৭৪৫ দিনৰ মুৰত পাৰপত্ৰ পালে বিজয় নাহাটাই

৭৪৫ দিনৰ মুৰত পাৰপত্ৰ পালে বিজয় নাহাটাই

Sunday December 27, 2015,

3 min Read

চৰকাৰী বিষয়াৰ দৃষ্টিত একপ্ৰকাৰৰ অপৰাধেই! দীৰ্ঘদিনৰ পৰা চলি অহা অলিখিত নিয়ম নমনাৰ অপৰাধ। পৰিণতি হ’লগৈ কঠোৰ শাস্তি। অপৰাধ হ’ল নীতি-নিয়ম মানি পাৰপত্ৰ বিচৰাটো। অৱশ্যে কলকাতাৰ বিজয় নাহাটাও এলা-পেছা ভকত নহয়। সম্পূৰ্ণ ৭৪৫ দিন যুঁজি নিজৰ অধিকাৰ আদায় কৰিবলৈ সক্ষম হ’ল বিজয়।

প্ৰকৃততে কি হৈছিল বিজয়ৰ? আন দহজন ভাৰতীয়ৰ দৰেই তেওঁ পাৰপত্ৰৰ আবেদন কৰিছিল।নিয়ম মানি যি যি কৰিব লাগে সকলো কৰিছিল।আবেদনপত্ৰৰ সৈতে প্ৰয়োজনীয় কাগজ-পত্ৰ, বিষয়াৰ প্ৰশ্নৰ সঠিক উত্তৰো দিয়া হৈছিল। সেই সময়ত পাৰপত্ৰ হাতত পৰাটো জৰুৰী আছিল।সেইবাবে লৰালৰি কৰিবলৈ গৈ একাংশ লোকৰ কথা শুনি দুই-এজন কেৰাণীক হাতত কেইটমান টকাও গুজি দিছিল।আবেদন পত্ৰ জমা কৰাৰ পিছত আহিছিল সত্যাৰোপনৰ সময়।সেইমৰ্মে ঘৰত বিষয়াৰ দল উপস্থিত হয়।প্ৰয়োজনীয় সকলো নথি-পত্ৰই প্ৰদৰ্শন কৰিছিল ছেণ্ট জেভিয়াৰ্ছৰ এইজন প্ৰাক্তন ছাত্ৰই।এইপৰ্যন্ত সকলো চলিছিল লিখিত নিয়মত।এইবাৰ আহিছিল অলিখিত নিয়মৰ পৰ্ব।

image


কি সেই নিয়ম? ভেৰিফিকেশ্যনৰ বাবে অহা বিষয়াক দিব লাগে চাহ-তামোলৰ(?)খৰছ।যদি এয়া দিয়া নহয় তেনেহ’লে দেখা-দেখি সঁচা কথাকো মিছা সজোৱা হয়।কাগজ-পত্ৰৰে আপুনি যিমানেই প্ৰমাণ নিদিয়ক কিয় বিষয়াৰ পকেট ভৰ্তি নহ’লে ‘পাছপৰ্ট’ বৈতৰণী পাৰ হোৱা অসম্ভৱ।বিজয়ৰ ক্ষেত্ৰতো সেয়াই হ’ল।কাৰণ ইয়াৰ আগতেই পাৰপত্ৰ কাৰ্যালয়ৰ কেৰাণীক উৎকোচ দি তেওঁ অপৰাধবোধত ভুগি আছিল। বিভিন্নজনৰ ‘সদুপদেশ’ শুনিও তেওঁ নিজৰ স্থিতিৰ পৰা নাঁতৰিল।ভেৰিফিকেশ্যন বিষয়াক তেওঁ কোনোপধ্যেই উৎকোচ নিদিলে।

পৰিণতি যি হ’বলগীয়া আছিল সেয়াই হ’ল।পাৰপত্ৰ পোৱাটো দূৰৈৰ কথা নিজৰ নাগৰিকত্ব পৰ্যন্ত হেৰুওৱাৰ পৰা কথমপি ৰক্ষা পৰিছিল বিজয়।“মোৰ কি দোষ আছিল? মই ভেৰিফিকেশ্যন বিষয়াক উৎকোচ দিয়া নাছিলো...যাৰবাবে সেই বিষয়াই নিজৰ ক্ষমতা দেখুৱালে। মোৰ সকলো কাগজ-পত্ৰ পৰিষ্কাৰকৈ দেখুওৱাৰ পিছতো তেওঁ স্পষ্টকৈ একো কোৱা নাছিল।কোনো কোনোৱে কৈছিল উৎকোচ দিয়াটো অলিখিত নিয়ম।একাংশই আকৌ এখোপ আগুৱাই গৈ কৈছিল,ভালে ভালে যদি পাৰপত্ৰ পাবলৈ মন তেনেহ’লে গান্ধীগিৰি ত্যাগ কৰাটোৱে বুদ্ধিমানৰ কাম, সিংঘম হোৱাৰ দৰকাৰ নাই। কিন্তু মইও ঠিৰাং কৰিছিলো প্ৰথমবাৰ উৎকোচ দিয়াৰ ভুল কৰিছো ঠিক আছে কিন্তু আৰু নহয়।” বিজয়ে কয়।

যুদ্ধত নামিছিল কলকাতাৰ যুৱকজন।এজন ককায়েকৰ কথামতে বিদেশমন্ত্ৰী সুষমা স্বৰাজলৈ এখন ইমেইল প্ৰেৰণ কৰে তেওঁ।কেৱল সুষমা স্বৰাজেই নহয়,ইয়াৰ এটা এটা প্ৰতিলিপি তেওঁ প্ৰেৰণ কৰে গৃহমন্ত্ৰী ৰাজনাথ সিং আৰু কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী কিৰেণ ৰিজিজুলৈও।ইয়াৰ লগত তেওঁ গাঁথি দিয়ে নিৰ্দিষ্ট বিষয়াজনৰ নাম আৰু সকলো নথি-পত্ৰ।৬ডিচেম্বৰ,২০১৫ত তেওঁ এই মেইল প্ৰেৰণ কৰিছিল।ইয়াৰ ঠিক দহ দিন পিছত অৰ্থাৎ ১৬ ডিচেম্বৰত বিজয়ৰ ঘৰলৈ ডাকযোগে আহে তেওঁৰ পাৰপত্ৰ।৭৪৫দিনীয়া এক যুদ্ধ জয় কৰিবলৈ সক্ষম হয় বিজয়।বৈদেশিক মন্ত্ৰী,কেন্দ্ৰীয় চৰকাৰক ইয়াৰ বাবে তেওঁ ধন্যবাদ জ্ঞাপন কৰে।এই যুদ্ধ জয় কৰি তেওঁ পৰিচিতসকলৰ পৰা যথেষ্ট সন্মান বুটলিবলৈও সক্ষম হৈছে।যুদ্ধত জয়ী বিজয়ৰ হুংকাৰ,

“আম আদমী শোতা হোৱা শ্যেৰ হ্যে...উংগলি মত কৰো...জাগ গয়া তো চিৰফাড় দেগা...” এনেদৰে হিন্দী ছবিৰ জনপ্ৰিয় সংলাপেৰে বিজয়ে যুদ্ধ কৰাৰ সাহস দেখুৱালে আৰু জয়ীও হ’ল।কিন্তু পাৰপত্ৰ সকলো নাগৰিকৰ অধিকাৰ।ইয়াৰ বাবে বিষয়াক কিয় উৎকোচ দিব লাগে? কি কাৰণে এই অলিখিত নিয়ম? উৎকোচ নিদিলে নাগৰিকক নিজৰ অধিকাৰৰ পৰা বঞ্চিত কিয় কৰা হয়?বিজয়ৰ জয়ৰ পিছতো উত্থাপন হৈছে এনে ধৰণৰ অলেখ প্ৰশ্নৰ। সাধাৰণভাৱে আমি হয়তো মাথো আশাৰ আঁচল খামুচি থাকিব পাৰোঁ যে এনেবোৰ কুপ্ৰথা এদিন ভংগ হ’বই।কিন্তু ইয়াৰ মাজতে বিজয়ে সাহসেৰে অন্ততঃ ‘হেয়াৰ লাইন ফ্ৰেকচাৰ’ হোৱাকৈ আঘাত হানিলে।

মূল বাংলা-তিয়াছা বিশ্বাস

অনুবাদ-তুলিকা দেৱী

    Share on
    close