ভাৰত আৰু উৰুগুৱেৰ মাজত বন্ধুত্ব আৰু সীমা শুল্কৰ ক্ষেত্ৰত পাৰস্পৰিক সহযোগিতাৰ চুক্তিত কেবিনেটৰ অনুমোদন

ভাৰত আৰু উৰুগুৱেৰ মাজত বন্ধুত্ব আৰু সীমা শুল্কৰ ক্ষেত্ৰত পাৰস্পৰিক সহযোগিতাৰ চুক্তিত কেবিনেটৰ অনুমোদন

Thursday January 05, 2017,

2 min Read

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মেদীৰ পৌৰোহিত্বত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটৰ বৈঠকত ভাৰত আৰু উৰুগুৱেৰ মাজত বন্ধুত্ব আৰু সীমা শুল্কৰ ক্ষেত্ৰত পাৰস্পৰিক সহযোগিতাৰ চুক্তিত স্বাক্ষৰিত কৰাৰ বাবে অনুমোদন জনোৱা হয়।

সীমা শুল্কৰ ক্ষেত্ৰত হোৱা অপৰাধ নিৰ্মূলৰ বাবে প্ৰসঙ্গিক তথ্য লাভ তথা বিচাৰৰ ক্ষেত্ৰত এই চুক্তিয়ে সহায় কৰিব। এই চুক্তিয়ে দুয়োখন দেশৰ মাজত বাণিজ্যৰ সুবিধা কৰাৰ লগতে সামগ্ৰীৰ সৰবৰাহৰ ক্ষেত্ৰতো প্ৰয়োজনীয় নথি-পত্ৰ যোদানত সহায় কৰিব বুলি আশা কৰা হৈছে।

image


এই চুক্তিৰ আৰ্হিত সীমা শুল্কৰ লগত জড়িত বিভিন্ন প্ৰয়োজনীয় দিশ, বিশেষকৈ তথ্যৰ আদান-প্ৰদান, সীমা শুল্কৰ উচিত মূল্য নিৰ্দ্ধাৰণ, সামগ্ৰীৰ মূল্যায়ণৰ প্ৰমাণ-পত্ৰৰ সত্যতা আৰু দুয়োখন দেশৰ মাজত বাণিজ্যিকভাৱে আদান-প্ৰদান হোৱা সামগ্ৰীৰ সঠিক ব্যাখ্যাৰ প্ৰতি গুৰুত্ব দিয়া হৈছে।

পটভূমিঃ

লেটিন আমেৰিকাৰ বাণিজ্যিক খণ্ড মাৰকোজাৰ (MERCOSUR)ৰ সদস্য সকলৰ উপৰিও ভাৰত উৰুগুৱেৰ অন্যতম বাণিজ্যিক অংশীদাৰ। ভাৰতে মাৰকোজাৰৰ লগত বাণিজ্যিক বিশেষাধিকাৰৰ চুক্তিত স্বাক্ষৰ কৰিছিল যিখন ২০০৯ চনৰ ১ জানুৱাৰীৰ পৰা কাৰ্যকৰী হৈ আছে। ভাৰত আৰু উৰুগুৱেৰ মাজৰ বাণিজ্যই লাহে লাহে প্ৰসাৰ লাভ কৰিছে। এই চুক্তিয়ে কৰ বিষয়া সকলক আইনীভাৱে সীমা শুল্কৰ ক্ষেত্ৰত হোৱা অপৰাধ নিৰ্মূলৰ বাবে প্ৰসঙ্গিক তথ্য লাভ তথা বিচাৰ কৰাৰ ক্ষেত্ৰত সহায় কৰিব। দুয়োখন দেশৰ সীমা শুল্ক বিভাগৰ সন্মতি সাপেক্ষে এই প্ৰস্তাৱিত চুক্তিৰ আৰ্হি চূড়ান্ত কৰা হৈছে। 

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

ষ্টাৰ্ট-আপকে ধৰি বিভিন্ন বিষয় সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ সমূখত ধাৰণা উপস্থাপন তিনি সচিব গোটৰ

হোটেল-ৰেষ্টোৰাঁত সেৱা কৰ দিবলৈ বাধ্য নহয় গ্ৰাহক

চিকিউৰিটি গাৰ্ডৰ চাকৰিৰ পৰা চলচিত্ৰ জগতলৈ এৰে গৌড়াৰ উপন্যাসোপম যাত্ৰা

ইলেক্ট্ৰিচিয়ানৰ পুত্ৰ প্ৰিন্সে লাভ কৰিলে আমেৰিকাত বাস্কেটবল খেলাৰ জলপানি