স্মাৰ্ট, ষ্টাইলিছ, প্ৰাণোচ্ছল আৰু ভীষণভাৱে স্বাধীনমনা দেৱলীনা চক্ৰৱৰ্তীৰ সফলতাৰ মন্ত্ৰ

স্মাৰ্ট, ষ্টাইলিছ, প্ৰাণোচ্ছল আৰু ভীষণভাৱে স্বাধীনমনা দেৱলীনা চক্ৰৱৰ্তীৰ সফলতাৰ মন্ত্ৰ

Wednesday November 18, 2015,

8 min Read

শৈশৱত সকলোৱে সপোন দেখে ডাঙৰ হৈ বহুত কিবাকিবি হোৱাৰ । দেৱলীনা চক্ৰৱৰ্তীয়েও দেখিছিল । ছবছৰত, চিকিৎসক হ’ব বিচাৰিছিল। ১৪ বছৰত বৌৱেকৰ অনুপ্ৰেৰণাত হোটেল মেনেজমেণ্টৰ সৈতে জড়িত হৈ পৰিব বিচাৰিছিল। ২০ বছৰ বয়সত কলেজৰ এজন প্ৰণয়প্ৰাৰ্থীৰ অনুপ্ৰেৰণাত পৰিৱেশ প্ৰৱন্ধন আৰু ফৰেণচিক বিশ্লেষক হ’ব বিচাৰিছিল এটা চোৰাংচোৱা সংস্থাত। এটা কথাৰো গোপনীয়তা ৰক্ষা কৰিব নোৱাৰা দেৱলীনাই অৱশ্যে এই আশা বাদ দিলে। কিন্তু শৈশৱৰপৰা সময় পৰিৱৰ্তন সৈতে অপৰিৱৰ্তিত হৈ ৰ'ল লেখা-মেলা কৰাৰ ইচ্ছা। পৰম ধৈৰ্যসহ সুযোগৰ সদব্যৱহাৰ কৰি ২০০২ চনত লণ্ডন স্কুল অব্ ইক’নমিক্সৰপৰা ৰাজনৈতিক অৰ্থনীতি বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী আহৰণ কৰাৰ মাজতো লেখা-মেলাৰ সৈতে সম্পৰ্ক ৰক্ষা কৰি চলিল তেঁও। কলা-সংস্কৃতি, সাহিত্য, ফেশ্বন আৰু পপ সংস্কৃতি বিষয়ত বহু ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত তেওঁ বহু স্তম্ভ লিখিলে। কলমৰ সৈতে বৰ্তমানৰ সম্পৰ্কৰ ফচল হৈছে ‘মেনছ ৱৰ্ল্ড’ শীৰ্ষক এলানি ৰসাল আৰু হাস্যমধুৰ লেখা, য’ত প্ৰত্যাশিতভাৱেই বলিষ্ঠ ৰূপত তেওঁ অৱলোকন কৰিছে ডেটিং আৰু সম্পৰ্কৰ ক্ষেত্ৰত ভাৰতত আধুনিক মহিলাই (আৰু পুৰুষে) মুখামুখি হোৱা সমস্যাবোৰৰ বিষয়ে।

দেৱলীনা সম্প্ৰতি লণ্ডনৰ এম জি এম ৱৰ্ল্ডৱাইড টেলিভিচন গ্ৰুপৰ কনটেণ্ট লাইচেন্সিং বিভাগৰ সঞ্চালক। ‘মই কাম কৰোঁ বিনোদন বিতৰণৰ সৈতে । টেলিভিচন ধাৰাবাহিক, চিনেমা আৰু আন অনুষ্ঠানৰ প্ৰযোজক বা স্বত্ব থকা ব্যক্তিৰপৰা বিভিন্ন ব্ৰডকাষ্টাৰৰ মাজত বিতৰণ আৰু অনুজ্ঞা প্ৰদান কৰা হয়। এই কথাখিনি সহজভাৱে এনেদৰে বুজাব পাৰি, যদিহে আপুনি ষ্টাৰ ৱৰ্ল্ডত ট্ৰেন্সফৰ্মাৰ চাই ভালপায়, তেন্তে চেনেলটোৱে সম্প্ৰচাৰৰ বাবে অনুমতি ল’ব লাগিব প্ৰযোজনা সংস্থাটোৰ ষ্টুডিঅ’ৰপৰা, যেনে- পেৰামাউণ্ট,’ ।

image


তেওঁক যেতিয়া সোধা হৈছিল যে এনে এটা সফল কেৰিয়াৰ তেওঁ কেনেকৈ গঢ় দিলে ? তেওঁৰ উত্তৰ - ‘ ভাল প্ৰতিৰূপ কাকতালীয়ভাৱে সম্ভৱনে?’ এই ক্ষেত্ৰত ‘কেনেকৈ’ নহয়, গুৰুত্বপুৰ্ণ হ'ল ‘কিয় নহ’ব?’ ‘যেতিয়া মই লণ্ডন স্কুল অব্ ইকনমিক্ছৰপৰা ৰাজনৈতিক অৰ্থনীতি বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিলোঁ, তেতিয়ালৈ মই সাংবাদিক হৈ পৃথিৱী সলনি কৰাৰ সপোন দেখিছিলোঁ, টাইমছ অব্ ইণ্ডিয়াত চাকৰিৰ বাবে সাক্ষাৎকাৰ দিবলৈ যোৱাৰ সময়লৈকে (সেই সময়ত ইণ্ডিয়ান এক্সপ্ৰেছৰপৰা সহকাৰী সম্পাদকৰ পদৰ বাবে আমন্ত্ৰণো হাতত আছিলেই) । সেই সময়ৰ বেনেট ক’লমেন কোম্পানী লিমিটেডৰ অধ্যক্ষই মোক যোগদান কৰিবলৈ দিলে ৰেছপনছ বিভাগত (বিপনন আৰু বিক্ৰয় বিভাগ বুলিও ক’ব পাৰি)। তেওঁৰ মতে, সম্পাদকীয় বিভাগত যোগদান কৰিলে মই ‘অতিৰিক্ত কাম কৰি কম বেতন পাম আৰু কান্ধত ভেৰা লৈ ছাৰ্কৰ মাজত সাঁতোৰাৰ লেখীয়াহে হ’বগৈ। মোৰ দ্বিতীয়টো সিদ্ধান্ত ‘কিয় নহ’ব’ই মোৰ কেৰিয়াৰৰ পট পৰিৱৰ্তন কৰি পেলালে, content সৃষ্টিৰপৰা মই content monetisationলৈ আহিলো। দ্বিতীয়টো বৃহৎ পৰিৱৰ্তন হৈছে, মই ছপা মাধ্যমৰপৰা টেলিভিচনলৈ গমন কৰিলো, প্ৰথম তিনিমাহৰ ভিতৰতে মোক প্ৰেৰণ কৰা হৈছিল দ্বিবাৰ্ষিক টেলিভিচন বজাৰ এম আই পি টি ভি লৈ আৰু টেলিভিচনৰ লাইচেন্সিং ব্যৱসায় শিকিবলৈ দিয়া হৈছিল একাউণ্ট আউটষ্টেণ্ডিঙৰ আপচু জগতত আৰু অতি খঙাল বিতৰকসকলৰপৰা! এতিয়া আনটো মূৰত অৱস্থান কৰি অনুভৱ হৈছে যে বৃত্তটো সম্পূৰ্ণ হ’ল।’

বৰ্তমান এটা সাধাৰণ দিনত তেওঁ বিভিন্ন গ্ৰাহকৰ ইমেইল চায়, ফোনত কথা পাতে, চুক্তি সম্পাদনৰ বিভিন্ন পৰ্যায় নীৰিক্ষণ কৰে প্ৰস্তাৱ প্ৰস্তুত কৰাৰপৰা আলোচনা কৰালৈকে, আভ্যন্তৰীণ কামৰ বাজেট, বিক্ৰয় প্ৰতিবেদন প্ৰেৰণ আৰু নিশ্চিতভাৱে ভ্ৰমণ প্ৰস্তুতিলৈকে। লণ্ডনস্থিত এম জি এমৰ কাৰ্যালয়ৰ পৰা তেওঁ ই এম ই এৰ পৰিসীমাত কনটেণ্ট বিতৰণো নিয়ন্ত্ৰণ কৰে। ব্যক্তিগত জীৱনতো তেওঁ বিভিন্ন আকৰ্ষণীয় স্থানলৈ ভ্ৰমণ কৰি ভালপায়। বিগত এটা দশক ধৰি তেওঁ কাঁত অনুষ্ঠিত দ্বিবাৰ্ষিক টেলিভিচন বজাৰ, এম আই পি টি ভি (এপ্ৰিল) আৰু এম আই পি চি অ’ এম (অক্টোবৰ)লৈ নিয়মীয়াকৈ যায়। ই তেওঁক বিনোদন উদ্যোগৰ ভাল-বেয়া সকলো বুজি পাবলৈ সহায় কৰে। এই সাক্ষাৎকাৰটো গ্ৰহণ কৰাৰ সময়ত তেওঁ লছ এঞ্জেলিছ ভ্ৰমণৰপৰা আহি পাইছিলহে আৰু প্ৰস্তুতি চলাইছিল কেইসপ্তাহৰ বাবে একেলগে ভিয়েনা, মিউনিখ, জোহান্সবাৰ্গ আৰু এথেন্স ভ্ৰমণ কৰিবলৈ। এনে যাত্ৰা যিকোনো ট্ৰেভেল এজেণ্টৰ বাবে ভাল খবৰ হ’ব। তেওঁৰ বিশ্বভ্ৰমণ অতিশয় আনন্দময় যদিও সমান্তৰালভাৱে ই অস্থিৰতাৰো কাৰক। তেওঁৰ অৰ্ধ-যাযাবৰী জীৱনশৈলীয়ে তেওঁক প্ৰিয় কাম এটাৰ সৈতেও জড়িত হৈ থকাত সহায় কৰিছে। সেয়া হৈছে বিশ্বক বিভিন্ন প্ৰান্তৰ খাদ্যৰ জুটি লোৱা। তেওঁৰ ফটোগ্ৰাফাৰ, মৰিয়ম মামাজীৰ সৈতে তেওঁ চলাই আছে ‘মেড ইন ইউমামি’ শীৰ্ষক এটা অতি সফল ব্লগ।

দেৱলীনাই কেৰিয়াৰৰ কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত এইবাৰ অৱলোকন কৰিব লাগিব। ‘মই ইউৰোপৰ ভিতৰৰে কেইবাটাও নতুন স্থানৰ বাবে নিৰ্বাচিত হৈছো, এতিয়া ইয়াৰ বিষয়ে ভালকৈ জানিবলৈ চেষ্টা কৰিছো আৰু ব্যৱসায় সম্প্ৰসাৰণ কৰাৰ লক্ষ্য আছে। মোৰ পেছাৰ বাবে দক্ষিণ আফ্ৰিকা, গ্ৰীচ, ডুবাই, আয়াৰলেণ্ড আৰু এই দেশসমূহৰ জনতা, সংস্কৃতি, ৰীতি-নীতি আৰু তেওঁলোকৰ উপভোগৰ অভ্যাসৰ বিষযে জানিবলৈ সুযোগ পাইছো।

image


জীৱনৰ বৰ্তমানৰ প্ৰাপ্তিলৈ যি প্ৰত্যাহ্বান অতিক্ৰম কৰি তেওঁ আহিবলগীয়া হৈছে, সেই বিষয়ে জানিলে যিকোনো ব্যক্তি আচৰিত হৈ পৰিব। কিন্তু তেওঁ ঈৰ্ষণীয় সাফল্যৰ বাবে তেওঁক দিব খোজা সকলো অভিধাৰ ধাৰণাকে ততালিকে নাকচ কৰে:

মোৰ মতে ৩০ বছৰ বয়সৰ আশেপাশে এগৰাকী মহিলাৰ কেৰিয়াৰত সাফল্যৰ প্ৰশ্নটো অলপ আগতীয়া আৰু কিছু পৰিমাণে কৃত্ৰিমতাৰ প্ৰলেপ থকা । কেৱল কামটোত লাগি থকা আৰু আগুৱাই নিয়াটোৱেই ভাল ? জনী ৱাকাৰৰ এটা মন্ত্ৰ হৈছে আগুৱাই যোৱা, যদি বিচাৰা। আধুনিক কেৰিয়াৰৰ এই গুণৰ অৱমূল্যায়ন কৰা হয় । গুৰুত্ব গিয়া হয় জীৱন সলনি কৰি দিয়া মূহুৰ্ত্তবোৰৰ ওপৰত । সত্যটো হ'ল জীৱন সলনি হয় এখোপ এখোপকৈ, আনকি বৃহ পৰিৱৰ্তনৰ সময়তো।

প্ৰত্যাহ্বানৰ প্ৰশ্ন যেতিয়া উত্থাপন হয়, তেওঁ কয়, ‘মই ক’ব বিচাৰো যে এতিয়াও প্ৰত্যাহ্বান আছে কিয়নো এয়া হৈছে মাত্ৰ মোৰ কেৰিয়াৰৰ পূৰ্ব মধ্যকাল। প্ৰাৰম্ভিকভাৱে এয়া হৈছে মোৰ ব্যক্তিত্বৰ লক্ষণ, যেনে- অস্থিৰতা, আৱেগপ্ৰৱণতা, কৌশলহীনতা আৰু অতি-স্পৰ্শকাতৰতা। বাহ্যিকভাৱে বিশ্বজুৰি প্ৰচলিত (এই ক্ষেত্ৰত কৰ্প’ৰেট) শক্তি ব্যৱস্থাত প্ৰাধান্যৰ পৰিসৰক লৈ ই এক বদ্ধমূল ধাৰণাৰ জন্ম দিয়ে আনহাতে উগ্ৰ-জাতীয়তাবাদৰ সুপ্তাৱস্থাতো ই বৰ্তমান।’

বোধকৰোঁ মোৰ অভ্যন্তৰত এগৰাকী নাট্যৰাণী আছে, কিন্তু মই প্ৰতিমুহূৰ্ততে তেওঁৰ ব্যক্তিগত জীৱনটো উন্মোচিত কৰাৰ চেষ্টা কৰোঁ যাতে তেওঁৰ উল্লেখনীয় জ্ঞান আৰু মানসিক সমতাৰ উত্তৰ দিব পাৰোঁ। মোৰ প্ৰশ্নই অৱতাৰণা কৰে তেওঁৰ জীৱনৰ আটাইতকৈ ভয়াৱহ পৰিস্থিতি কি আৰু তেওঁ ক’লে, ‘জীৱনটো পুষ্পসজ্জিত বিচনাৰ দৰে নহয়, কিন্তু পূৰ্বৰ কোনো পৰিস্থিতি প্ৰচণ্ড আঘাত হৈয়ো ৰৈ যোৱা নাই। ক’ব পাৰি যে প্ৰতিটো অসন্তুষ্টিৰ বাবে কাৰণ বিচাৰি ঘূৰি চাবলগীয়া হয়, কিন্তু কোনো খেদ নাই!’

অন্যসকলে তেওঁৰ বিষয়ে এনে এক ধাৰণা লয় যদিও দেৱলীনাৰ দাবী তেওঁ নিজকে কেতিয়াও প্ৰগাঢ়ভাৱে উচ্চাকাংক্ষী বুলি নাভাবে। তেওঁ হৈছে পৰিচালিত আৰু স্থিৰ। ‘মই কোনো বিষয় পৰিহাৰ কৰি বেয়া পাওঁ। ইয়াৰ মই বৃহৎ পৰাজয় বুলিয়ে ভাবোঁ।’ মই দুটা দিশত চালিত কৰা দুটা নিকট বিষয় উল্লেখ কৰিব বিচাৰিম। এটা হৈছে মোক বিত্তীয়ভাৱে পৰ্যাপ্ত পৰিমাণে ধনৰ প্ৰয়োজন, মোৰ প্ৰয়োজন হোৱা সকলোবোৰ প্ৰয়োজনীয় আৰু বিলাসী সামগ্ৰীৰ বাবে (আৰু মোক বহুত প্ৰয়োজন!)। বৰ্ণালীৰ আনটো দিশত জীৱনক আগুৱাই নিয়া বাবে কিছু অৰ্থ আৰু মূল্যৰ প্ৰয়োজন য’ত মোৰ প্ৰভাৱ থাকিব। মই ভাবোঁ সেয়েই লেখা-মেলাৰ প্ৰতি তৃষ্ণাতুৰ। যিহেতু কিতাপ হৈছে মোৰ জীৱন আৰু ব্যক্তিত্বৰ সৈতে অংগাংগীভাৱে জড়িত। সেই অৱধাৰণা, যে অমৰ সেই ব্যক্তিসকলে লিখি যোৱা অবিস্মৰণীয় শব্দবোৰ মোৰ জীৱনৰ বাবে অতি মূল্যবান হ’ব পাৰে, মোৰ অবস্তুবাদী জীৱনৰ বাবে ইয়াৰ এটা সৰু অংশয়ো সেয়া সম্ভৱ কৰি তুলিব পাৰে, গতিকে ক’ব পাৰি, ‘তেওঁৰ উত্তৰ হৈছে তেওঁৰ প্ৰেৰণাৰ উৎস নিতান্তই সাধাৰণ।’

মই কেতিয়া অৱনত হওঁ? নিতান্তই ধনৰ বাবে! সুদিনত উদ্দেশ্যহীন পাঠ লৈ আপুনি কাম কৰে প্ৰেম, যশ আৰু গৌৰৱৰ বাবে। আৰু দুৰ্দিনত কাম কৰে ধনৰ বাবে! সকলোবোৰ সাধাৰণ কৰি ৰাখক আৰু নিয়মানুৱৰ্তিতা মানি চলক। সমান্তৰালভাৱে ই পলায়নবাদী হোৱাৰপৰা ৰক্ষা কৰে, যি মই নহয়!

নিৰ্দষ্ট সময়ৰ বাবে ধন হ’ব পাৰে ভাল অনুপ্ৰেৰণাৰ উৎস, কিন্তু সমান্তৰালভাৱে তেওঁ স্পষ্ট কৰি দিয়ে- সফলতাৰ বাবে ই পূৰ্বচৰ্ত নহয়। তেওঁৰ বাবে সফলতা হৈছে, ‘এটা জীৱন, জীয়াই থকা প্ৰতিটো দিনৰ অন্তত য’ত মই মোৰ সৈতে শান্তিৰে থাকিব পাৰোঁ আৰু মোক নিজকে মুক্ত কৰি ৰাখিবলৈ হাতত পৰ্যাপ্ত পৰিমাণে ধন থাকে, য’ত বাধ্যবাধকতা বৰ বেছি নাথাকে।’

ধেমালিৰে দেৱলীনাই ক’লে কোনবোৰ কথাই তেওঁক আমনি দিয়ে, ‘কথা লগোৱা, পৰচৰ্চা, মইবৰ স্বভাৱ, কাজিয়া-পেচাল আৰু খঙাল মানুহবোৰ! আৰু এই সকলোবোৰ প্ৰায় সকলোৱেই নকৰে জানো?’

image


দেৱলীনাৰ গ্লেমাৰাছ চাকৰিৰ বাবে ফেশ্বন হৈছে মাত্ৰ এক সংযোজন। বিশ্বৰ সৈতে মোকাবিলা কৰিবলৈ ই মাত্ৰ এখন ঢাল। ‘ফেশ্বনে মোৰ জীৱনত আত্মবিকাশৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা লৈছে। ইচ্ছানুসৰিয়েই অনাকৰ্ষণীয় স্কুল আৰু কলেজৰ শিক্ষাৰ্থীৰপৰা নামভৰ্তি কৰিছিলোঁ ভাৰতৰ আটাইতকৈ আকৰ্ষণীয় কলেজবোৰৰ অন্যতম কলেজখনত, য’ত ১৮ বছৰৰপৰা সকলোৱে নতুন নতুন সম্পৰীক্ষা চলাই ভালপায়। বিগত ১৪ বছৰ ধৰি ধীৰে-স্থিৰে আৰু অতি সুক্ষ্মভাৱে নিজেই শিকি লোৱাৰ অভ্যাস এটা মোৰ আছে আৰু আজিও ইয়াক অব্যাহত ৰাখিছো। ফেশ্বন মোৰ বাবে বহিঃবিশ্বৰ সৈতে যুঁজ দিয়াৰ অস্ত্ৰ- মই নিজকে কিদৰে প্ৰক্ষেপ কৰিব বিচাৰো তাৰ বিকল্প। ইয়াৰ বিকাশ ঘটিছে ভ্ৰমণ, নিজৰ শৰীৰটোৰ প্ৰতি মোৰ সজাগ দৃষ্টি আৰু ব্যক্তিগত শৈলীৰ মাজেৰে। সৰ্বতোপৰি মই মোৰ পৰিধানৰ মাজেৰে দিনটোৰ নিজৰ কাহিনী বৰ্ণনা কৰিব বিচাৰো। আজি মই ষ্ট্ৰাইপ আৰু স্কীনী জিনছ আৰু ডাঙৰ এভিয়েটৰেৰে নিজকে সজাব বিচাৰো নেকি? কাইলৈ হয়তো মিটিঙৰ বাবে পৰিপাটি, মহিলাসুলভ আৰ ডাঠ ৰঙৰ সাজ পৰিধান কৰিব পাৰোঁ। বন্ধুবৰ্গৰ সৈতে ওলাই যাবলৈ মই বহেমীয় বহল পেণ্ট, ভিণ্টেজ লেচ আৰু ডিষ্ট্ৰেছ লেডাৰৰ কথা চিন্তা কৰিব পাৰোঁ। মোৰ বাবে পোছাক হৈছে কোনো এটা বিশেষ দিনত মোৰ বিষয়ে ক’ব বিচৰা কাহিনীটো।

পৰিষ্কাৰ কম লাইন, প্ৰতিসম কিন্তু নতুনত্বপূৰ্ণ ডিজাইন আৰু প্ৰাণ প্ৰাচুৰ্যপূৰ্ণ উৎকৃষ্টতা তেওঁৰ গহণাত পৰিস্ফুট। দেৱলীনাৰ প্ৰিয় ষ্ট’ন হৈছে পান্না। ‘উ’কৃষ্ট মানৰ একোটা পান্নাৰ বিশুদ্ধ সেউজীয়াই মোক সেউজ অৰণ্যৰ নান্দনিকতাৰ মাজলৈ লৈ যায়, যি এনে এক শান্ত-সমাহিত স্থান য’ত আছে বিশুদ্ধতা আৰু ইন্দ্ৰজালৰ আৱেশ, শৈশৱত শুনা সাধুকথাৰ দৰেই।’

২০১১ চনৰ ডিচেম্বৰ মাহত তেওঁৰ সপোন কোঁৱৰৰ সৈতে বিয়াত বহাৰ আগলৈকে ভিন্ন ধৰণৰ চৰিত্ৰ তেওঁৰ জীৱনলৈ আগমণ ঘটিছিল। মেনছ ৱৰ্ল্ড আলোচনীত তেওঁৰ মাহেকীয়া কলমত এই অভিজ্ঞতাৰ কথা তেওঁ প্ৰকাশ কৰিছে। তেওঁৰ ২০ বছৰ বয়সৰ সেই ডেটিং ড্ৰামাৰ অন্ত পেলাইছে উডি এলেনক উদ্ধৃতিৰে, ‘Love is the answer. But while you are waiting, sex raises some pretty interesting questions.’

কেৰী ব্ৰেডশ্ব’ৰ শৈলীত জীৱনটো আগুৱাই নিয়াটো (মিষ্টাৰ বিগৰ আগমনৰ আগলৈকে) আছিল আনন্দময় ঠিক সেই সময়লৈকে যেতিয়ালৈকে তেওঁ ভাৱী স্বামী তেওঁৰ জীৱনত প্ৰৱেশ কৰা নাছিল। ‘আমি যেতিয়া ইজনে সিজনক লগেই পোৱা নাছিলোঁ, তেতিয়াই প্ৰাৰম্ভিকভাৱে টেলিফোনত কথা পাতোতে এদিন কৈছিলোঁ যে মোৰ সপোনৰ বিয়াখনত দুৱাৰেৰে সংযুক্ত দুটা পৃথক বেডৰুম থাকিব। আচৰিত হোৱাৰ পৰিৱৰ্তে বা বাধা দিয়াৰ পৰিৱৰ্তে তেওঁ সেই প্ৰস্তাৱ মানি লৈছিল। ই প্ৰমাণ কৰিছিল তেওঁৰ হৃদয়ৰ বিশালতা আৰু নিঃসন্দেহে ৰসিক প্ৰকৃতিক, জীৱনৰ বাকী সময়খিনিত যি মোৰ অপৰিসীমভাৱে প্ৰয়োজন। আৰু হাস্যকৰভাৱে আনন্দদায়ক কথাটো হ’ল এতিয়া এটা নিশাও আমি অকলে থকাৰ কথা চিন্তা কৰিব নোৱাৰোঁ!’

তেওঁ ভবাতকৈ বৈবাহিক জীৱন হৈ পৰিল আশ্বৰ্যকৰভাৱে বৃহৎ আৱিষ্কাৰ, ‘বাহিৰৰপৰা দৃষ্টিগোচৰ হোৱা আনৰ বৈবাহিক জীৱনৰ তুলনাত ই আৱেগিকভাৱে বহুত বহুত ওচৰৰ আৰু অন্তৰংগ। ই হৈছে পৰস্পৰৰ ওপৰত ছুপাৰ-জুম লেন্স। যদিহে নিজকে উজাৰি দিব নোৱাৰে বা ক্ল’জ আপ ভিউ নাই তেন্তে বিয়াত নবহিব।’

অত্যন্ত প্ৰোজ্জ্বল আলোচনাৰ শেষ কৰিছিলো কিছু দাৰ্শনিক দৃষ্টিৰে। মই তেওঁক দুটা প্ৰশ্ন সুধিছিলো। তেওঁৰ সুখৰ অন্তৰালত কি, তেওঁৰ সাধাৰণ উত্তৰ আছিল, ‘প্ৰকৃত প্ৰেম আৰু আন্তৰিক উদ্দেশ্য। ধন আৰু সুস্বাস্থ্য প্ৰাপ্ত বিষয়!’

উত্তৰ প্ৰজন্মক তেওঁ কিবা পৰামৰ্শ দিব বিচাৰে নেকি, তেওঁ ক’লে, ‘মই তিনিটা পৰামৰ্শ আগবঢ়াম, ১. নিজেই ভবাতকৈ আপুনি বেছি শক্তিশালী, ২. নিজৰ ওপৰত বৰ বেছি কঠোৰ নহ’ব, ৩. নিজৰ খাদ্যাভ্যাসত মন দিয়ক; কেইবছৰমানৰ ভিতৰত আপুনি গ্ৰহণ কৰা সকলো তেলযুক্ত আহাৰৰ প্ৰতিদান আপুনি শৰীৰৰ মঙহেৰে পৰিশোধ কৰিব লাগিব... আক্ষৰিকভাৱেই!’

ফটো সৌজন্য: টাইমছ অব্ ইণ্ডিয়া

লেখক- ৰাখী চক্ৰৱৰ্তী

অনুবাদ- ৰুবুল দাস