শৈক্ষিক পৰিবৰ্তনৰ বাবে বৰ্তমানৰ আটাইতকৈ শক্তিশালী মাধ্যম ডিজিটেল ইণ্ডিয়া আৰু শিক্ষাৰ যুগলবন্দী ঘটালে গীতাঞ্জলী খান্নাই

শৈক্ষিক পৰিবৰ্তনৰ বাবে বৰ্তমানৰ আটাইতকৈ শক্তিশালী মাধ্যম ডিজিটেল ইণ্ডিয়া আৰু শিক্ষাৰ যুগলবন্দী ঘটালে গীতাঞ্জলী খান্নাই

Saturday November 28, 2015,

4 min Read

ভাৰতৰ শিক্ষা জগতখনৰ মাজতে আছে আকাশ-পাতাল পাৰ্থক্য। এফালে যদি দেশৰ চহৰাঞ্চলত শিক্ষাৰ মান বিশ্বৰ আগশাৰীৰ যিকোনো প্ৰতিষ্ঠানতকৈ কোনোগুণে কম নহয়, আনফালে আকৌ দেশৰ অধিকাংশ অঞ্চলতেই শিশুৱে প্ৰাথমিক বিদ্যালয়ৰ পৰীক্ষাৰ সময়তো এখন কিতাপৰ বাবে হাহাকাৰ কৰিব লগীয়া হৈছে। প্ৰসংগপুথিৰ কথা দূৰতে থাকক। এগৰাকী উচ্চাকাংক্ষী উদ্যমী মহিলাই এই সমস্যা সমাধানৰ কথা চিন্তা কৰিলে ডিজিটেল ইণ্ডিয়া আৰু শিক্ষাৰ সংমিশ্ৰণ ঘটাই।

এগৰাকী সেনা বিষয়াৰ জীয়ৰী গীতাঞ্জলী খান্না। আৰু সেই সুত্ৰেই দেশৰ ইমূৰৰ পৰা সিমূৰৰ শিক্ষা ব্যৱস্থাটোৰ সৈতে সুপৰিচিত। কাৰণ দ্বাদশ শ্ৰেণীৰ শিক্ষা গ্ৰহণ কৰালৈ গীতাঞ্জলী খান্নাই আঠখন বিদ্যালয় বাগৰিছিল। আৰু এই অভিজ্ঞতাই ভাৰতৰ বিভিন্ন প্ৰান্তৰ স্কুলীয়া শিক্ষা ব্যৱস্থাটোৰ ওপৰত এক গভীৰ ধাৰণা দিছিল গীতাঞ্জলীক। কনভেন্টৰ পৰা সহশিক্ষালৈ, কেন্দ্ৰীয় বিদ্যালয়ৰ পৰা আৰ্মি পাব্লিক স্কুললৈ সকলোৰে অভিজ্ঞতা আছিল গীতাঞ্জলীৰ। ইখন স্কুলৰ পদ্ধতিৰ সৈতে সিখন স্কুলৰ পদ্ধতিৰ অমিলৰ বাবে গীতাঞ্জলী প্ৰায়ে তিতা-কেহাঁ অভিজ্ঞতাৰ সন্মুখীন হ’ব লগীয়া হৈছিল।

গীতাঞ্জলীয়ে এতিয়াও অনুভৱ কৰে বহুতে এতিয়াও নিজৰ মেধা আৰু অধ্যৱসায় অনুযায়ী ফলাফল দেখুৱাবলৈ সক্ষম হোৱা নাই। বহুতে সঠিক সময়ত সঠিক শৈক্ষিক তথ্য বা কিতাপ পত্ৰ লাভ কৰিছে কিন্তু অধিকাংশই বঞ্চিত এনে সা-সুবিধাৰ পৰা। গীতাঞ্জলী জম্মুত থকা সময়ছোৱাত এখন গণিতৰ কিতাপ দিল্লীৰ পৰা কুৰিয়াৰ ছাৰ্ভিছৰ সহায়ত মগাই আনিব লগীয়া হৈছিল। আৰু সেইখন কিতাপৰ অংক কৰিয়েই গীতাঞ্জলীয়ে গণিত বিষয়ত লাভ কৰিছিল ৯৯শতাংশ নম্বৰ। তেতিয়াৰ পৰা বহু বছৰৰ পিছত এতিয়াও বহু অভিভাৱকে এখন প্ৰয়োজনীয় কিতাপৰ বাবে হাবাথুৰি খাব লগীয়া হৈয়ে আছে, সমস্যাত পৰিয়ে আছে এজন ঘৰুৱা শিক্ষক বিচাৰি উলিয়াবলৈ বা ল’ৰা- ছোৱালীৰ দক্ষতা ডিজিটেল পদ্ধতিৰে পৰীক্ষা কৰিবলৈ।

গীতাঞ্জলী খান্না

গীতাঞ্জলী খান্না


গীতাঞ্জলী ইঞ্জীনিয়াৰিঙৰ স্নাতক। লক্ষণীয়ভাবে ইঞ্জীনিয়াৰিঙৰ শ্ৰেণীত গীতাঞ্জলীয়েই আছিল একমাত্ৰ ডেনিম জিন্স পিন্ধি যোৱা ছোৱালী। হাৰিয়ানাৰ ইঞ্জীনিয়াৰিং কলেজ খনত ল’ৰা- ছোৱালীৰ অনুপাত আছিল ১০০:১। কিন্তু গীতাঞ্জলী তলমূৰ কৰি থকা ছোৱালী নাছিল। কলেজখনৰ পৰা এটা ভাল ৰিজাল্ট কৰিয়েই ওলাই আহিছিল।

কৰ্প'ৰেট জগতখনতো খুব কম দিনতে গীতাঞ্জলীয়ে সফলতা লাভ কৰিছিল। সোনকালেই বগাই গৈছিল মেনেজেৰিয়েল জখলাদালত। ২৫ বছৰ বয়সতে ৭০ জনীয়া এটা টীমক নেতৃত্ব দিয়াৰ সুযোগ পাইছিল। দ্বায়িত্ব আহিছিল ৪নিযুত ডলাৰৰ একাউন্ট চম্ভালাৰ। কৰ্পৰেটত কাম কৰা সাতটা বছৰতে সকলো আকাংক্ষা পূৰ্ণ হৈছিল গীতাঞ্জলীৰ। গীতীঞ্জলীয়ে এটা বিত্তীয় বছৰত দুটালৈকে পদোন্নতিও লাভ কৰিছিল, ১০০শতাংশলৈকে দৰমহা বৃদ্ধি পাইছিল।

কিন্তু গীতাঞ্জলীক সদায় খুলি খুলি খাইছিল এটা কথাই যে- এতিয়াও অধিকাংশ ভাৰতীয় ছাত্ৰই বাহিৰৰ ছাত্ৰৰ সৈতে সমানে সমানে হাত মিলাবলৈ যুঁজ দিব লগীয়া হৈছে। গীতাঞ্জলীয়ে বিচাৰে নিজে স্কুলীয়া জীৱনত যি তিক্ত অভিজ্ঞতা লাভ কৰিছিল, তেনে অভিজ্ঞতা নহওক কাৰোৰে। গীতাঞ্জলীৰ ইচ্ছা ভাৰতৰ প্ৰতিটো কোনৰ ছাত্ৰ-ছাত্ৰীয়ে বিশ্বমানৰ শিক্ষা লাভ কৰক।

তেনেদৰেই গীতাঞ্জলীৰ মনত জন্ম হ’ল ‘ফাষ্টুডেন্ট’ৰ ধাৰণাৰ। ফাষ্টুডেন্ট শিক্ষাৰ বাবে উৎসৰ্গীকৃত এটা ব্যৱসায়িক প্ৰতিষ্ঠান। পাঠ্যক্ৰমৰ কিতাপ পত্ৰ, অতিৰিক্ত টোকাৰ লগতে প্ৰতিটো বিষয়ত ব্যৱহৃত শব্দ সমূহৰ পৰিভাষাও উপলব্ধ ফাষ্টুডেন্টত।

ফাষ্টুডেন্ট গীতাঞ্জলীৰ দ্বীতিয় সন্তান

ফাষ্টুডেন্ট গীতাঞ্জলীৰ দ্বীতিয় সন্তান


গীতাঞ্জলীয়ে এই উদ্যোগটো আৰম্ভ কৰিছিল নতুনকৈ মাকহৈ। প্ৰথমটো ছমহীয়া হওতে আৰম্ভ কৰা ফাষ্টুডেন্টক গীতাঞ্জলীয়ে তেওঁৰ দ্বীতিয়টো কেঁচুৱা বুলিয়ে ভাবে। প্ৰথম নিজে এটা উদ্যোগ আৰম্ভ কৰি গীতাঞ্জলীয়ে সিংহৰ দৰে অফুৰন্ত শক্তি আৰু দৃঢ়তাৰে কামত নামি পৰিল। কিন্তু একেটা সময়তে অবোধ শিশুৰ দৰে নজনাক জনাৰ তীব্ৰ আগ্ৰহো আছিল গীতাঞ্জলীৰ। বিভিন্ন অসুবিধাই জুমুৰি দি ধৰিছিলহি। গীতাঞ্জলীৰ ভাষাতেই – “সমস্যা সমাধান কৰি আগুৱাই যোৱাটোত আছে সুকীয়া অভিজ্ঞতা।” এতিয়াও পুৰুষ শাসিত যোগান শৃংখলাটোৰ সৈতে একেলগে কাম কৰাটোও প্ৰত্যাহ্বান হৈ পৰিছিল গীতাঞ্জলীৰ বাবে। লজিষ্টিক টীমে গীতাঞ্জলী মহিলা বাবেই নিশা অতি প্ৰয়োজন হ’লেও ফোন কৰিবলৈ অসুবিধা পাইছিল। কিন্তু ব্যৱসায়ত প্ৰডাক্ট ডেভলপমেন্ট, গ্ৰাহকৰ সৈতে সু সম্পৰ্ক ৰক্ষা কৰি চলিবলৈ যোগান শৃংখলৰ সৈতে সকলো সময়তে যোগাযোগত থকাটোও প্ৰয়োজনীয়। এনে সৰু-সুৰা অসুবিধাও হৈছিল গীতাঞ্জলীৰ।

বিভিন্ন সমস্যা স্বত্বেও গীতাঞ্জলীৰ ফাষ্টুডেন্টৰ পৰিসৰ দিনে দিনে বাঢ়ি গৈ আছে।“আমি ফাষ্টুডেন্ট লন্স কৰাৰ কেইছেকেণ্ডমানৰ ভিতৰতে ৪০,০০০ টকাৰ অৰ্ডাৰ পাইছিলো ! আৰু এতিয়া এটা সৰু টীমৰ সৈতেই বৃহৎ পৰিসৰত কাম কৰি গৈ আছো। আমাৰ ইচ্ছা ফাষ্টুডেন্ট দেশৰ ভিতৰতে নেতৃস্থানীয় এডুকেশ্বন প'ৰ্টেল হওক। বিশ্বৰ আগশাৰীৰ শৈক্ষিক ৱেবচাইটৰ মাজত স্থান পাওক ফাষ্টুডেন্টে।”- এয়া উৎসাহী গীতাঞ্জলী খান্নাৰ ভাষ্য।

এটা ক্ষুদ্ৰ উদ্যোগ হিছাপে কেইজনমান গ্ৰাহককলৈ ফাষ্টুডেন্ট আৰম্ভ হৈছিল। আৰু এতিয়া ফাষ্টুডেন্টৰ ১২ নিযুত গ্ৰাহক। যোৱা তিনি বছৰে প্ৰতি চাৰিমাহত ফাষ্টুডেন্টৰ ১০০ শতাংশকৈ বৃদ্ধি হৈছে।

অসুবিধাবোৰ অতিক্ৰম কৰি এটা ব্যৱসায় গঢ়ি তুলিবলৈ, সময় আৰু ট্ৰেণ্ডৰ সৈতে তাল মিলাই কিছু কল্পনাৰো প্ৰয়োজন। এয়া গীতাঞ্জলীৰ অনুভৱ। “এতিয়া মহিলা উদ্যোগীৰ খুবেই ডিমাণ্ড। শেহতীয়াকৈ গঢ়লৈ এটা উঠা উদ্যোগে তেওলোকৰ চাৰিজনীয়া টীমটোত এগৰাকী মহিলা সহ প্ৰতিষ্ঠাপক বিচাৰি থকাৰ কথা মই জানো। উদ্যোগ এটাত মহিলা এগৰাকী থাকিলে ‘ষষ্ঠ ইন্দ্ৰিয়’ জাগ্ৰত হৈ থাকে। উদ্যোগৰ ক্ষেত্ৰখনত এই পৰিবৰ্তন নিশ্চয় ভাল লক্ষণ। ভাৰতীয় মহিলা বেংকৰ দৰে চৰকাৰী বিত্তীয় প্ৰতিষ্ঠানে মহিলা উদ্যোগীৰ বাবে ফাণ্ডৰ সা সুবিধা বৃদ্ধি কৰিছে।” মহিলা উদ্যোগীক উৎসাহ যোগাবলৈ এনেদৰে ক’লে গীতাঞ্জলীয়ে। ষ্টেফী গ্ৰাফৰ এশাৰী বাক্য গীতাঞ্জলী খান্নাৰ বৰ প্ৰিয়-“মই কেতিয়াও পাছলৈ নাচাওঁ, সদায় আগলৈ চাওঁ”

মূলঃ বিঞ্জল শ্বাহ

অনুবাদঃ মুকুন্দ মাধৱ নেওগ