বহু হাজাৰ লোকৰ পানীৰ অভাৱ দূৰ কৰিছে অয়াপ্পাই

বহু হাজাৰ লোকৰ পানীৰ অভাৱ দূৰ কৰিছে অয়াপ্পাই

Friday December 30, 2016,

2 min Read

"পানী লাগে? মোক ফোন কৰক!" এয়া অয়াপ্পা মাজাগীৰ মন্ত্ৰ । ৱাটাৰ ডক্টৰ নামনে খ্যাত অয়াপ্পাই হাদাৰ হাজাৰ লোকৰ পানীৰ সমস্যা আঁতৰ কৰিছে । "শৈশবত মই পানীৰ বাবে বহু সমস্যাৰ সন্মূখিন হৈছিলো । তিনি বজাত উঠি পানী আনিবলৈ যাব লাগিছিল । তেতিয়াই মই শপত খাইছিলো যে মই ডাঙৰ হৈ এই সমস্যআৰ এটা সমাধান উলিয়াম । ২০০২ চনত মই মেকানিকেল ইঞ্জিনীয়াৰৰ চাকৰি এৰি দি ভাৰতৰ পানীৰ সমস্যআ সমাধানত মনোনিবেশ কৰিলো ।" তেওঁ কয় ।

Image: (L-R) Water Literacy Foundation ; Know Your Star

Image: (L-R) Water Literacy Foundation ; Know Your Star


অয়াপ্পাই কয় যে এবছৰত ভাৰতত হোৱা বৰযুণৰ মাত্ৰ ৩০ শতাংশও যদি জমা কৰা হয় তেনেহলে তাৰপৰা দেশখন তিনি বছৰ চলি যাব পাৰিব । ২০১৪ চনত তেওঁ অন্ধ্ৰ প্ৰদেশৰ খৰাং অঞ্চলত ৮৪ একৰ অনুৰ্বৰ মাটি ক্ৰয় কৰে । তেওঁ ঘোষণা কৰে যে এবছৰৰ ভিতৰত তেওঁ সেই ঠাইখিনি পানীৰে পৰিপূৰ্ণ কৰিব । আজি ইয়াত ২৫,০০০ বালি ভৰ্তি গাঁত আৰু চাৰিটা নতুন জলাশয়ত বৰষুণৰ পানী সংৰক্ষণ হয় । এই পানী প্ৰয়োজন অনুসৰি বৰৱেলেৰে আহৰণ কৰা হয় । 

আনহাতে ইয়াত খান্দি উলিউৱা হ্ৰদ কেইটাৰপৰা ওলোৱা মাটিৰে বনানীকৰণত সহায় হৈছে । ইয়াৰে ৬০ শতাংশ গছেৰে এখন অৰণ্য গঢ়ি উঠিছে আৰু ৪০ শতাংশ গছত হোৱা ফলেৰে উপাৰ্জনৰ পথ খোল খাইছে । অহা বছৰ ইয়াতে এখন ডেইৰী ফাৰ্মো আৰু জৈবিক বাগিছা খোলা হ'ব ।

অয়াপ্পাই তেওঁৰ সংগঠন ৱাটাৰ লিটাৰেচী ফাউণ্ডেচনৰ জৰিয়তে বহু লোকক প্ৰশিক্ষণ দিছে পানী সংৰক্ষণ সম্পৰ্কে সজাগতা আনিবলৈ । তেওঁৰ সৈতে বৰ্তমান ভাৰতৰ উপৰিও জাপান, জাৰ্মানী আৰু আমেৰিকাৰ ১০০ জন শিক্ষ৩নহীচে কাম কৰি আছে। তেওঁৰ মতে এটা সময়ত এই কাম সমগ্ৰ বিশ্ব জুৰি কৰিব পৰা যাব । 

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

একক প্ৰচেষ্টাৰে এখন অৰণ্য গঢ়ি তোলা এজন ব্যক্তি

‘আর্থিক নীতি – ভৱিষ্যতৰ লক্ষ্য’ : বিশেষজ্ঞ আৰু অর্থনীতিবিদসকলৰ সৈতে মত বিনিময় প্রধানমন্ত্রীৰ

সাঁচতীয়া ধনেৰে কুৱাঁ খান্দি এখন গাৱঁৰ বাবে পানী যোগান ধৰা এগৰাকী ৬০ বছৰীয়া মহিলা

বিয়াৰ খৰচ কমাই কৃষকৰ পৰিয়াললৈ দান দিয়া এক দম্পতি