহৃদ। আৰু এনে হোৱাটো বাস্তৱিকতেই বহুত গুৰুত্বপূৰ্ণ হিচাপে বিবেচনা কৰিব পাৰি। কিন্তু বাস্তৱিকতেই সফলতা লাভ কৰিবলৈ হ’লে আপুনি নিজেই এজন পথপ্ৰদৰ্শকৰ ৰূপত কাম কৰিব পাৰিব লাগিব। ইয়াৰ বাবে বহু সময়ত আপুনি কঠিন সিদ্ধান্ত ল’ব লাগিব। প্ৰাথমিকভাৱে মোৰ এনে লাগিছিল যে মই নেতৃত্ব বিকাশৰ প্ৰতি বিশেষ গুৰুত্ব দিয়া নাছিলো। যদিহে আপুনি নিজকে পথ প্ৰদৰ্শকৰ ভূমিকাত অৱতীৰ্ণ কৰাব পৰা নাই বা নেতৃত্ব বিকশিত কৰিব পৰা নাই, তেন্তে আপুনি নিজৰ টীমটোকেই অৱনমিত কৰি আহিছে।

ইয়াৰ বাহিৰে উদ্যোগীসকলৰপৰা বিচাৰোঁ তেওঁলোকে নিজৰ মুখ্য গুৰুত্বপূৰ্ণ বিষয় নিশ্চিত কৰক আৰু ইয়াৰ বিষয়ে ভাবক। এনে কি বিষয় আছে য’ত মই শ্ৰেষ্ঠ? মই কি কাম কৰিবলৈ বেছি ভালপাওঁ? এনে কি কাম আছে যি কাম প্ৰতিষ্ঠাপক আৰু পথ প্ৰদৰ্শকৰ ৰূপত মইহে কৰিব পাৰোঁ? বহু সময়ত এনে প্ৰশ্নৰ হয়তো গুৰুত্ব নাথাকিব পাৰে। আপুনি নিশ্চিত কৰিব লাগিব যে আপুনি নিজৰ সময় ক’ত ব্যয় কৰে। মোৰ জীৱনত কিন্তু এই তিনিওটা প্ৰশ্নৰ গুৰুত্ব অপৰিসীম।

মূল: ৰাখী চক্ৰৱৰ্তী

অনুবাদ: ৰুবুল দাস