পদপথত শুই ভিক্ষা মাগি খোৱা জয়াৱেলৰ কেম্ব্ৰিজ বিশ্ববিদ্যালয়লৈ যাত্ৰা

পদপথত শুই ভিক্ষা মাগি খোৱা জয়াৱেলৰ কেম্ব্ৰিজ বিশ্ববিদ্যালয়লৈ যাত্ৰা

Friday September 23, 2016,

2 min Read

জয়াৱেলৰ পৰিয়ালটোৱে চেন্নাইৰ পথৰ ওপৰত বসবাস কৰে আৰু ভিক্ষা মাগি জীৱিকা নিৰ্বাহ কৰে । তথাপিও ২২ বছৰীয়া জয়াৱেলে কেম্ব্ৰিজ বিশ্ববিদ্যালয়ত অটমবিল ইঞ্জিনীয়াৰিং পঢ়াৰ সুবিধা পাইছে । 

১৯৮০ চনত শষ্য নষ্ট হোৱাৰ ফলত জয়াৱেলৰ কৃষিজীৱি পৰিয়ালটো নেল্লোৰৰপৰা চেন্নাইলৈ উঠি আহিছিল । বহু কষ্টৰ মূৰত একো উৱাদিহ নাপাই পৰিয়ালটোৱে অৱশেষত ভিক্ষা মাগিবলগীয়া হৈছিল । "আমি পদপথত শুইছিলো । বৰষুণ দিলে আন আশ্ৰয় যেনে দোকানঘৰৰ চালিৰ সন্ধান কৰিবলগীয়া হৈছিল । পুলিচে আমাক তাৰপৰাও খেদি নিদিয়া পৰ্যন্ত আমি তাতেই থাকিছিলো ।" জয়াৱেলে কয় । 

mage : (L) - India Today; (R) - Suyam

mage : (L) - India Today; (R) - Suyam


জয়াৱেলৰ পিতৃ বিয়োগৰ পাছত তেওঁৰ মাক মদত আসক্ত হৈ পৰে । তেওঁৰ বেছিভাগ উপাৰ্জন মদতে ব্যয় হ'বলৈ ধৰিলে । কিন্তু উমা মুথুৰামণক লগ পোৱাৰপৰাই তেওঁৰ জীৱন সলনি হ'বলৈ ধৰে ।

উমা আৰু তেওঁৰ স্বামী মুথুৰামণ তেওঁলোকক সহায় কৰিবলৈ আগবাঢ়ি আহিছিল । তেওঁলোকে পদপথবাসী সকলৰ ওপৰত এটা ভিডিঅ' নিৰ্মাণ কৰিব খুজিছিল । "আমাৰ মানুহবোৰে তেওঁলোকক ভাল পোৱা নাছিল । আমি আনকি তেওঁলোকক আক্ৰমণ কৰিবলৈও চেষ্টা কৰিছিলো কাৰণ তাৰ আগতে আমি এনে বহু মানুহ লগ পাইছিলো যি আমাক সহায় কৰাৰ নামত চৰকাৰী পুঁজি গ্ৰাস কৰাৰ চেষ্টা চলাইছিল ।" জয়াৱেলে কয় ।

পিছে উমা আৰু মুথুৰামণৰ সততা সম্পৰ্কে পতিয়ন যোৱাৰ পাছত তেওঁলোক যথেষ্ট নমনীয় হৈ পৰে । উমা আৰু মুথুৰামণৰ স্বেচ্ছাসেৱী সংস্থাৰ জৰিয়তে জয়াৱেলে ১৯৯৯ চনত আনুস্থানিক শিক্ষা লাভ কৰিবলৈ সক্ষম হয় । 

দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছত জয়াৱেল কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ প্ৰৱশিকা পৰীক্ষাত উত্তীৰ্ণ হয় । তেওঁ ৱেলছৰ গ্লেণ্ডৱৰ বিশ্ববিদ্যালয়ত পাৰ্ফমেন্স কাৰ এনহান্সমেন্ট টেকনলজী ইঞ্জিনীয়াৰিং বিষয়ত অধ্যয়ন কৰাৰ শুযোগ পাইছে । 

উচ্চ শিক্ষা সমাপন কৰাৰ পাছত জয়াৱেলে পথৰ শিশুৰ কল্যাণৰ বাবে এটা স্বেচ্ছাসেৱী সংস্থা গঠন কৰিবলৈ বিচাৰে ।

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

মদ আৰু ড্ৰাগছৰ কৱলৰপৰা ওলাই অহা নিলপৰ্ণা আজি সফল বডি বিল্ডাৰ

এজন কুখ্যাত ড্ৰাগ মাফিয়াৰ জীৱনৰপৰা দুটামান শিক্ষা

বাট পথ নথকা এখন গাৱঁত কিয় বাস কৰে আইআইটিৰ প্ৰাক্তন অধ্যাপক আলোক সাগৰে

এজন কুখ্যাত ড্ৰাগ মাফিয়াৰ জীৱনৰপৰা দুটামান শিক্ষা