বিয়াৰ বাবে ফটোগ্ৰাফাৰৰ সন্ধান কৰোতে সৃষ্টি হ'ল কিউ ৱাই কে (Qyk) ৰ

বিয়াৰ বাবে ফটোগ্ৰাফাৰৰ সন্ধান কৰোতে সৃষ্টি হ'ল কিউ ৱাই কে (Qyk) ৰ

Sunday November 08, 2015,

4 min Read

বেংকৰ ধন হস্তান্তৰ, চিকিৎসকক ধন প্ৰদান আদি দৈনন্দিন প্ৰয়োজনীয় সকলোখিনি ম'বাইলতে আজি সম্পন্ন কৰিব পৰা গৈছে৷ ম'বাইল এপচৰ জৰিয়তে এনেবোৰ কাম সম্পন্ন কৰা পৰিলক্ষিত হ'বলৈ ধৰিছে৷ এনে এটা এপ হ'ল Qyk ৷ এই এপ হৈছে এঠাইতে সকলো বস্তু বজাৰ কৰিব পৰা সদৃশ সেৱা৷ ইয়াৰ জৰিয়তে বিভিন্ন পেছাদাৰী লোকৰ সন্ধান তথা নিযুক্তি দিব পাৰি৷ Qyk ৰ জৰিয়তে ফটোগ্ৰাফাৰ, ইভেন্ট অৰ্গেনাইজাৰ, ইণ্টেৰিঅ'ৰ ডিজাইনাৰ পৰা আৰম্ভ কৰি যোগ প্ৰশিক্ষকৰ লৈকে এশৰো অধিক পেছাৰ সৈতে জড়িতৰ সন্ধান তথা নিয়োগ কৰিব পাৰি৷ Qyk ৰ সহঃ প্ৰতিষ্ঠাপক তথা মুখ্য কাৰ্যবাহী বিষয়া দীপক সিংঘালৰ মতে, এই এপৰ জৰিয়তে এজন লোকে কেইমিনিটমানৰ ভিতৰতে উত্তমৰো উত্তম পেছাদাৰীক বিচাৰি উলিয়াব পাৰে৷

image


আন অধিকাংশ ক্ষুদ্ৰ ব্যৱসায়ৰ দৰে Qyk ও প্ৰথমে নিজা প্ৰয়োজনৰ খাতিৰতেহ তৈয়াৰ কৰা হৈছিল৷ কাৰণ ইয়াৰ সহঃ প্ৰতিষ্ঠাতা দীপকেÁ নিজৰ বিয়াৰ সময়ত অনেক বিচাৰ-খোচাৰ কৰিও এজন ফটোগ্ৰাফাৰ পোৱা নাছিল৷ এইক্ষেত্ৰত তেওঁ বন্ধুবৰ্গৰ পৰাও কোনো সহায় লাভ নকৰিলে৷ শেষত উপায়ান্তৰ হৈ তেওঁ অনলাইন অথবা ইণ্টাৰনেটৰ সহায় ল'লে৷ কিন্তু ইণ্টাৰনেটৰ পৰাও তেওঁ প্ৰয়োজনীয় সহায় নাপালে৷ ‘মই এজন ফটোগ্ৰাফাৰৰ সন্ধান কৰি ইণ্টাৰনেট খুঁচৰিবলৈ ল'লো৷ কিন্তু মই অনুভৱ কৰিলো যে মোক এইক্ষেত্ৰত উপকৃত কৰিব পৰা বিশেষ তথ্য নাই৷ সেয়েহে মই এজন ফটোগ্ৰাফাৰ বিচাৰি তিনি সপ্তাহ পাৰ কৰিবলগীয়া হ'ল৷ অৱশ্যে অৱশেষত মই এজন ফটোগ্ৰাফাৰ পাইছিলো৷' এনেদৰে কয় দীপকে৷ ইয়েই তেওঁৰ মগজুত Qyk ৰ দৰে মানুহক প্ৰয়োজনীয় সকলো সেৱাৰ (এই সকলো সেৱা বৃত্তিধাৰীৰ) একেঠাইতে সন্ধান কৰিব পৰা এক এপ তৈয়াৰৰ ধাৰণাৰ জন্ম দিলে৷

দীপক আৰু শোভিতে Urban Touch ত একেলগে চাকৰি কৰিছিল৷ সেই সময়ত তেওঁলোকে নিজাববীয়াকৈ কিবা এটা কৰাৰ কথা চিন্তা কৰিছিল৷ দীপক আৰু শোভিতে আন দুই বন্ধুৱ সংঘৰ্ষ আৰু অনুভৱৰ সৈতে প্ৰায়ে আড্ডা দিছিল৷ এনে আড্ডাত অতি চিন্তাগধূৰ আলোচনাৰ ফলস্বৰূপে Qyk ৰ সৃষ্টি হ'ল৷ ২০১৪ত এই Qyk স্থাপন কৰা হ'ল৷

Qyk ৰ কামঃ

এজন লোকে Qyk ৰ প'ৰ্টেল অথবা এপ্ৰ যোগেদি তেওঁৰ প্ৰয়োজনীয় সেৱাৰ কথা ইয়াৰ জৰিয়তে জনাব পাৰে (ৰিকুৱেষ্ট পোষ্ট কৰিব পাৰে)৷ এইক্ষেত্ৰত ব্জযক্নেতিজনে নিজ অঞ্চলৰ পিন কোড দিব লাগিব৷ ইয়াৰ পিছতে এই ৰিকুৱেষ্ট প্ৰছেচৰ কাম আৰম্ভ হ'ব৷ তেতিয়া আনুষংগিক কেতবোৰ প্ৰশ্ন লোকজনক সোধা হ'ব৷ ইয়াৰ বিপৰীতে Qyk ৰ টীমে নিয়মানুসৰি লোকজনে বিচৰা বৃত্তিধাৰীৰ সন্ধানৰ কাম আৰম্ভ কৰিব৷ ইয়াৰ অংশস্বৰূপে এনে বৃত্তিধাৰীৰ পৰা ‘কোটেছন' সংগ্ৰহকৰা হয়৷ এই কোটেছনসমূহৰ পৰা সবাতোকৈ শ্ৰেষ্ঠ বুলি বিবেচিত তিনিখন কোটেছন গ্ৰাহকজনক দিয়া হ'ব৷ ‘বিগত তিনিমাহত আমি নিতৌ এনে শতাধিক ৰিকুৱেষ্ট পাইছিলো৷' এইদৰে কয় দীপকে৷ পাছৰ ১২ মাহত Qyk -ই পাঁচখন মহানগৰত নিতৌ এনে ৫ হাজাৰ ৰিকুৱেষ্ট লাভৰ লক্ষ্য লৈছে৷ বৰ্তমানে ইয়াৰ লভ্যাংশ ব্যৱস্থা কমিছন ভিত্তিত৷ দীপকৰ মতে, তেওঁলোকৰ উদ্ভাৱন অথবা প্ৰযুক্তি হৈছে Qyk ৰ গোপনীয়তা৷ তেওঁ কয় যে তেওঁলোকে সেৱা যোগানকাৰীৰ সৈতে খাপ খাই পৰা অতিশয় কাৰ্যক্ষম ব্যৱস্থা গ্ৰহণ কৰিছে৷ ইয়াৰ জৰিয়তে সকলোৰে সময় আৰু পদক্ষেপ সফল কৰাৰ লক্ষ্য লোৱা হৈছে৷ ‘এয়া হৈছে প্ৰযুক্তি নিৰ্ভৰশীল সমস্যা সমাধানৰ ব্যৱস্থা৷ আমাৰ এটা অতি মেধাৱী দল আছে৷ আমি গ্ৰাহকক উপযুক্তভাৱে সেৱা আগবঢ়াবলৈ সঠিক গুণসম্পন্ন ব্যক্তিৰ ব্যৱস্থা কৰিছো৷' দীপকে এইদৰেও কয়৷

বৰ্তমানে Qyk ৰ লক্ষ্য হ'ল বৃহৎ মহানগৰৰ বাসিন্দা৷ এই বিষয়ত দীপকে কয় যে তেওঁলোকৰ লক্ষ্য হৈছে ব্যস্ততাৰে সময় পাৰ কৰা যুৱ বৃত্তিধাৰীসকল৷ ‘এনে বৃত্তিধাৰীসকলে ম'বাইলৰ জৰিয়তে কিছুসময়ৰ ভিতৰতে নিজৰ কাম কৰিব বিচাৰে৷ আমাৰ কোম্পানীয়ে এয়াই যোগান ধৰিব বিচাৰিছে৷ কাৰণ আমি সকলোৰে সময় আৰু চেষ্টা সফল কৰিব বিচাৰো৷ তদুপৰি পৰৱতী সময়ত আমি দ্বিতীয় স্তৰৰ (Tier 2) মহানগৰসমূহক লক্ষ্য কৰিম৷' তেওঁ এইদৰে কয়৷

এইক্ষেত্ৰত সন্মুখীন হ'ব পৰা প্ৰত্যাহ্বান সম্পকত দীপকে কয় যে বৃত্তিধাৰীসকলক পৰীক্ষা কৰাটো কঠিন কাম৷ তালিকাভুক্ত বৃত্তিধাৰীৰ যোগ্যতা নিশ্চিত কৰাৰ কাম ঘৰতে কৰিব পৰা ব্যৱস্থা কৰিবলৈ লোৱা হৈছে বুলিও তেওঁ জানিবলৈ দিয়ে৷ তাৰ পিছত গ্ৰাহকক যাতে উত্তম সেৱা যোগান ধৰিব পৰা যায়, সেয়া নিশ্চিত কৰা হ'ব৷ Qyk -ই এই বৃত্তিধাৰীসকলক প্ৰশিক্ষণ প্ৰদানত সহায় কৰিব৷

উদ্যোগৰ দৃশ্যপটঃ

ভাৰতত যন্ত্ৰ-সঁজুলিৰ মেৰামতি, ঘৰুৱা বন-বাৰী কৰা মহিলা যোগান, ইলেক্ট্ৰনিক সঁজুলি আদিৰ কাম কেৱল প্ৰতিষ্ঠিত উদ্যোগ প্ৰতিষ্ঠানতে সীমাবদ্ধ আছে৷ সেয়েহে বৰ্তমানৰ ব্যস্ততাপূৰ্ণ জীৱনযাত্ৰাৰ বাবে ঘৰৰ আচবাবৰ মেৰামতি আৰু আনুষংগিক কাম-কাজ সম্পন্ন কৰাটো কঠিন হৈ পৰিছে৷

আনহাতে, বিশ্বৰ প্ৰেক্ষাপট লক্ষ্য কৰিলে এনে সমস্যা নথকাতো ধৰা পৰে৷ কাৰণ Yelp, Find Home Services, Home Improvement & Remoldingৰ দৰে অনেক সেৱা যোগানকাৰী আছে৷Urban Clap, Nanojobs, Here Now, Urbanpro ৰ দৰে আন বহু এপ আৰু প্লেটফৰ্ম বৰ্তমানে ভাৰতেও লাভ কৰিবলৈ ধৰিছে৷

বহু খণ্ডিত বজাৰক জোৰা লগাবলৈ সেৱা নিৰ্ভৰশীল সংস্থাসমূহে খৰতকীয়াভাৱে কাম কৰি আছে৷ এই প্ৰচুৰ সম্ভাৱনাপূৰ্ণ তথা বৃহৎ (প্ৰায় ১০০ বিলিয়ন মাৰকিন ডলাৰৰ) বজাৰখনত ইতিমধ্যে বিনিয়োগ কৰিবলৈ ধৰিছে পুঁজিপতিসকলে৷ চলিত বৰ্ষৰ এপ্ৰিলত Urban Clapত Accel Partners আৰু SAIF -এ ১.৬ নিযুত মাকিন ডলাৰ বিনিয়োগ কৰে৷ একেদৰে Mayfield আৰু Orios Ventuer Partners ৰ পৰা Taskjob -এ ৮ কোটি টকাৰ বিনিয়োগ লাভ কৰিছে৷