ছাইৰী চেহেলৰ SHEROS.in এ বহু মহিলাক দিছে নিজ জীৱন আৰু কেৰিয়াৰৰ ওপৰত নিয়ন্ত্ৰণ

ছাইৰী চেহেলৰ SHEROS.in এ বহু মহিলাক দিছে নিজ জীৱন আৰু কেৰিয়াৰৰ ওপৰত নিয়ন্ত্ৰণ

Saturday November 07, 2015,

3 min Read

প্ৰায়সংখ্যক নাৰীৰ ক্ষেত্ৰতেই মধ্যবয়সত কেৰিয়াৰ গঢ়ি তোলাটো হৈ পৰে এক প্ৰত্যাহ্বানস্বৰূপ। সংসাৰ আৰম্ভ কৰাৰ লগে লগে তেওঁলোক হৈ পৰে পৰিয়ালকেন্দ্ৰিক। সেয়েহে তেওঁলোকে সদায় ঘৰৰ পৰাই কৰ্মসংস্থাপনৰ সুবিধালৈ বাট চাই নতুবা পাৰ্ট টাইম কাম কৰিব বিচাৰে। ইয়াৰ মাজতে আকৌ বেছিভাগেই ঘৰৰ পৰা কাম কৰিবলৈ বিচাৰে। অৱশ্যে এইবোৰ কথা কেৱল কবলৈহে সহজ। দোমোজাত পৰি প্ৰায়সংখ্যকেই আকৌ তেওঁলোকৰ কৰ্মজীৱন চিৰদিনৰ বাবেই বাদ দিবলগীয়া হয়, যাৰফলত ঔদ্যোগিক খণ্ডই হেৰুৱায় পাৰদৰ্শী কৰ্মী।

image


এই ব্যৱধানসমূহ আতঁৰোৱাৰ লগতে নাৰী সবলীকৰণৰ বাবে ২০১৪ চনৰ জানুৱাৰী মাহত ছাইৰী চেহেল নামৰ এগৰাকী মহিলাই প্ৰতিষ্ঠা কৰে SHEROS.in নামৰ এক প্ৰতিষ্ঠান য’ত ভাৰতবৰ্ষৰ মহিলাসকলে ঘৰৰ পৰাই তেওঁলোকৰ মনপচন্দৰ কাম কৰিব পাৰে। এইক্ষেত্ৰত তেওঁলোকক পেছাদাৰী পৰামৰ্শদাতাৰ উপদেশৰ লগতে প্ৰয়োজনীয় উপাদান সমূহো যোগান ধৰা হয়। ইয়াত কেৱল মহিলাকেই অধিক গুৰুত্ব দিয়া হৈছে যাতে তেওঁলোকে ঘৰত থাকিয়েই কৰ্মসংস্থাপনৰ লগতে নিজৰ পৰিয়ালকো সমান্তৰালভাবে চোৱাচিতা কৰিব পাৰে। ইয়াৰোপৰি ছাইৰী চেহেল আন এক প্ৰতিষ্ঠান ‘ফ্লেক্সিমমচ’ৰ প্ৰতিষ্ঠাপক।

ছাইৰীৰ ভাষাত, “SHEROS.inৰ মূলমন্ত্ৰ হ’ল- কথাৰে নহয়, কৰ্মস্থলীত বৈচিত্ৰৰ বিষয়ে হোৱা আলোচনাক কৰ্মত পৰিণত কৰা ।” ইতিমধ্যে SHEROS.in এ ১১০০ খন ঠাইত নিজৰ কেন্দ্ৰ স্থাপন কৰাৰ লগতে বহুতৰে ৰ হৃদয় জিনিবলৈও সক্ষম হৈছে। সম্প্ৰতি এওঁলোকে মহিলাসকলৰ বিভিন্ন সমস্যাৰ সমাধানৰ ক্ষেত্ৰতো গুৰুত্ব দিছে।

ছাইৰীয়ে কয়, “আমাৰ এই পদক্ষেপৰ দ্বাৰা প্ৰায় ১০০০০ গৰাকী মহিলাই কৰ্ম আৰু ব্যক্তিগত জীৱনৰ মাজত সমতা স্থাপন কৰিবলৈ সক্ষম হৈছে। ইয়াৰ ভিতৰত ব্যৱসায়ী, ঘৰতেই থাকি কাম কৰা মহিলা, ইণ্টাৰ্ন, কৰ্পৰেট প্ৰতিষ্ঠানৰ কৰ্মচাৰী আদি উল্লেখযোগ্য। কৰ্মসংস্থাপনৰ উপৰিও আলোচনাচক্ৰ, কৰ্মশালা, শিক্ষণ, বিভিন্ন অনুষ্ঠান, পৰামৰ্শ, চাকৰি মেলা আদিৰ জৰিয়তেও মহিলাৰ সবলীকৰণত গুৰুত্ব আৰোপ কৰা হৈছে। স্মৰ্তব্য যে, সম্প্ৰতি ৩ লাখতকৈয়ো অধিক মহিলা এই প্ৰতিষ্ঠানৰ লগত জড়িত।"

ছাইৰীএ আকৌ কয় , "এইক্ষেত্ৰত মহিলাসকলৰ সঁহাৰি উৎসাহজনক আৰু সময়ৰ লগে লগে তেওঁলোকৰ সংখ্যা বাঢ়িছে । লগতে মহিলাসকল ইয়াৰ পৰা লাভাবান্বিতও হৈছে। অৱশ্যে এই প্ৰতিষ্ঠানৰ কাৰ্যকলাপ সম্পৰ্কে মহিলাসকলক অৱগত কৰাবলৈ অলপ সময়ৰ প্ৰয়োজন হৈছে যদিও ইন্টাৰনেট আৰু ছ’ছিয়েল মিডিয়াই ইয়াক আগুৱাই নিয়াত সহায় কৰিছে।"

SHEROS.in ৰ সমীক্ষা অনুসৰি ভাৰতবৰ্ষত মাত্ৰ ১৭ শতাংশ মহিলাহে কৰ্মক্ষেত্ৰৰ লগত জড়িত হৈ আছে আৰু ৫ শতাংশ মহিলাইহে নেতৃত্বমূলক ভূমিকা পালন কৰিছে। উল্লেখযোগ্য যে, স্নাতক উত্তীৰ্নৰ ক্ষেত্ৰত বিশ্বৰ ভিতৰত ভাৰতবৰ্ষৰ মহিলাই সকলোতকৈ আগবঢ়া যদিও কৰ্মক্ষেত্ৰত কিন্তু ইয়াৰ প্ৰতিফলন নঘটে। প্ৰায় ৪৮ শতাংশ মহিলাই মাজবয়সতে তেওঁলোকৰ চাকৰি এৰি দিয়ে নতুবা পুনৰ কৰ্মসংস্থাপন বিচাৰি নেযায়, যাৰবাবে হ্ৰাস পায় তেওঁলোকৰ আৰ্থিক স্বাধীনতাৰ লগতে দেশৰ গড় জনমূৰি আয় (GDP) ।

ছাইৰীৰ মতে সম্প্ৰতি ১০০০ প্ৰতিষ্ঠানে SHEROS.in ৰ অভিজ্ঞতা লাভ কৰিছে আৰু তাৰে কিছুসংখ্যক প্ৰত্যক্ষভাবে ইয়াৰ লগত জড়িত হৈ পৰিছে । উদাহৰণ স্বৰূপে ক্লিয়েৰটেক্স নামৰ প্ৰতিষ্ঠানটোৱে SHEROS.in ৰ সহযোগীতাত তেওঁলোকৰ ৰিম’ট কাষ্টমাৰ ছাপৰ্ট টীম গঠন কৰি মহিলা চাৰ্টাৰ্ড একাউন্টেন্ট সকলৰ সহযোগত কৰ আদায়ৰ ক্ষেত্ৰত গ্ৰাহকসকলৰ মনত উদয় হোৱা যিকোনো প্ৰশ্নৰ সমিধান দিয়ে। ইয়াৰ উপৰিও প্ৰিন্সিপাল এডভাইজৰছ আৰু হানীৱেল এই দুটা প্ৰতিষ্ঠানে SHEROS.in ৰ জৰিয়তে মহিলাৰ কৰ্মসংস্থাপনৰ ক্ষেত্ৰত গুৰুত্ব দিছে।

SHEROS.in ত মহিলাৰ সংখ্যাই অধিক যদিও ইয়াত কিছুসংখ্যক পুৰুষ কৰ্মচাৰীও জড়িত হৈ আছে। এই প্ৰতিষ্ঠানটো অভিযন্তা, ক’ডাৰ, আৰু অপাৰেছন, ডিজিচেল মাৰ্কেটিং আদি ক্ষেত্ৰৰ প্ৰফেছনেলেৰে গঠিত। ‘আমি যি প্ৰচাৰ কৰো সেয়া আমি কাৰ্যত পৰিণত কৰাৰো চেষ্টা কৰোঁ ।’ তাৰোপৰি দূৰৈৰ ঠাইসমূহত কাম কৰা লোকসকলেও এইক্ষেত্ৰত তেওঁলোকৰ ভূমিকা আৰু দায়িত্ব অতি নিষ্ঠা আৰু গুৰুত্বসহকাৰে পালন কৰে। ‘আমাৰ এই SHEROS.in হল এক শক্তিশালী আৰু আকৰ্ষনীয় প্ৰতিষ্ঠান যত প্ৰতিগৰাকী ভাৰতীয় মহিলাই তেওঁলোকৰ সপোনবোৰ নিজ পচন্দ অনুযায়ী বাস্তবায়িত কৰাৰ সুযোগ পায়,’ ছাইৰীৰ ভাষ্য ।