ষ্টিফেন হকিঙৰ আৰ্হিত কণ্ঠস্বৰেৰে নিয়ন্ত্ৰণ কৰিব পৰা হুইল চেয়াৰ নিৰ্মাণ কৰা এজন ছাত্ৰ

ষ্টিফেন হকিঙৰ আৰ্হিত কণ্ঠস্বৰেৰে নিয়ন্ত্ৰণ কৰিব পৰা হুইল চেয়াৰ নিৰ্মাণ কৰা এজন ছাত্ৰ

Wednesday August 10, 2016,

2 min Read

বিটছ পিলানীৰ এজন ছাত্ৰ আশুতোষ প্ৰকাশে বেটাৰী চালিত এখন বিশেষ হুইলচেয়াৰ নিৰ্মাণ কৰি লাভ কৰুলে এক বিৰল কৃতিত্ব । এই হুইল চেয়াৰখনত আছে ভইচ কমাণ্ডৰ ব্যৱস্থা । আশুতোষৰ ককাকৰ স্বনিৰ্ভৰশীল হৈ থকাৰ ইচ্ছাই আছিল এই হুইলচেয়াৰখনৰ আঁৰৰ অনুপ্ৰেৰণা ।

Image: Daily Bhaskar

Image: Daily Bhaskar


ষ্টিফেন হকিঙৰ বিশেষ হুইল চেয়াৰখনৰ সৈতে তুলনা হোৱা এই হুইল চেয়াৰখন ব্যৱহাৰ কৰিবলৈ তেনেই উজু । ইয়াক অতি সাধাৰণ কেইটামান ভইচ কমাণ্ডেৰে পৰিচালনা কৰিব পাৰি । ই আনকি ওখোৰা-মোখোৰা তল আৰু চিৰিৰ ওচৰ পোৱাৰ লগে লগে ৰৈ যায় । 

শাৰীৰিক অসুস্থতাৰ বাবে হুইল চেয়াৰত বন্দী হৈ থাকিবলগীয়া হোৱা তেওঁৰ ককাকৰ দৈনন্দিন জীৱনেই আশুতোষক অনুপ্ৰেৰণা দিছিল এই উদ্ভাৱন কৰিবলৈ । 

"মোৰ ককাক যেতিয়া কোনোবাই সহায় কৰিবলৈ বিচাৰে তেতিয়া তেওঁৰ খুব খং উঠে । মই নিশ্চিত যে তেওঁৰ দৰে আন বহু লোক আছে । মই তেওঁলোকৰ বাবে কিবা এটা কৰিবলৈ বিচাৰিছিলো ।" আশুতোষে কয়

আইআইটি পাটনাত ইন্টাৰ্ণশ্বিপ কৰি থাকোঁতে তেওঁ এই হুইল চেয়াৰখন বনাইছিল । এই হুইল চেয়াৰখনৰ দাম ২০,০০০ টকা আৰু ইয়াত এটা ভইচ প্ৰচেছৰ সংলগ্ন আছে । ৮০ কিলো ওজনৰ এজন ব্যক্তিৰ ভৰ সহিব পৰা এই হুইল চেয়াৰখন এজন ব্যক্তিৰ ওজনৰ সৈতে মিলাই সালসলনি ঘটাই ল'ব পাৰি ।

আশুতোষে কয় যে এই হুইল চেয়াৰৰপৰা লাভ কৰাৰ ইচ্ছা তেওঁৰ নাই বৰঞ্চ তেওঁ ইয়াৰ দ্বাৰা মানুহৰ সহায় হোৱাটোহে বিচাৰে। তেওঁ আনকি এই হুইল চেয়াৰৰ আৰ্হিত পৰিৱৰ্তন আৰু উন্নতি ঘটাবলৈ সকলোকে আহ্বান জনাইছে । 

এনেকুৱা কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কিছুমান কাহিনী

উদ্যমিতাক উদগনি যোগোৱাৰ লক্ষৰে ডাউন টাউন ভেন্সাৰ লেবছ

বান্ধৱীৰ বিয়াৰ ফটোগ্ৰাফীৰে আৰম্ভ দুজন সাংবাদিকৰ উদ্যমিতাৰ খোজ

স্মাৰ্ট চিটিৰ বাবে আমি প্ৰস্তুত নে?

বিশ্বৰ আটাইতকৈ বেছি বয়সীয় মহিলা শৰীৰচৰ্চাবিদগৰাকী