প্ৰধানমন্ত্ৰী মোডীৰপৰা এজন উদ্যমীয়ে শিকিবলগীয়া কেইটামান কথা

প্ৰধানমন্ত্ৰী মোডীৰপৰা এজন উদ্যমীয়ে শিকিবলগীয়া কেইটামান কথা

Wednesday May 25, 2016,

4 min Read

২০১৪ চনত ব্যাপক ঢৌৰে ক্ষমতালৈ আহিছিল নৰেন্দ্ৰ মোডী নেতৃত্বাধীন বিজেপি চৰকাৰ । বিকাশ আৰু অৰ্থনৈতিক উন্নতিৰ শ্ল'গানৰ লগতে অভুতপূৰ্ব প্ৰচাৰ আৰু জনসম্পৰ্কৰক্ষী অভিযান আৰু সঠিক আঁচনিৰ সহায়ত স্পষ্ট সংখ্যগৰিষ্ঠতাৰে ক্ষমতালৈ আহিবলৈ সক্ষম হৈছিল মোডী । ৰাজনৈতিক দিশটোৰ উপৰিও গুজৰাটৰ মূখ্যমন্ত্ৰীৰপৰা ভাৰতৰ প্ৰধানমন্ত্ৰীলৈকে মোডীৰ এই যাত্ৰা নিশ্চয় চমকপ্ৰদ । এই চমকপ্ৰদ সাফল্যৰপৰা উদ্যমীসকলে কিবা শিক্ষা লব পাৰে নেকি ? 

image


এজন উদ্যমীয়ে নিজৰ হাতত উপলব্ধ সম্পদ সমূহৰ সদ্ব্যৱহাৰ কৰি একোটা লক্ষ্যত উপনীত হয় । সেই দৃষ্টিকোণৰপৰা ভাৰতৰ প্ৰধানমন্ত্ৰী মোডীৰপৰা উদ্যমীসকলে কেইটামান গুৰুত্বপূৰ্ণ পাঠ ল'ব পাৰে ।

মূখ্যমন্ত্ৰীত্বৰ সময়ৰ পৰা প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰালৈকে এই সময়ছোৱাত আমি মোডীৰ ৰাজনৈতিক কেৰিয়াৰ আৰু কাৰ্যপ্ৰণালী যদি লক্ষ্য কৰোঁ তেনেহলে এজন ৰাজনৈতিক নেতাৰ লগতে এজন সফল উদ্যমীৰ ছৱি এখনো আমাৰ চকুত ভাঁহি উঠে । তেওঁ সদায়ে গুৰুত্ব দি অহা এটা কথা হৈছে জনসম্পৰ্ক । যাক আন এক কথাত আমি কব পাৰোঁ 'ব্ৰেণ্ডিং'।জনসম্পৰ্কৰ বলতে এক শক্তিশালী 'ব্ৰেণ্ড' ইমেজ গঢ়ি তুলিছিল মোডীয়ে । আৰু এই ইমেজেই হৈছে তেওঁক নিজৰ ৰাজনৈতিক প্ৰতিদ্বন্দীসকলতকৈ বহুদুৰ আগুৱাই গৈ ভাৰতৰ দৰে এখন বিশাল দেশৰ প্ৰধানমন্ত্ৰী পদত অধিস্থিত হোৱাত সফলতা লাভ কৰা কাৰক সমূহৰ অন্যতম । প্ৰধানমন্ত্ৰী হোৱাৰ পাছতো 'মন কি বাত' আনুস্থানৰ যোগেদি মোডীয়ে এক শক্তিশালী জনসম্পৰ্কৰক্ষী অভিযান তথা ইমেজ সৃষ্টি আভিযান সফলভাৱে চলাই আহিছে । যাক আমি এক ধৰণৰ ব্ৰেণ্ডিং বুলিও ক'ব পাৰোঁ । আনকি গুজৰাটৰ মূখ্যমন্ত্ৰী হৈ থকা অৱস্থাতে তেওঁ গণৰাজ্য দিৱসৰ ভাষণৰ যোগেদি গুজৰাটৰ লগতে সমগ্ৰ ভাৰতৰ জনতাৰ সন্মূখত নিজকে প্ৰক্ষেপ কৰিছিল । সেইদৰে প্ৰধানমন্ত্ৰীৰূপে শপতগ্ৰহণৰ পাছত তেওঁ কৰা বিদেশ ভ্ৰমণকেইটাৰ যোগেদি নিজকে এটা আন্তৰাষ্ট্ৰীয় 'ব্ৰেণ্ড' হিচাপে যথেষ্ট কৌশলেৰে তেওঁ নিজকে প্ৰক্ষেপ কৰিছে । এটা ব্যাৱসায়িক প্ৰতিষ্ঠান বা এজন উদ্যোগীয়ে মোডীৰপৰা শিকিবলগীয়া এটা অন্যতম কথা হল এই 'ব্ৰেণ্ডিং' । নিজৰ প্ৰতিটো ভাষণ আৰু কাৰ্যৰ মাজেৰে তেওঁ নিজকে এটা বিশ্বস্ত 'ব্ৰেণ্ড' হিচাপে প্ৰক্ষেপ কৰিবলৈ চেষ্টা কৰি আহিছে । 

মোডীৰ কাৰ্যকালত ব্যৱসায়-বাণিজ্যৰ ওপৰত গুৰুত্ব আন এটা গুৰুত্বপূৰ্ণ দিশ যিটো উদ্যমীসকলৰ কাৰণে আটাইতকৈ গুৰুত্বপূ্ৰ্ণ এটা কথা । বিভিন্ন ক্ষেত্ৰত, বিভিন্ন সময়ত তেওঁৰ পদক্ষেপ সমূহ, যেনে সিদ্ধান্ত অথবা বিদেশ ভ্ৰমণসমূহৰ মাজত এটা কথাই সদায় গুৰুত্ব লাভ কৰি আহিছে আৰু সেইটো হল ব্যৱসায়ৰ প্ৰসাৰ । বাণিজ্যিক ক্ষেত্ৰখনৰ সূচল হোৱাকৈ লোৱা কেতবোৰ সিদ্ধান্তৰ উপৰিও ষ্টাৰ্টআপ ইণ্ডিয়াৰ দৰে পদক্ষেপে উদ্যোগজগতত নতুন দিগন্তৰ সূচনা কৰিছে ।

মোডীৰপৰা উদ্যমীসকলে শিকিবপৰা কথাবোৰ কি কি হ'ব পাৰে সেই সম্পৰ্কে য়'ৰ ষ্ট'ৰীয়ে মতামত গ্ৰহণ কৰিছিল ভাৰতৰ বিভিন্ন চহৰৰ উদ্যোগজগতৰ সৈতে জড়িত বিভিন্ন ব্যক্তিৰপৰা । 

মোডীৰ কাৰ্যপ্ৰণালী এটা কৰ্পৰেট প্ৰতিষ্ঠানৰ পৰিচালন সঞ্চালকৰ দৰে । তেওঁৰ প্ৰতিষ্ঠান হল দেশৰ শাসন ব্যৱস্থা। লগতে তেওঁ আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰেৰে অধিক সংখ্যক লোকৰ লগত সম্পৰ্ক ৰখাত গুৰুত্ব দিয়ে । আনহাতে প্ৰতিটো বিদেশ ভ্ৰমণ বা প্ৰতিটো পদক্ষেপতে কিন্তু বাণিজ্যৰ প্ৰসাৰৰ ওপৰত সদায় গুৰুত্ব দিয়ে ।- পংকজ গগৈ, ষ্টাৰ্টআপ পৰামৰ্শদাতা

মোডীৰ কাৰ্যপ্ৰণালীৰ মূল তত্বটো হৈছে সহজে উপলব্ধ সম্পদ সমূহৰ সহায়ত, মানৰ লগত আপোচ নকৰাকৈ কম দামত বস্তু অথব সেৱা উপলব্ধ কৰোৱা। -অঙ্গিম বেজবৰুৱা, মূল্য আৰু প্ৰৱন্ধন পৰামৰ্শদাতা

মোডী ভাৰতৰ আটাইটকৈ ডাঙৰ উদ্যমী, তেওঁৰ উদ্যম হৈছে ৰাজনীতি - চি ৰাজমোহন পিল্লাই, উদ্যোগপতি 

ষ্টাৰ্টআপ ইণ্ডিয়া আৰু য়ং ইণ্ডিয়া - এই ধাৰণা দুটাই নতুন পুঁজি আৰু বিনিয়োগক উৎসাহ দিব । ভাৰত অতি সোনকালে এক ব্যাৱসায়িক ৰাষ্ট্ৰত পৰিণত হ'ব । এতিয়া ব্যৱসায় আৰম্ভ কৰিব খোজা মানুহৰ সংখ্যা যথেষ্ট আৰু চৰকাৰেও তেনে লোকক উৎসাহ যোগায় । গতিকে ব্যৱসায়ী মহলক উৎসাহিত কৰিবলৈ প্ৰধানমন্ত্ৰীয়ে এয়া এক উল্লেখযোগ্য পদক্ষেপ লৈছে । - প্ৰশান্ত সাগৰ, যুৱ উদ্যমী 

প্ৰধানমন্ত্ৰীৰ আঁচনি সমূহ যদি ৰূপায়িত হয় তেনেহলে ভাৰতৰ বৃদ্ধি আমেৰিকা যুক্তৰাষ্ট্ৰ বা ৰাছিয়াৰ দৰেই হ'ব । ভাৰতৰ দৃষ্টিভঙ্গী সলনি হৈছে যেন ধাৰণা হৈছে । নজুন ব্যাৱসায়িক আঁচনি আৰু উৎসাহে বহু পৰিৱৰ্তন আনিব আৰু অচিৰেই ইয়াৰ ফল পোৱা যাব । - জয়প্ৰকাশ, চি ই অ', এগ্ৰিক' 

'যদি কোনো কাম সম্পূৰ্ণ অন্তঃকৰণেৰে কৰা হয় তেনেহলে যাদুকৰী সাফল্য লাভ কৰিব পাৰি ।' চি. কে ৰংগনাথন, কেভিন কেয়াৰৰ প্ৰতিস্থাতা আৰু অধ্যক্ষ 

ভৱিষ্যৎ দ্ৰষ্টা- সৰল অথচ সঠিক ভৱিষ্যমূখী দৃষ্টি, বিকেন্দ্ৰীকৰণ- লক্ষ্য স্থিৰ কৰা আৰু এই কাম কৰিবলৈ দায়িত্ব দিয়া গোটটোৰ ওপৰত ভৰষা ৰখা আৰু সম্পূৰ্ণ স্বাধীনতা দিয়া, নেতৃত্ব- এটা দলক সঠিকভাৱে নেতৃত্ব দিয়া. সম্পৰ্ক ৰক্ষা- গোলকীয় ধাৰা ভাৰতলৈ অনা আৰু এইবোৰৰ লগত সংগতি ৰাখি দক্ষতা বৃদ্ধিৰ ওপৰত গুৰুত্ব দিয়া , যোগোযগ- দেশৰ প্ৰতিজন মানুহৰ লগতে যোগাযোগ ৰাখিবলৈ চেষ্টা কৰা, সম্ভাৱনীয়তা- নেতা হিচাপে বিশ্বস্ততা দেশৰ বাবে ই সম্পদত পৰিণত হয় । শৰৎ বাবু, ফুড কিঙৰ প্ৰতিষ্ঠাতা ।

য'তে ইচ্ছা ত'তে বাট । ভাগ্যক ধিয়াই নাথাকি প্ৰত্যাহ্বনৰ মূখামূখী হোৱা । সফলতা হল ৯৯ শতাংশ পৰিশ্ৰম আৰু ১ শতাংশ অনুপ্ৰেৰণা - জগদীশ থক্কৰ, বিত্তীয় পৰামৰ্শদাতা । 

ডাঙৰকৈ চিন্তা কৰা আৰু ডাঙৰ ৰিস্ক লোৱা । ধৈৰ্য ৰখা কিন্তু আত্মবিশ্বাস্ৰে সৈতে । সৰু সুৰা কথাৰ ওপৰত গুৰুত্ব দিয়া আৰু নিজৰ শক্তি আৰু দুৰ্বলতাৰ পৰ্যালোচনা কৰি এটা বিকল্প আসৈতে আগবঢ়া - জয়দেৱসিং জাডেজা, বিত্তীয় বিশেষজ্ঞ

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

অসমৰ থলুৱা মাছ হ'ব পাৰে বৈদেশিক বাণিজ্যৰ এক অন্যতম উৎস

শোষিত মহিলাক সন্মানৰ জীৱন দিবলৈ যুঁজি যোৱা এগৰাকী যোদ্ধা সুনীতা কৃষ্ণন

গুৱাহাটীৰপৰা বাংগালুৰুলৈ ধাৰাবাহিক উদ্যমী ২২ বছৰীয়া ঋদ্ধিনীল ৰয়ৰ চমকপ্ৰদ যাত্ৰা

অসমত ষ্টাৰ্টআপ সংস্কৃতি গঢ়ি তোলাৰ প্ৰয়াস ষ্টাৰ্টআপ আছামৰ