৬০ টকাত ঘৰ চলোৱা এজন ব্যক্তি আজি কেইবা শ কোটি টকাৰ মালিক

৬০ টকাত ঘৰ চলোৱা এজন ব্যক্তি আজি কেইবা শ কোটি টকাৰ মালিক

Wednesday December 02, 2015,

5 min Read

'মোৰ ওচৰত একোৱেই নাই।মই এজন নি:স্ব ব্যক্তি।কিন্তু মই এজন ভাল মানুহ।' নিজকে কেৱল ভাল মানুহ হিচাপে পৰিচয় দিয়া ৰাজকুমা গুপ্তা সঁচা এনে এজন ব্যক্তি যি সাধাৰণ খাটিখোৱা মানুহৰ পৰা সম্প্ৰতী ৰিয়েল ইষ্টেট ক্ষেত্ৰখনৰ এটা পৰিচিত নাম হ'লগৈ। কিন্তু এই যাত্ৰাপথ সহজ একেবাৰে নাছিল।প্ৰথমতে বিফল হৈ তেওঁ সফল হোৱাৰ পাঠ আয়ত্ব কৰিছিল।

মাহিলী ৬০ টকা বেতনেৰে জীৱন সংগ্ৰাম আৰম্ভ কৰা ৰাজকুমাৰ গুপ্তাৰ সংগ্ৰাম আৰু সফলতাৰ কাহিনী যিকোনো মানুহৰ বাবেই অনুপ্ৰেৰণাদায়ক হব।কিয়নো এই কাহিনী এক সৎ পৰিক্ৰমাৰ কাহিনী।জীৱনত তেওঁ সদায় আনৰ কাৰণে ভালৰ চিন্তা কৰিছিল। জীৱিকাৰ বাবে সংগ্ৰাম কৰিবলগীয়া সময়তো তেওঁ পৰোপকাৰৰ চিন্তা কৰিছিল।২০০ বৰ্গফুটৰ এটা সৰু কোঠাত পৰিয়ালৰ সৈতে জীৱিকাৰ বাবে সংগ্ৰাম কৰিবলগীয়া সময়তো তেওঁ আৰ্তজনৰ সহায়ৰ কথা চিন্তা কৰিছিল। আৰু ইয়ে হৈ পৰিল তেওঁৰ সফলতাৰ গুপুত মন্ত্ৰ।

image


ৰাজকুমাৰ গুপ্তা।মুক্তি গ্ৰুপৰ প্ৰতিষ্ঠাতা তথা অধ্যক্ষ।১৯৮৪ চনত তেওঁ পশ্চিম বঙ্গৰ হুগলী জিলাত প্ৰথমটো আবাসিক এপাৰ্টমেন্ট নিৰ্মাণ কৰিছিল।সেয়াই আৰম্ভণী। পৰৱৰ্তী সময়ত বেঙ্গলত মাল্টিপ্লেক্স,আন্ত:ৰাষ্ট্ৰীয় হোটেল,লাউঞ্জ,ফাইন ডাইন ৰেষ্টুৰাঁৰ সৈতে ৰিয়েল ইষ্টেট ক্ষেত্ৰখনত অপ্ৰতিৰোধ্য প্ৰতিযোগী হিচাপে পৰিচিত হৈছিল।ৰিয়েল ইষ্টেটৰ খ্যাতনামা এইজন ব্যক্তিৰ নাম আপুনি কিন্তু জনপ্ৰিয় ছছিয়েল ৱেবচাইটত বিচাৰি নাপাব। সহজ সৰল জীৱন ধাৰণত বিশ্বাস কৰা ৰাজকুমাৰ গুপ্তাই আত্ম-প্ৰচাৰৰ পৰিৱৰ্তে ব্যৱসায় আৰু পৰোপকাৰ কাৰ্যক অধিক গুৰুত্ব দি আহিছে।

আৰম্ভণী

image


মই পঞ্জাৱৰ এটা অতি দৰিদ্ৰ পৰিয়ালত জন্মগ্ৰহণ কৰিছিলো যত মই শিক্ষা গ্ৰহণৰ বাবে সংগ্ৰাম কৰিবলগীয়া হৈছিল।তাৰপাছত মই কলিকতালৈ আহি মোৰ শিক্ষা সম্পন্ন কৰিলো।১৯৭৮ চনত মাত্ৰ ৬০ টকা দৰমহাৰে মই এটা কামত সোমাইছিলো।তাত কেইবছৰ মান কাম কৰি মই হিন্দুস্থান মটৰ্চলৈ আহিলো।এই কামটোত মই কিছু টকা সৰহকৈ পাইছিলো। পাঁচ-ছয় বছৰ তাত কাম কৰি মই ব্যৱসায়ৰ বহু কৌশল শিকিলো।পৰৱৰ্তী সময়ত মই নিজৰ ব্যৱসায় আৰম্ভ কৰিলো।

পৰোপকাৰৰ বাটেৰে সফলতা

মই এসময়ত ২০০ বৰ্গফুটৰ এটা কোঠাত পৰিয়ালৰ সৈতে জীৱন নিৰ্বাহ কৰিছিলো। কিন্তু এতিয়া মই যথেষ্ট স্বাৱলম্বী জীৱন যাপন কৰিছো।ইয়াৰ বাবে মই নিজৰ জীৱনক ধন্যবাদ দিব বিচাৰোঁ আৰু সেইসকলৰ বাবে কিবা এটা কৰিব বিচাৰোঁ যি মোৰ সমান ভাগ্যশালী নহয়।মই যেতিয়া মোৰ বন্ধুসকলৰ আগত মোৰ মনৰ ইচ্ছা ব্যক্ত কৰিছিলো তেতিয়া তেওঁলোকে মোৰ পৰিকল্পনা বাস্তৱ ৰূপায়ণ ইমান সহজ নহব বুলি কৈছিল।কিন্তু মই তেওঁলোকক বুজাইছিলো যে মই যেতিয়া কিছু ভাল জীৱন যাপন কৰি আছো, তেনেক্ষেত্ৰত মোতকৈ কম ভাগ্যশালী মানুহ সকলৰ কথা মই চিন্তা কৰা উচিত।আনক সহায় কৰাৰ ক্ষেত্ৰত এইটো জৰুৰী নহয় যে আপুনি ডাঙৰ সহায় কৰিব লাগিব। সৰু সৰু কামেৰেও মানুহক সহায় কৰিব পাৰি। মোৰ মনলৈ আহিছিল যে ৰেল ষ্টেশ্যনত বিশুদ্ধ খোৱা পানী পোৱা নাযায়। সেয়ে এজন মানুহক এটা মাটিৰ পাত্ৰত পানী ৰাখি তাত বহুৱাই দিছিলো।এই কামত বেছি খৰচো নাছিল আৰু মোৰ বন্ধুসকলেও মোক সহায় কৰিছিল।পৰৱৰ্তী পদক্ষেপ হিচাপে আমি দৰিদ্ৰ লোকৰ বাবে বিনামূলীয়া চিকিৎসাকেন্দ্ৰ আৰম্ভ কৰিলো।এইক্ষেত্ৰত আৰ্থিক কিছু খৰচ হৈছিল।এই খৰচ উলিয়াবলৈ আমি মানুহৰ পৰা পুৰণা ফাৰ্নিচাৰ লৈ মেৰামতি কৰিছিলো।এইদৰে আমি চিকিৎসাকেন্দ্ৰটো চলাই নিছিলো।এইদৰে সমাজ সেৱাৰ প্ৰতি মোৰ আগ্ৰহ বাঢ়িল আৰু মই বহু ভাল লোকৰ সংস্পৰ্শলৈ আহিলো।মই হস্পিটাল,এপাৰ্টমেন্ট,কম্প্লেক্স আদিৰ প্ৰজেক্ট তেওঁলোকক দেখুৱালো।এইদৰে সমাজ সেৱাই মোৰ ভাগ্যৰ পথ নিৰ্মাণ কৰিলে।

image


মুক্তি এয়াৰৱেজ: ভাঙি যোৱা এটা সপোন

মই জীৱনত কেতিয়াও খ্যাতি বিচৰা নাই।যেতিয়া ৰিয়েল ইষ্টেট ক্ষেত্ৰখনত মই আকৰ্ষণীয় প্ৰস্তাৱ পাইছিলো, মই আৰু কিছু ডাঙৰ কাম কৰিব খুজিছিলো।সেই সময়ত এছিয়াত এয়াৰলাইন আৰম্ভ হৈছিল আৰু মইও এই ক্ষেত্ৰত কিছু কৰিব বিচাৰিছিলো।মই নিজৰ এয়াৰলাইনছ আৰম্ভ কৰাৰ পৰিকল্পনা কৰিলো।

পৰিকল্পনা কৰাটো সহজ কাম আছিল। কিন্তু মই এৰোপ্লেনৰ বিষয়ে একো নাজানিছিলো।মই জানিব পাৰিছিলো যে প্লেন এয়াৰপৰ্টৰ পৰা উৰে, তেতিয়া মই এই বিষয়ে জানিবলৈ এয়াৰপৰ্টলৈ গৈছিলো।যেতিয়া মই এয়াৰপৰ্টৰ কাৰ্যালয়লৈ গৈ এয়াৰলাইনছ স্থাপনৰ পৰিকল্পনাৰ কথা কলো, মোৰ কথা শুনি সকলো আচৰিত হৈছিল।মই যিহেতু যিকোনো প্ৰকাৰে এই পৰিকল্পনা ৰূপায়ণৰ কথা ভাবিছিলো, গতিকে সেই সময়ত (১৯৯৪) বংগত এয়াৰলাইনছ স্থাপনৰ সিদ্ধান্তটো ভুল বুলি মই দেৰিকৈ বুজি পাইছিলো।কাৰিকৰী সমস্যাসমূহ সমাধানৰ বাবে উপযুক্ত বিষয়া থকাৰ উপৰি ইঞ্জিনীয়াৰ আৰু কাৰিকৰী বিষয়া সকলৰ এটা গোট আমি বনাইছিলো।

image


১৯৯৫ চনৰ এক জানুৱাৰী তাৰিখে মোৰ প্ৰকল্প জমা দিছিলো। সেইদিনাই টাটা ছিংগাপুৰৰ এটা ৰিপৰ্টো জমা দিছিল।মোৰ ৰিপৰ্টটো মন্ত্ৰণালয়ে মঞ্জুৰ কৰিলে কিন্তু টাটাৰ ৰিপৰ্টটো মঞ্জুৰ নহল।

মোৰ লাইচেন্স লোৱাৰ আগতে দিল্লীলৈ গৈ বিমান পৰিবহন মন্ত্ৰী গোলাম নবী আজাদক লগ কৰিলো।যেতিয়া মই সংযুক্ত সচিব শ্ৰী মিশ্ৰক লগ কৰিলো, তেওঁ মোক বুজালে যে মোৰ প্ৰস্তাৱটো কিমান জটিল।তেওঁ মোৰ দৰে এজন কাৰিকৰী জ্ঞান নথকা ব্যক্তিক লাইচেন্স দিবলৈ অস্বীকাৰ কৰিলে।মই তেওঁক মাত্ৰ এটা কথাই বুজাইছিলো যে মোৰ কাৰিকৰী জ্ঞান নাথাকিলেও মই এজন ভাল ব্যক্তি।মই কামৰ বাবে আন ব্যক্তিৰ সহায় লোৱাৰ লগতে টকাৰ যোগাৰ কৰিব পাৰিম।মোৰ এই সততাৰ দ্বাৰা প্ৰভাৱিত হৈ তেওঁ মোক লাইচেন্স দিলে।

আন্ত:ৰাষ্ট্ৰীয় বিমান নিৰ্মাণ কম্পেনী সমূহৰ লগত আমি ষেনেদৰে চুক্তি তথা কথা-বাৰ্তা পাতিছিলো সেয়া আমাৰ বাবে ডাঙৰ অভিজ্ঞতা আছিল।আৰম্ভণীতে ভাৰতীয় লোকসকলৰ প্ৰতি থকা ইউৰোপীয়ান লোকসকলৰ মনোবৃত্তি সহ্য কৰিবলগীয়া হৈছিল।তেওঁলোকে আমাক গুৰুত্বসহকাৰে লোৱা নাছিল। কিন্তু ব্যৱসায় সম্পৰ্কে তেওঁলোকৰ ধাৰণা স্পষ্ট হৈ যোৱাৰ পাছত কথাবোৰ সহজ হৈছিল।কিন্তু সপোন সফল হোৱাৰ বাটটে আছিল অপ্ৰত্যাশিত বাধা।এয়াৰলাইনছ আৰম্ভ কৰিবলৈ লোৱাৰ সময়তে হৰ্ষদ মেহতাৰ কেলেংকাৰীয়ে সমগ্ৰ ৰাষ্ট্ৰকে জোকাৰি গৈছিল।নতুন উদাৰবাদী অৰ্থনীতিত খেলি-মেলি আহি পৰিল।এই বাধাৰ প্ৰাচীৰৰ পৰা ওলাই অহা সম্ভৱ নহ'ল। মুক্তি এয়াৰৱেজ আকাশমাৰ্গলৈ উৰাৰ পূৰ্বেই মাটিতেই সপোন বিলীন হৈ গল।

অসফলতা আৰু হতাশা

এয়াৰলাইন:ৰ প্ৰকল্প সফল নোহোৱাত মই যথেষ্ট ভাগিপৰিলো।এই পৰিকল্পনা ৰূপায়ণৰ ক্ষেত্ৰত মই জীৱনৰ মূল্যবান সময় ব্যয় কৰিছিলো।এই সপোন ভাঙি পৰা কথাটোৱে মোক জোকাৰি গল।কেতিয়াবা মোৰ মনলৈ ভাৱ আহে যে মই যদি এইখিনি সময় ৰিয়েল ইষ্টেট ক্ষেত্ৰখনত ব্যয় কৰিলোহেতেন তেন্তে আজিৰ তাৰিখত মই এই ক্ষেত্ৰখনৰ সম্ৰাট হৈ থাকিলোহেতেন।

কিন্তু পিছলৈ ঘূৰি চালে মোৰ ভাৱ হয় সফলতাই আমাক আনন্দিত কৰে কিন্তু জীৱনত আগুৱাই যাবলৈ সহায় কৰে ব্যৰ্থতাইহে। যদি আমি এই অভিজ্ঞতাক কামত লগাব পাৰোঁ। মুক্তি এয়াৰৱেজৰ সপোনক মই এদিন নিশ্চয় বাস্তৱ ৰূপ দিম। কিন্তু বৰ্তমান মই যি পাইছো তাক লৈ যথেষ্ট সুখী।

image


জীৱনত যিসকলে কিবা এটা কৰিব খোজে

সফল হোৱাটো প্ৰশংসনীয়। কিন্তু আপুনি কেৱল নিজৰ কথা ভাবি জীৱনত কেতিয়াও সফল হব নোৱাৰে।এখন ডাঙৰ ছবিৰ এটা অংশ হিচাপে নিজক চোৱা উচিত।সেইটো কাম কৰা উচিত যাৰ এটা উদ্দেশ্য থাকে।আৰু সকলো কামেই হৃদয়ৰ পৰা কৰিব লাগে।সফলতাই আপোনাক কলৈ লৈ যাব গমেই নাপাব।


মূল:ৰতন নৌটিয়াল

অনুবাদ: পূবালী ভাগৱতী