অনলাইনৰ লগতে অফলাইন ক্ষেত্ৰখনতো গুৰুত্ব দিয়ক

অনলাইনৰ লগতে অফলাইন ক্ষেত্ৰখনতো গুৰুত্ব দিয়ক

Sunday November 20, 2016,

2 min Read

শ্বপক্লুজৰ মুকুটত জিলিকিছে কেইবাটাও মুকুতা । দ্বিতীয় আৰু তৃতীয় শ্ৰেণীৰ চহৰ সমূহৰ বজাল দখল কৰাৰ লক্ষ্যত ই সফলতাৰে উপনীত হৈছে । আজি ই দেশৰ এক আগশাৰীৰ ই কমাৰ্চ প্লেটফৰ্ম ।

"আমি লাখ লাখ ব্যৱসায়ী আৰু ক্ৰেতাক এখন মঞ্চ প্ৰদান কৰোঁ ।" শ্বপক্লুজৰ সহ প্ৰতিস্থাপক আৰু মূখ্য কাৰ্যবাহী বিষয়া সঞ্জয় শেঠীয়ে কয় ।

য়'ৰ ষ্ট'ৰীৰ মবাইল স্পাৰ্কছ ২০১৬ ত সঞ্জয়ে ই কমাৰ্চৰ জটিলতা আৰু ষ্টাৰ্টআপ পৰিবেশৰ বিষয়ে বিভিন্ন প্ৰশ্নৰ বিষয়ে বহু কথা কয় । 

আমেৰিকাৰ ই কমাৰ্চ ব্যৱসায়ৰ অনুকৰণত বেচিভাগ ভাৰতীয় ব্যৱসায় স্থাপিত হোৱাৰ মাজতে নিজকে পৃথক কৰি ৰখাৰ বিষয়ে তেওঁ কয়, 

"যেতিয়া আমি কিবা এটা কথা খুব ভালকৈ জানো বুলি ভাবোঁ তেতিয়া আমি বহু কথা ধৰি লোৱাৰ ফলতে আমাৰ ভুল হৈ যোৱাৰ সম্ভাৱনা থাকে । কোনোবাই এটা কাম আগতে কৰাৰ অৰ্থ এইটো নহয় যে একেধৰণে একেটা কাম কৰি আন এজনো সফল হ'ব ।" সঞ্জয়ে কয় ।
image


তেওঁ কয় যে প্ৰতিখন বজাৰ অগতানুগতিক আৰু প্ৰতিটো ব্যৱসায় বেলেগ ধৰণে ব্যৱসায় হয় । একেটা ব্যৱসায় মডেল দেশৰ সকলো ঠাইতে পুনৰাবৃত্তি কৰা সম্ভৱ নহয় আৰ এইদৰেই একোটা নতুন ব্যৱসায় আৰম্ভ হয় । যেতিয়া শ্বপক্লুজে ব্যৱসায় আৰম্ভ কৰিলে তেতিয়া ই দ্বিতীয় আৰু তৃতীয় শ্ৰেণীৰ চহৰসমূহৰ ওপৰত মনোযোগ দিলে আৰু ই এটা সম্পূৰ্ণ নতুন ই কমাৰ্ছ প্লেটফৰ্ম স্থাপন কৰিবলৈ সক্ষম হ'ল ।

এটা ব্যৱসায় আৰম্ভ কৰাৰ বাবে পুঁজিৰ প্ৰয়োজন সম্পৰ্কে তেওঁ কয় যে যোৱা কেইটামান দশকত পৰিস্থিতি সলনি হৈছে । সেই দিন এতিয়া নাই যেতিয়া অকল ডাঙৰ ব্যৱসায়ীসকলেহে একোটা ব্যৱসায় আৰম্ভ কৰিছিল । প্ৰযুক্তিৰ সহায়ত বিশাল ব্যৱসায় গঢ়ি তুলিছে বহু উদ্যমীয়ে ।

সঞ্জয়ে লগতে কয় যে ষ্টাৰ্টআপসমূহে ব্যৱসায় বঢ়াবলৈ অনলাইন আৰু অফলাইন সকলো উপায়ত গুৰুত্ব দিব লাগে । জি এছ টি, প্লাষ্টিক ধন ইত্যাদিৰ ওপৰত গুৰুত্ব দিয়াৰ লগে লগে অনলাই আন্তঃগাঠনি খুব দ্ৰুততাৰে প্ৰসাৰিত হৈ গৈছে কিন্তু ইয়েই একমাত্ৰ উপায় নহয় । 

"প্ৰযুক্তিৰ ক্ষেত্ৰত ভাৰত এক গুৰুত্বপূৰ্ণ স্তৰত আছে । ডেস্কটপ আৰু লেপটপ প্ৰযুক্তিৰ পৰা ম'বাইল প্ৰযুক্তিলৈ ভাৰত বহু দ্ৰুততাৰে আগবাঢ়ি হৈছে । মই উদ্যমীসকলক পৰামৰ্শ দিম যাতে তেওঁলোকে আজিৰ প্ৰযুক্তিত বিনিয়োগ কৰি ইয়াৰ লাভ ভৱিষ্যতে উপভোগ কৰক ।" সঞ্জয়ে কয় ।

( মবাইল স্পাৰ্কছৰ স্পনছৰসকল হৈছে- ছিকুইয়া কেপিটেল, ক্বোৱালকম ভেনচাৰছ, ভিমেক্স, শ্বপক্লুজ, মেপ মাই ইণ্ডিয়া, টাপজ' আৰু এপ ট্ৰেইনাৰ )

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

ম'বাইল ভিত্তিক ষ্টাৰ্টআপৰ বাবে মেক মাই ট্ৰিপৰ দীপ কালৰাৰ পৰামৰ্শ

য়'ৰ ষ্ট'ৰী #msparks 2016 ৰ দহটা উজ্জল নক্ষত্ৰ

ভাৰতত ব্যৱসায় কৰিবলৈ হলে ভাৰতৰ গ্ৰাহকক বুজিব লাগিব: ভিমেক্সৰ সহ-প্ৰতিষ্ঠাপক দীপক খুৰাণা

বি-মুদ্ৰাকৰণ: যিটো কথা সংবাদ মাধ্যমৰ চকুত নপৰিল