ইণ্টাৰনেট শৈক্ষিক ক্ষেত্ৰত OnlineTyari-ৰ বৈপ্লৱিক পদক্ষেপ

ইণ্টাৰনেট শৈক্ষিক ক্ষেত্ৰত OnlineTyari-ৰ বৈপ্লৱিক পদক্ষেপ

Wednesday January 27, 2016,

5 min Read

পৰীক্ষাৰ সময়ত সহায়িকা আৰু প্ৰসংগ পুথি বিচাৰি হাবাথুৰি খোৱা দিনবোৰলৈ মনত পৰেনে বাৰু? ইণ্টাৰনেটৰ যুগ আৰু এডুটেক ষ্টাৰ্ট-আপসমূহৰ পূৰ্বে বহুতকে এছ. চান্দৰ কিতাপবোৰত ডুবি থকা দেখা গৈছিল।আনহাতে, চৰকাৰী চাকৰি বা প্ৰতিযোগিতামূলক পৰীক্ষা আহিলে সঠিক কিতাপৰ সন্ধানৰ কেতিয়াও ওৰ নপৰিছিল।সি যি কি নহওক, OnlineTyari-ৰ দৰে এপচ্ বিলাকৰ সৃষ্টিয়ে কিতাপ বিচৰাৰ কামটো একেবাৰে সহজ কৰি তুলিলে। ই ব্যক্তিবিশেষক বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষা যেনে বেংকিং সেৱা, SSC, GATE, NDA, অসামৰিক সেৱা, ৰে’লৱে, ৰাজ্যিক চৰকাৰী চাকৰি আদিৰ বাবে প্ৰস্তুতি চলাবলৈ প্ৰাসংগিক তথ্যৰ যোগান ধৰে।

গ্ৰাম্য ভাৰতে অনলাইনৰ যোগেদি শিকিব পাৰিবনে?

“প্ৰত্যক বছৰে চৰকাৰী চাকৰিৰ বাবে অনুষ্ঠিত প্ৰৱেশ পৰীক্ষাত দেশৰ প্ৰায় ৩ কোটি পৰীক্ষাৰ্থী অৱতীৰ্ণ হয়, কিন্তু মাতৃভাষাত তেওঁলোকৰ বাবে উপযোগী প্ৰাসংগিক পুথি খুউব কম সংখ্যকহে উপলব্ধ। OnlineTyari য়ে এই ডিজিটেল পাৰ্থক্য নোহোৱা কৰিবলৈ মোবাইলত সহজে বুজি পোৱাকৈ শৈক্ষিক সমলৰ যোগান ধৰিছে,” OnlineTyari ৰ সহ-প্ৰতিস্থাপক আৰু মুখ্য কাৰ্যবাহী বিষয়া বিপিন আগৰৱালে কয়।

OnlineTyari ৰ ধাৰণাটো প্ৰথম ২০১৪ চনত বিপিনৰ মনলৈ আহিছিল।সেই সময়ত তেওঁ National Digital Literacy Mission – Disha (Digital Saksharta Abhiyan) ৰ হৈ NASSCOM ফাউণ্ডেচনত উপদেষ্টা হিচাপে কৰ্মৰত আছিল।মিছনৰ লক্ষ্য আছিল ভাৰতীয়ক কম্পিউটাৰ চলাব পৰাকৈ সক্ষম কৰি তোলা।

এবাৰ গুৰগাঁৱৰ এখন সৰু গাঁৱলৈ যাওঁতে বিপিনে মন কৰিছিল যে, গাঁৱৰ মানুহখিনিয়ে কম্পিউটাৰ চলাবলৈ অস্বস্তি বোধ কৰিছিল। তেওঁলোকৰ সৈতে কথা পাতোতে মানুহখিনিয়ে বিপিনক জনালে যে, গাঁৱৰ যুৱক-যুৱতীবোৰে ‘অনলাইন’ত পঢ়িব নোৱাৰাৰ বাবে চাকৰিৰ সুবিধাবিলাক হেৰুৱাইছে।

“আচৰিত কথাটো হ’ল বেছিভাগ মানুহেই স্মাৰ্টফোন ব্যৱহাৰ কৰিব জানে, কিন্তু কম্পিউটাৰ এটা চলাব পৰাকৈ আৰু অনলাইন অনুশীলন পৰীক্ষাবোৰ দিবলৈ নিজকে শিক্ষিত কৰি তুলিব পৰা নাই।মোৰ আই.আই.টি.-কানপুৰৰ বন্ধু ভোলা মীনা, তেৱোঁ একেটা সমস্যা সমাধান কৰিবলৈ চেষ্টা কৰিছিল। সেয়ে আমি দুয়ো একেলগ হৈ মোবাইলৰ জৰিয়তে এক শৈক্ষিক মঞ্চ OnlineTyari ৰ জন্ম দিলো,” বিপিনে লগতে জনালে।

ভাষাৰ চালিকা শক্তিৰ অনুধাৱন

OnlineTyari ত আমাৰ দলটোৱে একেবাৰে তলৰো তলৰ সমস্যা সমাধান কৰিব খোজে, সেয়া লাগিলে ব্যাৱসায়টোৰ কাৰণে এটা অপৰীক্ষণীয়, একক আৰ্হিয়ে হওঁক।আৰম্ভণিতেই দলটোৱে জানিছিল যে, ভাৰতৰ দৰে দেশত শিক্ষাৰ প্ৰসাৰ কেৱল মোবাইলৰদ্বাৰাই সম্ভৱ হ’ৱ।আৰু ইয়াৰ বাবে শৈক্ষিক সমলবোৰ স্থানীয় ভাষাত আগবঢ়োৱা হ’ল।বিপিনে লগতে এই কথাও কয় যে, তেওঁলোকে ভাৰত-কেন্দ্ৰিক আৰ্হি এটা তৈয়াৰ কৰিব বিচাৰিছিল যাতে পৰীক্ষাৰ্থীসকলে সন্মুখীন হোৱা একক প্ৰত্যাহ্বানবোৰ সমাধা কৰিব পাৰে।আমাৰ দলটোৱে শিক্ষাৰ্থীসকলৰ প্ৰয়োজনখিনি বিচাৰি উলিয়াই ব্যৱহাৰ-কেন্দ্ৰিক আৰ্হি তৈয়াৰ কৰে আৰু তাৰে পৰাই আমাৰ উৎপাদন ধাৰণাবিলাক গঢ় দিয়া হয়।

OnlineTyari য়ে শৈক্ষিক সমলৰ বাবে এক ব্যাৱসায়িক আদান-প্ৰদান হিচাপে কাম কৰে।এপ্লিকেশ্যনটো বৰ্তমান ইংৰাজী,হিন্দী আৰু মাৰাঠী ভাষাত উপলব্ধ হৈছে আৰু শীঘ্ৰে আন আন ভাৰতীয় ভাষাতো উপলব্ধ হ’ব।নৰেন্দ্ৰ কুমাৰ নামৰ এগৰাকী শিক্ষাৰ্থীয়ে এই এপটোত উপলব্ধ শৈক্ষিক সমলৰ সহায়ত দিল্লী পুলিচৰ মুখ্য কনিষ্টবল পদৰ পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ কথা অকপটে স্বীকাৰ কৰিছে।

১৫ বছৰীয়া এক বিৰামহীন যাত্ৰা

মূল দলটোৰ ১৫ বছৰ জোৰা চিনাকী আই,আই,টি, কানপুৰত পঢ়ি থকাৰ দিনৰ পৰাই।ভোলা আৰু বিপিনে বেলেগ বেলেগ কোম্পানীত যোগ দিলেগৈ যদিও সম্পৰ্ক বজাই ৰাখিছিল। সেই সময়খিনিতে দুয়ো একেলগ হৈ মানুহৰ বাবে এই মঞ্চখন আগবঢ়াই দিয়াৰ কথা ভাৱিলে। দুয়ো তেওঁলোকৰ আই,আই,টি, আৰু আই,আই,এমৰ নেটৱৰ্কটো কামত খটুৱাই প্ৰাৰম্ভিক দলটো গঠন কৰিলে।

image


OnlineTyari ৰ পূৰ্বে বিপিন এগৰাকী Company VP আৰু উদ্যমী ব্যক্তি আছিল।আনহাতে ভোলা আছিল মাইক্ৰচফটৰ ইণ্ডিয়া ডেভেলপমেণ্ট চেণ্টাৰৰ মূখ্য প্ৰযুক্তিবিদ আৰু লগতে তেওঁ টেক্সি ভাড়া কৰিবলৈ ব্যৱহাৰ কৰা এটা এপ্লিকেশ্যনো চলাই আছিল।

“আমাৰ লগত নিশিত মাথুৰ,অমিত জয়ছোৱাল আৰু ৰাজবীৰ মূল দলত আছে আৰু তেওঁলোক আটায়ে OnlineTyari ত যোগ দিয়াৰ পূৰ্বে ডাঙৰ ডাঙৰ কৰ্পৰেট হাউচত একোটা বৃহৎ দলক নেতৃত্ব দিছিল।নিশিতৰ কৌশল তৈয়াৰ কৰা আৰু বিত্তীয় ব্যৱস্থাপনাত বহল অভিজ্ঞতা আছে,অমিতে Jeevansathi আৰু Shine platform ত প্ৰযুক্তিৰ দলটোৰ নেতৃত্ব দিছিল আৰু ৰাজবীৰে Ramco Systems ৰ বিক্ৰী বিভাগটো পৰিচালনা কৰিছিল,” বিপিনে লগতে ক’লে।

আকৰ্ষণ আৰু বিকাশ

যোৱা ডিচেম্বৰলৈকে দলটোৱে দাবী কৰা মতে, মুঠতে ১.৫ কোটি সংখ্যক ডাউনলোড হৈছে আৰু প্ৰতিদিনে ২,৫০,০০০ সংখ্যক সক্ৰিয় সদস্য আছে। তেওঁলোকে এপ সম্বন্ধে ব্যৱহাৰকাৰীসকলৰ পৰা নিয়মিত পাই থকা মন্তব্য আৰু চৰিত্ৰ অনুধাৱন কৰি উৎপাদনৰ ধাৰণাবোৰ উন্নত কৰি গৈ আছে।

OnlineTyari ইতিমধ্যে তেওঁলোকৰ সমল সহযোগী হিচাপে এছ. চান্দ প্ৰকাশন, উপকাৰ প্ৰকাশন, অৰিহাণ্ট প্ৰকাশন আৰু কেৰিয়াৰ লঞ্চাৰৰ সৈতে যুক্ত হৈছে।দলটোৱে অলপতে ৫০০ টা ষ্টাৰ্ট-আপ, মোহনদাস পাই, টেনডেম কেপিটেল, গ্ল’ৱভেষ্টৰ, এইট কেপিটেলৰ বিক্ৰম চক্ৰ আৰু IxIgo ৰ সহ-প্ৰতিস্থাপক আৰু মুখ্য কাৰ্যবাহী বিষয়া আলোক বাজপায়ী আদিৰ পৰা ৫ কোটি টকা সংগ্ৰহ কৰিছে।

নিজা বিনিয়োগৰ বিষয়ে ক’বলৈ গৈ বিক্ৰমে কয় যে, দলটোৱে চলিত বছৰৰ শেষলৈ ৯ কোটি সক্ৰিয় ব্যৱহাৰকাৰী আৰু প্ৰধান প্ৰধান ভাৰতীয় ভাষাত এই এপচ্ উপলব্ধ কৰোৱাৰ লক্ষ্য বান্ধি লৈছে। 

য়'ৰ ষ্ট'ৰীৰ ভূমিকাঃ

ব্লুমবাৰ্গৰ মতে, ১৮ শতাংশ CAGR বৃদ্ধিৰে ই-লাৰ্নিঙৰ জৰিয়তে শৈক্ষিক বিপ্লৱৰ সূচনা কৰাৰ ক্ষেত্ৰত ভাৰত মূখ্য কেন্দ্ৰ হৈ পৰিছে আৰু এই বৃদ্ধি গোলকীয় গড়ৰ দুগুণ।

বৰ্তমানৰ ভাৰতীয় অনলাইন শৈক্ষিক ক্ষেত্ৰখনে ২০১৭ চনলৈ ৪০ বিলিয়ন মাৰ্কিন ডলাৰ স্পৰ্শ কৰিব।IBEF ৰ এক প্ৰতিবেদন মতে, ভাৰতে ২০২২ চনলৈ ৫০০ মিলিয়ন কৌশলী কৰ্মী সৃষ্টিৰ লক্ষ্য লৈছে। ২০০০ চনৰ এপ্ৰিলৰ পৰা ২০১৫ চনৰ জানুৱাৰীলৈ এই ক্ষেত্ৰখনত প্ৰত্যক্ষ বৈদেশিক বিনিয়োগৰ পৰিমাণ ১০৭১.১৫ মিলিয়ন আমেৰিকীয় ডলাৰ হৈছেগৈ।

বৰ্তমান স্থানীয় ভাষাৰ চাহিদা বৃদ্ধি পাইছে।ভাৰতীয় লোকসকলে ৭৮০ টা বিভিন্ন ভাষাত কথা কয়।ইয়াৰে ২৯ টা ভাষা অতি কমেও ৬০ লাখ মানুহে কয় আৰু ২২ টা ভাষাক চৰকাৰী ভাষা হিচাপে সংবিধানে স্বীকৃতি দিছে।

য’ত ইণ্টাৰনেটত উপলব্ধ তথ্যসমূহৰ ৫৬ শতাংশই ইংৰাজীত থাকে, তেনে ক্ষেত্ৰত ভাৰতীয় ভাষাত এই পৰিমাণ ০.১ শতাংশতকৈও কম।ইংৰাজী ক’ব পৰা সকলে মোবাইলত ইণ্টাৰনেট সেৱা সহজে গ্ৰহণ কৰিব পাৰে বুলি আমি ধৰি ল’লেও ভাৰতত এতিয়াও ৬০-৯৬ কোটি মানুহে ইণ্টাৰনেটৰ তথ্যবোৰ বুজি নাপায়।

বৰ্তমান ভাৰতীয় ভাষাৰ ওপৰত লাহে লাহে গুৰুত্ব বৃদ্ধি পোৱালৈ লক্ষ্য কৰি InShorts আৰু Snapdeal এও তেওঁলোকৰ এপচ্ বিভিন্ন ভাষাত মুকলি কৰিছে।গতিকে এই সকলোখিনিলৈ চাই আমিও পৰিৱৰ্তনৰ দিশে ধাৱমান হৈছো।

মূলঃ সিন্ধু কাশ্যপ

অনুবাদকঃ লীনা শইকীয়া