ওবামা কেম্পেইনৰ নিৰ্মাণ প্ৰযুক্তিৰ পৰা মই লাভ কৰা তিনিটা শিক্ষা

ওবামা কেম্পেইনৰ নিৰ্মাণ প্ৰযুক্তিৰ পৰা মই লাভ কৰা তিনিটা শিক্ষা

Thursday January 21, 2016,

3 min Read

ওবামা কেম্পেইন আছিল এটা প্ৰতিষ্ঠান যাৰ উন্নয়নৰ হাৰ আছিল এটা ষ্টাৰ্ট আপৰ দৰে, প্ৰযুক্তিগত ঋণ আছিল এটা উদ্যোগৰ নিচিনা আৰু প্ৰতিযোগিতা আছিল এটা কোম্পানীৰ দৰে । সংক্ষীপ্ত সময়সীমাৰ ভিতৰত এনে অস্বাভাৱিক পৰিস্থিতিৰ সমাহাৰে কেইটামান শিক্ষা লোৱাত সহায় কৰিছিল ।

image


ষ্টাৰ্ট আপসমূহৰ বাবে এটা শিক্ষা: নিয়োগ ব্যৱস্হাটোত এটা পৰীক্ষা অন্তৰ্ভূক্ত কৰক

এইটো শুনিবলৈ বিৰক্তিদায়ক কিন্তু সত্য।সকলোৱে কয়, বৃহৎ প্ৰতিষ্ঠানসমূহ প্ৰথিতযশা ব্যক্তিক লৈ আৰম্ভ হয় আৰু প্ৰতিবাৰেই অতিৰিক্ত ব্যক্তিক নিয়োগ কৰি তেওঁলোকৰ উন্নয়ন বৃদ্ধি কৰে ।কিন্তু সেয়া কিদৰে সম্ভৱ হব পাৰে সেই বিষয়ে খুৱ কমেই আলোচনা হয়।

নিৰ্মাণ, পৰিচালনা আৰু মূল্যায়ন পৰীক্ষাসমূহৰ অনুৰূপ ভূমিকা দায়িত্বসমূহ ওবামা বিশ্লেষক টীমৰ অমূল্য সম্পদ তথা আহিলা হিচাপে প্ৰমাণিত হৈছিল যাৰ দ্বাৰা আমি এই নিয়োগ ব্যৱস্হাটোৰ সম্পৰ্কে ব্যক্তি-নিৰপেক্ষ তথ্য লাভ কৰিবলৈ সক্ষম হৈছিলো।আমাৰ পৰীক্ষাসমূহৰ গাঁঠনিত নিৰ্দিষ্ট সময়ৰ বিনিয়োগ কৰি আৰু নিয়োগ কৰি অনা ব্যক্তিসকলৰ প্ৰতিক্ৰিয়াৰ পুনৰ বিবেচনাৰ দ্বাৰাই আমি ৩০০০ৰো অধিক আবেদনকাৰীৰ সংখ্যা হ্ৰাস কৰি ৫৪ জন শীৰ্ষ দক্ষতাসম্পন্ন ব্যক্তিৰ এটা টীম গঠন কৰিবলৈ সক্ষম হৈছিলো।

উদ্যোগসমূহৰ বাবে এটা শিক্ষা: তথ্যসমূহৰ বিকেন্দ্ৰীকৰণ কৰক

আপোনাৰ নিকটতম প্ৰতিদ্বন্দ্বী প্ৰখ্যাত আৰ এণ্ড ডিৰ দৰে বহু মিলিয়ন ডলাৰ বাজেটৰ নহ'ব পাৰে।সি হয়তো ডিজিটেল বিভাগীয় বাধা অতিক্ৰমী উদয় হব পাৰে। কোম্পানী ৱাইড ডাটা ৱেৰহাউছৰ নিৰ্মাণ কৰাৰ লগতে আপোনাৰ আই টি বিভাগটো নমনীয় আন্ত:গাঁঠনিৰে সমৃদ্ধ হলে বিশ্লেষকসকলে প্ৰডাকশ্বন ছাৰ্ভাৰত হাত নিদিয়াকৈ কোম্পানী ৱাইড ডাটাছেটৰ সৈতে সম্পৰীক্ষা চলাবলৈ সুবিধা পাব।

এয়া এনেধৰণৰ সম্পৰীক্ষা যিয়ে ওবামা বিশ্লেষক টীমক আদি আৰ্হি( prototype)‘দ্যা অপটিমাইজাৰ’ৰ সৈতে পৰিচয় কৰাই দিছিল। ৫০০মিলিয়ন ডলাৰৰ টেলিভিশ্বন বিপণন বাজেটৰ পৰা এইবিধ সামগ্ৰীয়ে ২০ শতাংশ পাৰদৰ্শিতা লাভ আহৰণ কৰে। কেম্পেইনৰ তথ্য কেন্দ্ৰীভূত হোৱাৰ পূৰ্বে অধিক গুৰুত্বপূৰ্ণ ভোটাৰ পৰ্যায়ৰ সমৰ্থিত পুৰ্বানুমান তথ্যৰ সৈতে টেলিভিশ্বনৰ তথ্যৰ সংযোগ স্হাপন কৰা কাৰ্যইহে একমাত্ৰ নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিছিল।

সকলোৰে বাবে এটা শিক্ষা: সমীক্ষাৰ পুনৰাবৃত্তি কৰাতো জৰুৰী

সক্ৰিয়,কৰ্মতৎপৰ অথবা দুৰ্ব্বল যিকোনো নামেৰে নামাকৰণ কৰিব পাৰে। কিন্তু আপুনি কাম এটা আৰম্ভ কৰাৰ আগতে উপভোক্তাক বুজিবলৈ কিছু সময় ল’ব লাগিব। উপভোক্তাক গুৰুত্বসহকাৰে গ্ৰহণ কৰি তেওঁলোকৰ সমস্যাসমূহ জানিবলৈ চেষ্টা কৰাৰ লগতে অনাগত সময়ত সাফল্যৰ মাত্ৰা বৃদ্ধি কৰিবৰ বাবে গ্ৰাহকৰ পৰামৰ্শ তথা মতামতসমূহ আপোনাৰ কৰ্ম আচঁনিত সন্নিবিষ্ট কৰিব লাগিব।

ছফ্টৱেৰ ইঞ্জিনীয়াৰৰে সমৃদ্ধ প্ৰতিষ্ঠানসমূহে কৰাৰ দৰে ওবামা কেম্পেইনেও কিছুমান ভুল কৰিছে।সেয়া হল উন্নয়ন কাল নষ্ট কৰা।সেই সময়খিনিক অগ্ৰাধিকাৰ দি উপভোক্তাৰ সৈতে মত বিনিময় আৰু উন্নয়নৰ গুৰুত্বপূৰ্ণ কাৰকসমূহ পৃথক কৰি এই ভুল এৰাই চলিব পৰা যায়। আৰু যেতিয়া সমীক্ষাৰ ওপৰত এই ভুলসমূহৰ কোনো পৰিমিত প্ৰভাৱ নাথাকিব তেতিয়াই ষ্টাৰ্ট আপ আৰু নতুন উৎপাদন ৰেখাৰ বাবে মৃত্যুঘন্টা বুলি কোৱা হয়।এইটো সঁচা যে আপুনি দ্বিতীয়জন ষ্টিভ জবছ(Steve Jobs) নহয় আৰু উপভোক্তাৰ ৰুচী আৰু দাবী সম্পৰ্কেও আপুনি অজ্ঞ।আপুনি অসাধাৰণ প্ৰতিভাশালী হোৱাৰ প্ৰয়োজন নাই।সহানুভূতিশীলতাই আপোনাৰ সাফল্যৰ বাবে যথেষ্ট।


(লেখাটোত ব্যক্ত কৰা মতামতসমূহ লেখকৰ নিজা মন্তব্য আৰু এই লেখাই য়'ৰ ষ্ট'ৰীৰ মতাদৰ্শ প্ৰকাশ নকৰে )


মূল-টিম ট্ৰতমেন

অনুবাদ-সংগীতা দেৱী দত্ত

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

বলীউদত এজন উদীয়মান অসমীয়া- বিবেক কৰ

অসমীয়া কিতাপক চাইবাৰ জগতলৈ নিয়া উদ্যমী বিকাশ কলিতা

ব্যৱসায়িক ধাৰণা এটাৰ প্ৰাৰম্ভিক স্তৰতে কেনেদৰে পুঁজি সংগ্ৰহ কৰিব পাৰি

আপোনাৰ চাকৰিটো এৰি উদ্যোগ আৰম্ভ কৰাৰ সঠিক সময় কেনেকৈ চিনিব