সমস্যাৰ সৈতে যুঁজেই ৰাষ্ট্ৰীয় স্বীকৃতি আনিলে এজন গ্ৰাম্য উদ্ভাৱকলৈ

সমস্যাৰ সৈতে যুঁজেই ৰাষ্ট্ৰীয় স্বীকৃতি আনিলে এজন গ্ৰাম্য উদ্ভাৱকলৈ

Monday May 16, 2016,

3 min Read

বজাৰৰ পৰা কিনি অনা এটা যন্ত্ৰক লৈ সৃষ্টি হোৱা অসন্তুষ্টিয়েই তেওঁক উগদণি যোগাইছিল নিজাকৈ এটা উদ্ভাৱন কৰিবলৈ আৰু ইয়েই তেওঁলৈ আনি দিছিল ৰাষ্ট্ৰীয় স্বীকৃতি । 

যোৰহাটৰ জিলাৰ টিলিকিআম বেজ গাৱঁৰ বাসিন্দা নিপুল বেজবৰা । এটা কৃষিজীৱি পৰিয়ালত জন্ম নিপুল বেজবৰাই সৰুৰেপৰা নিজৰ পৰিয়ালৰ সদস্যসকলক দেখি আহিছ প্ৰয়োজন অনুসৰি বাঁহৰ সা-সামগ্ৰী নিৰ্মাণ কৰি লোৱা । সেই সূত্ৰে বাঁহৰ সা-সামগ্ৰী নিৰ্মাণ কৰাটো নিপুলৰ বাবে এটা বংশানিক্ৰমিক পৰম্পৰা । ব্যৱসায়িকভাৱে নহলেও উৎকৃষ্ট সা-সামগ্ৰী তৈয়াৰ কৰাৰ এই পৰম্পৰা অটুট ৰাখিছে নিপুলেও । শিশু কালৰে পৰা বাঁহৰ সা-সামগ্ৰী নিৰ্মাণ কৰাটো এটা অন্যতম চখ আছিল নিপুলৰ । ঘটনাক্ৰমে এটা চকুৰ দৃষ্টিশক্তি হেৰুৱালেও কিন্তু ইয়ে তেওঁক বাধা দিয়া নাছিল উৎকৃষ্ট সা-সামগ্ৰী নিৰ্মাণ কৰাৰ পৰা । কিন্তু পাৰম্পৰিকভাৱে বনাই উহা সা-সামগ্ৰীবোৰে যেন তেওঁক এটা সময়ত সন্তুষ্ট কৰিব নোৱৰা হ'ল । কিবা েটা নতুন কৰাৰ ইচ্ছাই যেন তেওঁক অহৰহ আমনি কৰিবলৈ ধৰিলে । লাহে লাহে তেওঁ হাত দিলে নতুন নতুন বস্তুৰ নিৰ্মাণত । 

image


নতুন বস্তু বোলোতে কোৱল মাত্ৰ নতুন আৰ্হিৰ আচবাবেই নহয়, কেতবোৰ আচহুৱা যেন লগা বস্তু নিৰ্মাণ কৰিবলৈ ধৰিলে তেওঁ। ইয়াৰ অন্যতম আছিল এখন বাঁহৰ ৰিক্সা । অৱশ্যে এই ৰিক্সাখন পাছত চুৰি হয়। এই ৰিক্সাখনৰ এখন ফটোহে এতিয়া আছেগৈ । সি যি কি নহওক, তেওঁলৈ ৰাষ্ট্ৰীয় স্বীকৃতি আহিল বেলেগ এটা ঘটনাৰ পৰা ।

image


ৰাষ্ট্ৰীয় স্বীকৃতি-

এটা চাউল জৰা যন্ত্ৰ বজাৰৰ পৰা কিনি অানি অশান্তিত পৰিছিল নিপুল আৰু তেওঁৰ ভাতৃ বিপুল । যন্ত্ৰটোৱে চাউলখিনি জৰাৰ পাছত আবৰ্জনাখিনি আৰ্তৰাবৰ সময়ত আহুকালত পৰিছিল তেওঁলোক । অৱশেষত এই সমস্যাৰপৰা মুক্তি পাবৰ কাৰণে তেওঁলোকে নিৰ্মাণ কৰিলে এখন বাৰ্হৰ ফেন । কেইবাবাৰো পৰীক্ষা নিৰীক্ষাৰ অন্তত অৱশেষত তেওঁলোকে ২০০২ চনত প্ৰস্তুত কৰি উলিয়ালে বাঁহেৰে নিৰ্মিত এখন ফেন । ইয়াৰ বাবে দুয়ো ভাতৃয়ে ২০০৫ চনত যুটীয়াভাৱে লাভ কৰিলে ৰাষ্ট্ৰীয় তৃণমূল উদ্ভাৱনী বঁটা । 

image


অৱশ্যে ৰাষ্ট্ৰীয় স্বীকৃতিয়ে অহংকাৰী কৰি তোলা নাই নিপুলক । অথবা স্বীকৃতিৰ আনন্দই তেওঁৰ কামৰ গতিও স্তব্ধ কৰা নাই । বৰঞ্চ দুগুণ উৎসাহেৰে কাম কৰি গৈছে নিপুল বেজবৰাই । এই ফেনখন ব্যৱহাৰ কৰি নিৰ্মাণ কৰিছে এটা সম্পুৰ্ণ চাউল জৰা যন্ত্ৰ যি এঘণ্টাত দহগৰাকী জাৰনীৰ কাম কৰিব পাৰে। 


image


অকল যন্ত্ৰই নহয় অন্যান্য সা-সামগ্ৰী যেনে টুপী, ছাতি, ফেন্সী লাইট, আচবাব ইত্যাদি  ইটোৰ পাছত সিটো বস্তু নিৰ্মাণ কৰি গৈছে নিৰ্মাণ কৰিছে নিপুল বেজবৰাই । এই সামগ্ৰীসমূহ যথেষ্ট জনপ্ৰিয় যদিও বিভিন্ন কাৰণত এই সামগ্ৰীসমূহ ব্যাৱসায়িকভাৱে নিৰ্মাণ কৰিব পৰা হোৱা নাই । দক্ষ সহায়কাৰীৰ অভাৱৰ লগতে আৰ্থিক সমস্যাৰ বাবে এই কামত হাত দিব পৰা নাই নিপুলে । কিন্তু অচিৰেই বৃহৎ পৰিসৰত এই কাম কৰাত আগ্ৰহী তেওঁ । নিপুল বেজবৰাৰ ভাষাত,

'মই বাঁহেৰে যিকোনো বস্তু নিৰ্মাণ কৰিব পাৰোঁ। মই নিজে ভাবি নোপোৱা কিবা বস্তুৰ কথাও যদি মোক কৈ দিয়ে অৰ্থাৎ প্ৰয়োজনটো বুজাই দিব পাৰে তেনেহলে মই সেই বস্তুটো বনাই দিব পাৰিম।'
image


বাঁহৰ সা-সামগ্ৰীৰ ঔদ্যোগিক সম্ভাৱনা

নিপুল বেজবৰাৰ মতে বাঁহৰ সামগ্ৰীৰ যথেষ্ট চাহিদা আছে । বিশেষকৈ বিদেশত এই সামগ্ৰীসমূহৰ চাহিদা যথেষ্ট বেছি । কিয়নো এই সামগ্ৰীসমূহ পৰিবেশ অনুকূল হোৱাৰ লগতে এইবোৰ যথেষ্ট সুল্দৰ । অৱশ্যে বাঁহৰ কাম কৰা মানুহৰ অভাৱ নাই যদিও তেওঁক কামত সহায় কৰিব পৰা মানুহৰ অভাৱৰ বাবে তেওঁ বিশাল পৰিসৰত এই কাম আৰম্ভ কৰিব পৰা নাই । লগতে তেওঁ আক্ষেপ কৰে যে এই কাম শিকিব খোজা মানুহৰো অভাৱ । অন্যথা তেওঁৰ কৌশলখিনি কামত খটুৱাই এক উদ্যোগ গঢ়ি তুলি বহুসংখ্যক লোকক কৰ্মসংস্থাপন দিয়াৰ বাট মুকলি কৰিব পৰা যায় ।

অৱশ্যে সকলোধৰণৰ বাধা নেওচি নিজৰ দক্ষতাৰে এক উদ্যোগ অচিৰেই গঢ়ি তোলাৰ ক্ষেত্ৰত আত্মবিশ্বাসী এই উদ্ভাৱকজন। নিশ্চিতভাৱে তেওঁৰ এই প্ৰয়াসে সফলতা লাভ কৰিলে ই অসমৰ অৰ্থনীতিতো যথেষ্ট ইতিবাচক প্ৰভাৱ পেলাব ।

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী 

গাড়ী চালকৰ পৰা বঁটা বিজয়ী উদ্যমীলৈঃ সাৰণ্যন শৰ্মাৰ প্ৰেৰণাময় যাত্ৰা

অসমৰ এখন সৰু চহৰৰ পৰা ৰুবৰু মিঃ ইণ্ডিয়ালৈ সঞ্জু ৰায়ৰ যাত্ৰা

কেৱল অসমৰ জাতি জনগোষ্ঠীৰ বাবে প্ৰথমটো মেট্ৰিমনিয়েল ছাইট subhabibah.com

ড্ৰাগছৰ বিৰুদ্ধে যুঁজত আছাম টকছৰ সৈতে য়'ৰ ষ্ট'ৰী