ষ্টার্ট আপ ক্ষেত্ৰত দেৰিকৈ সাৰ পাইছে ভাৰতে: ৰাষ্ট্ৰপতি

ষ্টার্ট আপ ক্ষেত্ৰত দেৰিকৈ সাৰ পাইছে ভাৰতে: ৰাষ্ট্ৰপতি

Saturday January 16, 2016,

4 min Read

ৰাষ্ট্ৰপতি প্ৰণৱ মূখার্জীৰ মতে ‘ষ্টার্ট আপ ইণ্ডিয়া’ অভিযানটো সূচনা কৰাত দেশে যথেষ্ট পলম কৰিলে আৰু সেই ভুলৰ দ্বায়িত্ব তেখেতে মূৰ পাতি লয়৷ ৰাষ্ট্ৰপতি গৰাকীয়ে নতুন দিল্লীত ‘চিলিকন ভেলি’ৰ চি.ই.অ. সকলৰ এটা প্ৰতিনিধি দলৰ সৈতে মত বিনিময় কৰোতে কয় যে ভাৰতত দেশৰ জনসাধাৰণৰ দৰিদ্ৰতা আৰু স্বাস্থ্যৰ দিশটো টনকিয়াল কৰিবলৈ দেশে পৰৱর্তী ১০ ৰ পৰা ১৫ বছৰত অতি কমেও ১০% হাৰত অর্থনৈতিক উন্নয়ন হবই লাগিব৷

ৰাষ্ট্ৰপতি গৰাকীয়ে এই আলোচনাকালত কয়, “নতুনকৈ শিল্পদ্যোগৰ বাবে আগবাঢ়ি অহা ব্যক্তিসকল এতিয়া যথেষ্ট আত্মবিশ্বাসী হোৱা বুলি আপোনালোকে সঠিকভাবেই উল্লেখ কৰিছে৷ তেওঁলোকে যে সঁচাকৈ কিবা এটা কৰিব খোজে সেয়া তেওঁলোকৰ শেহতীয়া কাম-কাজতেই প্ৰতিফলিত হৈছে৷ উদ্যোগৰ দ্ৰুত বিকাশৰ কাৰণে চৰকাৰে তেওঁলোকৰ সুবিধা হোৱাকৈ নতুন নতুন কর্মপদ্ধতি গ্ৰহণ কৰাৰ প্ৰয়োজনীয়তা আছে৷ দেৰিকৈ হলেও যে এই সিদ্ধান্তসমূহ এতিয়া লোৱা হৈছে সেইটোৱেই আমাৰ দেশৰ বিকাশৰ কাৰণে এটা সুখৰ খৱৰ বুলি মই ভাবোঁ৷”

তেখেতে লগতে কয় যে ষ্টার্ট আপ ইণ্ডিয়া অভিযানটোৱে আমাৰ দেশখনক তৃণমূল পর্যায়ৰ পৰা বিকশিত কৰিব পাৰিব৷

ছৱি – উইকীমিডিয়া কমনচ্

ছৱি – উইকীমিডিয়া কমনচ্


ক্ষুদ্ৰ উদ্যোগী সকলৰ সহায়ক হোৱাকৈ এটা বাতাৱৰণ তৈয়াৰ কৰাত পলম হোৱা বিষয়টো সন্দর্ভত ৰাষ্ট্ৰপতি গৰাকীয়ে কয় যে, “মই ইয়াৰ বাবে আনৰ ওপৰত দোষ জাপি দিব নোখোজো, কিয়নো মই নিজেই দীর্ঘদিন ধৰি চৰকাৰৰ দ্বায়িত্বপূর্ণ বিভাগৰ মন্ত্ৰী হিচাপে কার্যনির্বাহ কৰিছিলো৷ সেয়ে দেশৰ শিল্পদ্যোগৰ অনগ্ৰসৰতাৰ বাবে মই নিজকে জগৰীয়া কৰাটোৱেই উচিত হ’ব বুলি ভাবিছো”৷ উল্লেখযোগ্য যে প্ৰণৱ মূখার্জী ডাঙৰীয়া দীর্ঘদিন ধৰি পূর্বৰ ইউ.পি.এ. চৰকাৰৰ বিত্ত মন্ত্ৰীৰ দ্বায়িত্বত আছিল৷

মোডী ডাঙৰীয়াই এই পদক্ষেপ গ্ৰহণ কৰা কাৰণে তেখেতে প্ৰধানমন্ত্ৰী গৰাকীৰ শলাগ লয়৷ নিজৰ মন্ত্ৰীত্বৰ সময়চোৱাত শিল্পদ্যোগ সম্পর্কীয় চৰকাৰী নীতি-নিয়মৰ বিষয়ে উল্লেখ কৰি ৰাষ্ট্ৰপতি গৰাকীয়ে কয় যে, “সেই সময়ত ৰুগ্ন আৰু ক্ৰমে বন্ধ হ’ব ধৰা উদ্যোগ সমূহত আমি বহু অর্থ বিনিয়োগ কৰাৰ ফলত ভাৰতৰ ভগ্নপ্ৰায় অর্থনীতিটো আৰু বেছিকৈহে ভাঙি পৰিছিল৷

তেখেতে লগতে কয় যে, “ৰাজনৈতিক স্বাধীনতাৰ লগতে অর্থনৈতিক স্বাধীনতা নাথাকিলে ভাৰতৰ সাধাৰণ জনতাৰ উন্নতি সম্ভৱ নহ’ব”৷ লগতে তেখেতে দৃঢ়ভাৱে মত পোষণ কৰে যে পৰবর্তী ১০ ৰ পৰা ১৫ বছৰত ভাৰতে ১০% হাৰত অর্থনৈতিক উন্নয়ন কৰিব নোৱাৰিলে দেশৰ লক্ষ লক্ষ জনতাৰ মূলগত প্ৰয়োজন যেনে, শিক্ষা, স্বাস্থ্য, চাকৰি আৰু আন আন বুনিয়াদী সা-সুবিধাৰ যোগান ধৰাটো অসম্ভৱ হ’ব৷

দ্য ইন্দাছ অন্ট্ৰপ্ৰিনিঅৰছ আম্ব্ৰেলা (TiE) নামৰ প্ৰতিষ্ঠানটোৰ সৈতে যোৱা চি.ই.অ. সকলৰ সঁজাতি দলটোৱে ৰাষ্ট্ৰপতি গৰাকীক সাক্ষাৎ কৰা কালত তেখেতসকলে কয় যে তেওঁলোকে ভাৰততে পঢ়া-শুনা কৰিছে যদিও চিলিকন ভেলীৰ সৈতে জড়িত হোৱাৰ পিছতহে তেওঁলোকে ভালকৈ কিবা এটা কৰিব পৰা বুলি ভাবে৷ তেওঁলোকে এই যে কিবা এটা কৰিব পাৰিছে সেয়া কেৱল উদ্যোগৰ ক্ষেত্ৰত আমেৰিকা চৰকাৰৰ নীতিৰ কাৰণেই সম্ভৱ হৈছে৷ তেওঁলোকে লগতে ভাৰত চৰকাৰক শিল্পদ্যোগ বিষয়ত চৰকাৰী কাম-কাজত ৰঙা ফিটাৰ মেৰপেচ কমাবলৈ দাবি জনায়৷ তাৰ পৰিবর্তে তেওঁলোকৰ নিছিনা বিনিয়োগকাৰীক ৰঙাদলিছা পাৰি আমন্ত্ৰণ কৰা নীতি এটা ল’বলৈ তেওঁলোকে চৰকাৰক আহ্বান জনায়৷ সেয়ে হ’লে ভাৰতৰ ষ্টার্টআপ সমূহৰ প্ৰভূত উন্নতি হোৱাৰ লগতে দেশৰ অর্থনীতিও টনকিয়াল হ’ব বুলি তেওঁলোকে কয়৷

এই সঁজাতি দলৰ লোকসকলৰ মতামতৰ সৈতে সহমর্মীতা প্ৰকাশ কৰি ৰাষ্ট্ৰপতি গৰাকীয়ে ভাৰতীয় মূলৰ ন’বেল বঁটাৰে বিভূষিত লোকৰ উদাহৰণ দি কয় যে ভাৰতত আচলতে প্ৰতিভাৰ একেবাৰেই অভাৱ নাই৷ তেখেত কয়, “মই চৰকাৰক অধিক ধন বিনিয়োগ কৰিবলৈ কোৱা নাই, বৰঞ্চ মই কৈছো যে চৰকাৰে ভাৰতৰ এই মেধাবী লোকসকলৰ অধিক বিকাশত সহায়ক হোৱাকৈহে বিনিয়োগ কৰা উচিত”৷

তেখেতে লগতে উল্লেখ কৰে যে এতিয়া দিনৌ ৩ ৰ পৰা ৪ টা নতুন নতুন ষ্টার্টআপ গঠন হ’ব ধৰালৈ লক্ষ্য কৰি ভাৰতবর্ষই শেহতীয়াকৈ সঠিক দিশত আগবঢ়ি আগন্তুক দিনত আহিব পৰা সকলো প্ৰত্যহ্বানৰ মূখামূখি হ’বলৈ সাজু হোৱা বুলি ক’ব পাৰি৷

ষ্টার্টআপ গঠন আৰু ইয়াক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত বর্তমানে প্ৰচলিত থকা বিভিন্ন পাকখোৱা নীতি-নিয়ম বোৰ শিথিল কৰিবলৈ চি.ই.অ. সকলৰ এই সঁজাতি দলটোৱে আগবঢ়োৱা পৰামর্শটোত ৰাষ্ট্ৰপতি গৰাকীয়ে একমত প্ৰকাশ কৰাৰ লগতে ইয়াক সাদৰেৰে গ্ৰহণ কৰে৷

মৃতপ্ৰায় ষ্টার্টআপ সমূহকো শান্তিৰে মৰিবলৈ দিয়া উচিত বুলি সেই প্ৰতিনিধি দলটোৱে মত পোষণ কৰে৷ তেওঁলোকে কয় যে ১০০ টা ষ্টার্টআপৰ ভিতৰত ৬০ টায়েই মৃত্যুমূখত পৰাটো এটা তেনেই স্বাভাবিক কথা আৰু বাকী থকা ৪০ টাৰ ভিতৰৰে ১০ টা অৱস্থাও বৰ এটা ভাল নহ’ব পাৰে৷ কিন্তু বাকী থকা ৩০ টা ষ্টার্টআপে দেশৰ প্ৰগতিত উল্লেখযোগ্য অৰিহনা যোগাব বুলি তেওঁ দৃঢ়ভাৱে মত পোষণ কৰে৷

প্ৰতিনিধি দলটোৰ আন এজন সদস্যই কয় যে তেওঁলোকে আমেৰিকাত সেই দেশখনৰ নীতি নির্ধাৰণকাৰী সকলক ভাৰতৰ প্ৰতি আগতকৈ বেছি সহানুভূতি প্ৰদর্শন কৰিবলৈ সময়ে সময়ে প্ৰভাৱিত কৰি আহিছে আৰু ইয়াৰ ফলস্বৰুপেই বর্তমানে আমেৰিকাৰ সংসদত (US Congress) ভাৰতীয় বংশোদ্ভৱ লোকৰ সংখ্যা বাঢ়িব ধৰিছে৷ চি.ই.অ. সকলৰ বেছি সংখ্যকেই মত পোষণ কৰে যে তেওঁলোকে ভাৰতৰ বিভিন্ন আই.আই.টি. ত শিক্ষা গ্ৰহণ কৰাৰ পিছতো ভাৰতত কোনো সুবিধা নাপাই বিদেশলৈ কর্মসংস্থানৰ বাবে যাব লগা হৈছিল৷ ইয়াৰ বাবে তেওঁলোকে চৰকাৰৰ ভুল নীতিকেই জগৰীয়া কৰে৷

প্ৰেচ ট্ৰাষ্ট অৱ ইণ্ডিয়া