কৰ্মচাৰীক ৪০০ ফ্লেট আৰু ১২৬০ খন গাড়ী দেৱালীৰ বানচ হিচাপে দিয়া এজন ব্যৱসায়ী

কৰ্মচাৰীক ৪০০ ফ্লেট আৰু ১২৬০ খন গাড়ী দেৱালীৰ বানচ হিচাপে দিয়া এজন ব্যৱসায়ী

Sunday October 30, 2016,

2 min Read

চুৰাটৰ ব্যৱসায়ী সজীৱ ঢোলকীয়া তেওঁৰ কৰ্মচাৰীক দেৱালীৰ চমকপ্ৰদ উপহাৰ দিয়াৰ বাবে বিখ্যাত । হৰে কৃষ্ণ এক্সপৰ্টছ নামৰ হীৰা আৰু বস্ত্ৰ ৰপ্তানি প্ৰতিষ্ঠানটোৰ মূৰব্বী ঢোলকীয়াই এই বছৰ সকলো জল্পনা কল্পনা চেৰাই গৈ তেওঁৰ কৰ্মচাৰীসকলৰ মাজত দেৱালীৰ বানচ হিচাপে ৪০০ ফ্লেট আৰু ১,২৬০ খন গাড়ী উপহাৰ দিয়ে । 

Image : (L) - DNA; (R) - Rediff

Image : (L) - DNA; (R) - Rediff


আমি ১৭১৬ গৰাকী কৰ্মচাৰীক এইবাৰ বাচি উলিয়াইছো । যিসকল ইতিমধ্যে গাড়ী আছে তেওঁলোকে ঘৰ আৰু যিসকলৰ গাড়ী নাই তেওঁলোকে গাড়ী পাইছে । উল্লেখযোগ্য যে এই বছৰ কোম্পানীটোৰ সোণালী জয়ন্তী বৰ্ষ ।

সৰ্বমূঠ ৫১ কোটি টকা বানছত ব্যয় কৰিছে প্ৰতিস্থানটোৱে । অহা পাঁচ বছৰলৈ কোম্পানীটোৱে ঘৰ আৰু গাড়ীৰ ই এম আইৰ এটা অংশ, ৫০০০ টকা ব্যয় কৰিব । কৰ্মচাৰীয়ে 'কাকা' নামেৰে সম্বোধন কৰা ঢোলকীয়াই কয়, "এই ফ্লেটবোৰ ১৫ লাখ টকাত পোৱা যাব আৰু ইয়াৰ ই এম আই হ'ব ১১০০০ টকা ।"

হৰো কৃষ্ণ এক্সপ'ৰ্টছত ৫,৫০০তকৈও অধিক লোকে কাম কৰে আৰু ইয়াৰ বাৰ্ষিক টাৰ্ণ অভাৰ ৬,০০০ কোটি । যোৱা বছৰ এই প্ৰতিষ্ঠানটোৱে ৪৯১ খন গাড়ী আৰু ২০০ ফ্লেট বানছ বিচাপে বিতৰণ কৰিছিল । "আমি হীৰা পলিছ কৰাসকলক কৰ্মচাৰী বুলি নাভাবোঁ । তেওঁলোক আমাৰ পৰিয়ালৰ অংশ ।" সজীৱে কয় ।

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

ৰোগীৰ মৃত্যুৱে 'ট্ৰেফিক মেন'ত পৰিণত কৰিলে এজন চিকিৎসকক

গৱেষণা ক্ষেত্ৰখনত অসমৰ ছাত্ৰ-ছাত্ৰীৰ বাবে প্ৰচুৰ সম্ভাৱনা কঢ়িয়াই আনিছে এডুপেকডে

জীৱনৰ প্ৰতিটো খোজত বিফলতাই গঢ় দিয়া এজন সফল উদ্যমী 

অভিনয়ৰে জীৱন ৰঙীন কৰা শিল্পীগৰাকী