এটিএম বিচাৰি হাবাথুৰি খোৱাৰ ফলত সৃষ্টি হোৱা এটা ব্যৱসায়ৰ লক্ষ্য ২৫০ কোটি টকা

২০১৫ চনৰ মে মাহৰ এটা দিন । প্ৰখৰ ৰ'দত বিপৰ্যস্ত চেন্নাইৰ জনজীৱন । সেই সময়ত কল্যাণ কাৰ্তিকে সদাশিবুনি চেন্নাইত সুলেখা ডট কমৰ কাৰণে কাম কৰিছিল । উৎকট গেলা গৰমৰ মাজত সেইদিনা তেওঁ কামলৈ বুলি ওলাই যাওঁতে তেওঁৰ গাড়ীখন বেয়া হ'ল । তিৰুৱংমিয়ুৰ অঞ্চলত তেওঁৰ গাড়ীখন বেয়া হৈছিল আৰু তাৰপৰা তেওঁৰ অফিচ আছিল বহু দূৰ । ওচৰে পাজৰে মেকনিক বিচাৰি বসহসময় হাবাথুৰি খোৱাৰ পাছত অৱশেষত তেওঁ পাইছিল এজন মেকানিক । আৰম্ভ হৈছিল মেৰমতিৰ কাম । মেকনিকে ক'লে যে গাড়ীখন মেৰামতি কৰিবলৈ কেইটামান যন্ত্ৰাংশৰ প্ৰয়োজন হ'ব যিকেইটা তেওঁৰ হাতত নাই । প্ৰচণ্ড গৰমত এইবাৰ সন্ধান চলিল গাড়ীৰ যন্ত্ৰাংশ বিক্ৰী কৰা দোকানৰ । মেকানিক আৰু তেওঁ দুয়ো খোজ কাঢ়ি কাঢ়ি গৈ এনে এখন দোকান পালে যদিও সেই যন্ত্ৰাংশ কিনিবলৈ তেওঁৰ হাতত নগদ ধন নাছিল । তেওঁৰ হাতত থকা ক্ৰেডিট কাৰ্ড বা ডেবিট কাৰ্ডেৰে ধন আদায় দিব পৰাকৈ দোকান কেইখনত কোনো আহিলা নাছিল । আকৌ প্ৰখৰ ৰ'দত খোজ কাঢ়ি সন্ধান চলিল এটিএমৰ । প্ৰথমটো এটিএম আছিল বিকল । দ্বিতীয়টোত ধন নাছিল । ইয়াৰ পাছত যিমান কেইটা এটিএমত তেওঁ সোমাল প্ৰতিটোৱেই হয়টো বিকল হৈ আছিল অথবা তাত টকা নাছিল । প্ৰখৰ ৰ'দ, গেলা গৰম আৰু ঘাম, বিৰক্তি, খং সকলোবোৰে বাৰুকৈয়ে জুৰুলা কৰিলে কল্যাণক । অৱশেষত এজন বন্ধুক তেওঁ ফোন কৰিলে সহায়ৰ বাবে । কম সময়ৰ ভিতৰতে বন্ধুজন নগদ ধনসহ আহি হাজিৰ হ'লহি । বন্ধুৰ পৰা পোৱা নগদ ধনৰ সহায়ত তেওঁ প্ৰয়োজনীয় যন্ত্ৰাংশ সমূহ কিনি লৈ গাড়ীখন মেৰামতি কৰিলে যদিও অফিচ গৈ পাওঁতে যথেষ্ট পলম হ’ল । বিৰক্তি আৰু অৱসাদে তেওঁক ইমানেই হেঁচি ধৰিছিল যে তেওঁ দিনটো ভালকৈ কামত মন বহাব নোৱাৰিলে । এটিএমৰ পৰা পইছা উলিয়াব নোৱাৰা কথাটো তেওঁ পাহৰিব পৰা নাছিল । এয়া তেওঁৰ প্ৰথম অভিজ্ঞতা নাছিল । এনেদৰে কেইবাবাৰো দোকানত নিজৰ ক্ৰেডিট কাৰ্ড বা ডেবিট কাৰ্ড ব্যৱহাৰ কৰিব নোৱাৰি এটিম বিচাৰি হতাশ হ’বলগীয়া হৈছিল তেওঁ । এই সমস্যাৰ বিষয়ে যেতিয়া তেওঁ তেওঁৰ বন্ধু সকলৰ লগত আলোচনা কৰিলে তেতিয়া তেওঁ আচৰিত হ’ল । অকল তেৱেঁই নহয়, তেওঁৰ প্ৰায়ভাগ বন্ধুৱেই এই সমস্যাৰ মূখামূখী হৈছিল । বন্ধুৰ সৈতে এনেকুৱা এটা আড্ডাতেই তেওঁ সিদ্ধান্ত ল’লে যে তেওঁ এই সমস্যা সমাধান কৰিবলৈ কিবা এটা কৰিব । কেইবাটাও আইডিয়া তেওঁৰ মনলৈ আহিল । বাল্যবন্ধু তথা স্কুলীয়া দিনৰ সহপাঠী নাগেন্দ্ৰ বাবু বিন্নুকোল্লুক তেওঁ নিজৰ আঁচনিৰ কথা কোৱাৰ লগে লগে নাগেন্দ্ৰ বাবু সাজু হ’ল তেওঁক সকলো ধৰণে সহায় কৰিবলৈ । তেওঁলোক দুয়ো বাল্যবন্ধু হোৱাৰ উপৰিও তেওঁলোকৰ চিন্তা-ধাৰা প্ৰায়েই মিলিছিল । কল্যাণৰ সৰু ভায়েক সন্দীপেও তেওঁৰ সৈতে সহযোগিতাৰ আশ্বাস দিলে । আন দুজন বন্ধু চন্দ্ৰশেখৰ ৰেড্ডি বোৰা আৰু পটনালা দিনেশ কুমাৰ ৰেড্ডিয়েও এই ব্যৱসায়ত সহযোগ কৰাৰ সিদ্ধান্ত ল’লে ।

এটিএম বিচাৰি হাবাথুৰি খোৱাৰ ফলত সৃষ্টি হোৱা এটা ব্যৱসায়ৰ লক্ষ্য ২৫০ কোটি টকা

Saturday July 30, 2016,

6 min Read

এইদৰেই পাঁচজন বন্ধু লগ হৈ গঠন কৰিলে এটা গোট । কল্যাণ, ছাই, নাগেন্দ্ৰ বাবু, চন্দ্ৰশেখৰ আৰু দিনেশে লগ হৈ আৰম্ভ কৰিলে এক যাত্ৰা । প্ৰথমে বজাৰ অধ্যয়ন । তাপ পাছত গৱেষণা, অনুসন্ধান আৰু অধ্যয়ন । আটাইকেইজনে লগ হৈ গ্ৰাহকৰ চাহিদা সম্পৰ্কেও অনুসন্ধান চলালে যাতে গ্ৰাহকৰ লগতে ব্যৱসায়ীৰ সমস্যাটোৰ বিষয়েও তেওলোকে জানিব পাৰে । এই অনুসন্ধানৰ বাবে তেওঁলোকে দ্বিতীয় আৰু তৃতীয় শ্ৰেণীৰ চহৰ নিৰ্বাচন কৰি ল’লে, বিশেষকৈ অন্ধ্ৰ প্ৰদেশ আৰু তেলেংগানাৰ চহৰ সমূহ । ইয়াৰ কাৰণ আছিল যে তেওঁলোক আটাইকেইজনেই তেলুগুভাষী আছিল । তেওঁলোকে হায়দৰাবাদ, বিজয়ৱাড়া, গুণ্টুৰ, ৱায়জেক, ৱাৰাঙ্গল, নিজামাবাদ, কৰিমনগৰ, আদিলাবাদ আদি চহৰৰ পৰিস্থিতি বুজিবলৈ যত্ন কৰিলে । এই সকলোবোৰ চহৰতে নগদ ধনৰ প্ৰচলন বেছি আছিল ।

ষ্টাৰ্টআপ দলৰ আটাইকেইজন সদস্যই আগতে বাঙ্গালুৰু, চেন্নাই আৰু অন্যান্য চহৰ সমূহত কাম কৰিছিল গতিকে ইয়াত নগদ ধনৰ সমস্যাৰ সৈতে তেওঁলোক পৰিচিত আছিল । এই সমস্যাৰ কেৱল সমাধান উলিউৱাই নহয়, ইয়াক এক সফল ব্যাৱসায়িক মডেলৰ ৰূপ দিবলৈও উঠি পৰি লাগি গ’ল তেওঁলোক ।

image


ইফালে গৱেষণা আৰু অনুসন্ধানত এই কথা স্পষ্ট হ’ল যে গ্ৰাহক আৰু ব্যৱসায়ী উভয়ে নগদ লেনদেনৰপৰা মুক্তি বিচাৰিছিল। বহু গ্ৰাহকে এই কথা বুজিবলৈ অসুবিধা পাইছিল যে ইন্টাৰনেট আৰু স্মাৰ্টফ’নৰ যুগতো কিয় বহুতো ব্যৱসায়ীয়ে ক্ৰেডিট কাৰ্ড বা ডেবিট কাৰ্ড ব্যৱহাৰ কৰাৰ কথা ভাবিবও নোখোজে । ইয়াৰ ফলত গ্ৰাহক আৰু বিক্ৰেতাৰ সম্পৰ্কতো বিৰূপ প্ৰভাৱ পৰিছিল । খুচুৰা পইছাৰ সমস্যাও আছিল । মাজে সময়ে খুচুৰা পইছাৰ অভাৱত ব্যৱসায়ীয়ে চকলেট একোটা ধৰাই দিছিল গ্ৰাহকক । গ্ৰাহক আৰু ব্যৱসায়ী উভয়ে এই সমস্যাবোৰৰ পৰা মুক্তি বিচাৰিছিল ।

এই অনুসন্ধান সম্পূৰ্ণ হোৱাৰ পিছত আহিল এটা প্ৰত্যাহ্বান । প্ৰযুক্তি ব্যৱহাৰ কৰি এটা এপ বনোৱাৰ প্ৰয়োজনীয়তা যিটো এপে গ্ৰাহক আৰু ব্যৱসায়ীক সংযুক্ত কৰি নগদ লেনদেনৰ সমস্যাৰ পৰা মুক্তি দিব পাৰে । অতি ক্ষিপ্ৰতাৰে তেওঁলোকে প্ৰস্তুত কৰিলে এটা এপ । এই এপটো পৰীক্ষা কৰি ইয়াৰ সমস্যা সমূহ দূৰ কৰা হ’ল আৰু বজাৰত মুকলি কৰিবৰ কাৰণে ইয়াক প্ৰস্তুত কৰা হ’ল ।

এপটোৰ নাম ঠিক কৰাক লৈও চলিল যথেষ্ট চিন্তা চৰ্চা । সন্ধান চলিল এনে এটা নামৰ যিটো সহজ আৰু যি নাম কোনেও নাপাহৰে । বহু চিন্তা-চৰ্চাৰ অন্তত ঠিক হ’ল - ক্লিক এণ্ড পে । ইয়াৰ দ্বাৰা এই কথাই বুজাবলৈ চেষ্টা কৰা হ’ল যে এই এপটোতেই এটা ক্লিকৰ সহায়ত ধন আদায় দিব পৰা যাব ।

আৰু এইদৰেই জন্ম হ’ল ক্লিক এণ্ড পে নামৰ এপটোৰ । তেওঁলোকে ছঅফিছ গ্লোবেল টেকন’লজীজ প্ৰাইভেট লিমিটেড নামৰ এটা কোম্পানী গঠন কৰিলে আৰু ব্যৱসায় আৰম্ভ কৰিলে । ক্লিক এণ্ড পে এই ধৰণৰ প্ৰথমটো এপ । এই এপটোক যিকোনো স্মাৰ্টফ’নত ডাউনল’ড কৰাৰ পাছত অনলাইন বা অফলাইন ষ্ট’ৰ, ৰেষ্টোৰাঁ আদিত ধন আদিয় দিবৰ কাৰণে ব্যৱহাৰ কৰিব পাৰি । ই নিৰাপদ হোৱাৰ লগতে ব্যৱহাৰ কৰিবলৈ যথেষ্ট সহজো । এই কাৰণেই ইয়াৰ সৈতে অতি কম সময়তে ২ হাজাৰতকৈও অধিক ব্যৱসায়ী জড়িত হৈ পৰিছে ।

এই এপটোৰ আৰ্হি প্ৰস্তুত কৰোঁতে লক্ষ্য ৰখা হৈছিল যাতে গ্ৰাহকৰ লগতে ব্যৱসায়ীৰো ইয়াৰ দ্বাৰা লাভ হয় আৰু ইয়াক দুয়ো পক্ষই সহজে ব্যৱহাৰ কৰিব পাৰে । এই এপৰ বিশেষত্ব এয়ে যে যিসকল ব্যৱসায়ী অনলাইন উপলব্ধ নহয় তেওঁলোককো সহায় কৰাৰ চেষ্টা চলোৱা হৈছে । পাঁচ বন্ধুৱে দাবী কৰে যে এই এপত থকা ব্যৱসায়ী সকল অনলাইন আহিলেও তেওঁলোক উপকৃত হ'ব । এই এপে ব্যৱসায়ী সকলক গ্ৰাহক সকলৰ সকলো ক্ৰয় অভ্যাস সম্পৰ্কেও তথ্য প্ৰদান কৰে । কোনজন গ্ৰাহকে কোন সময়ত কি কিনিলে সেই কথাও ব্যৱসায়ী সকলে জানিব পাৰে । এই এপটোত কাষ্টমাৰ ৰিলেশ্যনশ্বিপ মেনেজমেন্ট টুলৰ ব্যৱস্থা ৰখা হৈছে যাৰ দ্বাৰা গ্ৰাহকৰ সৈতে সম্পৰ্ক বজায় ৰখাৰ ক্ষেত্ৰত সহায়ক হয় । 

যদি গ্ৰাহকৰ সুবিধা আৰু লাভৰ কথা কোৱা হয় তেনেহলে ক্লিক এণ্ড পে কেৱল ধন আদায় দিয়াৰ মাধ্যম নহয় । ইয়াৰ জৰিয়তে কেতবোৰ বিশেষ সুবিধাও পোৱা যায় । ইয়াত বিভিন্ন আঁচনি আৰু লেনদেনৰ সকলো তথ্য পোৱা যায় । 

ভাৰতীয় মানুহে আজিও লগত নগদ ধন লৈ ফুৰে । সেইদৰে যিসকলৰ হাতত ক্ৰেডিট বা ডেবিট কাৰ্ড থাকে তেওঁলোকে বিভিন্ন সময়ত সমস্যাৰ সন্মূখীন হয় কাৰণ বহু ঠাইত ক্ৰেডিট বা ডেবিট কাৰ্ড গ্ৰহণ কৰা নহয় । একেদৰে ক্ৰেডিট বা ডেবিট কাৰ্ড থকা গ্ৰাহকৰ সংখ্যাও যথেষ্ট কম । সেয়েহে কিউ আৰ ক'ড, এছএমএছ, হোৱাটছএপ, ই-মেইল আদিৰ জৰিয়তে ধন আদায় দিয়াৰ সুবিধা ক্লিক এণ্ড পেই দিছে । গ্ৰাহকৰ সুবিধাৰ বাবে ইউনিফাইড পেমেন্ট ইন্টাৰফেচৰ সহায়ত ধন আদায়ৰ অন্যান্য সুবিধা প্ৰদান কৰাৰ প্ৰস্তুতিও চলাইছে ক্লিক এণ্ড পেই ।

প্ৰতিষ্ঠাপক সকলৰ সন্মূখত এতিয়া আটাইতকৈ ডাঙৰ প্ৰত্যহ্বান হ'ল অধিক সংখ্যক লোকৰ মাজত এই এপটোক জনপ্ৰিয় কৰা আৰু ইয়াৰ ব্যৱহাৰৰ বাবে সকলোকে আগ্ৰহী কৰি তোলা । ইয়াক অতি শীঘ্ৰেই দেশদুৰি প্ৰসাৰিত কৰাৰ বাবে আন্তঃগাঁঠনি আৰু মানৱ সম্পদ বিভাগৰ উন্নয়নৰো প্ৰয়োজন আছে । এই সকলোবোৰৰ বাবে বৃহৎ পুঁজিৰ প্ৰয়োজন । সেয়েহে তেওঁলোক এতিয়া বিনিয়োগকাৰীৰ সন্ধানত । 

image


প্ৰতিষ্ঠাপক সকলৰ বিশ্বাস যে তেওঁলোকৰ এপ আৰু ব্যৱসায় সমগ্ৰ দেশতে বৃদ্ধি হোৱাৰ যথেষ্ট সম্ভাৱনা আছে । ভাৰতত ৰিটেইল আৰু অফলাইনৰ বজাৰখন প্ৰায় ৬০ হাজাৰ কোটি টকাৰ এখন বজাৰ । অৰ্থাৎ বিশ্বৰ দ্বিতীয় বৃহত্তম বজাৰ । । এনেকুৱা এখন বৃহৎ বজাৰৰ সম্ভাৱনাও বৃহৎ । অকল হায়দৰাবাদতে ৪০ হাজাৰ বিভিন্ন ব্যাৱসায়িক প্ৰতিষ্ঠআন আছে । তেনে স্থলত মুম্বাই, বাঙ্গালুৰু, পুণেৰ বজাৰ সমূহত কি ধৰণৰ বৃহৎ সম্ভাৱনা আছে সেয়া সহজোই অনুমেয় । 

তেওঁলোকৰ পৰৱৰ্তী লক্ষ্য এই বছৰৰ শেষলৈ দক্ষিণ ভাৰতৰ সকলো ৰাজ্যত নিজৰ ব্যৱসায় বহলোৱা । লগতে উত্তৰ ভাৰততো তেওঁলোকে নিজৰ খোপনি সুদৃঢ় কৰিব খোজে । ২০১৬ চনৰ শেষলৈ তেওঁলোকৰ লক্ষ্য ১ লাখ গ্ৰাহকৰ লগতে ৪০ হাজাৰ ব্যৱসায়ীক সামৰি লোৱা । 

নাগেন্দ্ৰ বাবু, কল্যাণ কাৰ্তিক আৰু ছাই সন্দীপ

নাগেন্দ্ৰ বাবু, কল্যাণ কাৰ্তিক আৰু ছাই সন্দীপ


ডিজিটেল ইণ্ডিয়াৰ অধীনত বিশাল খেলুৱৈ ৰূপে বজাৰত পৰিচয় লাভ কৰিব খোজা এই পাঁচজন বন্ধুৰ লক্ষ্য অহা পাঁচ বছৰত দেশৰ লগতে বিদেশতো ব্যৱসায়ৰ প্ৰসাৰ ঘটোৱা । 

গুৰুত্বপূৰ্ণ কথা এয়ে যে এই প্ৰতিষ্ঠান ২৪-২৫ বছৰীয়া পাঁচজন যুৱকে স্থাপন কৰিছিল । ২৫ দিন তেওঁলোকে গৱেষণা চলাইছিল, ২৫ দিন এপটোৰ পৰীক্ষা নিৰীক্ষা চলাই তাক বজাৰত এৰিছিল । এপ মুকলি হোৱাৰ পাঁচ মাহৰ ভিতৰত পোৱা শিক্ষাৰ বলত অহা পাঁচ বছৰত তেওঁলোকে ২৫০ কোটি টকাৰ ব্যৱসায় কৰাৰ লক্ষ্য ৰাখিছে । 

নিজৰ ধাৰণাৰ ওপৰত তেওঁলোকৰ ইমানেই বিশ্বাস আছিল যে আটাইকেইজনেই শকত অংকৰ দৰমহাৰ চাকৰি এৰি এই ব্যৱসায়ত মন প্ৰাণ সঁপি দিছিল । এওঁলোকৰ এই প্ৰচেষ্টাক টি-হাবে সমৰ্থন দিছে । টি-হাবে ষ্টাৰ্টআপ ইনকিউবেটৰৰ কাম কৰে। দেশৰ বৃহত্তম প্ৰযুক্তিগত ইনকিউবেটৰ হৈছে টি-হাব । ( টি- হাব প্ৰতিষ্ঠাতা শ্ৰীনিৱাসৰ কাহিনী পঢ়ক ) হায়দৰাবাদৰ আই আই টি চৌহদত অৱস্থিত এই টি হাবে ষ্টাৰ্টআপ প্ৰতিস্থাতা সকলক বিনিয়োগকাৰীৰ আগত নিজৰ মত প্ৰকাশৰ সুবিধা দিয়ে । ষ্টাৰ্টআপ সকলক উদ্যোগ জগতৰ নেতাসকলৰ দ্বাৰা উপদেশ পৰামৰ্শ দিওৱাৰ ব্যৱস্থাও কৰে টি-হাবে । টি-হাবৰ বাবেই কল্যাণ, সন্দীপ, নাগেন্দ্ৰ বাবু, চন্দ্ৰশেখৰ আৰু দিনেশৰ সপোনবোৰে এতিয়া ডেউকা প্ৰসাৰিত কৰিছে ।

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী

বিদেশী ভাষা শিকাটো কেৰিয়াৰৰ বাবে কিয় লাভজনক

দেশৰ প্ৰথম মহিলা ট্ৰাকচালক য়োগিতা ৰঘুৱংশী

চৰকাৰী চাকৰি বাদ দি ব্যৱসায়ক আকোৱালি লোৱা এগৰাকী উদ্যমী

উদ্যমিতাৰে সফলতাৰ নতুন নতুন কাহিনী লিখি গৈছে শ্ৰীনিবাসে