এখন সৰু গাৱঁৰপৰা বিজ্ঞান জনপ্ৰিয়কৰণৰ অভিযান চলাইছে যুৱ উদ্ভাৱক ধ্ৰুৱজ্যোতিয়ে

এখন সৰু গাৱঁৰপৰা বিজ্ঞান জনপ্ৰিয়কৰণৰ অভিযান চলাইছে যুৱ উদ্ভাৱক ধ্ৰুৱজ্যোতিয়ে

Thursday August 11, 2016,

3 min Read

"মোৰ ঘৰ লক্ষীমপূৰ নগৰৰপৰা ৪৫ কিলোমিটাৰ দূৰৰ এখন ভিতৰুৱা গাঁৱত । দশম শ্ৰেণীলৈকে মই ইন্টাৰনেট ব্যৱহাৰ কৰি পোৱা নাছিলো । আমাৰ গাঁৱত এতিয়াও ইন্টাৰনেট সূচল নহয় ।" নিজৰ গাঁও পথালি পাহাৰৰ বিষয়ে এইদৰে কয় ধ্ৰুৱজ্যোতি কাকতিয়ে । ধ্ৰুৱজ্যোতিৰ সৰুৰেপৰা বিজ্ঞানৰ প্ৰতি ধাউতি আছিল আৰু নজনা কথা জানিবলৈ অহৰহ চেষ্টা কৰিছিল তেওঁ ।এনেকুৱা এখন ভিতৰুৱা গাঁৱত থকা স্বত্তেওবিভিন্ন কিতাপ পত্ৰ, কাকত আলোচনীৰ যোগেদি নিজৰ প্ৰজ্ঞাৰ পৰিসৰ বৃদ্ধি কৰিবলৈ সদায় চেষ্টা চলাই গৈছিল তেওঁ । সেয়েহে এই সকলোবোৰ বাধা স্বত্তেও ধ্ৰুৱজ্যোতি নবম শ্ৰেণীত থাকোঁতে ২০১১ চনত ৰাজস্থানত অনুস্থিত ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহলৈ অসমৰপৰা নিৰ্বাচিত হৈছিল । এই কথাই অধিক উৎসাহিত কৰিছিল ধ্ৰুৱজ্যোতিক আৰু তেওঁ সংকল্প লৈছিল নিজৰ ঠাইখনত বিজ্ঞান শিক্ষা জনপ্ৰিয় কৰাৰ । তেওঁ থকা ঠাইত বিজ্ঞানৰ কিতাপ পত্ৰ পাবলৈ বৰ সহজ নহয় আৰু পালেও বহুতে সেইবোৰ কিনিব নোৱাৰে । সেয়েহে তেওঁ ভাবিছিল এই ক্ষেত্ৰত কিবা এটা কৰাৰ কথা । এই প্ৰসঙ্গত বহুতৰে লগত আলোচনা কৰাৰ পাছত ২০১৬ চনত তেওঁ প্ৰকাশ কৰে হৰিৎকণা নামৰ এখন দুমহীয়া বিজ্ঞান আলোচনী ।

"মোৰ কোনো টকাৰ উৎস নাই । তথাপি মই বেংক একাউন্ট খুলি টকা জমা কৰি আহিছিলো আৰু জমা কৰা ২৫০০ টকাৰ লগতে বন্দু বান্ধৱৰ সহায়ত মই এই আলোচনীখন আৰম্ভ কৰোঁ । কলেজৰ ক্লাছ শেষ হোৱাৰ পাছত চাইকেল অথবা ৰিক্সাত মই প্ৰেছলৈ গৈ সন্ধিয়ালৈ তেওঁলোকৰ লগত কাম কৰোঁ । ছাত্ৰ হিচাপে টকা আৰু সময়ৰ অভাৱ আৰু নিৰ্দিষ্ট প্ৰেছৰ অভাৱ স্বত্তেও মই এই আলোচনীখন উলিয়াই নি থাকিবলৈ আগ্ৰহী।" 

ইতিমধ্যে কেইবাটাও উদ্ভাৱনেৰে তেওঁ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে । ইয়াৰে কেইটামান কৃষকৰ সহায়ক হোৱা সজুলি । অতি শীঘ্ৰেই কৃষক সকলক ব্যাৱসায়িক আৰু প্ৰযুক্তিগত সহায়ৰ বাবে এক মঞ্চ গঢ়ি তুলিবলৈও পদক্ষেপ হাতত লৈছে ধ্ৰুৱজ্যোতিয়ে । 

image


অসমীয়া এই বিজ্ঞান আলোচনীখন প্ৰকাশৰ ক্ষেত্ৰত প্ৰাক্তন ৰাষ্ট্ৰপতি এপিজে আব্দুল কালমৰ দ্বাৰা অনুপ্ৰাণিত হোৱা বুলি তেওঁ কয় । "ড° কালামৰ এষাৰ কথা মোৰ কাণত এতিয়াও বাজি থাকে । তেওঁ কৈছিল যে আজিৰ দিনত বিজ্ঞান প্ৰযুক্তি সম্পৰ্কে জানিবলৈ ইংৰাজী জ্ঞান অপৰিহাৰ্য । কিন্তু অদুৰ ভৱিষ্যতে এনে এটা দিন আহিব যেতিয়া ভাৰতীয় ভাষাত এইবেৰ লিখনী উপলব্ধ হ'ব । তেওঁৰ এই কথাই মোক উৎসাহিত কৰি আহিছে ।"

এই পত্ৰিকাখনৰ সম্পাদকৰ দায়িত্বত থকা ধ্ৰুৱজ্যোতি কাকতিৰ উপৰিও সহঃ সম্পাদক মানস প্ৰতিম চেতিয়া আৰু শুভ্ৰজিৎ খাউণ্ড, প্ৰচাৰ সম্পাদক নিতিশ কুমাৰ দুৱৰা, বিতৰণ আৰু প্ৰচলনৰ দায়িত্বত থকা উদিত ফুকন আৰু ইমৰাণ হুছেইন আটাইকেইজনেই ছাত্ৰ । 

image


"যিকোনো লোককে আমি এজেণ্ট আৰু সাংবাদিক হিচাপে সাদৰৰে স্বাগতম জনাম । আমি বিচাৰো যে অসমীয়া ভাষাৰ মাধ্যমেৰে বিজ্ঞান জনপ্ৰিয় হওঁক। কামটো সহজ নহয় যদিও অসম্ভৱো নহয়। আঞ্চলিক ভাষাৰে বিজ্ঞানক জনপ্ৰিয় কৰিব বিচৰা ডঃ কালামৰ সপোনক লৈ আমি আশাবাদী।" ধ্ৰুৱজ্যোতিয়ে কয় ।

image


এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী

ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন উদ্ভাৱক স্বপ্ননীল তালুকদাৰৰ বাবে এলাহেই আছিল উদ্ভাৱনৰ মূল

উপলুঙাৰ উত্তৰ দিবলৈ আৰম্ভ হৈছিল গুৱাহাটী ফুডি

ষ্টিফেন হকিঙৰ আৰ্হিত কণ্ঠস্বৰেৰে নিয়ন্ত্ৰণ কৰিব পৰা হুইল চেয়াৰ নিৰ্মাণ কৰা এজন ছাত্ৰ

উদ্যমিতাক উদগনি যোগোৱাৰ লক্ষ্যৰে ডাউন টাউন ভেন্সাৰ লেবছ