কাশ্মীৰে অনুপ্ৰাণিত কৰা শ্ববনম তন্ত্ৰীৰ নাৰী সৱলীকৰণৰ মন্ত্ৰ - টেণ্ট জুৱেলাৰী

মূল- জেছি ৰুথ চেৰিয়ান

কাশ্মীৰে অনুপ্ৰাণিত কৰা শ্ববনম তন্ত্ৰীৰ নাৰী সৱলীকৰণৰ  মন্ত্ৰ - টেণ্ট জুৱেলাৰী

Thursday October 20, 2016,

3 min Read

"যিটো কথা ভাৰত তথা সমগ্ৰ বিশ্বৰ মানুহে জনাটো উচিত বুলি মই ভাবোঁ সি হৈছে- অসম্ভৱ বোলা কোনো বস্তু নাই, পৰিৱেশ যিমানেই প্ৰতিকুল নহওক কিয় আগবাঢ়ি যাবই লাগিব নিজৰ সমগ্ৰ নিষ্ঠা আৰু একাগ্ৰতাৰে । যদি তোমাৰ মনত কিবা এটা কৰাৰ আগ্ৰহ আছে- সেই আগ্ৰহক পূর্ণতা প্ৰদান কৰিবলৈ সমগ্ৰ ব্ৰহ্মাণ্ডই সহায় কৰিব।" এয়া টেণ্ট জুৱেলাৰীৰ উপ-প্ৰতিষ্ঠাপিকা শ্বৱনম তন্ত্ৰীৰ ভাষ্য।

image


২০১৩ বর্ষত তেওঁ কে.ই.ক’ৰ প্ৰতিষ্ঠাপকসকলক লগ পায় আৰু তেওঁলোকৰ পৰা আর্থিক সহায্য লাভ কৰাৰ পিছত শ্বৱনমে টেণ্ট জুৱেলাৰী নতুনকৈ আৰম্ভ কৰে।সমসাময়িক অলংকাৰ ডিজাইন কৰাৰ শ্বৱনমৰ যি হাবিয়াস সেই হাবিয়াসে পূর্ণতা লাভ কৰিবলৈ আৰম্ভ কৰে। শ্বৱনমৰ নিজস্ব এখন বিপণী আৰু লগতে অনলাইনভাৱে ব্যৱসায়টো আগবঢ়াই নিয়াৰ প্ৰবল হেঁপাহ আছে ।

মুম্বাই (মহাৰাষ্ট্ৰ)ৰ "ৱর্লী মহোৎসৱ"ত শ্বৱনমৰ বিপণীয়ে প্ৰবল সমাদৰ লাভ কৰে। তেওঁ নিজৰ উদ্যোগত গহনা নির্মাণৰ ক্ষেত্ৰত প্ৰদর্শনী তথা কর্মশালা অনুষ্ঠিত কৰে। তাৰোপৰি ৰাজস্থান বা আমেৰিকাৰ পৰা যি সকলে তেওঁৰ লগত সংযোজিত হৈ এই শিল্পত মনোনিবেশ কৰিব বিচাৰে, তেওঁলোকৰ লগত কাম কৰাৰ আগ্ৰহ প্ৰকাশ কৰিছে। যিকোনো মহিলা যিয়ে গহনা শিল্পৰ প্ৰশিক্ষণ ল’ব বিচাৰে তেওঁলোকে তেওঁৰ লগত কাম কৰিব পাৰিব তথা সামগ্ৰী বিক্ৰীৰ ৩০% লাভ কৰিব বুলি শ্বৱনমে মন্তব্য কৰে। সামগ্ৰী বিক্ৰীৰ পৰা হোৱা আয়ৰ ৫% স্বেচ্ছাসেৱী অনুষ্ঠান তথা মহিলা আত্মসহায়ক গোটলৈ যায় যি সকলে কাশ্মীৰ তথা গ্ৰাম্যাঞ্চলৰ নাৰীসকলৰ জীৱন প্ৰণালী উন্নতী কৰণত মনোনিবেশ কৰি আহিছে। টেণ্ট জুৱেলাৰীত মনোনিবশ কৰাৰ আগতে শ্বৱনমে কাশ্মীৰ আৰু মুম্বাইত স্বেচ্ছাসেৱী অনুষ্ঠানত কর্মৰত আছিল। শ্বৱনম মুম্বাই বিশ্ববিদ্যালয়ৰ পৰা Sociology বিভাগত স্নাতকোত্তৰ অর্হতাপ্ৰাপ্ত।

“তোমাৰ যি কথা/কামত বিশ্বাস আছে সেই কাম কৰাটো খুবেই মহত্বপূর্ণ, ঠিক যি দৰে নিজৰ প্ৰমূল্যখিনিৰ বাবে থিয় দিয়াটো। টেণ্ট জুৱেলাৰী মহিলাসকলৰ বাবে মহিলা সকলৰ দ্বাৰা। ই এনেকুৱা এটা সংস্থা যিয়ে নাৰী সৱলীকৰণত অহৰহ গুৰুত্ব প্ৰদান কৰি আহিছে। ভাৰতৰ যিকোনো স্থানৰ নাৰীসকলৰ লগত সংযোজিত হোৱাটো মোৰ বাবে খুবেই গুৰুত্ত্বপূর্ণ”- শ্বৱনমে এইদৰে সদৰি কৰে। দুখ, জয়-পৰাজয়ৰ বাস্তৱিকতাৰে পূর্ণ এই জীৱনত শ্বৱনম কাশ্মীৰ আৰু মুম্বাইৰ দৰে দুখন ভিন্ন স্থানৰ লগত সংযোজিত।

কাশ্মীৰত ডাঙৰ-দীঘল হোৱা শ্বৱনমে ১৪ বছৰ বয়সতে উচ্চ শিক্ষাৰ বাবে মুম্বাইলৈ গুচি যায়। ২০০৬ বর্ষত শ্বৱনমৰ পিতৃয়ে উগ্ৰপন্থীৰ হাতত প্ৰাণ হেৰুওৱাৰ পিছত গোটেই পৰিয়ালটো দিশহাৰা হৈ পৰে। পিতৃক স্মৰণ কৰি তেওঁ কয়- “সেই সময়ত গোটেই সৰগখন ভাগি পৰা যেন লাগিছিল। আমাৰ সকলোখিনি তেওঁতেই আদি আৰু তেওঁতেই অন্ত আছিল।” শ্বৱনমৰ পিতৃ শক্তি বিভাগৰ এজন অভিযন্তা আছিল। তেখেত নিজেই এজন মানৱতাবাদী আছিল। তেখেতৰ শ্ৰীনগৰত এখন বিদ্যালয় আছিল। বিবাহৰ আগতে তেখেতে খ্ৰীষ্টান ধর্ম গ্ৰহণ কৰিছিল।

তেখেতলৈ প্ৰায়ে ভাবুকি আহিছিল- কাশ্মীৰ এৰি যাবলৈ কোৱা হৈছিল। কিন্তু তেখেতে নিজৰ মনটোৰ কথাহে শুনিলে- “মোৰ পিতৃ এজন স মানুহ আছিল। তেখেতে শিক্ষা আৰু শিক্ষাৰ দ্বাৰা সৱলীকৰণত বিশ্বাস কৰিছিল। মোৰ জীৱন তেখেতৰ দ্বাৰা অনুপ্ৰাণিত”, শ্বৱনমে জনিবলৈ দিয়ে। আনক সহায় কৰাত যে শক্তি বা আনন্দ আছে, সেই কথা তেওঁ নিজ পিতৃৰ পৰা আহৰণ কৰিছিল। শ্বৱনমৰ বিশ্বাস- তেখেতৰ পিতৃ এগৰাকী নিঃস্বার্থভাৱে আনক সহায়ৰ বাবে কাম কৰি যাব পৰা ব্যক্তি। “আমি এনে এক পৰিবেশত ডাঙৰ হৈছো য’ত নিজৰ কথা ভবাৰ আগতে আনৰ কথা ভাবিবলৈ শিকোৱা হয়। মই আশাকৰোঁ “টেণ্ট জুৱেলাৰী” তেখেতৰ প্ৰমূল্য আৰু লক্ষ্যক একাকাৰ কৰিবলৈ সক্ষম হ’ব।” এই কথা শ্বৱনমে জানিবলৈ দিয়ে, যি নিজৰ অভিজ্ঞতাৰ ওপৰত এখন কিতাপ লিখি আছে আৰু সোনকালে প্ৰকাশ কৰাৰ আগ্ৰহ প্ৰকাশ কৰিছে।

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

এনেধৰণৰ আৰু কাহিনী

ৰেষ্টোৰাঁৰ পাকঘৰৰ মজিয়াত শোৱা শিশুটি আজি 'ইডলী কিং' : পি.ৰাজাগোপালৰ ছাৰাৱানা ভৱন

অসমীয়া ভাষা সংস্কৃতিক ই-বিশ্বলৈ নতুন ৰূপত লৈ যোৱা যুৱকজন-হিমজ্যোতি তালুকদাৰ

‘স্থানীয় ভাষাক উপেক্ষা কৰিব নোৱাৰি, বজাৰ যথেষ্ট বিশাল’