আত্মহত্যাৰ চিন্তাৰপৰা তাৰকা অলৰাউণ্ডাৰ হোৱালৈ সুৰেশ ৰাইনাৰ যাত্ৰা

আত্মহত্যাৰ চিন্তাৰপৰা তাৰকা অলৰাউণ্ডাৰ হোৱালৈ সুৰেশ ৰাইনাৰ যাত্ৰা

Tuesday May 31, 2016,

3 min Read

আজিও বিচনাৰ তুলনাত মজিয়াত শুবলৈ ভাল পায় সুৰেশ ৰাইনাই । কিয়নো এইদৰেই তেওঁ কষ্টকৰ শৈশৱ পাৰ কৰিছিল পৰিয়ালৰ পৰা আঁতৰত এটা ছাত্ৰাবাসৰ আতংকময় পৰিবেশত । প্ৰতিটো দিনেই আছিল প্ৰত্যাহ্বানপূৰ্ণ আৰু আতংকময়। জ্যেষ্ঠ আবাসীৰ অত্যাচাৰত মানসিকভাৱে ইমানেই ভাগি পৰিছিল যে অতিষ্ঠ হৈ আত্মহত্যাৰো চিন্তাও কৰিছিল তেওঁ । শেহতীয়াকৈ ইণ্ডিয়ান এক্সপ্ৰেছ কাকতত প্ৰকাশিত এক খবৰত এই বিষয়ে সবিস্তাৰে প্ৰকাশ পাইছে ।

এখন খেলত অংশগ্ৰহণ কৰিবৰ বাবে ৰেলৰ দবাৰ মজিয়াত কাগজ পাৰি শুই গৈছিল ৰাইনা । হঠাৎ বুকুৰ ওপৰত অনুভৱ কৰিলে এক হেঁচা । কিবা বুজাৰ আগতেই তেওঁৰ হাতদুখন বন্দী হৈ পৰিল । এটা ল'ৰা তেওঁৰ এপৰত বহি লৈছিল আৰু সি এই বাৰ তেওঁৰ মুখত প্ৰস্ৰাৱ কৰিবলৈ ধৰিলে । সুৰেশে কোনোমতে তাক বগৰাই পেলাই এক ঘোচা মাৰি ৰৈ থকা ৰেলৰপৰা লৰাটোক গতিয়াই নমাই দিলে । তেৰ বছৰীয়া সুৰেশে এইদৰেই উত্তৰ প্ৰদেশৰ লক্ষ্ণৌৰ স্পৰ্টছ হোষ্টেলত থকাৰ সময়ত আন আবাসীৰ অত্যাচাৰৰ সন্মূখীন হৈছিল । 

Image Credit (L) Mid Day (R) Goggle Plua

Image Credit (L) Mid Day (R) Goggle Plua


হোষ্টেলৰ ভিতৰতো নিৰ্মম অত্যাচাৰৰ সন্মূখীন হৈছিল ৰাইনা । ক্ৰিকেট প্ৰশিক্ষক সকলে তেওঁক মনোযোগ দিয়া দেখি ইৰ্ষান্বিত হৈছিল তেওঁলোক । ৰাইনাই কয়, 'সেই লৰাবোৰ তালৈ অহাৰ উদ্দেশ্য আছিল প্ৰমাণপত্ৰ লোৱা । চাৰিবছৰ তাত থাকি প্ৰমাণপ্তৰ এখন লৈ ৰেলৱেত চাকৰি কৰাই আছিল সিহঁতৰ লক্ষ্য ।' হাড় কঁপোৱা শীতৰ নিশা তিনিবজাত তেওঁৰ ওপৰত বাল্টিৰে চেঁচা পানী ঢালি দিছিল সেইসকল আবাসীয়ে । 'তেনেকুৱা সময়ত ইচ্ছা হৈছিল সিহঁতক ভালকৈ এপিটন দিয়াৰ । কিন্তু তেনে কৰাৰ লগে লগেই দল বান্ধি সিহঁতে আক্ৰমণ কৰিলেহেতেন । ' নিজৰ অসহায় অৱস্থাৰ কথা এইদৰে বৰ্ণনা কৰে ৰাইনাই । অৱশেষত হোষ্টেল ত্যাগ কৰিছিল তেওঁ আৰু সংকল্প লৈছিল মনত সোমাই থকা খঙক নিজৰ শক্তি হিচাপে সঠিক দিশত যোগাত্মকভাৱে প্ৰয়োগ কৰিব ।

Image- For Celebrities

Image- For Celebrities


তেনেত মুম্বাইৰপৰা এয়াৰ ইণ্ডিয়াৰ হৈ খেলাৰ প্ৰস্তাৱ আহিল । ই তেওঁৰ জীৱন সলনি কৰি দিলে । 'উত্তৰ প্ৰদেশত থকা হলে সৰু সুৰা খেল খেলি শেষ হৈ গলোহেতেন ।' এয়াৰ ইণ্ডিয়াত প্ৰৱীণ আম্ৰেই তেওঁক যথেষ্ট উৎসাহ দিলে । ১৯৯ ৯ চনত তেওঁ এয়ৰ ইণ্ডিয়াৰপৰা জলপানি লাভ কৰিলে দহ হাজাৰ টকাৰ । 'মই তাৰে আঠ হাজাৰ টকা ঘৰলৈ পঠাইছিলো । সেই সময়ত এটা এছ টি ডি কলৰ বাবদ খৰছ হৈছিল চাৰি টকা । দুই মিনিট হোৱাৰ লগে লগেই মই ফোন থৈ দিছিলো । এইবোৰ কথাই মোক টকাৰ মূল্য বুজাত সহায় কৰিছে।' ৰাইমাই কয় ।

আই পি এল আছিল আন এক টাৰ্মিং পইন্ট । আঁঠুৰ অস্ত্ৰোপচাৰৰ পাছত সুস্থ হৈ উঠাৰ বাবে বহু মূল্যবান সময় নষ্ট হৈছিল । 'সেয়া আছিল অতি কঠিন সময় । মই ভাবিছিলো মোৰ কেৰিয়াৰ শেষ হৈ গল । ইফালে মূৰৰ ওপৰত আশী লাখ টকাৰ গৃহ ঋণৰ বোজা ।' অৱশ্য ইয়াৰ পিছত প্ৰত্যাৱৰ্তন ঘটিল ৰাইনাৰ । ২০১৫ চনৰ এপ্ৰিলত বিবাহপাশত আবদ্ধ হয় সুৰেশ । তেওঁৰ পত্নী প্ৰিয়ংকা চৌধুৰীআমষ্টাৰডামৰ এটা বেংকত কৰ্মৰত । 'বিবাহে মোক অধিক দূৰদৰ্শী আৰু দায়িত্বশীল কৰিছে । আগতে অকল খেলিছিলো । এতিয়া চুক্তিপত্ৰবোৰ ভালকৈ পঢ়ি চাওঁ । ভৱিষ্যতৰ পৰিকল্পনা কৰোঁ । ক্ৰিকেটাৰৰ জীৱনতো জানেই ! এনেকুৱা লাগে যেন কাম বহুত আছে আৰু সময় তেনেই কম ।' শেহতীয়াকৈ এটি কন্যা সন্তানৰ পিতৃ হৈছে সুৰেশ ।

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী

বিদেশত অপমান, স্বদেশত প্ৰচণ্ড দুৰ্নীতি: তথাপি থমকি নৰ'ল এইজন সমাজ সচেতন উদ্যমী

পাৰম্পৰিক মূখা শিল্পত নতুনত্বৰ সংযোগ ঘটোৱা এক পিতা-পুত্ৰ যুটি

উত্তৰ পূৱত কাঠফুলাৰ খেতিৰে বিপ্লৱ সুচনা কৰা উদ্যমীজন