বর্হিমহাকাশৰ শান্তিপূর্ণ ব্যৱহাৰত ভাৰত আৰু আফগানিস্তানৰ মাজত সম্পাদিত বুজাবুজি চুক্তিলৈ কেবিনেটৰ অনুমোদন

বর্হিমহাকাশৰ শান্তিপূর্ণ ব্যৱহাৰত ভাৰত আৰু আফগানিস্তানৰ মাজত সম্পাদিত বুজাবুজি চুক্তিলৈ কেবিনেটৰ অনুমোদন

Thursday December 29, 2016,

1 min Read

কেন্দ্ৰীয় কেবিনেটে বর্হিমহাকাশৰ শান্তিপূর্ণ ব্যৱহাৰত ভাৰত আৰু আফগানিস্তানৰ মাজত সম্পাদিত বুজাবুজি চুক্তিখনলৈ যাৱতীয় অনুমোদন আগবঢ়াইছে৷

শিক্ষা, কৃষি, পৰিৱেশ তথা জলবায়ুৰ পূর্বাভাস, টেলিসংযোগ, গ্রামীণ স্বাস্থ্য, নিকায় ব্যৱস্থা, নগৰোন্নয়ন, ৰিম’ট ছেন্সিং আৰু পাৰস্পৰিক সম্মতিৰ পৰিপ্রেক্ষিতত অন্য যিকোনো ক্ষেত্রতেই মহাকাশ প্রযুক্তিৰ ব্যৱহাৰ সংক্রান্তীয় সহযোগিতাই এই বুজাবুজি চুক্তিৰ মূল আধাৰ।

image


দুয়োখন দেশেই এই বুজাবুজি চুক্তিৰ ফলশ্ৰুতিত নিম্নোল্লিখিতভাৱে উপকৃত হ’ব :

১) আফগানিস্তানৰ মহাকাশ ক্ষেত্রত বিকাশ লাভ

২) উন্নত মহাকাশ প্রযুক্তিসম্পন্ন দেশ হিচাপে ভাৰতৰ প্রতিষ্ঠা, এনে এক দেশ হিচাপে উপস্থাপন কৰা হ’ব যিয়ে অইন দেশকো সহায় কৰিব পাৰে৷

৩) মহাকাশ-প্রযুক্তিৰ ক্ষেত্রত আফগানিস্তানে আত্মনিৰ্ভৰশীল হোৱাৰ দিশে আগুৱাই যাব৷

৪) ভাৰত আৰু আফগানিস্তানৰ মাজত দ্বি-পাক্ষিক সম্পর্কৰ গভীৰতা বৃদ্ধি কৰা আৰু পাৰস্পৰিক বুজাবুজি তথা আস্থা বৃদ্ধিত সহায় কৰিব৷

৫) আফগানিস্তানৰ কৌশলগতভাৱে গুৰুত্বপূর্ণ মহাকাশ আৰু যোগাযোগ ক্ষেত্রত ভাৰতকো আত্মপ্ৰকাশৰ সুযোগ প্ৰদান কৰিব৷

ইয়াৰ উপৰিও এই বুজাবুজি চুক্তিয়ে দুয়োখন দেশকে বিজ্ঞান আৰু প্রযুক্তিবিদ্যাৰ প্রধান প্রধান ক্ষেত্র আৰু গৱেষণা তথা বিকাশত উচ্চ-প্রযুক্তিসম্পন্ন কামৰ সুযোগ সৃষ্টি কৰিব।

(উৎস- পি আই বি)

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

মৰক্কোৰ জলবায়ু সন্মিলনত ভাৰতৰ অৱস্থান তথা দৃষ্টিভঙ্গীলৈ কেবিনেটৰ আনুষ্ঠানিক স্বীকৃতি

একক প্ৰচেষ্টাৰে এখন অৰণ্য গঢ়ি তোলা এজন ব্যক্তি

সাঁচতীয়া ধনেৰে কুৱাঁ খান্দি এখন গাৱঁৰ বাবে পানী যোগান ধৰা এগৰাকী ৬০ বছৰীয়া মহিলা

পেলনীয়া কাপোৰৰপৰা গঢ়ি উঠা এটা ব্ৰেণ্ড