উপলুঙাৰ উত্তৰ দিবলৈ আৰম্ভ হৈছিল গুৱাহাটী ফুডি

উপলুঙাৰ উত্তৰ দিবলৈ আৰম্ভ হৈছিল গুৱাহাটী ফুডি

Wednesday August 10, 2016,

3 min Read

"তুম নৰ্থইষ্ট কে লোগ কুচ ভি খাতে হো ।" ছাত্ৰাৱস্থাত অসমৰ বাহিৰত থকা সময়ছোৱাত এই কথাষাৰ সঘনাই শুনিছিল শিশিৰ কলিতাই । উত্তৰ পূৰ্বাঞ্চলৰ মানুহে যিকোনা ঘাঁহ বন খায় বুলি উপলুঙা কৰা লোকসকলক তেওঁ বুজাইছিল যে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন জনগোষ্ঠীৰ খাদ্য বেলেগ বেলেগ । কিন্তু সকলো জাতি জনগোষ্ঠীৰ লোকে বিভিন্ন প্ৰকৃতিক আৰু ভেষজ গুণসম্পন্ন খাদ্য খায় আনকি ঋতু অনুসৰি বেলেগ বেলেগ খাদ্য তেওঁলোকে খায় । দেশৰ অন্য স্থানৰ মানুহৰ বাবে পেলনীয়া অথচ উত্তৰ-পূবৰ মানুহৰ প্ৰিয় শাক-পাতবোৰৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ সম্পৰ্কেও তেওঁ বহলাই বুজাই কৈছিল । লাহে লাহে তেওঁ অনুভৱ কৰিছিল যে অকল তেওঁৰে নহয়, তেওঁৰ অন্যান্য বহু বন্ধু-বান্ধৱৰ এই তিক্ত অভিজ্ঞতা আছিল । এইদৰে বিভিন্ন বন্ধু-বান্ধৱৰ সৈতে কথা পাতি থাকোঁতে তেওঁৰ মনলৈ আহিছিল এই কথাবোৰ মূখেৰে কৈ বুজাই থকাতকৈ সকলো তথ্য একেঠাইতে পোৱাৰ ব্যৱস্থা কৰিলে বহু সংখ্যক লোকে উত্তৰ-পূৱৰ খাদ্য সম্পৰ্কে জ্ঞান লাভ কৰিব পাৰিব । এইদৰেই জন্ম হৈছিল গুৱাহাটী ফুডিৰ । 

image


প্ৰথমে ২০০৯ চনত এটা ফেচবুক গ্ৰুপ হিচাপে আৰম্ভ হোৱা গুৱাহাটী ফুডি ২০১৫ চনৰপৰা এটা ৱেবছাইট হিচাপে উপলব্ধ । ''গুৱাহাটী ফুডিক আমি উত্তৰ পূৰ্বঞ্চলৰ সকলো জাতি জনগোষ্ঠিৰ খাদ্য সম্পৰ্কীয় তথ্য আৰু ৰন্ধন প্ৰকৰণৰ লগতে খাদ্য বা ৰেষ্টোৰাঁ ব্যৱসায় সমূহৰ এক সমূহীয়া প্লেটফৰ্ম হিচাপে গঢ় দিবলৈ চেষ্টা কৰিছো । উত্তৰ পূৱত বিভিন্ন জাতি-জনগোষ্ঠী আছে । ইয়াৰে কোনোবা এটা জনগোষ্ঠীৰ প্ৰিয় খাদ্যতো হয়টো আন এটা জনগোষ্ঠীৰ বাবে নিষিদ্ধ খাদ্য । কিন্তু আমি এই সকলোবোৰ খাদ্যকে গুৱাহাটী ফুডিত আদৰণী জনাও । লগতে ভাৰতৰ অন্যান্য ঠাইৰ খাদ্য সম্ভাৰো আমাৰ ইয়াত উপলব্ধ ।" শিশিৰে কয় ।  

গুৱাহাটী ফুডিয়ে কেৱল খাদ্য বা ৰন্ধন প্ৰকৰণ অথবা ৰেষ্টোৰাঁ সম্পৰ্কীয় তথ্যই নিদিয়ে । তেওঁলোকে খাদ্যৰসিক আৰু খাদ্য তথা ৰেষ্টোৰাঁ ব্যৱসায়ীসকলৰ মাজত এক যোগসূত্ৰ ৰূপেও কাম কৰে । শিশিৰে উদাহৰণ দি কয়, "আমি মহানগৰীৰ এখন বিশেষ ৰোষ্টোৰাঁ সম্পৰ্কে বহুতৰে মূখত কিছুমান বিৰূপ মন্তব্য শুনিবলৈ পাইছিলো । আমি আমাৰ ফেচবুক গ্ৰুপত এই সম্পৰ্কে সকলোৰে মতামত বিচাৰিলো আৰু কেইবাশও মানুহে সেই ৰেষ্টোৰাঁখনৰ প্ৰসঙ্গত কেতবোৰ অসন্তুষ্টিৰ কথা ক'লে । আমি এই সকলোবোৰ অভিযোগ একগোট কৰি ৰেষ্টোঁৰা কতৃপক্ষৰ কাষ চাপিলো । আমাৰ মাজত এই বিষয়ে দিঘলীয়া আলোচনা চলিল আৰু তেওঁলোকে কেইটামান পদক্ষেপ লোৱাৰ সিদ্ধান্ত ললে । অতি কম দিনৰ ভিতৰত আমি দেখিলো যে ৰেষ্টোৰাঁখনক লৈ অসন্তুষ্ট বহুসংখ্যক লোক পুনৰ সেইখন ৰেষ্টোৰাঁলৈ ঘূৰি গৈছে । " 

image


গুৱাহাটী ফুডিৰ যোগেদি উত্তৰ পূৱৰ খাদ্য সম্ভাৰ প্ৰস্তুতকৰণৰ প্ৰশিক্ষণৰ লগতে খাদ্য আৰু ৰোষ্টোৰাঁ ব্যৱসায় সমূহৰ প্ৰচাৰ বা বিজ্ঞাপনৰ ক্ষেত্ৰতো গুৱাহাটী ফুডিয়ে সহায় কৰে । সময়ে সময়ে কিছুমান খাদ্য মেলাৰো আয়োজন কৰে গুৱাহাটী ফুডিয়ে । গুৱাহাটী ফুডিত প্ৰকাশ কৰাৰ আগতে একোটা ৰন্ধন প্ৰকৰণ অভিজ্ঞ লোকৰ দ্বাৰা পৰীক্ষা কৰোৱাই লোৱা হয় ।

আৰম্ভ কৰাৰ লগে লগে বিপুল সমাদৰ লাভ কৰা গুৱাহাটী ফুডি অৱশ্যে সমস্যাৰ সন্মূখীন নোহোৱাকৈও থকা নাই । "এটা সম্প্ৰদায়ৰ প্ৰিয় খাদ্যটো আন এটাৰ বাবে নিষিদ্ধ খাদ্য হ'ব পাৰে । এনেকুৱা ৰন্ধন প্ৰকৰণৰ ক্ষেত্ৰত কিছুমান মানুহে কেতিয়াবা বিতৰ্ক সৃষ্টি কৰে । তেনে বিতৰ্কৰ ওৰ পেলাবৰ বাবে আমি যথেষ্ট সাৱধানে বিষয়টো নিয়ন্ত্ৰণ কৰিবলগীয়া হয় ।" শিশিৰে কয় । 

গুৱাহাটী ফুডিক সফলতাৰ সৰ্বোচ্চ শিখৰলৈ লৈ যোৱাৰ সপোন আছে শিশিৰৰ । উত্তৰ পূৰ্বাঞ্চলৰ খাদ্যক উপলুঙা কৰাসকলক উত্তৰ দিবলৈ আৰম্ভ কৰা গুৱাহাটী ফুডিক এটা জনপ্ৰিয় ব্ৰেণ্ডৰূপে গঢ় দিবলৈ অহৰহ চেষ্টা চলাই গৈছে শিশিৰ কলিতা আৰু তেওঁৰ দলে । 

image


এনেকুৱা কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কিছুমান কাহিনী

উদ্যমিতাক উদগনি যোগোৱাৰ লক্ষ্যৰে ডাউন টাউন ভেন্সাৰ লেবছ

আনে নোযোৱা পথেৰে ভ্ৰমণ কৰা ড° সঞ্জয় অগ্ৰৱাল

যোগাত্মক চিন্তাৰ প্ৰসাৰ যাৰ জীৱনৰ ব্ৰত- ডঃ বুলজিৎ বুঢ়াগোহাঁই

ষ্টিফেন হকিঙৰ আৰ্হিত কণ্ঠস্বৰেৰে নিয়ন্ত্ৰণ কৰিব পৰা হুইল চেয়াৰ নিৰ্মাণ কৰা এজন ছাত্ৰ