ষ্টাৰ্ট আপ ইণ্ডিয়া: ভাৰতত উদ্যেগশীলতাৰ নতুন দিগন্ত ঘোষণা চৰকাৰৰ

ষ্টাৰ্ট আপ ইণ্ডিয়া: ভাৰতত উদ্যেগশীলতাৰ নতুন দিগন্ত ঘোষণা চৰকাৰৰ

Saturday January 16, 2016,

2 min Read


  • ৩ বছৰলৈকে কৰ ৰেহাই
  • প্ৰথম ৩ বছৰ কোনো পৰীক্ষণ নহ'ব
  • পুঁজিগত লাভ কৰৰ পৰা মুক্তি
  • ইন্তপেক্সন ৰাজ মুক্ত পৰিবেশ
  • ১০,০০০ কোটি টকাৰ কোষ স্থাপন


দেশবাসীৰ সকলো জল্পনা কল্পনাৰ অন্ত পেলাই বিজ্ঞান ভৱনত শনিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ঘোষণা কৰিলে ষ্টাৰ্টআপ ইণ্ডিয়া আঁচনি । প্ৰধানমন্ত্ৰীয়ে স্পষ্ট কৰি দিয়ে যে ষ্টাৰ্টআপসমূহক উদগণি দিয়াৰ বাবে চৰকাৰে তেওঁলোকক অযথা বাধা-নিষেধৰপৰা মুক্ত কৰি দিব । প্ৰত্যাশিতভাবেই কেইবাটাও বৈপ্লবিক সিদ্ধান্তৰ কথা ঘোষণা কৰিলে মোডীয়ে । এতিয়াৰ পৰা মবাইল এপৰ যোগেদি কোম্পানীৰ ৰেজিষ্ট্ৰেচন কৰিব পৰা যাব । ৩ বছৰলৈকে কৰ ৰেহাই, প্ৰথম ৩ বছৰ সকলো পৰীক্ষণৰ পৰা ৰেহাই, পুঁজিগত লাভ কৰৰ পৰা মুক্তি, ইন্তপেক্সন ৰাজ মুক্ত পৰিবেশ, ১০,০০০ কোটি টকাৰ কোষ স্থাপন আদি কেইবাটাও গুৰুত্বপুৰ্ণ সিদ্ধান্ত ঘোষণা কৰি মোডীয়ে নতুন উদ্যোগীসকলৰ মাজলৈ প্ৰেৰণ কৰিব খোজা বাৰ্তাটো হ'ল যে দীৰ্ঘদিন ধৰি কৰি অহা প্ৰতিশ্ৰুতি পুৰণৰ ক্ষেত্ৰত চৰকাৰ দায়বদ্ধ ।

image


নতুন উদ্যোগীৰ বাবে দুঃস্বপনৰ ৰুপ লোৱা চৰকাৰী নীতি নিয়ম আৰু ৰঙা ফিটাৰ মেৰ-পেছ নিৰ্মূল কৰাৰ ক্ষেত্ৰত যে চৰকাৰৰ সদিচ্ছা আছে সেই কথা পুণৰবাৰ ন-উদ্যোগী,কলক বুজুৱাৰ চেষ্টা কৰিলে প্ৰধানমন্ত্ৰীয়ে ।

এই কাৰ্যসূচীৰ অন্যতম অংশ হ' ল ৰিবেশৰ প্ৰতি ভাবুকিকে ধৰি অন্যান্য কেতবোৰ নীতি নিয়ম পালনৰ ক্ষেত্ৰত স্ব প্ৰমাণন ভিত্তিক সন্মতিপত্ৰৰ ঘোষণা ।

অন্যান্য সিদ্ধান্তসমূহৰ ভিতৰত আছে দ্ৰুত পেটেন্ট লাভৰ ব্যৱস্থা, একেদিনাই কোম্পানী পঞ্জীয়ণ, চৰকাৰৰ তৰফৰপৰা ষ্টাৰ্টআপৰ সা-সামগ্ৰী আৰু সেৱা ক্ৰয়ৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ আদি। মোডীয়ে

ভাৰতত ক্ৰমাৎ ঠন ধৰি উঠা ষ্টাৰ্টআপ সংস্কৃতিৰ জয়গান কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এটা ষ্টাৰ্টআপে যদি মাত্ৰ পাঁচজন লোককো জীৱিকাৰ সন্ধান দিব পাৰে তেনেহলে দেশৰ আৰ্থিক অৱস্থাৰ উন্নতি ঘটিবই ।