ডিজাইনাৰ টি-চাৰ্টেৰে অসমত লক্ষ্মীনাথৰ ‘লটিঘটি’

0

তেওঁৰ জন্ম মৰিগাঁও জিলাৰ আঁহতগুৰিৰ দাঁতিকাষৰীয়া এখন গাঁৱত৷ নৈপৰীয়া সেই গাওঁখনত মূলতঃ অনুসূচীত জাতিৰ লোকসকলেই বাস কৰে৷ আওহতীয়া অঞ্চলটোৰ সেই লোকসকল আজীৱন বহুবোৰ বুনিয়াদী সা-সুবিধাৰ পৰা বঞ্চিত৷ শুনি হয়তো সকলোৱে আচৰিত হ’ব, যে মাত্ৰ চাৰি বছৰমান পূর্বেহে সেই গাঁওখনে বিদ্যুৎ সংযোগ লাভ কৰিছে৷ তেনেকুৱা এখন পিছপৰা ঠাইত জন্ম হোৱাৰ পিছতো কিন্তু শৈশৱৰে পৰা স্বাধীনভাৱে কিবা এটা কৰাৰ দূর্বাৰ হেঁপাহ আছিল তেওঁৰ৷ আৰু আজি, সেই হেঁপাহৰ তাগিদাতেই তেওঁ আৰম্ভ কৰিছে জীৱনৰ প্ৰথমটো ষ্টার্টআপ৷ ২৯ বছৰীয়া সেই যুৱকজনৰ নাম ‘লক্ষীনাথ হীৰা’৷ লক্ষীনাথে অর্থবহ অসমীয়া শব্দৰ সমষ্টিৰে তৈয়াৰ কৰিছে টি. চার্টৰ এটা ডিজাইনাৰচ্ ব্ৰেণ্ড ‘লটিঘটি’৷

‘লটিঘটি’ৰ জন্ম কাহিনী?

২০০৮ চনত গুৱাহাটীৰ এল. চি. বি. কলেজৰ পৰা তথ্য-প্ৰযুক্তি বিজ্ঞানত স্নাতক উপাধি লৈ লক্ষীনাথ হীৰাই কল চেণ্টাৰ আৰু এন.জি.অ’.ৰ চাকৰিত বহুবোৰ লটিঘটিৰ সন্মূখীন হোৱাৰ পিছত ২০১৫ চনৰ ডিচেম্বৰৰ শেহত নিজাববীয়াকৈ ‘লটিঘটি’ নামৰ ষ্টার্টআপটো আৰম্ভ কৰিলে৷ আমি পূর্বেই উল্লেখ কৰিছো যে ‘লটিঘটি’ হৈছে ডিজাইনাৰ টি চার্টৰ এটা ব্ৰেণ্ড৷

লক্ষীনাথ হীৰাই আমাক ক’লে ‘এনেধৰণৰ অসমীয়া বাক্যৰ সমাহাৰেৰে ডিজাইর্নাচ্ টি চার্ট পূর্বেও বজাৰত সুলভ আছিল৷ কিন্তু মোৰ ব্ৰেণ্ডটো সেইবোৰতকৈ বহু পৃথক৷ সাধাৰণতে অসমীয়া ভাষাৰ প্ৰতি আন্তৰিকতা নথকা লোকে সেই টি চার্ট বোৰৰ প্ৰতি আকর্ষণ অনুভৱ কৰাৰ সম্ভাৱণা আছিল কম৷ কিন্তু ‘লটিঘটি’ৰ টি চার্ট বোৰে অনা-অসমীয়া লোককো আকর্ষণ কৰাৰ থল আছে৷ কিয়নো এইবোৰ টি চার্টত মই পৰিকল্পিতভাৱে অসমীয়া শব্দ ব্যৱহাৰ কৰি কিছুমান ডিজাইন সৃষ্টি কৰিছো৷ সদ্যহতে এশিঙীয়া গড় আৰু ফেচবুকৰ লাইক বাটনৰ আর্হিত মুঠ দুটা ডিজাইনত ‘লটিঘটি’ৰ টি চার্ট সমূহ বজাৰত মুকলি কৰি দিছো৷ এতিয়া অসমীয়া বর্ণমালা, অসমীয়া শব্দ আৰু অসমীয়া শব্দৰ অর্থ বুজি নোপোৱা কোনো লোকক এই আর্হি দুটাই আকর্ষণ কৰিলে তেওঁলোকে ‘লটিঘটি’ৰ টি চার্ট এটা ক্ৰয় কৰাত কোনো বাধা নাথাকিব৷ সেইকাৰণেই ‘লটিঘটি’য়ে অসমৰ সীমা অতিক্ৰমি উত্তৰ-পূৱ ভাৰতৰ লগতে ভাৰতৰ আন ঠাইৰ বজাৰো ভ্ৰমিব বুলি মই আশা কৰিছো’৷

লগতে লক্ষীনাথ হীৰাই জনালে যে ২০১৫ চনৰ ২৫ ডিচেম্বৰত লঞ্চ কৰা ‘লটিঘটি’য়ে ব্যৱসায়িক দিশত এই এটা মাহত আশা কৰাতকৈয়ো বহু বেছি সফলতা লাভ কৰিছে৷

এই সফলতাৰ আঁৰৰ অনুপ্ৰেৰণা কি?

‘সেয়া ২৭ ডিচেম্বৰ অর্থাৎ ‘লটিঘটি’ লঞ্চ কৰাৰ দুদিনৰ পিছৰ কথা৷ শীতৰ সেমেকা সেই আবেলিটোত উগুল-থুগুল মন এটাৰে মই গণেশগুৰিৰ উৰণীয়া সেঁতুৰ কাষৰ পদপথত ৰৈ জনসমাগমলৈ মন কৰিছিলো৷ তেনেকুৱাতে দেখিলো ‘লটিঘটি’ টি চার্ট এটা পিন্ধি যুৱক এজন ব্যস্ততাৰে মোৰ সন্মূখেৰে পাৰ হৈ গৈছে৷ বহুসময় মই সেই ল’ৰাজনলৈ চাই ৰ’লো৷ এটা সময়ত ল’ৰাজন মোৰ দৃষ্টিৰেখাৰ সীমনাৰ বাহিৰ হৈ গ’ল, থৈ গ’ল মোৰ দুচকুত দুটোপাল আনন্দৰ চকুলো৷ সেই চকুপানী দুটোপাল মচি উঠাৰ পিছত মই মনত হাজাৰ হাতীৰ বল পোৱা যেন অনুভৱ কৰিলো আৰু সেইদিনাৰ পৰাই দুগুণ উৎসাহেৰে কর্মচাৰী দুজনৰ সৈতে মই কামত লাগি পৰিলো৷ আৰু সেই উৎসাহৰ বলতে লঞ্চ কৰাৰ ১৬ দিনৰ অন্তত ‘লটিঘটি’ৰ অনুষ্ঠানিক উদ্বোধন কৰিবলৈ সমর্থ হ’লো।’

ব্যৱসায়ৰ কৌশল

তথ্য-প্ৰযুক্তি বিজ্ঞানত স্নাতক হিচাপে লক্ষীনাথ হীৰাই গণসংযোগৰ আধুনিক মাধ্যম, যেনে ফেচবুক, হোৱাটচ্ এপ আদিক ‘লটিঘটি’ ব্ৰেণ্ডৰ জনপ্ৰিয়কৰণ কৰাত পূৰামাত্ৰাই ব্যৱহাৰ কৰিছে৷ তেওঁ আনকি ‘লটিঘটি’ৰ আনুষ্ঠানিক উদ্ধোধনো (Official Inaugaration) প্ৰায় শতাধিক সদস্যৰ ‘চিনাকি-অচিনাকি’ নামৰ এটা হোৱাটচ্ এপ গ্ৰুপৰ দ্বাৰা কৰা বুলি ক’লে৷ ২০১৬ ৰ ১০ জানুৱাৰীৰ দিনা আনুষ্ঠানিক উদ্ধোধনৰ স্থান হিচাপে তেওঁ বাছি লৈছিল গুৱাহাটীৰ কাষৰীয়া এক জনপ্ৰিয় পিকনিক ষ্পটক৷ তাৰপিছতে ‘লটিঘটি’ৰ টি চার্ট সমূহ www.lotighoti.com ৰ যোগেৰে অনলাইন চেলৰ বাবে মূকলি কৰি দিয়াৰ লগতে ইণ্টেলেকচুৱেল প্ৰপার্টি ৰাইটৰ অধীনত ‘লটিঘটি’ ব্ৰেণ্ডটোৰ ট্ৰেডমার্ক লোৱাৰ কথাটোও আমাৰ আগত ব্যক্ত কৰিলে৷ কোনো ব্যক্তিয়ে অনলাইন যোগে ‘লটিঘটি’ ব্ৰেণ্ডৰ টি চার্ট ক্ৰয় কৰিব খুজিলে তেওঁ ‘payumoney’ নামৰ ‘Online payment Gateway’ টোৰ জৰিয়তে মূল্যখিনি পৰিশোধ কৰাৰ ব্যৱস্থা কৰা হৈছে৷

অনলাইনৰ উপৰিও ‘লটিঘটি’ৰ হোৱাটচ্ এপ অৰু ফেচবুক গ্ৰুপৰ জৰিয়তেও কোনো আগ্ৰহী লোকে এই টি চার্ট ক্ৰয় কৰিব পাৰে৷

লক্ষীনাথ হীৰাই আমাক ক’লে, ‘ইতিমধ্যে ‘লটিঘটি’ৰ এনড্ৰয়ড এপ এটা নির্মিয়মান অৱস্থাত আছে৷ ইয়াৰ উপৰিও ‘লটিঘটি’ৰ টি চার্টসমূহ অসমৰ বহুকেইখন উল্লেখযোগ্য চহৰৰ কাপোৰৰ বিপণীতো পোৱাৰ ব্যৱস্থা কৰা হৈছে৷ আৰু গুৱাহাটীৰ গ্ৰাহক সকলৰ কাৰণে মই অচিৰেই cash on delivery ব্যৱস্থাটো মুকলি কৰিম।’

‘লটিঘটি’ৰ আৰম্ভণি

র্ষ্টার্টআপটোৰ অৰম্ভণিৰ সময়চোৱাৰ কথা ক’বলৈ যাওঁতে লক্ষীনাথে আমাক ক’লে যে ২০১৫ চনৰ আৰম্ভণিতে এন.জি.অ. এটাত কৰি থকা চাকৰিটো ইস্তফা দি কেইদিনমান ঘৰত থকা অৱস্থাতে ‘লটিঘটি’ৰ ধাৰণাটো তেওঁৰ মনলৈ আহিছিল৷ কিছুদিন বিতং আৰু বিস্তৃতভাৱে চিন্তা চর্চা কৰাৰ পিছত তেওঁ কথাটো দেউতাকক জনালে৷ দেউতাকৰ লগতে লক্ষীনাথৰ মাক, ভায়েক আৰু ভনীয়েকেওঁ তেওঁ কৰিব খোজা কামটোত হাতেকামে ধৰিবলৈ উৎসাহ যোগালে৷ পৰিয়ালৰ সেই উৎসাহ আৰু দেউতাকৰ সাঁচতীয়া ধনৰ পৰা কিছু টকা লৈ তেওঁ ‘লটিঘটি’ৰ প্ৰাৰম্ভিক কামখিনি কৰিবলৈ গুৱাহাটীলৈ গুচি আহিল৷

লক্ষীনাথে ক’লে, ‘দেউতাৰ পৰা টকাখিনি লৈ গুৱাহাটীলৈ গুচি অহাৰ পৰা ‘লটিঘটি’ৰ লঞ্চৰ সময়লৈ মাজৰ সময়খিনি মোৰ বাবে জীৱনৰ বৰ কঠিন সময় আছিল৷ প্ৰাৰম্ভিক কামখিনি কৰিবলৈ লোৱাৰ কিছুদিনৰ পিছতে যেতিয়া দেউতাৰ পৰা অনা ধনখিনি লাহে লাহে শেষ হৈ আহিছিল তেতিয়া মই বৰ হতাশ হৈ পৰিছিলো৷ হতাশাৰ সেই সময়খিনিতো দেউতায়েই আহি মোৰ কাষত ঠিয় দিছিলহি৷ তাৰপিছত দেউতাই মোক এদিন গুৱাহাটীৰ পৰা ঘৰলৈ লৈ আহিল আৰু পিছদিনাই ‘অসম গ্ৰামীণ বিকাশ বেঙ্ক’ৰ আঁহতগুৰি শাখালৈ লৈ গ’ল৷ বেঙ্ক পৰিচালকৰ সৈতে পৰিচয়পর্বৰ পিছতে মই প্ৰধানমন্ত্ৰী মোডীৰ ‘মুদ্ৰা যোজনা’ৰ অধীনত ঋণ লাভ কৰাৰ বাবে উপযুক্ত বুলি তেখেতে জানিবলৈ দিলে আৰু কেইদিনমানৰ ভিতৰতে সামান্য কিছু আনুষ্ঠানিকতা সম্পূর্ণ কৰাৰ পিছতে মই সেই বেঙ্কৰ পৰা ৫০,০০০ টকাৰ ঋণ লাভ কৰিলো’৷

অনুষ্টুপীয়াকৈ ‘লটিঘটি’ আৰম্ভ কৰিবলৈ সেই টকাখিনিয়ে যথেষ্ট সহায় কৰা কথাটো লক্ষীনাথে স্বীকাৰ কৰি আমাৰ আগত প্ৰধানমন্ত্ৰীৰ মুদ্ৰা যোজনাৰো শলাগ ল’লে৷

ভবিষ্যৎ পৰিকল্পনা

ভবিষ্যতে অসমৰ হস্তশিল্পৰ লগতে চাৰু-কাৰু শিল্পক সামৰি ‘লটিঘটি’ক আৰু আগবঢ়াই নিয়াৰ ইচ্ছাৰ কথা ক’লে লক্ষীনাথে৷ তেওঁৰ পৰিকল্পনা বহু বিস্তৃত৷

মৰিগাঁৱৰ জৱাহৰ নবোদয় বিদ্যালয়ত পঢ়াৰ সূত্ৰে নৱম মান শ্ৰেণীৰ পৰাই অসমীয়া ভাষাটোৰ সৈতে যি লক্ষীনাথৰ সম্পর্ক নাছিল সেই লক্ষীনাথে কিয় অসমীয়া ভাষা আৰু সংস্কৃতিৰ প্ৰতি ইমান আকর্ষণ অনুভৱ কৰে সেই বিষয়ে জানিব খোজাত লক্ষীনাথে আমাক ক’লে যে শিক্ষকতা কৰা দেউতাকৰ পৰাই তেওঁ জাতিটোক ভাল পাবলৈ শিকিছে৷ তাৰোপৰি তেওঁ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাই সেই আঁহতগুৰি অঞ্চলতে জন্ম লোৱাৰ কথাটো কৈ উল্লেখ কৰিলে যে একে ঠাইতে জন্ম লোৱা বাবেই হয়তো সাহিত্য সম্ৰাট গৰাকীৰ প্ৰতি অন্তৰৰ কৰবাত তেওঁ গভীৰ এক টান অনুভৱ কৰে আৰু সেই টানটোৰ কাৰণেই হয়টো অসমীয়া জাতিৰ চানেকি সমূহক এৰি আন কিবা কৰাৰ কথা তেওঁ কাহানিও ভাবিব নোৱাৰ৷

‘ৰসৰাজ’ লক্ষ্মীনাথ বেজবৰুৱাক ষ্মৰণ কৰি লক্ষীনাথে আওঁৰালে, ‘আমি অসমীয়া নহওঁ দুখীয়া...’

আমি য়’ৰ ষ্ট’ৰী পৰিয়ালেও এই চেগতে আশা কৰিছো যে লক্ষীনাথ এই যাত্ৰাত সুদূৰৰ পৰা সূদুৰলৈ আগুৱাই যাব...

A student of Cinema...

Related Stories